বুধবাৰ

বুধবাৰ (IPA: [budhabāra]) হৈছে সপ্তাহৰ এটা দিন, যিটো মঙ্গলবাৰৰ পিছত আৰু বৃহস্পতিবাৰৰ আগত থাকে।[1] আন্তঃৰাষ্ট্ৰীয় মান অনুসৰি ই সপ্তাহৰ তৃতীয় দিন। ভাৰতীয় পৰম্পৰাগত কেলেণ্ডাৰ অনুসৰি এইটো সপ্তাহৰ চতুৰ্থ দিন।
বুধ বুলি বুধ গ্ৰহক বুজোৱা হয়, যি দেৱী সোমাৰ পুত্ৰ বুলি ধৰা হয়।[2] ভাৰতীয় সংস্কৃতি অনুসৰি, বুধবাৰটো বুধ গ্ৰহৰ পূজাৰ দিন হিচাপে পালন কৰা হয়।
ইংৰাজী নামটো আহিছে পুৰণি ইংৰাজী Wōdnesdæg আৰু মধ্য ইংৰাজী Wednesdeiৰ পৰা, অৰ্থাৎ "উডেন-ৰ দিন", যি এংল'-ছেক্সন ধৰ্মৰ দেৱতা আৰু নৰ্চ পৌৰাণিক কাহিনীৰ দেৱতা ওডিনৰ সমতুল। ইয়াৰ বিপৰীতে, ফৰাচী mercredi, স্পেনীছ miércoles, আৰু ইটালীয় mercoledìৰ দৰে ৰোমান ভাষাসমূহত এই দিনটোৰ নাম লেটিন dies Mercurii, অৰ্থাৎ "মাৰ্কুৰীৰ দিন"ৰ অনুবাদ।
পশ্চিমীয়া বিশ্বত সাধাৰণভাৱে বুধবাৰটো সোমবাৰৰ পৰা আৰম্ভ হোৱা পাঁচ দিনীয়া কৰ্মসপ্তাহৰ মাজৰ দিন বুলি গণ্য কৰা হয়।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "ISO 8601-1:2019(en) Date and time — Representations for information interchange — Part 1: Basic rules". www.iso.org. https://www.iso.org/obp/ui/en/#iso:std:iso:8601:-1:ed-1:v1:en। আহৰণ কৰা হৈছে: ২০২৪-০৫-১৪.
- ↑ Monier-Williams, Sanskrit-English Dictionary (1899), s.v. vāra.