কুম্ভ মেলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কুম্ভ মেলা
কুম্ভ মেলা
১৯৯১ চনত নাচিকৰ ৰামকুন্দত গোদাবৰী নদী চাহী স্নানৰ বাবে ভক্তৰ সমাবেশ।
সম্পূৰ্ণ নাম কুম্ভ মেলা, কুম্ভা মেলা, মহা কুম্ভ মেলা, কুম্ভা মেলাম
পালন কৰে হিন্দু সকলে
প্ৰকাৰ হিন্দু
আৰম্ভ হয় মকৰ সংক্ৰান্তি, ১৪ জনুৱাৰী
শেষ হয় মহা শিৱৰাত্ৰি
তাৰিখ main pilgrimage: every three years (2010/2013/2016/..); other: see chart
আচাৰ চাহী স্নান (পাপ মুক্তিৰ বাবে কৰা স্নান)

কুম্ভ মেলা হ'ল এক বৃহৎ হিন্দু ধৰ্মীয় সন্মিলন। ইয়াত হিন্দু ধৰ্মীয় লোকসকলে পবিত্ৰ নদীত স্নান কৰিবলৈ সমবেত হয়। ইয়াক পৃথিৱীৰ সৰ্ববৃহৎ শান্তিপূৰ্ণ সমদল বুলি গণ্য কৰা হয়। উল্লেখযোগ্য যে ২০১৩ চনত এলাহাবাদত হোৱা মহা কুম্ভ মেলাত প্ৰায় ১০০ মিলিয়ন লোক সমবেত হৈছিল।[1][2] কুম্ভ মেলা অনুষ্ঠিত হোৱা চাৰিখন ঠাইৰ প্ৰতিখনত বৃত্তীয় ক্ৰম অনুসৰি প্ৰতি তিনিবছৰৰ মূৰত অৰ্থাৎ একোখন ঠাইত ১২ বছৰৰ মূৰে মূৰে এই মেলা অনুষ্ঠিত হয়। এই ঠাইকেইখন হ'ল হৰিদ্বাৰ, এলাহাবাদ(প্ৰয়াগ), নাচিক আৰু উজ্জয়িনী। অৰ্ধ কুম্ভ মেলা ৬ বছৰৰ মূৰে মূৰে কেৱল দুঠাইত, হৰিদ্বাৰ আৰু এলাহাবাদত, অনুষ্ঠিত হয়। এই ঠাইকেইখনত থকা পবিত্ৰ নৈ কেইখন হ'ল ক্ৰমে হৰিদ্বাৰত গংগা, এলাহাবাদত গংগা, যমুনা আৰু সৰস্বতীৰ সংগম, নাচিকত গোদাবৰী আৰু উজ্জিয়িনীত সিপ্ৰা(Shipra)। সংস্কৃত তথা আন ভাৰতীয় ভাষা সমূহত কুম্ভ(বা কুম্ভা) শব্দৰ অৰ্থ হ'ল কলহ বা মাটিৰ পাত্ৰ। এই চাৰিখন ঠাইত দেৱতা সকলে সমুদ্ৰ মন্থনৰ পিছত কঢ়িয়াই অনা অমৃতৰ কলহৰ পৰা অমৃত বাগৰি পৰিছিল বুলি হিন্দু ধৰ্মত বিশ্বাস কৰা হয়। এই মেলা প্ৰায় দেৰমহীয়াকৈ অনুষ্ঠিত হয়। কুম্ভ মেলাত এই নদীকেইখনত স্নান কৰিলে পাপ মুক্ত হয় বুলি বিশ্বাস কৰা হয়।[3] [4] 

ইতিহাস[সম্পাদনা কৰক]

কুম্ভ মেলাৰ বিষয়ে লিখিত সমল চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ লেখনিত পোৱা যায়। তেওঁ হৰ্ষবৰ্ধনৰ ৰাজত্ব কালত ভাৰত ভ্ৰমণ কৰিছিল(৬২৯-৬৪৫ খ্ৰীষ্টাব্দ) [5][6] হিন্দু দৰ্শনৰ মতে ইয়াৰ গুৰিৰ বিষয়ে ভাগৱৎ পুৰাণত পোৱা যায়। সমুদ্ৰ মন্থনৰ কাহিনীটো ভাগৱৎ পুৰাণ, বিষ্ণু পুৰাণ, মহাভাৰত আৰু ৰামায়ণত উল্লেখ আছে।[7]

প্ৰবাদ মতে দেৱতা সকলে দুৰ্বাসা মুনিৰ অভিশাপত তেওঁলোকৰ শক্তি হেৰুৱাইছিল আৰু হেৰুৱা শক্তি উদ্ধাৰৰ বাবে তেওঁলোকে ভগৱান ব্ৰহ্মা আৰু ভগৱান শিৱৰ ওচৰ চাপে। তেওঁলোকে দেৱতাসকলক ভগৱান বিষ্ণুৰ ওচৰলৈ পঠিয়ালে।  বিষ্ণুৱে তেওঁলোকক খীৰ সাগৰ(Ksheera Sagara:ocean of milk) মন্থন কৰি অমৃত উলিয়াবলৈ উপদেশ দিলে। ইয়াৰ বাবে দেৱতা সকলে চিৰবৈৰী অসুৰ সকলৰ লগত একেলগে সমুদ্ৰ মন্থন কৰি অমৃত ওলালে সমভাগ কৰিম বুলি সন্ধি কৰিব লগা হ'ল। কিন্তু যেতিয়া অমৃতৰ পাত্ৰটো ওলাই পৰিল, তেতিয়া অমৃতৰ বাবে তেওঁলোকৰ মাজত যুদ্ধ হ'ল আৰু এই যুদ্ধ ১২ দিন আৰু ১২ ৰাতি চলিল(মানুহৰ বাবে ১২ বছৰ) এই যুদ্ধত ভগৱান বিষ্ণুৱে মোহিনী ৰূপ ধৰি অমৃতৰ পাত্ৰটো লৈ উৰি গৈছিল আৰু তেতিয়াই এই চাৰিখন ঠাইত অমৃতৰ টোপাল পৰিছিল।  [8]

ঠাইসমূহ[সম্পাদনা কৰক]

এলাহাবাদ(প্ৰয়াগ), হৰিদ্বাৰ, নাচিক আৰু উজ্জয়িনী এই চাৰিখন ঠাইৰ একোখনত ১২ বছৰৰ মূৰে মূৰে কুম্ভ মেলা অনষ্ঠিত হয়। .[9][10][11]

  • কুম্ভ মেলা: এই চাৰিখন ঠাইত প্ৰতি তিনিবছৰত অনুষ্ঠিত হয়।
  • অৰ্ধ কুম্ভ মেলা: হৰিদ্বাৰ আৰু প্ৰয়গত প্ৰতি ৬ বছৰত অনুষ্ঠিত হয়।
  • পূৰ্ণ কুম্ভ মেলা: প্ৰয়াগত প্ৰতি ১২ বছৰত অনুষ্ঠিত হয়।[12][13]
  • মহা কুম্ভ মেলা: প্ৰয়াগত প্ৰতি ১৪৪ বছৰত অনুষ্ঠিত হয়।[14][15]

প্ৰয়াগ[সম্পাদনা কৰক]

ত্ৰিৱেণী সংগম

ত্ৰিৱেণী সংগম হ'ল গংগা, যমুনা আৰু সৰস্বতী নৈৰ মিলন থলী।[16]

কুম্ভ মেলা ২০১৩, ত্ৰিৱেণী সংগম, এলাহাবাদ

হৰিদ্বাৰ[সম্পাদনা কৰক]

গংগা নৈৰ পাৰত অৱস্থিত এখন চহৰ।

নাচিক[সম্পাদনা কৰক]

ইয়াত ১৪খন আখাড়া(Akhara) আছে। ইয়াৰে ১১খন শৈৱপন্থী সকলৰ(১১খন শৈৱ আখাড়াৰ ১০খন বৰ্তমান সক্ৰিয় হৈ আছে; বুদ্ধ আখাড়া নামেৰে এখন বৰ্তমান অসক্ৰিয়)। বাকী ৩খন আখাড়া বৈষ্ণৱপন্থী সকলৰ। নাচিকৰ পৰা ৩০ কি:মি: দূৰৈৰ ত্ৰিম্বাকেশ্বৰৰ কুশাভাৰ্ট(Kushavart) নামৰ ঠাইত শৈৱ আখাড়া কেইখনে পৱিত্ৰ স্নানৰ কাৰ্য সমাপন কৰে।[17] আনহাতে বৈষ্ণৱ আখাড়া কেইখনে তপোবনত থাকি ৰামাকুন্দৰ গোদাবৰীত ধৰ্মীয় কাৰ্যসমূহ সমাপন কৰে। The Vaishnav Akhadas perform rituals at Ramkund in Godavari and stay at Tapovan.[18] বৈষ্ণৱ আখাড়া কেইখনত খালচা বুলি মহন্তই নেতৃত্ব দিয়া ধৰ্মীয় দল কিছুমান থাকে। ১৮৩৮ চনলৈ শৈৱ আৰু বৈষ্ণৱ সাধু উভয়ে ত্ৰিম্বাকেশ্বৰতে পবিত্ৰ স্নান কৰিছিল। কিন্তু উভয়ৰ মাজত হোৱা এক ৰক্তক্ষয়ী সংঘৰ্ষৰ পিছত দুয়ো পন্থীকে ভাগ কৰি দিয়া হয়।

উজ্জয়িনী[সম্পাদনা কৰক]

উজ্জয়িনী সিপ্ৰা(Shipra) নদীৰ পাৰত অৱস্থিত।

Venues[সম্পাদনা কৰক]

বছৰ প্ৰয়াগ নাচিক উজ্জয়িনী হৰিদ্বাৰ
১৯৮৩ অৰ্ধ কুম্ভ
১৯৮৯ পূৰ্ণ কুম্ভ
১৯৯১ Sihasth
১৯৯২ কুম্ভ অৰ্ধ কুম্ভ
১৯৯৫ অৰ্ধ কুম্ভ
১৯৯৮ কুম্ভ
২০০১ পূৰ্ণ কুম্ভ
২০০৩ Sihasth
২০০৪ কুম্ভ অৰ্ধ কুম্ভ
২০০৭ অৰ্ধ কুম্ভ
২০১০ কুম্ভ
২০১৩ মহা কুম্ভ[16] -
২০১৫ Sihasth
২০১৬ কুম্ভ অৰ্ধ কুম্ভ
২০১৯ অৰ্ধ কুম্ভ
২০২২ কুম্ভ

পৰৱৰ্তী কুম্ভ মেলা সমূহ:

  • পৰৱৰ্তী কুম্ভ মেলা নাচিকত গোদাবৰী নৈৰ পাৰত ২০১৫(১৫ আগষ্ট-১৩ ছেপ্তেম্বৰ) চনত অনুষ্ঠিত হ'ব। উজ্জয়িনীৰ কুম্ভ মেলাক 'সিংহস্থ' বুলিও কোৱা হয়( যিহেতু বৃহস্পতি সিংস ৰাশিত থাকে)।[19]
  • উজ্জয়িনী পূৰ্ণ কুম্ভ মেলা ২০১৬

সময়[সম্পাদনা কৰক]

২০১৩ চনৰ প্ৰয়াগৰ কুম্ভ মেলাৰ সময়ত গ্ৰহৰ অৱস্থান।

বৃহস্পতি গ্ৰহ আৰু সূৰ্যৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি কুম্ভ মেলা এই ঠাইকেইখনত অনুষ্ঠিত কৰা হয়। যেতিয়া বৃহস্পতি গ্ৰহ আৰু সূৰ্য সিংহ ৰাশিত(zodiac sign Leo) অৱস্থান কৰে, তেতিয়া নাচিকত; যেতিয়া সূৰ্য কুম্ভ ৰাশিত(Aquarius) অৱস্থান কৰে, তেতিয়া হৰিদ্বাৰত; যেতিয়া বৃহস্পতি বৃষ ৰাশিত(Taurus) আৰু সূৰ্য মকৰ ৰাশিত(Capricorn) অৱস্থান কৰে, তেতিয়া প্ৰয়াগত; আৰু বৃহস্পতি আৰু সূৰ্য বৃশ্চিক ৰাশিত(Scorpio) অৱস্থান কৰিলে উজ্জয়িনীত এই মেলা অনুষ্ঠিত কৰা হয়।[20][21] সূৰ্য, চন্দ্ৰ আৰু বৃহস্পতিৰ অৱস্থান অনুসৰি প্ৰতিখন ঠাইত অনুষ্ঠিত হ'বলগীয়া দিনবোৰ আগতীয়াকৈ গণনা কৰি উলিওৱা হয়।[22]

উপস্থিতি[সম্পাদনা কৰক]

কুম্ভ মেলা, প্ৰয়াগ, ২০০১
২০১৩ চনত মহা কুম্ভত এজন সন্ন্যাসী

According to The Imperial Gazetteer of India, an outbreak of cholera occurred at the 1892 Mela at Haridwar leading to the rapid improvement of arrangements by the authorities and to the formation of Haridwar Improvement Society. In 1903 about 400,000 people are recorded as attending the fair.[21] During the 1954 Kumbh Mela stampede at Prayag, around 500 people were killed, and scores were injured. Ten million people gathered at Haridwar for the Kumbh on 14 April 1998.[5]

In 2001, more than 40 million gathered on the busiest of its 55 days.[23]

According to the Mela Administration's estimates, around 70 million people participated in the 45-day Ardha Kumbh Mela at Prayag in 2007.[24]

The last "Kumbh Mela" held in 2001 in Prayag was estimated by the authorities to have attracted between 30 and 70 million people.[25][26][27]

The current Maha Kumbh Mela began on 14 January 2013 at Prayag. According to expectations more than 100 million people attended the 2013 Kumbh mela.[28][29]

ধৰ্মীয় ৰীতি-নীতি[সম্পাদনা কৰক]

Naga sadhu procession 1998 Kumbh Mela

এই উৎসৱৰ মুখ্য ৰীতি হৈছে যিখন নগৰত কুম্ভমেলা হৈ আছে সেই নগৰৰ নদীত ধৰ্মীয় ৰীতি-নীতিৰ সৈতে সামূহিক স্নান কৰা:Ganga , নাচিকত গোদাৱৰী , উজ্জয়িনীত শিপ্ৰা আৰু সংগম (confluence of Ganga, Yamuna and mythical Saraswati) in Allahabad (Prayag). Nasik has registered maximum visitors to 75 million. Other activities include religious discussions, devotional singing, mass feeding of holy men and women and the poor, and religious assemblies where doctrines are debated and standardised. Kumbh Mela is the most sacred of all the pilgrimages.[citation needed] Thousands of holy men and women attend, and the auspiciousness of the festival is in part attributable to this. The sadhus are seen clad in saffron sheets with Vibhuti ashes dabbed on their skin as per the requirements of ancient traditions. Some, called naga sanyasis, may not wear any clothes even in severe winter.[citation needed] The right to be naga, or naked, is considered a sign of separation from the material world.[3]

দৰ্শন[সম্পাদনা কৰক]

Darshan, or respectful visual exchange, is an important part of the Kumbh Mela. People make the pilgrimage to the Kumbh Mela specifically to see and experience both the religious and secular aspects of the event. Two major groups that participate in the Kumbh Mela include the Sadhus (Hindu holy men) and pilgrims. Through their continual yogic practices the Sadhus articulate the transitory aspect of life. Sadhus travel to the Kumbh Mela to make themselves available to much of the Hindu public. This allows members of the Hindu public to interact with the Sadhus and to take "darshan." They are able to "seek instruction or advice in their spiritual lives." Darshan focuses on the visual exchange, where there is interaction with a religious deity and the worshiper is able to visually "'drink' divine power." The Kumbh Mela is arranged in camps that give Hindu worshipers access to the Sadhus. The darshan is important to the experience of the Kumbh Mela and because of this worshipers must be careful so as to not displease religious deities. Seeing of the Sandus is carefully managed and worshipers often leave tokens at their feet.[3]

শেহতীয়া কুম্ভ মেলাসমূহ[সম্পাদনা কৰক]

২০০৪[সম্পাদনা কৰক]

২০০৪ চনত উজ্জয়িনীত সিপ্ৰা নদীৰ পাৰত সিংহস্থ মেলা অনুষ্ঠিত হৈছিল।

২০০৭[সম্পাদনা কৰক]

প্ৰয়াগত হোৱা অৰ্ধ কুম্ভ মেলাত ৭০ মিলিয়নতকৈ অধিক লোক সমবেত হৈছিল।[30]

২০১০[সম্পাদনা কৰক]

২০১০ চনত হৰিদ্বাৰত পূৰ্ণ কুম্ভ মেলা মকৰ সংক্ৰান্তিৰ পৰা(১৪ জানুৱাৰী ২০১০)  to Shakh Purnima Snan (২৮ এপ্ৰিল ২০১০) লৈ অনুষ্ঠিত হৈছিল। লাখ লাখ ভক্ত সমৱেত হৈছিল এই মেলাত। ১৪ এপ্ৰিল ২০১০ ৰ দিনাই অকল ১০ মিলিয়ন লোকে গংগাত স্নান কৰিছিল। এপ্ৰিলৰ মাজভাগলৈ প্ৰায় ৪০ মিলিয়ন লোকে স্নান কৰিছিল। শ শ বিদেশী পৰ্যটকেও ভিৰ কৰিছিল পৃথিৱীৰ এই সৰ্ববৃহৎ মানৱ সমদলত।[31][31][32] ভক্ত সকলৰ সুবিধাৰ্থে ভাৰতীয় ৰেলে ভালেসংখ্যক বিশেষ ৰেলৰ ব্যৱস্থা কৰিছিল।[33] পাঁচজন লোকৰ ভিৰত হেঁচা-ঠেলাত মৃত্যু হৈছিল।  [34]

২০১৩[সম্পাদনা কৰক]

২০১৩ চনত এলাহবাদত ১৪ জনুৱাৰীৰ পৰা ১০ মাৰ্চলৈ মহা কুম্ভ মেলা অনুষ্ঠিত হয়। প্ৰায় ৩০ মিলিয়ন লোক ১০ ফেব্ৰুৱাৰীৰ দিন সমৱেত হৈছিল। মেলাৰ ৫৫ দিনত প্ৰায় ১০০ মিলিয়ন লোকে ভিৰ কৰিছিল।  [1]  ১০ ফেব্ৰুৱাৰীৰ দিনাখন ৰেল ষ্টেচনত এটা দুৰ্ঘটনাত ৩৬ জন লোক নিহত হয় আৰু ৩৯ জন আহত হয়।[35]

গুৰুত্বপূৰ্ণ দিনসমূহৰ বৰ্ণনা তলত দিয়া হ'ল:

  • ১৪ জানুৱাৰী ২০১৩ (সোমবাৰ) -মকৰ সংক্ৰান্তি 
  • ২৭ জানুৱাৰী ২০১৩ (ৰবিবাৰ) - পৌষ পুৰ্ণিমা
  • ৬ ফেব্ৰুৱাৰী ২০১৩ (বুধ্বাৰ) - একাদশী স্নান
  • ১০ ফেব্ৰুৱাৰী ২০১৩ (ৰবিবাৰ) - মৌনি অমাৱস্যা স্নান (মুখ্য স্নানৰ দিন)
  • ১৫ ফেব্ৰুৱাৰী ২০১৩ (শুক্ৰবাৰ) - বসন্ত পঞ্চমী স্নান
  • ১৭ ফেব্ৰুৱাৰী ২০১৩ (ৰবিবাৰ) - ৰথ সপ্তমী স্নান
  • ২১ ফেব্ৰুৱাৰী ২০১৩ (বৃহস্পতি বাৰ) - ভীস্ম একাদশী স্নান
  • ২৫ ফেব্ৰুৱাৰী ২০১৩ (সোমবাৰ) - মাঘী পুৰ্ণিমা স্নান
  • ১০ মাৰ্চ ২০১৩ (ৰবিবাৰ) - মহাশিৱৰাত্ৰি

২০১৫[সম্পাদনা কৰক]

পৰৱৰ্তী কুম্ভ মেলা ২০১৫ চনত নাচিক (মহাৰাষ্ট্ৰ)ত অনুষ্ঠিত হ'ব।[36]  গুৰুত্বপূৰ্ণ দিন সমূহৰ বৰ্ণনা তলত দিয়া হ'ল:

  • ১৪ জুলাই ২০১৫(মঙ্গলবাৰ): ৰাম কুণ্ডত মূল উৎসৱৰ পতাকা উত্তোলন।
  • ১৪ আগষ্ট ২০১৫(শুক্ৰবাৰ): Flag hoisting of the Akhara at Sadhugram
  • ২৬ আগষ্ট ২০১৫(বুধবাৰ): Shravan Shudha- First Snan
  • ২৯ আগষ্ট ২০১৫ (শনিবাৰ): Shravan Purnima - First Shahi Snan at Ram Kunda
  • ১৩ ছেপ্তেম্বৰ ২০১৫ (ৰবিবাৰ): Bhadrapad Amavasya - Second Shahi Snan/ Main bathing day
  • ১৮ ছেপ্তেম্বৰ ২০১৫ (শুক্ৰবাৰ): Bhadrapad Shukla Panchmi (Rushipanchami) - Third Shahi Snan
  • ২৫ ছেপ্তেম্বৰ ২০১৫ (শুক্ৰবাৰ): Bhadrapad Shukla Dwadashi - Vaman Dwadashi Snan

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 "India's Kumbh Mela festival holds most auspicious day". BBC News. 11 February 2013. http://www.bbc.co.uk/news/world-asia-india-21395425. 
  2. Sugden, Joanna (2 February 2013). "How the Kumbh Mela Crowds Are Counted - India Real Time - WSJ". The Wall Street Journal. Wall Street Journal. Archived from the original on 3 February 2013. https://web.archive.org/web/20130203190735/http://blogs.wsj.com/indiarealtime/2013/02/02/how-the-kumbh-mela-crowds-are-counted/। আহৰণ কৰা হৈছে: 26 May 2014. 
  3. 3.0 3.1 3.2 McLean, Kama.
  4. The Maha Kumbh Mela 2001 indianembassy.org
  5. 5.0 5.1 Kumbh Mela – Timeline What Is Hinduism?: Modern Adventures into a Profound Global Faith, by Editors of Hinduism Today, Hinduism Today Magazine Editors.
  6. Kumbh Mela Channel 4.
  7. Ramayana, Book I; Canto: XLV – The Quest for the Amrit Ramayana of Valmiki.
  8. Urn Festival Archived 2011-01-31 at the Wayback Machine Time, 1 May 1950.
  9. official 2013 Kumbh website
  10. K Shadananan Nair, "Role of water in the development of civilization of India: A review of ancient literature, traditional practices and beliefs", pp. 160–166 of The Basis of Civilization: Water Science?, ed.
  11. John C. Rodda; Lucio Ubertini; Symposium on the Basis of Civilization Water Science ( (2004). Water Science. IAHS Press. পৃষ্ঠা. 165–. ISBN 978-1-901502-57-2. http://books.google.com/books?id=JI65-MygMm0C&pg=PA165। আহৰণ কৰা হৈছে: 15 January 2013. 
  12. Gopal, Madan (1990). K.S. Gautam. ed. India through the ages. Publication Division, Ministry of Information and Broadcasting, Government of India. পৃষ্ঠা. 173. 
  13. "Purna Kumbh Mela at Prayag". Explora Films. Archived from the original on 2 April 2014. https://web.archive.org/web/20140402032131/http://www.ekantipur.com/np/2070/12/17/full-story/386629.html। আহৰণ কৰা হৈছে: 24 October 2012. 
  14. Huston Smith; Phil Cousineau (4 September 2012). And Live Rejoicing: Chapters from a Charmed Life: Personal Encounters With Spiritual Mavericks, Remarkable Seekers, and the World's Great Religious Leaders. New World Library. পৃষ্ঠা. 73–. ISBN 978-1-60868-071-9. http://books.google.com/books?id=k77hAZmFw2IC&pg=PA73। আহৰণ কৰা হৈছে: 15 January 2013. 
  15. Chris Philpott (24 January 2011). Green Spirituality: One Answer to Global Environmental Problems and World Poverty. AuthorHouse. পৃষ্ঠা. 45–. ISBN 978-1-4520-8290-5. http://books.google.com/books?id=cYp1essuTpIC&pg=PA45। আহৰণ কৰা হৈছে: 15 January 2013. 
  16. 16.0 16.1 "Lakhs take holy dip as `Maha Kumbh` begins". zeenews.india.com. 2013. http://zeenews.india.com/news/uttar-pradesh/lakhs-take-holy-dip-as-maha-kumbh-begins_822770.html। আহৰণ কৰা হৈছে: 15 January 2013. "millions of pilgrims in taking a holy dip in the Sangam the confluence of Ganga, Yamuna and mythical Saraswati" 
  17. "Preparation for 2015 Kumbh caught in bureaucratic procedures, politics". The Times of India. 2012. Archived from the original on 2013-11-03. https://web.archive.org/web/20131103185321/http://articles.timesofindia.indiatimes.com/2012-11-25/nashik/35347359_1_kumbh-mela-nashik-finalise। আহৰণ কৰা হৈছে: 15 January 2013. "The Shaiv Akhadas take a holy dip at Kushavart in Trimbakeshwar" 
  18. "Shahi Snanam begins at Kumbh Mela". mid-day.com. 2003. http://www.mid-day.com/news/2003/aug/60949.htm। আহৰণ কৰা হৈছে: 15 January 2013. "The Vaishnavites have a bath in Nashik, while the Shaivaites at Trimbakeshawar." 
  19. "Madhya Pradesh clears Rs 192 crore for water facility during 2016 Kumbh Mela". Ahmedabad Mirror. 2012. Archived from the original on 3 February 2013. https://web.archive.org/web/20130203011613/http://www.ahmedabadmirror.com/index.aspx?page=article&sectid=4&contentid=201204102012041016205290656cf527c। আহৰণ কৰা হৈছে: 15 January 2013. "2016 Simhastha Kumbh Mela in Ujjain." 
  20. Kumbh Mela Students' Britannica India, by Dale Hoiberg, Indu Ramchandani.
  21. 21.0 21.1 Haridwar The Imperial Gazetteer of India, 1909, v. 13, p. 52.
  22. Kumbh Mela 'Encyclopædia Britannica.
  23. India's Hindu Kumbh Mela festival begins in Prayag, a 14 January 2013 article from BBC News
  24. "Ardha Kumbh – 2007: The Ganges River". Mela Administration. Archived from the original on 2012-03-15. https://web.archive.org/web/20120315175956/http://ardhkumbh.up.nic.in/ganga.htm। আহৰণ কৰা হৈছে: 2012-01-05. 
  25. Kumbh Mela pictured from space – probably the largest human gathering in history BBC News, 26 January 2001.
  26. Kumbh Mela: the largest pilgrimage – Pictures: Kumbh Mela by Karoki Lewis The Times, 22 March 2008.
  27. Kumbh Mela, New Scientist, 25 January 2001
  28. "Millions of Hindus take to the Ganges at Maha Kumbh Mela | Reuters". Reuters. 14 January 2013. Archived from the original on 31 October 2014. https://web.archive.org/web/20141031154155/http://in.reuters.com/article/2013/01/14/india-allahabad-ganga-maha-kumbh-mela-idINDEE90D05Q20130114। আহৰণ কৰা হৈছে: 15 January 2013. "Officials believe that over the next two months as many as 100 million people passed" 
  29. "Kumbh Mela: 'Eight million' bathers on first day of festival". BBC. 14 January 2013. http://www.bbc.co.uk/news/world-asia-india-21017217। আহৰণ কৰা হৈছে: 15 January 2013. "More than 100 million people attended the 55-day festival." 
  30. http://www.niticentral.com/2013/02/10-things-about-kumbh-mela-that-you-never-knew.html Archived 2013-02-11 at the Wayback Machine [dead link]
  31. 31.0 31.1 Millions dip in Ganges at world's biggest festival, Agence France-Presse, 13 April 2010
  32. Foreigners join huge crowds at India’s holy river festival, The Gazette, 14 April 2010
  33. "More trains during Kumbh Mela". The Times of India. 11 April 2010. Archived from the original on 11 August 2011. https://web.archive.org/web/20110811060318/http://articles.timesofindia.indiatimes.com/2010-04-11/lucknow/28126686_1_clear-extra-rush-return-direction-special-trains। আহৰণ কৰা হৈছে: 16 April 2010. 
  34. Five die in stampede at Hindu bathing festival, BBC, 14 April 2010
  35. "Allahabad stampede kills 36 Kumbh Mela pilgrims". Reuters. 11 February 2013. Archived from the original on 2013-02-12. https://web.archive.org/web/20130212074232/http://in.reuters.com/article/2013/02/11/kumbh-mela-stampede-allahabad-update-idINDEE91907I20130211। আহৰণ কৰা হৈছে: 2013-02-12. 
  36. "10 million to gather for 2015 Nashik Kumbh Mela". Zee News. http://zeenews.india.com/news/maharashtra/10-million-to-gather-for-2015-nashik-kumbh-mela_884065.html। আহৰণ কৰা হৈছে: 14 June 2014.