ৰাখীবন্ধন
![]() | এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
ৰাখী বন্ধন ৰক্ষা বন্ধন | |
---|---|
অন্য নাম | ৰাখী, চালুন', ছিলন', ৰাকৰী |
প্ৰকাৰ | ধৰ্মীয়, সাংস্কৃতিক, ধৰ্মনিৰপেক্ষ |
তাৰিখ | শ্ৰাৱন মাহৰ পূৰ্ণিমা তিথি |
সম্পৰ্কিত | ভাই দুজ, ভাই ফুটা, ভাও বীজ, চাম চাকভা |
ৰাখীবন্ধন ভাৰতৰ এটা উৎসৱ। হিন্দু, জৈন, শিখ আদি সকলোৱে ৰাখীবন্ধন উৎসৱটি পালন কৰে। হিন্দু পঞ্জিকা অনুসৰি শাওণ মাহৰ পূৰ্ণিমা তিথিতে এই উৎসৱ উদযাপিত হয়। এই দিনটোত বায়েকে অথবা ভনীয়েকে তেওঁৰ ককায়েক বা ভায়েকৰ হাতত ৰাখী নামৰ এডাল সূতা বান্ধি দিয়ে। এই ৰাখী ডালতেই লুকাই থাকে ভনীয়েক অথবা বায়েক জনীৰ মৰম, চেনেহ, ভালপোৱা আৰু ভায়েক বা ককায়েকৰ প্ৰতি থকা মঙ্গলকামনা। লগতে লুকাই থাকে দাদায়েকে নিজৰ ভনী গৰাকী বা বায়েকক আজীৱন ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি। সেয়ে ককায়েক বা ভায়েক জনৰ বায়েক বা ভনীয়েক জনীৰ প্ৰতি গুৰুত্ব অতি প্ৰয়োজনীয়।
ইতিহাস[সম্পাদনা কৰক]
ৰাখী এই উৎসৱটো কেতিয়াৰ পৰা আৰম্ভ হ'ল এই কথা কোনেও সঠিককৈ ক'ব নোৱাৰে। পুৰণি এটা আখ্যান মতে দানৱ আৰু দেৱতাৰ যুদ্ধত যেতিয়া দেৱতা সকল দুৰ্বলৰ দৰে অনুভৱ হল তেতিয়া দেৱতাৰ ৰজা ইন্দ্ৰ দেৱ বৃহস্পতিৰ কাষ চাপিল। বৃহস্পতিৰ আগত কোৱা সকলো কথা ইন্দ্ৰৰ পত্নীয়ে শুনি আছিল আৰু তাই এডাল ৰেচমৰ সূতাত কিছু মন্ত্ৰ শক্তিৰে পবিত্ৰ কৰি ইন্দ্ৰৰ হাতত বান্ধি দিলে। সংযোগ ক্ৰমে সেই দিনা শাওণ মাহৰ পূৰ্ণিমা তিথি আছিল আৰু কিছু মানুহৰ বিশ্বাস যে তেতিয়াৰ পৰাই ৰাখী বন্ধন উৎসৱটি প্ৰচলিত হৈ আহিছে।
মহাভাৰতত আছে কোনো এখন যুদ্ধত শ্ৰীকৃষ্ণ আঘাত প্ৰাপ্ত হোৱাত পাণ্ডৱৰ স্ত্ৰী দ্ৰৌপদীয়ে তেওঁৰ শাৰীৰ আঁচলখন ফালি আঘাত প্ৰাপ্ত ঠাই ডোখৰত বান্ধি দিছিলে। এই কাৰ্য্যত কৃষ্ণ অভিভূত হৈ যায়। তাৰ বহু বছৰৰ পূৰ্বে কৌৰৱৰ লগত পাশা খেলত পৰাজিত হোৱাত দৌপদীক কৌৰৱৰ ৰাজ সভাত অপমান কৰে আৰু বস্ত্ৰ হৰণ কৰিবলৈ যাওঁতে কৃষ্ণই দৌপদীৰ সন্মান ৰক্ষা কৰিবৰ বাবে নিজ মায়াৰে তেওঁক বস্ত্ৰ দান কৰিছিল। কিছু লোকৰ মতে এইদৰেই ৰাখীবন্ধন প্ৰচলন হ'ল।
আন এটি গল্পৰ মতে দৈতৰাজ বলি বিষ্ণুৰ ভক্ত আছিল। বিষ্ণুয়ে বৈকুণ্ঠ এৰি বলিৰ ৰাজ্য ৰক্ষা কৰিবলৈ আহে। বিষ্ণুৰ স্ত্ৰী লক্ষ্মী দেৱীয়ে স্বামীক পুনৰ ঘূৰাই নিবৰ বাবে এজনী সাধাৰণ মহিলাৰ ৰূপ ধৰে। লক্ষ্মী দেৱীয়ে বলিক কয় যে যোৱা বহু দিনৰ পৰা তেওঁৰ স্বামী নিৰুদ্দেশ, তেওঁ যেতিয়ালৈকে স্বামীক বিচাৰি নাপায় তেতিয়ালৈকে যাতে বলিয়ে তেওঁৰ ঘৰত এই দুখীয়া মহিলা গৰাকীক থাকিবলৈ দিয়ে। বলিৰজাই ছদ্মবেশী লক্ষ্মী দেৱীক আশ্ৰয় দিবলৈ ৰাজি হ'ল। শাওণ মাহৰ পূৰ্ণিমা উৎসৱ লক্ষ্মী দেৱীয়ে বলি ৰজাৰ হাতত ৰাখী বান্ধি দিয়ে। সাধাৰণ মহিলা গৰাকীয়ে বলি ৰজাৰ হাতত ৰাখী বন্ধাৰ কাৰণ সুধোতে লক্ষ্মী দেৱীয়ে নিজৰ আত্ম পৰিচয় দিলে আৰু সকলো কথা বলি ৰজাৰ আগত বিৱৰি কলে। তেওঁৰ চতুৰালিত মুগ্ধ হৈ বলি ৰজাই বিষ্ণুক বৈকুণ্ঠলৈ যাবলৈ অনুৰোধ জনায়। বহু লোকৰ মতে সেই কাৰণেও ৰাখীবন্ধন পালন কৰা হয়।
ঐতিহাসিক প্ৰসংগ অনুসৰি[সম্পাদনা কৰক]
- ৰাণী কৰ্ণৱতী আৰু সম্ৰাট হুমায়ুন
ৰাজপুত সকল যেতিয়া যুদ্ধৰ বাবে ওলায় তেতিয়া তেওঁলোকৰ স্ত্ৰীয়ে যুঁজাৰু সকলৰ মূৰত তিলক লগাইছিল আৰু হাতত ৰেচমৰ সূতা এঠাল বান্ধি দিছিল। তেওঁলোকে এই সূতা ডালক বিশ্বাস কৰিছিল যে এই সূতা ডালেই তেওঁলোকৰ স্বামীক বিজয়ীৰ লগতে যুদ্ধৰ পৰা জীৱিত ৰূপত ঘৰলৈ আনিব। এটা জনপ্ৰিয় গল্প অনুযায়ী, চিতোৰৰ ৰাণী কৰ্ণৱতীয়ে ১৫৩৫ খ্ৰীষ্টাব্দত গুজৰাটৰ ৰজা চুলতান বাহাদুৰ শ্বাহে চিতোৰ আক্ৰমণ কৰিলে, বিধবা ৰাণী কৰ্ণৱতীয়ে অসহায় বোধ কৰিলে আৰু মোগল সম্ৰাট হুমায়ুনলৈ এডাল ৰাখী পঠাই দিয়ে আৰু তাইক সহায় কৰিবলৈ প্ৰৰ্থনা কৰে। ৰাণী কৰ্ণৱতীৰ ৰাখীত অভিভূত হৈ হুমায়ুনে চিতোৰ ৰক্ষাৰ অৰ্থে তেওঁৰ সৈন্য প্ৰেৰণ কৰে। হুমায়ুনৰ সৈন্যয়ে চিতোৰ ৰক্ষা কৰি দিয়ে।
- মহামতি আলেকজেণ্ডাৰ আৰু পুৰু ৰজা
এটা কিংবদন্তী অনুযায়ী, ৩২৬ খ্ৰীষ্টপূৰ্বত মহামতি আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিলে। আলেকজেণ্ডাৰৰ স্ত্ৰীয়ে পুৰু ৰজালৈ এডাল সূতা পঠিয়ায় আৰু তেওঁক অনুৰোধ জনায় যে আলেকজেণ্ডাৰৰ যেন ক্ষতি নকৰে। আৰু পুৰু ৰজাই হাতত বন্ধা ৰাখী ডালক সন্মান কৰি আলেকজেণ্ডাৰক জীৱন দান দিলে। কোনো কোনো লোকৰ বিশ্বাস যে তেতিয়াৰ পৰাই এই প্ৰথা প্ৰচলনহৈ আহিছে।
আধুনিক কালত[সম্পাদনা কৰক]
ভাৰত চৰকাৰৰ ডাক বিভাগৰ দ্বাৰা ১০ টকাৰ এটা আকৰ্ষণীয় লেফাফা বিক্ৰী কৰা হয়। লেফাফাটোৰ মূল্য ৫ টকা আৰু ৰাখীডালৰ মূল্য ৫ টকা। ৰাখী উৎসৱত ভনীয়েকে নিজৰ ককায়েকলৈ ৫ টকাতেই ৫০ গ্ৰামলৈকে ওজনৰ ৰাখী পঠিয়াব পৰে। এই সুবিধাটো মাত্ৰ ৰাখী বন্ধনৰ সময়তহে উপলব্ধ। ২০০৭ চনৰ পৰা বৰষুণৰ বতৰত লেফাফাটো বেয়া নহ'বৰ কাৰণে ৱাটাৰপ্ৰুফ লেফাফাৰ ব্যৱস্থা কৰা হৈছে। ৰাখী বন্ধনৰ সময়ত ৰাখী সোনকালে আদান প্ৰদানত বিশেষ কিছু পদ্ধতিও ব্যৱহাৰ কৰা দেখা যায়। কোনো কোনো ডাঙৰ ডাকঘৰত ৰাখী পঠিয়াবলৈ বেলেগকৈ অন্য বাকচ লগাই দিয়া দেখা যায়।
আধুনিক সমাজ ব্যৱস্থাৰ প্ৰভাৱ ৰাখীৰ এই পবিত্ৰ অনুষ্ঠানতো পৰিছে। বহু ভাৰতীয়ই আজিকালি বিদেশত বসবাস কৰে। ইণ্টাৰনেটৰ যুগত বহু এনে ধৰণৰ ই-কমাৰ্চ বেৱ ছাইট আছে যিবোৰৰ যোগেদি অনলাইন অৰ্ডাৰ কৰিও ৰাখী নিদিষ্ট ঠিকনাত পঠিয়াব পৰা হ'ল। ২০০৭ চনত ৰাখীৰ এই শুভ অনুষ্ঠানটোৰ লগত জড়িত এনিমেচন চি.ডি উপলব্ধ কৰিছিল যিখনত ৰাখীৰ সকলো পৰ্বৰ বিষয়ে দেখুৱাইছিল।
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
|