সমললৈ যাওক

জন্মাষ্টমী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কৃষ্ণ জন্মাষ্টমী
কৃষ্ণ জন্মাষ্টমী
কৃষ্ণৰ প্ৰতিমূৰ্তিৰ এখন ছবি
পালন কৰে হিন্দু
প্ৰকাৰ ধৰ্মীয়
তাৰিখ ভাদ, কৃষ্ণ পক্ষ, অষ্টমী
উদযাপন ২-৮ দিন
আচাৰ উপবাস, পূজা-প্ৰাৰ্থনা

জন্মাষ্টমী (দেৱনাগৰী: जन्माष्टमी janmāṣṭamī) হৈছে হিন্দু ধৰ্মৰ ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণৰ বাৰ্ষিক জন্মোৎসৱ।[1] ইয়াক কৃষ্ণ জন্মাষ্টমী, কৃষ্ণাষ্টমী, গকুলাষ্টমী, অষ্টমী ৰোহিণী, শ্ৰীকৃষ্ণ জয়ন্তী আদি নামেৰেও জনা যায়।

এই উৎসৱ হিন্দু বৰ্ষপঞ্জীমতে ভাদ মাহকৃষ্ণ পক্ষৰ অষ্টমী তিথিত (গ্ৰেগৰিয়ান বৰ্ষপঞ্জীমতে আগষ্ট-ছেপ্টেম্বৰ) পালন কৰা হয়।[2]কৃষ্ণৰ জীৱনৰ নাটকীয় উপস্থাপন ৰাস লীলা মথুৰা, বৃন্দাবন, মণিপুৰ আদি ঠাইত এই উৎসৱৰ লগতে কৰা হয়।[3] ৰাস লীলাত কৃষ্ণৰ ডেকা বয়সৰ কৰ্ম-কাণ্ড দেখুওৱা হয়, আনহাতে Dahi Handi প্ৰথাত কৃষ্ণৰ দুষ্ট স্বভাৱ প্ৰতিফলিত কৰা হয় য'ত কেইবাজনো ল'ৰা মিলি ওখ ঠাইত বান্ধি থোৱা মাখনৰ টেকেলী ভাঙিবলৈ চেষ্টা কৰে। এই পৰম্পৰাক তামিলনাডুত উৰিয়াদি নামৰে পালন কৰা হয়। কৃষ্ণৰ জন্ম হওঁতে নন্দই সকলোকে উপহাৰ বিলোৱাৰ কাহিনী উদ্‌যাপন কৰিবলৈ কৃষ্ণ জন্মাষ্টমীৰ পাছত বহু ঠাইত নন্দোৎসৱ পালন কৰা হয়।[4]

কিংবদন্তী

[সম্পাদনা কৰক]
Painting of Krishna being carried across the river.
কৃষ্ণক নদী পাৰ কৰাই লৈ যোৱা দৃশ্য

কৃষ্ণ দৈৱকী আৰু বাসুদেৱৰ অষ্টম সন্তান আছিল। পুৰণি পুথিৰ বৰ্ণনা আৰু জ্যোতিষশাস্ত্ৰৰ গণনা অনুসৰি কৃষ্ণৰ জন্মৰ তাৰিখ হৈছে[5] খ্ৰীষ্টপূৰ্ব ৩২২৮ চনৰ ১৮ জুলাই আৰু তেওঁৰ মৃত্যুৰ দিন খ্ৰীষ্টপূৰ্ব ৩১০২ চনৰ ১৮ ফেব্ৰুৱাৰী।[6][7] কৃষ্ণ মথুৰাৰ যাদৱ সকলৰ বৃষ্ণি ফৈদৰ লোক আছিল।[8]

অসমত জন্মাষ্টমী

[সম্পাদনা কৰক]

শ্ৰীকৃষ্ণৰ জন্ম দিন অসমীয়া বৈষ্ণৱ ধৰ্মালম্বী লোকসকলে জনমাষ্টমীৰ দিনা ৰাতি দহ মান বজাৰ পৰা কৃষ্ণক সুঁৱৰি মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত নাম ঘোষা ৰাগ গাই আনন্দত মতলীয়া হয় আৰু ৰাতি বাৰ বজাৰ লগে লগে কৃষ্ণ জন্ম হোৱা বুলি কেঁচুৱা সন্তানে কন্দাৰ নিচিনা এটা শব্দ সৃষ্টি কৰে। এই নাম প্ৰসংগ পিছৰ দিনৰ ৰাতিপুৱালৈকে চলে। শেষত সকলোৱে ভগৱানৰ নামত আগবঢ়োৱা শৰাইৰ প্ৰসাদ খায়। পূৰ্ব পুৰুষ সকলৰ মতে এই জন্মাষ্টমী নাম গোৱা প্ৰথা বৈষ্ণৱযুগৰ পৰাই চলি আহিছে।[উদ্ধৃতিৰ প্ৰয়োজন]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Sri Krishna Janamashtami celebrated in the city". The Hindu. 24 August 2008. http://www.hindu.com/2008/08/24/stories/2008082458410200.htm আহৰণ কৰা হৈছে: 12 August 2009.
  2. "Krishna Janmashtami". Archived from the original on 2015-09-06. https://web.archive.org/web/20150906154520/http://hinduism.about.com/od/festivalsholidays/f/When-Is-Krishna-Janmashtami.htm আহৰণ কৰা হৈছে: 2015-09-05.
  3. "In Pictures: People Celebrating Janmashtami in India". http://www.ibtimes.co.in/articles/372380/20120810/pictures-people-celebrating-janmashtami-india.htm আহৰণ কৰা হৈছে: 10 August 2012.
  4. Packert, Cynthia. The Art of Loving Krishna: Ornamentation and Devotion. Indiana University Press, 2010. Print.
  5. Knott, Kim (2000). Hinduism: A Very Short Introduction. Oxford University Press, USA. পৃষ্ঠা. 160. ISBN 0-19-285387-2. http://books.google.com/books?id=Wv8XK_GU9icC.
  6. "Information on Lord Krishna Birth and Death Time". http://www.drikpanchang.com/dashavatara/lord-krishna/krishna-date-of-birth.html আহৰণ কৰা হৈছে: 29 March 2015.
  7. Krishna
  8. Pargiter, F.E. (1972) [1922]. Ancient Indian Historical Tradition, Delhi: Motilal Banarsidass, pp.105–107.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
  • ৱিকিমিডিয়া কমন্সত কৃষ্ণ সম্পৰ্কীয় মিডিয়া ফাইল।