নন্দোৎসৱ
অৱয়ব
নন্দোৎসৱ | |
---|---|
বৰপেটা সত্ৰৰ নন্দোৎসৱ উপলক্ষে অনুষ্ঠিত বোকা ভাওনা বা পেক যাত্ৰাৰ দৃশ্য | |
পালন কৰে | অসমীয়া |
প্ৰকাৰ | ধৰ্মীয় উৎসৱ, ভাৰতীয় উৎসৱ |
শ্ৰীকৃষ্ণৰ জন্ম আৰু জাতকৰ্মক লৈ সমগ্ৰ অসমত তিনিটা উৎসৱ প্ৰচলিত: জন্মাষ্টমী, নন্দোৎসৱ আৰু পঁচতি। জন্মাষ্টমীৰ পিছদিনা ৰাতিপুৱাৰেপৰা সত্ৰ আৰু নামঘৰত অনুষ্ঠিত হয় নন্দোৎসৱ। ল'ৰা-ছোৱালীসকলে সেইদিনা বোকা ভাওনা বা পেক যাত্ৰা কৰে। অৱশ্যে বোকাৰ লগত গোবৰ অথবা আনদ্ৰব্য মিশ্ৰণ কৰাৰ নিয়ম নাই। তিৰোতাসকলক বোকা দিয়া নহয়। কোনো কোনো কীৰ্তন-ঘৰৰ চোতালত পৰ্যাপ্ত পৰিমাণে মিঠাতেল ঢালি ঠাইডোখৰ পিছল কৰি লৈ ইজনে-সিজনক পিছলাই পেলাই ধেমালি কৰে। দক্ষিণ কামৰূপৰ ৰাজাপুখুৰী সত্ৰত পালন কৰা নন্দোৎসৱ তাৎপৰ্যপূৰ্ণ। তাত কীৰ্তন-ঘৰৰ চোতালৰ মাটি চহাই বোকা কৰি ৰাইজ বোকাত লুতুৰি-পুতুৰি হৈ তাল-নাগাৰাৰ চেৱে চেৱে নৃত্য কৰে- ব্ৰজবাসীসকলে কৰা হৰ্ষোল্লাসৰ স্মৃতি মনত পেলায়। নন্দোৎসৱৰ বোকা-ভাওনাৰ অনুৰূপ অনুষ্ঠান গুজৰাটতো দেখা যায়।[1]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ অসমৰ সংস্কৃিত কোষ, ড॰ নাৰাষণ দাস, পৰমানন্দ ৰাজবংশী, প্ৰাগজ্যোতিষ মহাবিদ্যালয়, দ্বিতীয় প্ৰকাশ, ২০১৪, পৃষ্ঠা-৩৫৩,
|