বৰপেটা সত্ৰ
বৰপেটা সত্ৰ | |
---|---|
বৰপেটা কীৰ্তনঘৰ | |
নাম | |
অন্য নাম | বৰপেটা থান |
স্থান | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | বৰপেটা জিলা |
স্থাপত্য আৰু সংস্কৃতি | |
স্থাপত্য শৈলী | অসমীয়া স্থাপত্যশৈলী |
খোদাই | অসমীয়া ভাষা, ব্ৰজাৱলী |
ইতিহাস | |
প্ৰতিস্থাপক | মাধৱদেৱ |
বৰপেটা সত্ৰ (ইংৰাজী: Barpeta Satra) অসমৰ বৰপেটা জিলাৰ বৰপেটা চহৰত অৱস্থিত এখন ঐতিহ্যমণ্ডিত সত্ৰ।[1] শ্ৰীশ্ৰীমাধৱদেৱে ১৫০৫ শকত (১৫৮৩ খ্ৰীষ্টাব্দ) বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল আৰু তাত তেওঁ ৮ বছৰ ধৰি আছিল।[2] তেওঁ শ্ৰীমথুৰা দাস বুঢ়া আতাক সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ হিচাপে নিযুক্তি দিছিল। বুঢ়া আতায়েই সত্ৰৰ প্ৰশাসনিক দিশটো শক্তিশালী কৰি বৰপেটাৰ আঞ্চলিক আৰু প্ৰতিষ্ঠানিক উন্নয়ন সাধন কৰিছিল। এক গণতান্ত্ৰিক ব্যৱস্থাৰো প্ৰৱৰ্তন কৰা হৈছিল, যি ব্যৱস্থা আজিও চলি আছে। বহু সংখ্যক ভক্ত বৰপেটালৈ আহিছিল আৰু জাতি বৈষম্য পৰিহাৰ কৰি বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰি এক সাম্যবাদী সমাজ গঢ়ি তুলিছিল। ভক্তসকলৰ মাজত এক নতুন কৰ্ম সংস্কৃতি ঠন ধৰি উঠিছিল।[3]
আৰম্ভণিতে সত্ৰখন কেঁচাঘৰ আছিল। আগেয়ে সজোৱা এই ঘৰটো ১৯৫২ চনত ডাঙৰ খুটাৰে আৰু চিত্ৰ খোদিত বেৰেৰে পকীকৰণ কৰা হয়। আগতে সত্ৰখনক বৰপেটা থান বোলা হৈছিল।
বৰ্ণনা
[সম্পাদনা কৰক]তলত সত্ৰ চৌহদৰ ভিতৰত কিছুমান সুকীয়া গৃহ আছে।[4] সত্ৰ চৌহদ তিনিটা বাটচ'ৰাৰ সৈতে আৰম্ভ হয়। মুখ্য সত্ৰ চৌহদ দেৱালৰ দ্বাৰা আবৃত। এই বাটচ'ৰা কেইখন হৈছে
- নহাটি বাটচ'ৰা (পশ্চিমফালে প্ৰৱেশ),
- উত্তৰহাটি বাটচ'ৰা (উত্তৰফালে প্ৰৱেশ)
- দক্ষিণহাটি বাটচ'ৰা (দক্ষিণফালে প্ৰৱেশ) সত্ৰৰ পূবফালৰ পৰা কোনো প্ৰৱেশ নাই কিয়নো পূব ফালে হৰিজান নামৰ এখন নিজৰা বৈ গৈছে।
বাটচ'ৰাৰ দৰে মুখ্য সত্ৰ চৌহদত প্ৰৱেশ কৰিবলৈ তিনিটা প্ৰৱেশ দ্বাৰ আছে। এইকেইখন হৈছে উত্তৰ দ্বাৰ, দক্ষিণ দ্বাৰ আৰু পশ্চিম ফালে দালান। দালানক মুখ্য প্ৰৱেশ দ্বাৰ বুলি গণ্য কৰা হয়। সত্ৰৰ কীৰ্তন ঘৰ চৌহদৰ প্ৰায় কেন্দ্ৰত অৱস্থিত। ই পশ্চিমৰ মুখ্য প্ৰৱেশদ্বাৰ আৰু ভাজ ঘৰৰ পূবত অৱস্থিত। মুখ্য পশ্চিম দ্বাৰৰ ওচৰত দুটা কাঠৰ স্তম্ভ আছে। পৰম্পৰাগতভাৱে ইয়াক তুলসী কুটা বুলি জনা যায় আৰু ইহঁতে মুখ্য ভৱনটোক ধৰি ৰাখে। ইয়াত গুৰু আসন আছে আৰু ইয়াৰ পিছফালে দুটা ডাঙৰ গছাত অক্ষয় বন্তি জ্বলোৱা হয়। গুৰু আসনৰ পিছফালে পূব কোণত দুখন চকী আছে। এই চকী দুখনক বুঢ়া সত্ৰীয়া আৰু ডেকা সত্ৰীয়া বোলে আৰু তেওঁলোকে তেওঁলোকৰ দৈনন্দিন কাৰ্যকলাপত ইয়াক ব্যৱহাৰ কৰে। কীৰ্তন ঘৰত তিনিটাকৈ গুৰু আসন আছে। বিশ্বাস কৰা হয় যে এই গুৰু আসন শংকৰদেৱ, মাধৱদেৱ আৰু পদ্ম আতাৰ নামৰ সৈতে জড়িত। সাধাৰণ বিশ্বাস অনুসৰি এই তিনিজন গুৰু আসন ভগৱান কৃষ্ণৰ প্ৰতি এক মিশ্ৰিত ৰূপত সমৰ্পিত। গুৰু আসন আগত সাতটা বৰ শৰাই এটা শাৰীত ৰখা হয়। প্ৰতিটো বৰ শৰাইৰ সন্মুখত চাকি জ্বলোৱা থাকে। কীৰ্তন ঘৰৰ ভিতৰত কোনো ঈশ্বৰ বা দেৱীৰ মূৰ্তি নাই। বৈষ্ণৱ কীৰ্তি চিহ্নৰ উপৰি আহোম ড্ৰেগন ঙি ঙাও খাম বৰপেটা সত্ৰত দেখা যায়।[5]
সত্ৰৰ ভাজ ঘৰক মনিকুট বুলি কোৱা হয়। এই অঞ্চলত সোণ আৰু ৰূপৰ মূল্যৱান অলংকাৰ ৰখা হয়। কিছুমান দেৱতাৰ মূৰ্তিও ইয়াত ৰখা হৈছে। ভাজ ঘৰটো উত্তৰ-দক্ষিণ অৱস্থানত কীৰ্তন ঘৰনৰ পূব ফালে স্থাপিত। ভাজ ঘৰৰ স্থাপত্য শৈলী অনন্য। ভাজঘৰত যোৱা ৪০০ বছৰ ধৰি অক্ষয় বন্তি নামেৰে এগছ বন্তি ক্ৰমাগতভাৱে জ্বলি আছে।
সত্ৰৰ পাট চাঙে এক বিশেষ স্থাপত্য শৈলীও বহন কৰে। পাট চাং কাঠ আৰু টিনেৰে নিৰ্মিত। ইয়াক ভাজ ঘৰৰ সমান্তৰালভাৱে নিৰ্মাণ কৰা হৈছে। পেট চাঙৰ মজিয়া মাটিৰ পৰা ৫ ফুট (১.৫ মিটাৰ) ওপৰত অৱস্থিত। ইয়াত কিছুমান বিশেষ সভা অনুষ্ঠিত হয়। মূলতঃ সত্ৰৰ ধৰ্মীয় আৰু প্ৰশাসনিক বিষয়বোৰ ইয়াত আলোচনা কৰা হয়। ইয়াক ৰজা কংসৰ পাট চাঙৰ দৰে পৱিত্ৰ বুলি বিশ্বাস কৰা হয়।
সত্ৰ চৌহদৰ পূব ফালে হৰিজান নামেৰে এখন খাল আছে। পূবৰ সত্ৰ চৌহদ স্পৰ্শ কৰা খালৰ পাৰটোক খাটখটি ঘাট বুলি কোৱা হয়। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য শ্ৰী মাধৱদেৱে এই খালত অন্যান্য ভকতৰ সৈতে গা ধুইছিল। এই খটখটিসমূহ শিলেৰে নিৰ্মাণ কৰা হৈছিল। জানৰ পানীৰ মাজত শিশু কৃষ্ণৰ মূৰ্তি নিৰ্মাণ কৰা হৈছে।
বৰপেটা সত্ৰৰ মঠটো আহোম সকলৰ স্থাপত্য শৈলীৰ সৈতে একে। কিছুমান মূল্যৱান শংকৰ-মাধৱৰ স্মৃতিচিহ্ন মঠত ৰখা হৈছে। ইয়াত শংকৰদেৱ আৰু মাধৱদেৱে ভৰি ধুবলৈ ব্যৱহাৰ কৰা এটা শিল, শংকৰদেৱৰ দশম আৰু মাধৱদেৱৰ নামঘোষাৰ পাঠ, ভক্তি ৰত্নাৱলী আৰু মধুৰা দাসক পাৰিশ্ৰমিক হিচাপে দিয়া দুটা 'নাগেৰী মুদ্ৰা' আছে।
শ্ৰী ৰাম আতাৰ ঘৰ বা ভিটি মাধৱদেৱৰ ঘৰৰ বিপৰীতে স্থাপন কৰা হৈছিল। বৰ্তমান এই স্থানত এটা কুঁৱা নিৰ্মাণ কৰা হৈছে। এই কুঁৱাটোৰ পানী পৱিত্ৰ বুলি ধাৰণা কৰা হয় আৰু এই কুঁৱাটোৰ পানী সত্ৰৰ সকলো কামত ব্যৱহাৰ কৰা হয়। সত্ৰৰ উত্তৰ-পূব অৱস্থানত বৰপেটা সত্ৰ মথুৰা দাস বুঢ়া আতাৰ প্ৰথম সত্ৰীয়া ঠাইত এটা সৰু কিন্তু ধুনীয়া ঘৰ নিৰ্মাণ কৰা হৈছে। ইয়াক বুঢ়া আতা ভিটি বোলে।
সত্ৰৰ ভাগৱত গৃহ এখন এটা দেৱাল অবিহনে খোলা ইংৰাজী 'এল' আকৃতিৰ ঘৰ। ইয়াক প্ৰাৰ্থনা গৃহ হিচাপে ব্যৱহাৰ কৰা হয়। প্ৰতিদিনে ৰাতিপুৱা আৰু সন্ধিয়া মানুহে ভাগৱত শুনিবলৈ ইয়ালৈ আহে। দৌল বা হোলীৰ সময়ত ভাগৱত ঘৰটো অস্থায়ী চিকিৎসা গৃহ হিচাপে ব্যৱহাৰ কৰা হয়।
হসত্ৰখনৰ সভা ঘৰ কীৰ্তন ঘৰৰ উত্তৰ-পশ্চিম স্থিতিত অৱস্থিত এখন মুকলি ঘৰ। সম্প্ৰদায়ৰ সাধাৰণ সভা ইয়াত অনুষ্ঠিত হয়। সভাঘৰৰ উত্তৰ ফালে এটা সৰু ঘৰ আছে ইয়াক জগমোহন গৃহ বুলি জনা যায়। জগমোহন গৃহত সত্ৰৰ ভকতসকলে যিকোনো ধৰণৰ অসুবিধাসমূহ আলচ কৰে।
সত্ৰখনৰ উত্তৰ-পশ্চিম কোণত আৰু উত্তৰ প্ৰৱেশ দ্বাৰৰ ওচৰত এক অনন্য ডিজাইনৰ সাত খলপা খটখটিযুক্ত দৌল আছে। মুখ্যতঃ দেউল উৎসৱৰ সময়ত কলীয়া ঠাকুৰ বা কৈলা বাবাক ৰখাৰ বাবে এই ভৱন ব্যৱহাৰ কৰা হয়।
সত্ৰৰ ভিতৰত এখন ৰংগমঞ্চ আছে। ইয়াৰ আগফালে মানুহে মুকলিকৈ কলা প্ৰদৰ্শন কৰিব পাৰে। ইয়াৰ পিছফালে সীমাৰ সৈতে আৱৰণ দেৱালেৰে আবৃত আৰু মঞ্চত বিভিন্ন কলা প্ৰদৰ্শন কৰা হয়। সময়ে সময়ে ইয়াত কলা আৰু সাংস্কৃতিক কাৰ্যকলাপ প্ৰদৰ্শন কৰাৰ বাবে ই এখন আধুনিক মঞ্চ।
দেউল
[সম্পাদনা কৰক]ফাকুৱাৰ লগত জড়িত অসমৰ অন্যতম উৎসৱ হ'ল দৌল উৎসৱ। বৰপেটাৰ স্থানীয় ভাষাত এই উৎসৱক দেউল বোলা হয়। বৰদোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দৌলোৎসৱৰ সূচনা কৰিছিল যদিও বৰপেটা ধামত ১৫১৮ শকত বৰপেটা সত্ৰৰ মথুৰা দাস বুঢ়া আতাই প্ৰথমবাৰৰ বাবে ইয়াক প্ৰচলন কৰে।[6] সেই দিনাৰ পৰা পৰম্পৰাগভাৱে ইয়াক পালন কৰি অহা হৈছে। দেউল উৎসৱৰ এমাহমানৰ আগৰে পৰা ইয়াৰ প্ৰস্তুতি আৰম্ভ হয়। ধৰ্মীয় আচাৰ, ভক্তিৰস আৰু সমন্বয়ৰ উৎসৱ হিচাপে বৰপেটাৰ দেউল উৎসৱ চিহ্নিত হৈ আহিছে।[7]
যোগাযোগ
[সম্পাদনা কৰক]বৰপেটা চহৰৰ মাজমজিয়াত অৱস্থিত হোৱাৰ বাবে সত্ৰখন স্থলপথেৰে সুযোগাযোগ ব্যৱস্থা আছে। নিকটতম ৰেল ষ্টেচন হৈছে বৰপেটা ৰোড। নিকটতম বিমানবন্দৰ গুৱাহাটীত আছে। বৰপেটা গুৱাহাটীৰ পৰা পথ পৰিবহণৰ দ্বাৰা ভালদৰে সংযুক্ত।
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "Tourism". Barpeta.gov.in. http://barpeta.gov.in/tourism.htm#BARPETA%20SATRA। আহৰণ কৰা হৈছে: 2013-06-15.
- ↑ "Barpeta Satra (Xatra), Barpeta Kirtan Ghar - Barpeta, Assam, Religious and Cultural Centre". Onlinesivasagar.com. http://onlinesivasagar.com/tourism/barpeta-satra.php। আহৰণ কৰা হৈছে: 2013-06-15.
- ↑ "A Glimes of the Religious Complex 'The Barpeta Satra, Assam'". Amulya Bhuyan. http://www.caesjournals.org/spluploads/IJCAES-BASS-2012-200.pdf.
- ↑ "Barpeta Kirtanghar: The Centre of Neo-Vaishnavite Culture of Assam". Abdul Kalam Azad.
- ↑ Sarma 2017, pp: 17 NGI NGAO KHAM- A Mythical Figure of Tai Ahom People of Assam ,Dr. Rabindranath Sarma, Journal of Research in Humanities and Social Science, Vol.5 ~ Issue 5 (2017) pp: 14-18 ISSN(Online) : 2321-9467
- ↑ "আজিৰ পৰা বৰপেটাত দৌলোৎসৱ". আমাৰ অসম. ২৬ মাৰ্চ, ২০১৩. পৃষ্ঠাসমূহ: ১, ৮. Archived from the original on 2016-03-04. https://web.archive.org/web/20160304124923/http://amarasom.glpublications.in/epapermain.aspx?queryed=9&eddate=03/26/2013। আহৰণ কৰা হৈছে: ২৭ মাৰ্চ, ২০১৩.
- ↑ বৰপেটাৰ বৰধামৰ দেউল, প্ৰিয়ৰঞ্জন দাস, গণ অধিকাৰ সংবাদ-পত্ৰ, গুৱাহাটী, ৮ মাৰ্চ ২০১২