সমললৈ যাওক

ব্ৰজাৱলী ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ব্ৰজাৱলীৰ পৰা পুনঃনিৰ্দেশিত)
Brajavali
ব্ৰজাৱলী
অঞ্চল ভাৰত
বিলুপ্ত unknown
ভাষা পৰিয়াল
লিখন প্ৰণালী অসমীয়া
ভাষা সংকেত
ISO 639-3 নাই (mis)
গ্লোটোলগ নাই

মহেশ্বৰ নেওগ, সত্যেন্দ্ৰনাথ শৰ্মা প্ৰমুখ্যে গৱেষক পণ্ডিতসকলৰ মত অনুসৰি ব্ৰজাৱলী ভাষা অসম পঞ্চদশ-ষোড়শ শতাব্দীত মহাপুৰুষ শঙ্কৰদেৱৰ দ্বাৰা নিৰ্মিত আৰু ব্যৱহৃত এক ধৰণৰ সাহিত্যিক ভাষা বিশেষ। ইয়াৰ বিপৰীতে মাধুৰ্যমণ্ডিত বৰুৱাব্ৰজাৱলী ভাষা বুলি স্বীকৃত ভাষাৰূপটোক শঙ্কৰদেৱ-পূৰ্বকালৰে পৰা ভূখণ্ডটোত প্ৰচলিত লোকভাষা বুলি ক'ব খোজে। ব্ৰজাৱলী ভাষা বৰগীত আৰু অংকীয়া নাট ৰচনাৰ সময়ত ব্যৱহাৰ কৰিছিল। এই ভাষাৰ সমৰূপ ভাষা বাংলা আৰু উৰিষ্যাত প্ৰচলিত থাকিলেও অসমত প্ৰচলিত ব্ৰজাৱলী ভাষা সেইবোৰতকৈ ভিন্ন ধৰণৰ আছিল। অন্যান্য সমৰূপ ভাষাসমূহ ব্ৰজভাষাৰ ওপৰত নিৰ্ভৰশীল হ’লেও ব্ৰজাৱলী ভাষা মৈথিলী আৰু অসমীয়া ভাষাৰ সংমিশ্ৰণত গঠিত হৈছিল।[1][2]:২৫৭ সাধাৰণভাৱে এই ভাষাৰ কথিত ৰূপত অসমীয়া শব্দৰ প্ৰচলন আছিল বাবে অসমৰ মানুহে সহজেই এই ভাষা বুজিব পাৰিছিল।[2]:২৪৬ অৱশ্যে, শেহতীয়াকৈ মাধুৰ্যমণ্ডিত বৰুৱাৰ দৰে গৱেষকে ব্ৰজাৱলী ভাষা প্ৰাচীন কামৰূপৰ লোকভাষা হিচাপেহে বৰ্ত্তি থকাৰ সম্ভাৱনাক সন্মুখলৈ আনিছে।

সত্যেন্দ্ৰনাথ শৰ্মাৰ মতে "মৈথিলী আৰু অবহট্ট ভাষাৰ লগত অসমীয়া ভাষা সৃষ্টি হৈছে।" মহেশ্বৰ নেওগৰ মতে "মৈথিলী ভাষাৰ ওপৰত বৈয়াকৰণিক আৰু আভিধানিক ৰূপৰ লগতে পশ্চিমা হিন্দী শব্দৰ সহায়ত অসমীয়া ব্ৰজাৱলী ভাষাৰ সৃষ্টি হৈছিল।" সত্যেন্দ্ৰ নাৰায়ণ গোস্বামীয়ে কৈছে "ব্ৰজাৱলী কৃত্ৰিম বা সংমিশ্ৰিত ভাষা। এই মিশ্ৰণত মৈথিলী অৰ্থাৎ বিদ্যাপতিৰ ভাষা যে অন্যতম উপাদান ই নিশ্চত।" এইস্তৰৰ পণ্ডিত-গৱেষকৰ মতে, নৱ-বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য সৃষ্টি কৰা এটা কৃত্ৰিম সাহিত্যিক ভাষা। কিন্তু মাধুৰ্যমণ্ডিত বৰুৱাৰ দৰে গৱেষকৰ মতে, ব্ৰজাৱলী ভাষা প্ৰাচীন অসমৰ লোকভাষাহে। খ্ৰীষ্টিয় একাদশ-ত্ৰয়োদশ শতিকা আৰু তাৰ পৰৱৰ্তীকালত অসমৰ লোকভাষা ৰূপে ব্ৰজাৱলী নাম দিয়া ভাষা-ৰূপটো অসমত বৰ্তি আছিল। বৰুৱাৰ মতে, শ্ৰীকৃষ্ণকীৰ্ত্তনত চৰ্যাপদৰ ভাষা আৰু ব্ৰজাৱলী নামেৰে স্বীকৃত প্ৰাচীন লোকভাষাটোৰ মধ্যকালৰ ভাষাৰূপ এটাহে প্ৰত্যক্ষ কৰা যায়; য’ত চৰ্যাপদ আৰু ব্ৰজাৱলী ভাষা দুয়োটাৰে উমৈহতীয়া বিশেষত্ব আছে। মাধুৰ্যমণ্ডিত বৰুৱাই চৰ্যাপদ আৰু ব্ৰজাৱলী ভাষাৰূপৰ সকলো বিশেষত্ব স্পষ্টভাৱে থকা এখন শিলালিপিৰূপে গছতল শিলালিপিক চিনাক্ত কৰিছে। চতুৰ্দশ শতিকাৰ- ১২৮৪ শক বুলি উল্লেখ থকা ১৩৬২ খ্ৰীষ্টাব্দৰ গছতল শিলালিপিত সীমা অতিক্ৰম কৰি মোগল ডবকালৈ যোৱাৰ প্ৰসঙ্গ আছে।[3] লিপিখনৰ পাঠ এনেধৰণৰ : সীমা এৰিয়া যৱন ডবাকত গয়ত। [শক] ১২৮৪ বেদাস্ত ৰাশি গণন। ইতি শ্ৰীৱিষ্ণুবাসধৰ শৈলকাৰ। শকত ম্লেচ্ছ ইথান উয়াসাঁ। দেখহুঁ শতাত্ৰিংশ বহৰ বঙাল বহুকাৰ্য্য[ত] ইহাত ফণ্ড। বহাখ জল। তোসভ সঞ্জাত য়াস। দিজল শ্ৰী। পঞ্চকাথ্য বাদ্য ৰোল জল-সেনাহ বৈৰীক ভাথি জলান্তশোক খদাবি।[4] বৰুৱাৰ মতে, ভাৰতীয় আৰ্যভাষাই ব্ৰাহ্মী লিপিৰ মাজেৰে গঢ় লোৱা কামৰূপী প্ৰাকৃতৰ পৰা সুঁতি নিৰ্মাণ কৰি মৈথিলী, ওড়িআ, অসমীয়া আৰু বাংলা ভাষাৰ উদ্ভৱ হৈছে। সেই অনুসৰি, কামৰূপী প্ৰাকৃতৰ পৰা আধুনিক ভাষাৰূপৰ উদ্ভৱ হোৱা শাখা কেইটা হৈছে মৈথিলী, কামৰূপী, ঢাক্কি আৰু উৎকলী প্ৰাকৃত। মৈথিলী কামৰূপী প্ৰাকৃতৰ ঘৰুৱা ভাষিক ৰূপ হৈ থাকিল; কামৰূপী প্ৰাকৃতৰ পৰা অসমীয়া আৰু উত্তৰ বঙ্গৰ লোকভাষাৰ উদ্ভৱ ঘটিল। ঢাক্কি প্ৰাকৃত পূব বঙ্গৰ স্থানীয় ভাষিক ৰূপ ল'লে। আনহাতে, উৎকলী প্ৰাকৃতৰ পৰা ওড়িআ ভাষাৰ উদ্ভৱ হ'ল।[5]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Dr Sukumar Sen, A History of Brajabuli Literature, Calcutta, 1931 p1)
  2. 2.0 2.1 Neog, Maheshwar (1980). Early History of the Vaishnava Faith and Movement in Assam. প্ৰকাশক Delhi: Motilal Banarasidass. 
  3. মাধুৰ্য্য মণ্ডিত বৰুৱা, অসম বুৰঞ্জী, তৃতীয় খণ্ড, ৰেখা প্ৰকাশন, গুৱাহাটী, ২০২২, পৃষ্ঠা ৪০৭-৪০৮
  4. Kamarupasasanavali, Part II, Stone Inscription from Gachtal, page 146
  5. মাধুৰ্য্য মণ্ডিত বৰুৱা, অসম বুৰঞ্জী, তৃতীয় খণ্ড, ৰেখা প্ৰকাশন, গুৱাহাটী, ২০২২, পৃষ্ঠা ৩৮০