সমললৈ যাওক

মাধুৰ্যমণ্ডিত বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাধুৰ্যমণ্ডিত বৰুৱা
জন্ম ২৪ জুন, ১৯৭৫
নগাঁও, অসম
পেচা অধ্যাপক, লেখক, গৱেষক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা অসমীয়াত স্নাতকোত্তৰ আৰু পি.এইচ.ডি.
উল্লেখনীয় কৰ্মৰাজি অসম বুৰঞ্জী [তিনিটা খণ্ড], কলিতা জাতিৰ ইতিহাস [বুৰঞ্জী গ্ৰন্থ], ৰাম সৰস্বতী [গৱেষণা গ্ৰন্থ], অসমীয়া মহাভাৰতীয় সাহিত্য [গৱেষণা গ্ৰন্থ], দাশৰথিদশগ্ৰীৱ [উপন্যাস]
উল্লেখযোগ্য বঁটা ৰাম সৰস্বতী বঁটা, বিৰিণা সাহিত্য বঁটা, অসম-ইতিহাস গৱেষণা বঁটা, ৰবীন্দ্ৰ ৰত্ন পুৰস্কাৰ, 'Author of the six-thousand-year histor of Assam'

মাধুৰ্যমণ্ডিত বৰুৱা (ইংৰাজী: Madhurjyya Mondit Baruah) অসমৰ এগৰাকী লেখক, গৱেষক, ইতিহাসবিদ, ঔপন্যাসিক তথা অধ্যাপক।[1] ওঠৰ বছৰ বয়সত 'গণতন্ত্ৰ' কাকতৰ সম্পাদনাৰে অসমৰ সৰ্বকনিষ্ঠ সম্পাদক ৰূপে স্বীকৃত[2] মাধুৰ্যমণ্ডিত বৰুৱাই ২০১৮ চনত ৰাম সৰস্বতী বঁটা লাভ কৰে। ২০১৩ চনত অসম কবি সন্মিলনে তেওঁক কাব্য সাৰস্বত উপাধি প্ৰদান কৰে। ২০২১ চনত তেওঁক বিৰিণা সাহিত্য বঁটা প্ৰদান কৰা হয়। অসম বুৰঞ্জী, কলিতা জাতিৰ ইতিহাস, ৰাম সৰস্বতী, অসমীয়া মহাভাৰতীয় সাহিত্য বৰুৱাৰ উল্লেখযোগ্য গ্ৰন্থ।[3] নিৰন্তৰ কৰি থকা গৱেষণা কৰ্মৰ বাবে ২০২২ চনত ৰঞ্জু হাজৰিকা সাহিত্য বঁটা আগবঢ়োৱা মাধুৰ্যমণ্ডিত বৰুৱাক ২০২৩ চনত ধনেশ্বৰ তালুকদাৰ-সব্যা তালুকদাৰ স্মৃতি সংৰক্ষণী সভা ন্যাস সমিতিয়ে কৰ্মযোগী উপাধিৰে সন্মানিত কৰে। আনহাতে, একেটা বছৰতে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ'ৰ অসম শাখাই অসমীয়া ভাষাৰ ইতিহাস-গৱেষণাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে বৰুৱাক প্ৰদান কৰে মানৱ অধিকাৰ বঁটা। ২০২৪ চনত পৰেশ বৈশ্য ফাউণ্ডেশ্যনে আগবঢ়ায় অসম-ইতিহাস গৱেষণা বঁটা। আনহাতে, ২০২৫ চনত নগাঁৱৰ ডঃ আবু হানিফা স্মৃতি ন্যাসে আগবঢ়ায় সংবাদ-সাহিত্য বঁট‍া। ২০২৫ চনত বাঙ্গালুৰুৰ Veyil Foundation-এ আগবঢ়ায় ৰবীন্দ্ৰ ৰত্ন পুৰস্কাৰ। একেটা বছৰতে World Book Recordৰ ফালৰ পৰা 'Author of the six-thousand-year histor of Assam' হিচাপে স্বীকৃতি দিয়ে। ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট অৱ অৰ্গেনাইজড্ ৰিছাৰ্চ (i2OR)-এ ২০২৬ চনৰ ৰাষ্ট্ৰীয় শৈক্ষিক উদ্ভাৱনা বঁটা আগবঢ়ায় বৰুৱাৰ মৌলিক গৱেষণাসমূহৰ বাবে। জাতীয় সাংস্কৃতিক বৰভেটি অসমে কলাগুৰু দিৱসত আগবঢ়ায় বৰভেটি সাহিত্য-সাংস্কৃতিক সন্মান ২০২৬।

জন্ম আৰু শিক্ষা

[সম্পাদনা কৰক]

মাধুৰ্যমণ্ডিত বৰুৱাৰ জন্ম হয় ১৯৭৫ চনৰ ২৪ জুনত নগাঁও জিলাৰ হয়বৰগাঁৱত। তেওঁৰ পিতৃ দুলাল চন্দ্ৰ বৰুৱা আৰু মাতৃ ইৰা বৰুৱা। পিতৃ দুলাল চন্দ্ৰ বৰুৱা চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক আছিল। বৰুৱাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি একেখন বিশ্ববিদ্যালয়ৰে আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ পৰা ড° দিলীপ বৰাৰ তত্ত্বাৱধানত পি.এইচ.ডি. ডিগ্ৰী লাভ কৰে। তেওঁৰ পি.এইচ.ডি.ৰ বিষয় অসমীয়া মহাভাৰতীয় সাহিত্য।

কৰ্মজীৱন

[সম্পাদনা কৰক]

আউনীআটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ৰূপে বৰ্তমানে কাৰ্যনিৰ্বাহ কৰি থকা মাধুৰ্যমণ্ডিত বৰুৱা বিশ্ববিদ্যালয়খনৰ এগৰাকী গৱেষণা তত্ত্বাৱধায়কো। ইতিপূৰ্বে বৰুৱাৰ তত্ত্বাৱধানত ছগৰাকী গৱেষকে ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। আউনীআটী বিশ্ববিদ্যালয়ত যোগদান কৰাৰ পূৰ্বে মাধুৰ্যমণ্ডিত বৰুৱাই কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ গৱেষণা-সঞ্চালক(Director of Research) ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।[4] বিশ্ববিদ্যালয়খনৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হিচাপেও আঠ বছৰ কাৰ্যনিৰ্বাহ কৰিছিল। বিশ্ববিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিৰূপক কোষৰ সঞ্চালক হিচাপেও ২০২২-২০২৩ বৰ্ষত কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ উপৰি মেঘালয়ৰ মহাত্মা গান্ধী বিশ্ববিদ্যালয়ৰো Department of interdisciplinary Studies ৰ অতিথি অধ্যাপক আৰু গৱেষণা তত্ত্বাৱধায়ক ৰূপে নিযুক্ত হৈ আছে। পূৰ্বে নগাঁৱৰ শ্ৰীমন্ত শঙ্কৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে ২০০৪ চনৰ পৰা কাৰ্যনিৰ্বাহ কৰিছিল।

মাধুৰ্যমণ্ডিত বৰুৱাৰ কৰ্মজীৱন আৰম্ভ হয় সাংবাদিকতাৰে। ১৯৯০ চনত পোন্ধৰ বছৰ বয়সত গণতন্ত্ৰ কাকতত সাংবাদিকতা কৰে। ১৯৯৩ চনত কাকতখনৰ সম্পাদনাত নিয়োজিত হয়। পাছলৈ নতুন অভিযান কাকতৰ সম্পাদক হয়। হিয়া, কৱচ, অসমীয়া সংযোগ, অনন্যা আদি কাকত-আলোচনীৰো সম্পাদকৰ দায়িত্বত নিয়োজিত হোৱা বৰুৱাই উচ্চশিক্ষা গ্ৰহণৰ বাবে গুৱাহাটীত থাকোঁতে ৰং নামৰ মাহেকীয়া আলোচনী এখনতো সম্পাদক হিচাপে নিযুক্ত হয়। এইছোৱা সময়তে ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ সম্পাদনাত পুনৰ প্ৰকাশ পোৱা দৈনিক বাতৰি কাকত আজিৰ বাতৰিৰ জ্যেষ্ঠ উপ-সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰে।[5] বৰুৱা শ্ৰীশ্ৰীআউনীআটী সত্ৰৰ ত্ৰিমাসিক আলোচনী সংস্কৃতি পল্লৱৰ সম্পাদক। গুৱাহাটীৰ পৰা প্ৰকাশিত গৱেষণা পত্ৰিকা সংহতিৰো সম্পাদক। দৈনিক ডিজিটেল বাতৰি কাকত মোৰ স্ব-জাতিৰ সম্পাদনা উপদেষ্টা হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে।


মাধুৰ্যমণ্ডিত বৰুৱাই সাহিত্য অকাডেমিৰ [২০২৩- ২০২৭ বৰ্ষৰ] পাঁচ বছৰীয়া কাৰ্যকালৰ বাবে অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। অসম সাহিত্য সভাৰ ২০২৫-২০২৭ বৰ্ষৰ কাৰ্যনিৰ্বাহকৰ কৰ্ণধাৰ সমিতিৰ সদস্য বৰুৱা পূৰ্বে অসম সাহিত্য সভাৰ শ্ৰীমন্ত শঙ্কৰদেৱ কোষ প্ৰকল্পৰ সম্পাদক আৰু জনগোষ্ঠীয় ইতিহাস প্ৰণয়ন প্ৰকল্পৰ উপ-সভাপতি হিচাপেও বৰুৱা নিয়োজিত হয়। প্ৰাচ্য ভাৰতী গৱেষণা সংস্থানৰ অবৈতনিক সঞ্চালক মাধুৰ্যমণ্ডিত বৰুৱা ২০১৩ চনত হীৰেন গোহাঁইক সভাপতি হিচাপে লৈ গঠন হোৱা অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক। বৰুৱাই ১৯৯১ চনত অসম সাংস্কৃতিক সভা আৰু ১৯৯৩ চনত গঠন হোৱা যুৱ সাহিত্য সমাজৰ সাধাৰণ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।[6] মৰিগাঁও জিলাৰ কপাহেৰাত থকা শ্ৰীমন্ত শঙ্কৰদেৱ কলাতীৰ্থৰ প্ৰতিষ্ঠাপক সঞ্চালক বৰুৱাই স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰিয়েই নগাঁও ছোৱালী কলেজত শিক্ষক হিচাপে যোগদান কৰি ২০০৩ চনত শিক্ষকতাৰ কৰ্মজীৱনৰ পাতনি মেলে।

সাহিত্যকৰ্ম

[সম্পাদনা কৰক]

প্ৰকাশিত গ্ৰন্থ

[সম্পাদনা কৰক]

গৱেষণা-গ্ৰন্থ

  1. অসম বুৰঞ্জী [তিনিটা খণ্ড] (২০২২)
  2. কলিতা জাতিৰ ইতিহাস (২০২০)
  3. ৰাম সৰস্বতী (২০০৭)
  4. বেজবৰুৱাৰ জন্মস্থান (২০১৯)
  5. আধুনিক অসম আৰু শঙ্কৰদেৱ-চৰ্চা (২০১৯)
  6. অসমীয়া মহাভাৰতীয় সাহিত্য (২০২০)
  7. শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মস্থান (২০০৯)
  8. সাংবাদিকতাত নগাঁও ১৮৪৬-১৯৯৯ (১৯৯৯)

ব্যক্তিগত ৰচনা

  1. মৃত্যুৰ সাধনা (২০০৫)
  2. প্ৰথম সাক্ষাৎ (২০০৫)

সমাজ-ৰাজনৈতিক আলোচনা

  1. আলফাৰ সপোন (২০০৪)

সাহিত্য সমালোচনা

  1. সাহিত্যৰ জুতি (২০০৫)
  2. ভাষা-সাহিত্যৰ ঐতিহ্য (২০০৫)
  3. পুৰণি সাহিত্যৰ চানেকি (২০০৫)

কবিতা সংকলন

  1. সকলোৰে হয় নেকি এনেকুৱা অসুখ (২০০৫)

উপন্যাস

  1. দাশৰথিদশগ্ৰীৱ (২০২৫)

সম্পাদিত গ্ৰন্থ

  1. ড° ভূপেন হাজৰিকা (ড° নন্দ সিঙৰে যুটীয়াভাৱে, ২০১১)
  2. অবিনশ্বৰ মহিম বৰা (২০১৬)
  3. ৰামসোঁতাৰ পাৰৰ পৰা কলংপাৰলৈ (২০১০)

মাধুৰ্যমণ্ডিত বৰুৱাৰ অসম বুৰঞ্জী অসমৰ প্ৰাচীনতম কালৰ পৰা বৰ্তমানলৈকে ছহেজাৰ বছৰৰ এক সুবিস্তৃত ঐতিহাসিক সমলযুক্ত গ্ৰন্থ। বৰুৱাৰ কলিতা জাতিৰ ইতিহাস গ্ৰন্থখন অসমীয়া ভাষাৰ ইতিহাস গৱেষণাৰ এখন গ্ৰন্থ।[7] সৃষ্টিশীল সাহিত্যৰ হিচাপে মাধুৰ্যমণ্ডিত বৰুৱাই কবিতা আৰু চুটিগল্প ৰচনা কৰিছে। তেওঁৰ 'সকলোৰে হয় নেকি এনেকুৱা অসুখ' নামৰ কাব্য সংকলনটো ২০০৫ চনত প্ৰকাশ পাইছিল। তেওঁৰ কেইবাটাও চুটিগল্প গৰীয়সীৰ উপৰি ক্ৰান্তিকাল, আমাৰ অসম, জনমভূমি, পূবালী আদিত প্ৰকাশ পাইছে। বৰুৱাৰ কৰ্ম আৰু চিন্তাৰ বিষয়ে সীমা ভৌমিকে 'ব্যতিক্ৰমী ব্যক্তিত্ব' নাম দি গ্ৰন্থ এখন লিখিছে।[8]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

▪ কাব্য সাৰস্বত সন্মান, ২০১৩ ▪ ৰাম সৰস্বতী বঁটা, ২০১৮ ▪ বিৰিণা সাহিত্য বঁটা, ২০২১ ▪ ৰঞ্জু হাজৰিকা সাহিত্য বঁটা, ২০২২ ▪ কৰ্মযোগী উপাধি আৰু বঁটা, ২০২৩ ▪ মানৱ অধিকাৰ বঁটা, ২০২৩ ▪ অসম-ইতিহাস গৱেষণা বঁটা, ২০২৪ ▪ সংবাদ-সাহিত্য বঁটা, ২০২৫ ▪ ৰবীন্দ্ৰৰত্ন পুৰস্কাৰ, ২০২৫ ▪ ৱৰ্ল্ড বুক ৰেকৰ্ডৰ 'Author of the six-thousand-year histor of Assam' হিচাপে স্বীকৃতি, ১৪ অক্টোবৰ ২০২৫ ▪ চিন্তাবাৰিধি সন্মান, ২০২৫ ▪ ৰাষ্ট্ৰীয় শৈক্ষিক উদ্ভাৱনা বঁটা, ২০২৬ (National Academic Innovation Award 2026) ▪ বৰভেটি সাহিত্য সাংস্কৃতিক সন্মান ২০২৬

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. আধুনিক অসম। চতুৰ্থ খণ্ড। সম্পা. জ্যোতিৰ্ময় জানা। নগাঁও : নগাঁও ছোৱালী কলেজ। ডিচেম্বৰ, ২০১৫
  2. সাংবাদিকতাত নগাঁও ১৮৪৬-১৯৯৯। নগাঁও : গিগাবাইটচ প্ৰেছ এণ্ড পাব্লিকেশ্যন। প্ৰথম প্ৰকাশ, ১৯৯৯
  3. স্মৃতিজ্যোতি গোস্বামী। আমাৰ অসম। সম্পা. মনোজ কুমাৰ গোস্বামী। ৩১ ডিচেম্বৰ, ২০২১
  4. "Registrar's Profile - Auniati University". www.auniv.ac.in. https://www.auniv.ac.in/registrar.php আহৰণ কৰা হৈছে: 2025-04-14.
  5. সীমা ভৌমিক। ব্যতিক্ৰমী ব্যক্তিত্ব। নগাঁও : ক্ৰান্তিকাল প্ৰকাশন। প্ৰথম প্ৰকাশ, ২০০৮
  6. অসমীয়া মহাভাৰতীয় সাহিত্য। গুৱাহাটী : ৰেখা প্ৰকাশন। প্ৰথম প্ৰকাশ, ২০২০
  7. নগেন শইকীয়া। গৰীয়সী। সম্পা. লক্ষ্মীনন্দন বৰা। ডিচেম্বৰ, ২০২০। পৃষ্ঠা ১৫
  8. সীমা ভৌমিক। ব্যতিক্ৰমী ব্যক্তিত্ব। নগাঁও : ক্ৰান্তিকাল প্ৰকাশন। প্ৰথম প্ৰকাশ, ২০০৮