অসমীয়া সাহিত্য সন্মিলনী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসমীয়া সাহিত্য সন্মিলনী

অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰতীক চিহ্ন
নীতিবাক্য ‘সংকীৰ্ণতাৰ বিপক্ষে মানৱতাৰ সপক্ষে’
প্ৰতিষ্ঠা ২০১৩
উদ্দেশ্য অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ চৰ্চা আৰু বিকাশ সাধন কৰা
প্ৰধান  কাৰ্যালয় গুৱাহাটী, জ্যোতি ভাৰতী, অসম
আনুষ্ঠানিক  ভাষা অসমীয়া
সভাপতি ৰঞ্জু হাজৰিকা
ৱেবছাইট https://sanmilani.com

অসমীয়া সাহিত্য সন্মিলনীৰ জন্ম ২০১৩ চনত। অসমীয়া ভাষা সাহিত্য-সংস্কৃতিৰ বিকাশ, প্ৰসাৰ-প্ৰচাৰ আৰু চৰ্চাৰ হেতুকে নগাঁও জিলাত এই জাতীয় অনুষ্ঠানৰ জন্ম হয়। ইয়াৰ প্ৰধান কাৰ্যালয় গুৱাহাটীৰ বাইহাটা চাৰিআলিৰ জ্যোতি ভাৰতীত অৱস্থিত। ২০১৩ চনৰ জুন মাহত নগাঁও জিলাত অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰথমখন অধিবেশন অনুষ্ঠিত হৈছিল আৰু ইয়াত সভাপতিত্ব কৰিছিল হীৰেন গোহাঁয়ে। কাৰ্যকৰী সভাপতি আছিল দিলীপ বৰা৷ অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল মাধুৰ্যমণ্ডিত বৰুৱা। অসমীয়া সাহিত্য সন্মিলনীৰ জন্মদাতা হিচাপে সেই সময়ত সক্ৰিয়ভাৱে কাৰ্য সম্পাদন কৰিছিল দিলীপ বৰা, মুকুল চক্ৰৱৰ্তী, ডাঃ ৰেজাউল কৰিম, মাধুৰ্যমণ্ডিত বৰুৱা,নাৰায়ণ চন্দ্ৰ গোস্বামী, খৰ্গেশ্বৰ ভূঞা, ব্ৰজেন তালুকদাৰ, দেৱীচৰণ ঠাকুৰ, ৰাজেন পূজাৰী, অনুৰাধা শৰ্মা আদি ব্যক্তিসকলে।[1]

চমু ইতিহাস[সম্পাদনা কৰক]

উদ্দেশ্য[সম্পাদনা কৰক]

প্ৰকাশন[সম্পাদনা কৰক]

অসমীয়া সাহিত্য সন্মিলনীয়ে প্ৰতিষ্ঠা কালৰেপৰা প্ৰাগজ্যোতিকা শীৰ্ষক এখন বাৰ্ষিক আলোচনী প্ৰকাশ কৰি আহিছে৷ সেইদৰে বাৰ্ষিক অধিৱেশনৰ সময়ত বৰলুইত শীৰ্ষক আন এখন সমাজ-সাহিত্য-সংস্কৃতি বিষয়ক আলোচনী প্ৰকাশ কৰি আহিছে৷ তদুপৰি প্ৰতিষ্ঠা কালৰে পৰা অসমীয়া সাহিত্য সন্মিলনীয়ে কেন্দ্ৰীয় ভাৱে আৰু জিলা, অঞ্চলৰ শাখা সমূহে আলোচনীৰ লগতে গ্ৰন্থ আদি প্ৰকাশ কৰি আহিছে৷ কেন্দ্ৰীয়ভাৱে প্ৰকাশিত কেইখনমান গ্ৰন্থৰ নাম হ’ল- পুথি পৰিচয়, এমুঠি অনূদিত ভাৰতীয় গল্প, এমুঠি অসমীয়া গল্প, Reimagining life in/through Literature, বেজবৰুৱা অধ্যয়ন, বেজবৰুৱাৰ সাহিত্যত সমাজ-সংস্কৃতি, ইছমাইল হোছেইন ৰচনাৱলী,মোৰ আত্মজীৱন চৰিত আদি৷ তদুপৰি অসমীয়া সাহিত্য সন্মিলনীৰ শাখাসমূহৰ পৰা প্ৰকাশিত বিভিন্ন আলোচনী যেনে বৰপেটাৰপৰা প্ৰকাশিত ‘কৰাপাট’, দিল্লীৰ পৰা প্ৰকাশিত ‘শিপা’ আদি উল্লেখযোগ্য৷

প্ৰতীক চিহ্ন[সম্পাদনা কৰক]

আদৰণি গীত[সম্পাদনা কৰক]


অসমীয়া ভাষা মোৰ চিৰ চেনেহী
সুৱদী সুৰীয়া মাত প্ৰাণদায়িণী
সচিতে সপোনে দেশ দেশান্তৰে
হৃদয়ত শুনো তাৰ পদধ্বনি

এই ভাষাতেই মই সপোন দেখোঁ
ভাষাৰেই মোৰ প্ৰাণ মূৰ্ত কৰোঁ
এই ভাষাৰ বাবেই মই জীয়াই থাকিম
ভাষাকে বুকুত বান্ধি মৰণ আগচিম৷

এই ভাষা মোৰ আশা
গৌৰৱ অস্মিতা
মুমূৰ্ষু জীৱনৰ সঞ্জীৱনী

আজি এই জননীৰ দেউলৰ চোতালত
খোলো আহা সকলোৱে মনৰ দুৱাৰ
বৰ্ণ সম্প্ৰদায় জাতি জনগোষ্ঠীৰ
মিলনেৰে গঢ়ো আহা অসম আমাৰ

মোৰ ভাষাই গঢ়ক নৱ মানৱতা
সংগ্ৰামী জনতাৰ সজাগতা
অনন্ত জীৱনৰ জয়ধ্বনি

কথাঃ দিলীপ বৰা
সুৰঃ যজ্ঞ বেজবৰুৱা

অসমীয়া সাহিত্য সন্মিলনীৰ সভাপতিসকল[সম্পাদনা কৰক]

হীৰেন গোহাঁই, ২০১৩-১৫ (নগাঁও অধিৱেশন, দছন খেলপথাৰ)
লক্ষ্যহীৰা দাস, ২০১৫-১৭ (তেজপুৰ অধিৱেশন, জয়মতী ক্ষেত্ৰ)
দিলীপ কুমাৰ দত্ত, ২০১৭-১৯ (ধুবুৰী অধিৱেশন)
লোকনাথ গোস্বামী, ২০১৯-২১ (গুৱাহাটী, শিল্পগ্ৰাম অধিৱেশন)
সাগৰ বৰুৱা, ২০২১-২৩ (দৈয়াং, মেৰাপানী অধিৱেশন)
ৰঞ্জু হাজৰিকা, ২০২৩-২৫ (গুৱাহাটী, জ্যোতিভাৰতী অধিৱেশন)

অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰাক্তন সম্পাদকসকলৰ তালিকা[সম্পাদনা কৰক]

মাধুৰ্যমণ্ডিত বৰুৱা, ২০১৩-১৬
মিঙ্কু কলিতা, ২০১৬-১৭
অনুৰাধা শৰ্মা, ২০১৭-১৯
মিঙ্কু কলিতা, ২০১৯-২১
ধূৰ্জ্জটি শৰ্মা, ২০২১-২৩
ভাস্কৰ ভূঞা, ২০২৩-২৫

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. প্ৰাগজ্যোতিকা আলোচনী, সম্পাদক-অনুৰাধা শৰ্মা, প্ৰথম সংখ্যা, ২০১৩, পৃষ্ঠা-৮

লগতে পঢ়ক[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]