সমললৈ যাওক

বড়ো সাহিত্য সভা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বড়ো সাহিত্য সভা
গঠন ১৬ নৱেম্বৰ, ১৯৫২
উদ্দেশ্য বড়ো ভাষা আৰু বড়ো সংস্কৃতি
Headquarters কোকৰাঝাৰ, অসম
Official language
বড়ো
সভাপতি
ডাঃ সুৰথ নাৰ্জাৰী
ৱেবছাইট www.bodosahityasabha.org

বড়ো সাহিত্য সভা (ইংৰাজী: Bodo Sahitya Sabha, বড়ো: बर' थुनलाइ आफाद), হৈছে অসমৰ দ্বিতীয় বৃহৎ সাহিত্যিক আৰু সাংস্কৃতিক অনুষ্ঠান।[1] বড়ো সাহিত্য-সংস্কৃতিৰ উন্নতি আৰু প্ৰসাৰৰ বাবে ১৯৫২ চনৰ ১৬ নৱেম্বৰত কোকৰাঝাৰ জিলাৰ (বর্তমান চিৰাং জিলা) বাসুগাঁও -ত বড়ো সাহিত্য সভা গঠন কৰা হয়।[1][2] ইয়াৰ মুখ্য কাৰ্য্যালয় কোকৰাঝাৰত অৱস্থিত। এই অনুষ্ঠানটোত অসমৰ লগতে প্ৰতিৱেশী ৰাজ্য পশ্চিম বংগ, মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰাৰ লগতে নেপালৰো প্ৰতিনিধি আছে।[2]

ভাৰত স্বাধীন হোৱাৰ পাছত, কিছু সংখ্যক বড়ো বুদ্ধিজীৱী লোকে বড়ো ভাষা সংৰক্ষণৰ কথা চিন্তা কৰে। পূৰ্বৰ বহুতো বড়ো সাহিত্যিকে অসমীয়া অথবা বাংলা মাধ্যমৰ যোগেদি শিক্ষা লাভ কৰিছিল। বড়ো সাহিত্য সভাই বহুদিন সংগ্ৰাম কৰাৰ পাছত ১৯৬৩ চনত প্ৰাথমিক শ্ৰেণীৰ পাঠসমূহ বড়ো ভাষাত আৰম্ভ কৰা হয়। ইয়াৰ পিছত ১৯৬৮ চনত মাধ্যমিক শ্ৰেণীৰ পাঠসমূহ বড়ো ভাষাত আৰম্ভ কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু নৰ্থ-ইষ্টাৰ্ণ হিলছ ইউনিভাৰ্ছিটিয়ে বড়ো ভাষা আৰু সাহিত্যক Major Indian Languages (MIL) হিচাপে স্বীকৃতি দিছে।[2] ১৯৮৫ চনত বড়ো ভাষাক অসমৰ দ্বিতীয়টো ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিয়া হয়।[2]

উদ্দেশ্য

[সম্পাদনা কৰক]

বড়ো সাহিত্য সভাৰ প্ৰধান উদ্দেশ্য হ’ল: বড়ো সাহিত্য-সংস্কৃতিৰ উন্নতি আৰু প্ৰসাৰৰ বাবে কাম কৰা।[1]

মুখপাত্ৰ আৰু অন্যান্য তথ্য

[সম্পাদনা কৰক]
  • বড়ো সাহিত্য সভাৰ মুখপাত্ৰখনৰ নাম ‘বড়ো’। ১৯৫৫ চনৰ পৰাই এই মুখপাত্ৰ প্ৰকাশ হৈ আছে। তাৰ আগতে ‘কছাৰী’ নামেৰে প্ৰকাশিত হৈছিল।
  • বড়ো সাহিত্য সভাৰ এটা প্ৰকাশন পৰিষদ আছে। এই প্ৰকাশন পৰিষদে বৰ্তমানলৈকে প্ৰায় ৮০খন বড়ো ভাষাৰ পাঠ্যপুথি, কবিতাপুথি, চুটি গল্প, উপন্যাস আদি প্ৰকাশ কৰিছে।[2]
  • বড়ো সাহিত্য সভাই প্ৰতিবছৰে বড়ো ভাষাৰ শ্ৰেষ্ঠ লেখকজনক ৫,০০০ টকা মূল্যৰ “সমেশ্বৰী ব্ৰহ্ম শ্ৰেষ্ঠ সাহিত্য বঁটা” আগবঢ়ায়। তদুপৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত বড়ো ভাষাত সাৰ্বাধিক নম্বৰ পোৱা পৰীক্ষাৰ্থী গৰাকীক ১০০০ টকাৰ এক পুৰস্কাৰ প্ৰদান কৰে।[1]

সাম্প্ৰতিক কালত বড়ো সাহিত্য সভাৰ অৱস্থা

[সম্পাদনা কৰক]

১৯৯৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত বড়ো ভাষা আৰু সাহিত্যৰ বাবে এটা স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰা হয়। ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ the aegis of the commission for Scientific and Technical terminology-ৰ অধীনত বড়ো সাহিত্য সভাই চল্লিশ হাজাৰৰো তাতোধিক বৈজ্ঞানিক আৰু কাৰিকৰী বিষয়ৰ শব্দসমূহ প্ৰকাশ কৰি উলিয়াইছে। ইয়াৰ উপৰিও বড়ো ভাষাক “ভাষা সন্মান” স্বীকৃতি দিবলৈ সাহিত্য অকাডেমি সন্মত হৈছে। ভাৰতৰ সংবিধানৰ অষ্টাদশ অধ্যায়ত বড়ো ভাষা আৰু সাহিত্যৰ প্ৰয়োজনীয়তাৰ বিষয়ে ভাৰত চৰকাৰে স্বীকৃতি দিছে।[2]

সভাপতিসকল

[সম্পাদনা কৰক]

বড়ো সাহিত্য সভাৰ সভাপতি সকলৰ নাম হৈছে:[3]

সভাপতিকাৰ্য্যকাল
জয়ভদ্ৰ হাগ্‌জেৰ ১৯৫২-১৯৬৬
সতীশ চন্দ্ৰ বসুমতাৰী ১৯৬৬-১৯৬৮
গৌৰীকান্ত ব্ৰহ্ম ১৯৬৮-১৯৭৪
ৰামদাস বসুমতাৰী ১৯৭৪-১৯৭৭
লক্ষেশ্বৰ ব্ৰহ্ম ১৯৭৭-১৯৮০
ৰামদাস বসুমতাৰী ১৯৮০-১৯৮৩
জগেন্দ্ৰ কুমাৰ বসুমতাৰী ১৯৮৩-১৯৯০
কমল কুমাৰ ব্ৰহ্ম ১৯৯০-১৯৯৩
মণিৰাম মছাৰি ১৯৯৩-১৯৯৬
বিনেশ্বৰ ব্ৰহ্ম ১৯৯৬-২০০০ (আগষ্ট)
দলেশ্বৰ বড়ো ২০০০-২০০২ (আগষ্ট)
ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্ম ২০০২-২০০৮
ড॰ কামেশ্বৰ ব্ৰহ্ম ২০০৮-২০১৬
তাৰেন বড়ো ২০১৬- বৰ্তমানলৈকে

সম্পাদকসকল

[সম্পাদনা কৰক]

বড়ো সাহিত্য সভাৰ সম্পাদক সকলৰ নাম হৈছে:[4]

সম্পাদককাৰ্য্যকাল
সোণাৰাম থাওছেন ১৯৫২-১৯৫৫
গৌৰীকান্ত ব্ৰহ্ম ১৯৫৬-৬৮
তৰুণ কুমাৰ বসুমতাৰী ১৯৬৮-৭১
বিহুৰাম বড়ো ১৯৭১-৭৪
বাণেশ্বৰ বসুমতাৰী ১৯৭৪-৭৭
বিহুৰাম বড়ো ১৯৭৭-৯০
বিনেশ্বৰ ব্ৰহ্ম ১৯৯০-৯৩
গোপীনাথ বৰগয়াৰী ১৯৯৩-২০০২
ৰাজেন খাকলাৰি ২০০২-২০০৮
গোবিন্দ বসুমতাৰী ২০০৫-২০০৮
কমলা কান্ত মুছাহাৰী ২০০৮- ২০১৬
প্ৰশান্ত বড়ো ২০১৬- বৰ্তমান

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 3 4 শান্তনু কৌশিক বৰুৱা, প্ৰীতিমা কৌশিক বৰুৱা (ডিচেম্বৰ, ২০০৩). নতুন জানানে (পৰিবৰ্ধিত অষ্টম সংস্কৰণ). ইলা শৰ্মা, জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৯৯. ISBN 81-86827-11-0.
  2. 1 2 3 4 5 6 "About Bodo Sahitya Sabha". Bodo Sahitya Sabha. Archived from the original on August 11, 2013. https://web.archive.org/web/20130811003803/http://bodosahityasabha.org/home.html আহৰণ কৰা হৈছে: December 14, 2012.
  3. "President List". বড়ো সাহিত্য সভা. Archived from the original on 2022-04-13. https://web.archive.org/web/20220413150452/http://www.bodosahityasabha.org/president_list.html আহৰণ কৰা হৈছে: ৪ মে',২০২২.
  4. "General Secretaries List". বড়ো সাহিত্য সভা. Archived from the original on March 14, 2016. https://web.archive.org/web/20160314100847/http://bodosahityasabha.org/general_secretaries.html আহৰণ কৰা হৈছে: December 14, 2012.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]