কোকৰাঝাৰ
কোকৰাঝাৰ | |
— নগৰ — | |
স্থানাঙ্ক | 26°24′N 90°16′E / 26.4°N 90.27°E |
দেশ | ![]() |
ৰাজ্য | অসম |
পৌৰপতি | |
জনসংখ্যা | 31,152 (2001[update]) |
লিঙ্গ অনুপাত | 52:50 ♂/♀ |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
মাটিকালি • উচ্চতা |
• 38 m (125 ft) |
ৱেবছাইট | kokrajhar.gov.in |
কোকৰাঝাৰ (ইংৰাজী: Kokrajhar; হিন্দী: कोकराझाड़) অসমৰ কোকৰাঝাৰ জিলাৰ এখন গুৰুত্বপূৰ্ণ নগৰ আৰু জিলা। কোকৰাঝাৰৰ বড়োফা নগৰত "বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ"ৰ মুখ্য কাৰ্যালয় অৱস্থিত। কোকৰাঝাৰ কোকৰাঝাৰ (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত।
বুৎপত্তি
[সম্পাদনা কৰক]কোকৰাঝাৰ দুটা শব্দৰে গঠিত: কোক আৰু ৰাঝাৰ৷ কোক মানে কোচ, ৰাঝাৰ মানে ৰজা; কোকৰাঝাৰ মানে কোচ-ৰজা।
ইতিহাস
[সম্পাদনা কৰক]
১৭ শতিকাৰ আৰম্ভণিৰ পৰা বৰ্তমানৰ কোকৰাঝাৰ জিলা ভূটানৰ নিয়ন্ত্ৰণত আছিল,[1] ১৮৬৫ চনত দুৱাৰ যুদ্ধলৈকে ব্ৰিটিছে ভূটানৰ প্ৰভাৱ আঁতৰাই পিছলৈ ১৯৪৯ চনত এই অঞ্চলসমূহ ভাৰতীয় সংঘৰ অবিভক্ত গোৱালপাৰা জিলাত একত্ৰিত কৰে।
ভূগোল
[সম্পাদনা কৰক]কোকৰাঝাৰ ২৬.৪° উত্তৰ ৯০.২৭° পূবত অৱস্থিত।[2] ইয়াৰ গড় উচ্চতা ৩৮ মিটাৰ (১২৪ ফুট)।
জলবায়ু
[সম্পাদনা কৰক]Kokrajharৰ জলবায়ুৰ তথ্য | |||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|
মাহ | জানু. | ফেব্ৰু. | মাৰ্চ | এপ্ৰি. | মে | জুন | জুলা. | আগ. | চেপ্টে. | অক্টো. | নৱে. | ডিচে. | বছৰ |
সৰ্বাধিক উষ্ণতা °C (°F) | 30 (86) |
33 (91) |
38 (100) |
40 (104) |
38 (100) |
40 (104) |
37 (99) |
37 (99) |
37 (99) |
35 (95) |
32 (90) |
28 (82) |
40 (104) |
গড় উষ্ণতা - উচ্চ °C (°F) | 23 | 25 | 30 | 31 (88) |
31 (88) |
31 (88) |
32 (90) |
32 (90) |
31 (88) |
30 (86) |
27 (81) |
24 (75) |
29 (84) |
গড় উষ্ণতা - নিম্ন °C (°F) | 10 (50) |
12 (54) |
15 (59) |
20 (68) |
22 (72) |
25 (77) |
25 (77) |
25 (77) |
24 (75) |
21 (70) |
16 (61) |
11 (52) |
19 (66) |
সৰ্বনিম্ন উষ্ণতা °C (°F) | −2 (28) |
−3 (27) |
4 (39) |
11 (52) |
16 (61) |
18 (64) |
20 (68) |
21 (70) |
20 (68) |
9 (48) |
0 (32) |
−1 (30) |
−3 (27) |
বৰ্ষাপাতৰ পৰিমাণ মি.মি (ইঞ্চি) | 11.4 (0.449) |
12.8 (0.504) |
57.7 (2.272) |
142.3 (5.602) |
248.0 (9.764) |
350.1 (13.783) |
353.6 (13.921) |
269.9 (10.626) |
166.2 (6.543) |
79.2 (3.118) |
19.4 (0.764) |
5.1 (0.201) |
1,717.7 (67.626) |
উৎস: wunderground.com[3] |
জনগাঁথনি
[সম্পাদনা কৰক]২০০১ চনৰ ভাৰতীয় লোকপিয়ল অনুসৰি[5] কোকৰাঝাৰৰ জনসংখ্যা আছিল ৩১,১৫২ জন। জনসংখ্যাৰ ৫২% পুৰুষ আৰু ৪৮% মহিলা। কোকৰাঝাৰত গড় সাক্ষৰতাৰ হাৰ ৭৯%, যিটো ৰাষ্ট্ৰীয় গড় ৭১%তকৈ বেছি: পুৰুষৰ সাক্ষৰতা ৮৪%, আৰু মহিলাৰ সাক্ষৰতা ৭৪%। কোকৰাঝাৰত ১০% জনসংখ্যা ৬ বছৰৰ তলৰ। জিলাখনৰ ৩টা মহকুমা হ'ল: কোকৰাঝাৰ, গোসাঁইগাঁও আৰু পৰবোতঝোৰা৷
ভাষিক জনগাঁথনি
[সম্পাদনা কৰক]কোকৰাঝাৰ চহৰৰ মুঠ জনসংখ্যাৰ ১৮,১৩০ জন বাংলা ভাষী, তাৰ পিছতে বডো ভাষী ৮,৫৪৯ জন, অসমীয়া ২,৭৫২ জন আৰু হিন্দী ভাষী ৪০২৪ জন।
জনগোষ্ঠী হিচাপে কোকৰাঝাৰ জিলাত বড়ো, কোচ ৰাজবংশী,নাথ যোগী, ৰাভা, আদিবাসী,গোৰ্খা, ঝাৰুৱা (মুছলমান কোচ),দেশী জনগোষ্ঠী,জলহা, বেঙ্গলী,পূৰ্ববঙ্গীয় মুছলমান ইত্যাদি আছে।
পৰিবহন
[সম্পাদনা কৰক]কোকৰাঝাৰ চহৰৰ পৰা ৬৬ কিলোমিটাৰ (৪১ মাইল) পশ্চিমে ৰূপচি বিমানবন্দৰ অৱস্থিত।
কোকৰাঝাৰত চৰকাৰী মালিকানাধীন অসম ৰাজ্যিক পৰিবহণ নিগম, বড়োলেণ্ড পৰিবহণ সেৱা আৰু বহুতো ব্যক্তিগত বাছ পৰিচালকৰ সেৱা আগবঢ়ায়।
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অন্তৰ্গত বৰাউনী–গুৱাহাটী লাইনৰ নতুন জলপাইগুৰি–নতুন বঙাইগাঁও অংশত অৱস্থিত কোকৰাঝাৰ ৰে'লৱে ষ্টেচনটো দেশৰ গুৰুত্বপূৰ্ণ চহৰ যেনে গুৱাহাটী, কলকাতা, নতুন দিল্লী, মুম্বাই, চেন্নাই আদিলৈ সেৱা আগবঢ়াইছে।
কোকৰাঝাৰ ৰে'লৱে ষ্টেচনত ৰাজধানী এক্সপ্ৰেছ, কামৰূপ এক্সপ্ৰেছ, ব্ৰহ্মপুত্ৰ মেইল, নৰ্থ ইষ্ট এক্সপ্ৰেছ, বিবেক এক্সপ্ৰেছ,গৰীব ৰথ এক্সপ্ৰেছ, অৱধ আসাম এক্সপ্ৰেছ আদি গুৰুত্বপূৰ্ণ ৰে'ল সমূহৰ ষ্টপেজ আছে।
শিক্ষা
[সম্পাদনা কৰক]চহৰখনত বহুকেইখন বিদ্যালয় আৰু মহাবিদ্যালয় আছে, আৰু ইংৰাজী হৈছে উচ্চ শিক্ষাৰ একমাত্ৰ মাধ্যম। ২০১৭ চনৰ পৰা বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ অন্তৰ্গত সকলো মহাবিদ্যালয় কোকৰাঝাৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ স্বীকৃতিপ্ৰাপ্ত। কোকৰাঝাৰৰ প্ৰধান শিক্ষানুষ্ঠান সমূহ হৈছে-
বিদ্যালয়
[সম্পাদনা কৰক]- কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়
- কোকৰাঝাৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়
- ডন বস্ক' বিদ্যালয়, কোকৰাঝাৰ
- জৱাহৰ নৱোদয় বিদ্যালয়, কোকৰাঝাৰ
- ৰাষ্ট্ৰ ভাষা বিদ্যাপীঠ হিন্দী হাইস্কুল
- ৰাষ্ট্ৰসংঘৰ একাডেমী, কোকৰাঝাৰ
- ডি এন হিমচিংকা হাইস্কুল
মহাবিদ্যালয়
[সম্পাদনা কৰক]- কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়
- কোকৰাঝাৰ বাণিজ্য মহাবিদ্যালয়
- বালিকা মহাবিদ্যালয়, কোকৰাঝাৰ
- বিজ্ঞান মহাবিদ্যালয়, কোকৰাঝাৰ
- কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়
- বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়
- কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, কোকৰাঝাৰ
বিশ্ববিদ্যালয়
[সম্পাদনা কৰক]- বড়োলেণ্ড বিশ্ববিদ্যালয়, কোকৰাঝাৰ
ৰাজনীতি
[সম্পাদনা কৰক]কোকৰাঝাৰ তিনিটা বিধানসভা সমষ্টিৰে গঠিত: কোকৰাঝাৰ পূব, কোকৰাঝাৰ পশ্চিম আৰু গোসাইগাঁও, যিবোৰ সকলো কোকৰাঝাৰ (লোকসভা সমষ্টি) ৰ অংশ।[6]
ইউনাইটেড পিপলছ পাৰ্টি, লিবাৰেলৰ পৰা জয়ন্ত বসুমতাৰী বৰ্তমান কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা লোকসভাৰ সদস্য৷
উল্লেখযোগ্য ব্যক্তি
[সম্পাদনা কৰক]- হলিচৰণ নাৰ্জাৰী, ৰাষ্ট্ৰীয় ফুটবলাৰ
- হাগ্ৰামা মহিলাৰী, বিটিচিৰ প্ৰাক্তন মুৰব্বী তথা বডোলেণ্ড পিপলছ ফ্ৰণ্টৰ অধ্যক্ষ
- দুৰ্গা বড়ো, ফুটবলাৰ
- বিনেশ্বৰ ব্ৰহ্ম, ৰাজনীতিবিদ, কবি, শিক্ষক
- অপূৰ্ণা নাৰ্জাৰী, ৰাষ্ট্ৰীয় ফুটবলাৰ
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
|
- ↑ "While Bhutan generally enjoyed absolute possession of the eleven Bengal duars, its control over the seven Assam duars was not straightforward. Even during the Ahom rule, the Bhutanese did not gain full possession of the duar tracts. As a result, they are said to have harassed the population along the Assam frontiers with persistent incursions and raids."(Phuntsho 2013:394)
- ↑ Falling Rain Genomics, Inc - Kokrajhar
- ↑ "Historical Weather for Delhi, India". Weather Underground. Archived from the original on 6 January 2019. https://web.archive.org/web/20190106223201/https://www.wunderground.com/NORMS/DisplayIntlNORMS.asp?CityCode=42182&Units=both%20। আহৰণ কৰা হৈছে: 27 November 2008.
- ↑ "C-1 Population By Religious Community". censusindia.gov.in. https://censusindia.gov.in/2011census/C-01/DDW18C-01%20MDDS.XLS। আহৰণ কৰা হৈছে: 26 January 2021.
- ↑ "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01.
- ↑ "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-05.