সমললৈ যাওক

কামৰূপ মহানগৰ জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কামৰূপ মহানগৰ জিলা
অসমত কামৰূপ মহানগৰৰ অৱস্থান
অসমত কামৰূপ মহানগৰৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য অসম
প্ৰশাসনিক বিভাগ নামনি অসম
সদৰ গুৱাহাটী
মহকুমা কামৰূপ মহানগৰ সদৰ
চৰকাৰ
  লোকসভা সমষ্টি গুৱাহাটী
  বিধানসভা সমষ্টি জালুকবাৰী (৫১), দিশপুৰ (৫২), পূব গুৱাহাটী (৫৩), পশ্চিম গুৱাহাটী (৫৪)
কালি
  মুঠ
৯৫৫ বৰ্গকিমি (৩৬৯ বৰ্গমাইল)
জনসংখ্যা
 (2011)[1]
  মুঠ
১২,৫৩,৯৩৮
  ঘনত্ব ১,৩০০/বৰ্গকিমি (৩,৪০০/বৰ্গমাইল)

কামৰূপ মহানগৰ জিলা অসমৰ ৩৩খন জিলাৰ ভিতৰত এখন।

কামৰূপ মহানগৰ জিলাখন ২০০৩ চনৰ ৩ ফেব্ৰুৱাৰীত পুৰণি কামৰূপ জিলাখনক দুভাগত বিভক্ত কৰি গঠন কৰা হয়।[2]

কামৰূপ মহানগৰ জিলাৰ প্ৰশাসনিক কেন্দ্ৰ গুৱাহাটী মহানগৰত অৱস্থিত।[3] জিলাখনে মুঠ ৯৫৫ বৰ্গ কিলোমিটাৰ ঠাই আৱৰি আছে।

জনগাঁথনি

[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি কামৰূপ মহানগৰ জিলাৰ জনসংখ্যা ১২,৫৩,৯৩৮ জন।[1] এই সংখ্যা ইষ্ট'নিয়া দেশৰ জনসংখ্যাৰ লগত[4] বা আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ হেম্পশ্বায়াৰ ৰাজ্যৰ লগত মিলে।[5] জনসংখ্যাৰ দিশৰপৰা ভাৰতৰ মুঠ ৬৪০খন জিলাৰ ভিতৰত ইয়াৰ স্থান ৩৮৪তম।[1] জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ১,৩১৩ জন।[1] ২০০১-২০১১ চনৰ কলছোৱাত ইয়াৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১৮.৩৪%।[1] কামৰূপ মহানগৰ জিলাত প্ৰতি ১০০০ জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৩৬ গৰাকী[1] আৰু সাক্ষৰতাৰ হাৰ ৮৮.৭১%।[1]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 6 7 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/census/district/156-kamrup-metropolitan.html আহৰণ কৰা হৈছে: 29 December 2018.
  2. Law, Gwillim (2011-09-25). "Districts of India". Statoids. http://www.statoids.com/yin.html আহৰণ কৰা হৈছে: 2011-10-11.
  3. "Home page". Kamrup Metropolitan district website. http://kamrupmetro.nic.in/main.asp আহৰণ কৰা হৈছে: 19 March 2010.
  4. US Directorate of Intelligence. "Country Comparison:Population". Archived from the original on 2011-09-27. https://web.archive.org/web/20110927165947/https://www.cia.gov/library/publications/the-world-factbook/rankorder/2119rank.html আহৰণ কৰা হৈছে: 2011-10-01. "Estonia1,282,963July 2011 est."
  5. "2010 Resident Population Data". U. S. Census Bureau. Archived from the original on 2010-12-27. https://archive.today/20101227010452/http://2010.census.gov/2010census/data/apportionment-pop-text.php আহৰণ কৰা হৈছে: 2011-09-30. "New Hampshire1,316,470"

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]