নগাঁও জিলা
নগাঁও জিলা | |
---|---|
— জিলা — | |
নগাঁও চহৰ.jpgনগাঁও চহৰৰ কিছু অংশ | |
অসমত নগাঁও জিলাৰ অৱস্থান | |
ভৌগোলিক স্থানাংক: 26°21′N 92°41′E / 26.35°N 92.683°Eস্থানাংক: 26°21′N 92°41′E / 26.35°N 92.683°E | |
দেশ | ভাৰত ![]() |
ৰাজ্য | অসম |
সদৰ | নগাঁও |
মাটিকালি | |
- মুঠ | ৩,৮৩১ কি.মি.২ (১,৪৭৯.২ বৰ্গ মাইল) |
জনসংখ্যা (২০০৯) | |
- মুঠ | ২৩,১৪,৬২৯ জন |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+৫.৩০) |
অঞ্চল কোড | 91-3672 |
আই এচ অ’ ৩১৬৬ কোড | IN-AS-DB |
ৱেবছাইট | nagaon.gov.in |
নগাঁও (ইংৰাজী: Nagaon) হৈছে ভাৰতৰ উত্তৰ-পূবত অৱস্থিত অসম ৰাজ্যৰ এখন জিলা৷ নগাঁৱৰ উত্তৰে ব্ৰহ্মপুত্ৰ নদী, শোণিতপুৰ জিলা, দক্ষিণে হোজাই, ডিমা হাছাও জিলা, পূবে গোলাঘাট আৰু কাৰ্বি আংলং জিলা আৰু পশ্চিমে মৰিগাঁও জিলা আৰু পশ্চিম কাৰ্বি আংলং জিলা। [1]
নগাঁও জিলা সাৰুৱা সমভূমি আৰু অৰণ্যানিৰে সমৃদ্ধ৷ জিলাখনৰ জলবায়ু সেমেকা আৰু আদ্ৰ৷ জিলাখনত ঠায়ে-ঠায়ে আৰু সীমামূৰীয়া অঞ্চলসমূহত বিল আৰু জলাহভূমি দেখিবলৈ পোৱা যায়৷ জিলাখন ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত৷ নানা তৰহৰ পশু-পক্ষী, বহুধাবিভক্ত জাতি-জনগোষ্ঠী আৰু সম্প্ৰদায়ৰ সমাৱেশে নগাঁও জিলাক বিবিধতা প্ৰদান কৰিছে৷ বৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাতা, বৰগীত, অঙ্কীয়া নাট আদিৰ স্ৰষ্টা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে পঞ্চদশ শতিকাত নগাঁৱৰে বৰদোৱাৰ অন্তৰ্গত আলিপুখুৰী নামৰ ঠাইত জন্মগ্ৰহণ কৰিছিল৷ এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত, ইউনেস্কৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত স্থানপ্ৰাপ্ত ভাৰতৰ অন্যতম ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাৰ কিছু অংশ নগাঁৱতে অন্তৰ্ভুক্ত হৈছে৷ [1]ইয়াৰোপৰি লাওখোৱা অভয়াৰণ্য, চাপানালা জলপ্ৰপাত নগাঁও জিলাৰ অন্তৰ্ভুক্ত৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি নগাঁৱৰ মুঠ জনসংখ্যা ১৮,৯২, ৫৫০৷ [2]
২০১৫ চনৰ ১৫ আগষ্টত অসম চৰকাৰে হোজাইক এখন নতুন জিলাৰ মৰ্যাদা দিয়ে৷ [3]পূৰ্বতে হোজাই নগাঁৱৰ মহকুমা আছিল৷ বৰ্তমান নগাঁৱৰ মহকুমা দুটা৷ নগাঁও আৰু কলিয়াবৰ৷
ইতিহাস[সম্পাদনা কৰক]
কছাৰীসকলৰ শাসন[সম্পাদনা কৰক]
কালিকা পুৰাণৰ মতে, অসুৰবংশীয় মহাপৰাক্ৰমী ৰজা নৰকাসুৰ কামৰূপলৈ আহে আৰু স্থানীয় কিৰাত ৰজাক পৰাভূত কৰি প্ৰাগজ্যোতিষপুৰ ৰাজ্য গঠন কৰে৷ সেইয়া খ্ৰীষ্টপূৰ্ব ৩০০০ চনমানৰ ঘটনা৷ ৰজা নৰকাসুৰৰ দিনতে নগাঁৱৰ কপিলী উপত্যকাত ত্ৰিপুৰা জাতিৰ ৰাজ্য আছিল৷ পাছত কছাৰীসকলৰ লগত যুঁজত হাৰি ত্ৰিপুৰা ৰজাই কপিলীৰ পৰা প্ৰস্থান কৰি বৰ্তমানৰ ডিমা হাছাও জিলাৰ মাইবঙত বসতি পাতেগৈ৷ তেতিয়াই কপিলী উপত্যকা কছাৰীসকলৰ অধীন হয়৷ ইয়াৰ পৰৱৰ্তী বহুবছৰৰ নগাঁৱৰ বুৰঞ্জীৰ তথ্য পাবলৈ নাই৷ [2]
বৰ্মন বংশৰ শাসনকালত[সম্পাদনা কৰক]
খ্ৰীষ্টপূৰ্ব ৩৫০ চনমানত পুষ্য বৰ্মা নামৰ বীৰ এজনে নৰকাসুৰৰ বংশৰ বুলি পৰিচয় দি কামৰূপৰ সিংহাসন অধিকাৰ কৰে৷ নগাঁও জিলাৰ উত্তৰ-পশ্চিম অঞ্চল তেতিয়া এইজন ৰজাৰ অধীনলৈ আহে৷ প্ৰায় নৱম-একাদশ শতিকাত ঠাইখণ্ডলৈ পাল বা যোগী সম্প্ৰদায়ৰ লোকসকল নগাঁৱলৈ আহে৷ [2]
ভূঞাসকলৰ আগমন, আহোমৰ শাসনকাল আৰু নগাঁৱৰ নিৰ্মাণ[সম্পাদনা কৰক]
পাল বংশৰ পাছত নগাঁৱৰ দক্ষিণ-পূব অংশত কছাৰী আৰু উত্তৰ-পশ্চিমাংশত ভূঞাসকলৰ বিস্তৃতি দেখিবলৈ পোৱা যায়৷ সপ্তদশ শতিকাৰ আগভাগত আহোমসকলে কছাৰী আৰু ভূঞাসকলক পৰাভূত কৰি নগাঁও জিলা নিজৰ অধীনলৈ আনে৷ এই যুদ্ধত স্থানীয় বাসিন্দাসকলে সমীপৱৰ্তী বিভিন্ন ঠাইলৈ গমন কৰে৷ ভালেমানদিনলৈকে ঠাইখণ্ড জনশূন্য হৈ আছিল৷ ১৬০৩ চনত প্ৰতাপ সিংহই আহোমৰ শাসনভাৰ চম্ভালে৷ তেওঁৰ দিনতেই ৰাজবিষয়া মোমাই তামূলী বৰবৰুৱাই[1] কলং আৰু কপিলী নদীৰ পাৰত নতুনকৈ গাঁও স্থাপন কৰে আৰু মানুহ থকাৰ উপযোগী কৰি তোলে৷ ইয়াত নতুনকৈ মানুহো বহুউৱা হয়৷ ১৬১১ চনত নগাঁও নিৰ্মাণৰ কাম আৰম্ভ হৈছিল আৰু ১৭২১-১৭২২ চনমানত সমাপ্ত হয়৷ নতুনকৈ পতা গাঁও বাবে ঠাইখণ্ডৰ নাম হয়গৈ-নগাঁও৷ [2]
ঊনৈশ শতিকাৰ নগাঁও[সম্পাদনা কৰক]
১৮২৬ চনলৈকে নগাঁওখন মানৰ অধীনত আছিল৷ ইয়াণ্ডাবু সন্ধিৰ কাৰ্যকৰীকণৰ পাছত নগাঁও ব্ৰিটিছৰ অধীনলৈ আহে৷ ১৮৩২ চনত নগাঁৱক পৃথক প্ৰশাসনিক গোট হিচাপে চিহ্নিত কৰা হয়৷ অৱশ্যে কলং নদীৰ পাৰত থকা বৰ্তমানৰ নগাঁও চহৰত ব্ৰিটিছসকলে খোপনি পোতালৈকে দুটামান বছৰ প্ৰয়োজন হৈছিল৷ নগাঁৱৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ক প্ৰথমাৱস্থাত খাগৰিজান বুলি জনা গৈছিল৷ ১৮৯৩ চনত চহৰখন পৌৰনগৰীৰ ৰূপ পায়৷ [1]
পূৰ্বতে খাগৰিজান আৰু পাছলৈ পুৰণিগুদামত নগাঁৱৰ মুখ্য কাৰ্যালয় স্থাপিত হৈছিল৷ অঞ্চলটোত মাজেৰে উত্তৰ-পূব দিশৰ পৰা দক্ষিণ-পশ্চিম দিশলৈকে এটা খাল আছিল৷ খালটোৰ চৌপাশ খাগৰিৰে উপচি আছিল বাবে ঠাইখণ্ডক খাগৰিজান বুলি কোৱা হৈছিল৷[4]
১৮৩৩ চনত নগাঁও জিলাৰ সদৰ ঠাই আছিল পুৰণিগুদামত৷ ১৮৩৫ চনত নগাঁও জিলাৰ সদৰ ঠাই আছিল ৰঙাগড়াত৷ আৰু ১৮৩৯ চনত বৰ্তমানৰ নগাঁও চহৰত নগাঁৱৰ সদৰ ঠাই স্থাপন কৰা হয়৷[2]
ভাষা[সম্পাদনা কৰক]
অসমীয়া হ'ল প্ৰধান ভাষা। ইয়াৰ উপৰিও হিন্দী,বাংলা,নেপালী,কাৰ্বি,বড়ো,উৰ্দু,আৰবী আদি ভাষাৰো প্ৰচলন আছে।
জন গাঁথনি[সম্পাদনা কৰক]
- ২০১১ চনৰ লোকপিয়ল অনুসৰি ২৮,২৬,০০৬ জন।
- পুৰুষ সংখ্যা ১৪,৪০,৩০৭জন আৰু মহিলাৰ সংখ্যা ১৩,৮৫,৬৯৯ গৰাকী।
- মহিলাৰ সংখ্যা প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে ৯৬২ জনী।
- স্বাক্ষৰতাৰ হাৰ ৭২.৩৭%।
- পুৰুষ শিক্ষিত ৭৬.৫১% আৰু মহিলাৰ শিক্ষিত হাৰ ৬৮.০৭%।
- শিশু জনসংখ্যাৰ হাৰ (০-৬ বছৰৰ ভিতৰৰ) ১৬.২৯% ।
- ল'ৰা শিশু (০-৬ বছৰৰ ভিতৰৰ) ১৬.২৭% ।
- ছোৱালী শিশু (০-৬ বছৰৰ ভিতৰৰ) ১৬.৩০%।
প্ৰশাসনিক গাঁথনি[সম্পাদনা কৰক]
মহকুমা[সম্পাদনা কৰক]
নগাঁও জিলাৰ মহকুমা দুটা হৈছে- নগাঁও আৰু কলিয়াবৰ।
বিধানসভা আৰু লোকসভাৰ সমষ্টি[সম্পাদনা কৰক]
ইয়াৰ বিধানসভা সমষ্টি সমূহ হ'ল-
আনহাতে লোকসভা সমষ্টি হ'ল-নগাঁও আৰু কলিয়াবৰ।

উন্নয়ন খণ্ড[সম্পাদনা কৰক]
নগাঁও জিলাৰ তেৰখন উন্নয়ন-খণ্ড আছে৷ সেইসমূহ হৈছে-
পৌৰসভা[সম্পাদনা কৰক]
নগাঁৱৰ পৌৰসভা কেইখন হৈছে নগাঁও পৌৰসভা, কামপুৰ পৌৰসভা, ৰহা পৌৰসভা, আৰু ধিং পৌৰসভা ৷
ৰাজহ চক্ৰ[সম্পাদনা কৰক]
নগাঁও জিলাৰ অন্তৰ্গত সাতখন ৰাজহ চক্ৰ আছে৷ সেইকেইখন হৈছে-
- নগাঁও
- ৰহা
- কামপুৰ
- ধিং
- ৰূপহী
- চামগুৰি
- কলিয়াবৰ
যাতায়ত[সম্পাদনা কৰক]
ৰাষ্ট্ৰীয় ঘাইপথ[সম্পাদনা কৰক]
ৰেল আস্থান[সম্পাদনা কৰক]
হয়বৰগাঁও, নগাঁও, চাপৰমুখ, কামপুৰ, শিলঘাট,ৰহা
উল্লেখযোগ্য ব্যক্তি[সম্পাদনা কৰক]
- শ্ৰীমন্ত শংকৰদেৱ
- লক্ষ্মীনাথ বেজবৰুৱা
- গোপীনাথ বৰদলৈ
- নৱকান্ত বৰুৱা
- দেৱকান্ত বৰুৱা
- ৰুদ্ৰ বৰুৱা
- যজ্ঞেশ্বৰ শৰ্মা
- সূৰ্যকুমাৰ ভূঞা
- বিৰিঞ্চি কুমাৰ বৰুৱা
- ভোলানাথ বৰুৱা
- ড॰ ভবেন্দ্ৰ নাথ শইকীয়া
- মহিম বৰা
- খগেন মহন্ত
- পাৰবিন চুলতানা
- ড॰লক্ষ্মীনন্দন বৰা
- প্ৰফুল্ল কুমাৰ মহন্ত
- উচমান আলী সদাগৰ
- বদৰুদ্দিন আজমল
- ৰাজেন গোঁহাই
- মুকুট শৰ্মা
- গুণীন হাজৰীকা
- দিগেন বৰা
- ৰকিবুল হুছেন
- যতীন বৰা
উল্লেখযোগ্য স্থানসমূহ[সম্পাদনা কৰক]
- বৰদোৱা: ১৪৪৯ চনত বৰদোৱা আলিপুখুৰীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হয়। মহাপুৰুষ শংকৰদেৱ অসমীয়া জাতি-সাহিত্য-সংস্কৃতিৰ নিৰ্মাতা। তেওঁ নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ-একত্ৰিত কৰিছিল।
- শিলঘাট: কামাখ্যা মন্দিৰ বা কেঁচাইখাটী গোঁসানী মন্দিৰ
- শ্ৰী শ্ৰী মাধৱ থান
- কন্দলি : বাদুলি খুৰুং এটা প্ৰবাদ মতে এসময়ত এই বাদুলি খুৰুঙত এখন নাৰী ৰাজ্য আছিল। ইয়াত গুপ্তচৰৰ পৰা আদি কৰি সৈন্যবাহিনীলৈকে সকলোতে নাৰীয়েই বিষয়বাব লৈ আছিল। পুৰুষৰ প্ৰৱেশ আছিল নিষিদ্ধ।
- হাটবৰ : ভঁড়ালী নামঘৰ
- কলিয়াভোমোৰা : কলিয়াভোমোৰা সেতু
- চাপানলা : চম্পাৱতী কুণ্ড
- নভঙ্গা : চামুণ্ডা মন্দিৰ
শিক্ষানুষ্ঠান[সম্পাদনা কৰক]
বিশ্ববিদ্যালয়[সম্পাদনা কৰক]
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়
মহাবিদ্যালয়[সম্পাদনা কৰক]
- নগাঁও মহাবিদ্যালয়
- নগাঁও আইন মহাবিদ্যালয়
- নগাঁও ছোৱালী মহাবিদ্যালয়
- নগাঁও শিক্ষণ মহাবিদ্যালয়
- আনন্দৰাম ঢেকীয়াল ফুকন মহাবিদ্যালয়
- জুৰীয়া মহাবিদ্যালয়
- ননৈ মহাবিদ্যালয়
- গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালয়
- মীন মহাবিদ্যালয়
- হোমিওপেথিক মহাবিদ্যালয়
- ধিং মহাবিদ্যালয়
- ৰূপহী মহাবিদ্যালয়
- কলিয়াবৰ মহাবিদ্যালয়
- ড॰বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়
- খাগৰিজান মহাবিদ্যালয়
- কামপুৰ মহাবিদ্যালয়
- ৰহা মহাবিদ্যালয়
কনিষ্ঠ মহাবিদ্যালয়[সম্পাদনা কৰক]
- ৰেনেঁছা কনিষ্ঠ মহাবিদ্যালয়
- শঙ্কৰদেৱ কনিষ্ঠ মহাবিদ্যালয়
- মাধৱদেৱ কনিষ্ঠ মহাবিদ্যালয়
- আল্ফা বিটা কনিষ্ঠ মহাবিদ্যালয়
- কলংপাৰ বিদ্যাপীঠ কনিষ্ঠ মহাবিদ্যালয়
- মেট্ৰিক্স কনিষ্ঠ মহাবিদ্যালয়
- ৰামাণুজন কনিষ্ঠ মহাবিদ্যালয়
- কনচেপ্ট কনিষ্ঠ মহাবিদ্যালয়
- কনিষ্ঠ বিজ্ঞান মহাবিদ্যালয়
- চি ভি ৰমন কনিষ্ঠ মহাবিদ্যালয়
- এন এ চি কনিষ্ঠ মহাবিদ্যালয়
- জুৰীয়া কনিষ্ঠ মহাবিদ্যালয়
- মডাৰ্ণ কনিষ্ঠ মহাবিদ্যালয়
ছবি-ভঁৰাল[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ 1.0 1.1 1.2 1.3 "History of Nagaon". GOVERNMENT OF ASSAM NAGAON. https://nagaon.gov.in/information-services/detail/history-of-nagaon। আহৰণ কৰা হৈছে: 1 June 2021.
- ↑ 2.0 2.1 2.2 2.3 2.4 বৰুৱা, শান্তনু কৌশিক (২০২০). নগাঁও জিলা. প্ৰকাশক গুৱাহাটী: জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৭৮০-৭৮২. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮.
- ↑ বৰুৱা, শান্তনু কৌশিক (২০২০). হোজাই জিলা. প্ৰকাশক গুৱাহাটী: জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৮০২. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮.
- ↑ "About Nagaon". Nagaon Municipal Board, Nagaon, Govt of Assam. http://nagaonmunix.in/AboutNagaon। আহৰণ কৰা হৈছে: 1 June 2021.
- ↑ https://nagaon.gov.in/portlets/district-profile
|
![]() |
ব্ৰহ্মপুত্ৰ শোণিতপুৰ জিলা |
![]() | ||
মৰিগাঁও জিলা পশ্চিম কাৰ্বি আংলং জিলা |
![]() |
গোলাঘাট কাৰ্বি আংলং | ||
![]() ![]() | ||||
![]() | ||||
হোজাই, ডিমা হাছাও জিলা |