উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদ
Jump to navigation
Jump to search
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদ | |
---|---|
ধৰন | |
ধৰন | স্বায়ত্বশাসিত জিলা পৰিষদ |
নেতা | |
অধ্যক্ষ | ৰাণু লাংথাছা, ভাৰতীয় জনতা পাৰ্টি |
মুখ্য কাৰ্যবাহী সদস্য | দেৱলাল গৰলছা, ভাৰতীয় জনতা পাৰ্টি |
গঠন | |
সদস্য | ৩০ গৰাকী সদস্য (দুগৰাকী মনোনীত) |
ৰাজনৈতিক দলসমূহ | চৰকাৰ (২৬)
বিৰোধী |
নিৰ্বাচন পদ্ধতি | ২৮ প্লুৰেলিটি ভোটিং ২ মনোনীত |
সভাৰ স্থান | |
হাফলং | |
ৱেবছাইট | |
dimahasao |
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদ বা ডিমা হাছাও স্বায়ত্বশাসিত পৰিষদ অসমৰ এখন স্বায়ত্বশাসিত জিলা পৰিষদ।[1] সংবিধানৰ ষষ্ঠ অনুসূচী অনুসৰি ডিমা হাছাও জিলাৰ স্থানীয় প্ৰশাসন আৰু এই জিলাৰ পাৰ্বত্য জনজাতি সকলৰ উন্নয়নৰ বাবে এই পৰিষদ গঠন কৰা হৈছে। ইয়াৰ মুখ্য কাৰ্যালয় হাফলঙত অৱস্থিত। পৰিষদৰ মুঠ সদস্যৰ সংখ্যা ৩০ গৰাকী। ইয়াৰে ২৮ গৰাকী সদস্যৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়। বাকী দুগৰাকী সদস্য অসম চৰকাৰে মনোনীত কৰে।[2]
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ এগৰাকী অধ্যক্ষ আৰু এগৰাকী মুখ্য কাৰ্যবাহী সদস্য থাকে। ইয়াৰ লগতে ১০ গৰাকী কাৰ্যবাহী সদস্য থাকে। বৰ্তমান পৰিষদৰ অধ্যক্ষ ৰাণু লাংথাছা আৰু মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গৰলছা।[3]
সমষ্টিসমূহ[সম্পাদনা কৰক]
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্গত সমষ্টি সমূহ হ'ল:
- হাফলং
- জাটিংগা
- বৰাইল
- মহুৰ
- জিনাম
- হাংৰুম
- লাইচং
- দাউত'হাজা
- মাইবং পূব
- মাইবং পশ্চিম
- কালাচান্দ
- ৱাজাও
- হাজাদিছা
- লাংটিং
- হাতিখালী
- দিয়ুংমুখ
- গৰম পানী
- খাৰথং
- দেহাঙি
- গুনজং
- হাডিংমা
- দিহামলই
- হাৰংগজাও
- হামৰি
- নামনি খাৰথং
- ডলং
- ডিগেৰ
- ছেমখোৰ
তথ্য উৎস[সম্পাদনা কৰক]
- ↑ "North Cachar Hills district, Dima Hasao, Informations about dima hasao, tourist places, hospitals in dima hasao". http://www.assaminfo.com/districts/22/north-cachar-hills.htm। আহৰণ কৰা হৈছে: February 19, 2020.
- ↑ "161 candidates in fray for the NCHAC polls". April 26, 2013. https://economictimes.indiatimes.com/news/politics-and-nation/161-candidates-in-fray-for-the-NCHAC-polls/articleshow/19744771.cms। আহৰণ কৰা হৈছে: February 19, 2020.
- ↑ Singh, Bikash (October 11, 2019). "Inquiry ordered into Kopili hydro power project pipeline rapture". https://economictimes.indiatimes.com/news/politics-and-nation/inquiry-ordered-into-kopili-hydro-power-project-pipeline-rapture/articleshow/71545345.cms। আহৰণ কৰা হৈছে: February 19, 2020.