সমললৈ যাওক

উত্তৰ লখিমপুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উত্তৰ লখিমপুৰ
  নগৰ/মহকুমা  
উত্তৰ লখিমপুৰ
উত্তৰ লখিমপুৰৰ অৱস্থান
অসম আৰু ভাৰত
স্থানাঙ্ক 27°08′N 94°42′E / 27.13°N 94.7°E / 27.13; 94.7
দেশ  ভাৰত
ৰাজ্য অসম
জিলা লখিমপুৰ
জনসংখ্যা

ঘনত্ব

10,40,644 (2011)

69,376 /কিমি (১,৭৯,৬৮৩ /বৰ্গ মাইল)

সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
মাটিকালি

উচ্চতা

>15 km2 (6 sq mi)

101 m (331 ft)

ক'ড

উত্তৰ লখিমপুৰ (ইংৰাজী: North Lakhimpur) হৈছে অসমৰ পূব প্ৰান্তত অৱস্থিত লখিমপুৰ জিলাৰ সদৰ ঠাই। ঠাইখন অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা প্ৰায় ৩৯৪ কি.মি. দূৰত্বত অৱস্থিত। লখিমপুৰ জিলাৰ সদৰ ঠাই এই চহৰখনৰ নামেৰেই জিলাখনৰ এটা মহকুমাৰ নাম দিয়া হৈছে।

ভৌগোলিক অৱস্থান

[সম্পাদনা কৰক]

ভৌগোলিকভাৱে উত্তৰ লখিমপুৰ ২৭° ১৩' ৬০ উ আৰু ৯৪° ৭' ০ পূ ত অৱস্থিত।[3]

মহাবিদ্যালয়

[সম্পাদনা কৰক]

বিদ্যালয়সমূহ

[সম্পাদনা কৰক]

জনসংখ্যা

[সম্পাদনা কৰক]

২০০১ চনৰ ভাৰতীয় লোকপিয়ল অনুসৰি,[4] উত্তৰ লখিমপুৰৰ মুঠ জনসংখ্যা আছিল ৫৪,২৬২ জন। জনসংখ্যাৰ আধাৰত ইয়াক দ্বিতীয় শ্ৰেণীৰ চহৰ হিচাপে শ্ৰেণীবদ্ধ কৰা হৈছে (৫০,০০০ৰ পৰা ৯৯,৯৯৯ জন)। ২০১১ চনৰ লোকপিয়ল অনুসৰি, ইয়াৰ জনসংখ্যা ১,০৫,৩৭৬ জন[উদ্ধৃতিৰ প্ৰয়োজন]

ইয়াত পুৰুষৰ সংখ্যা আছিল ৫৩% আৰু মহিলাৰ সংখ্যা ৪৭%। উত্তৰ লখিমপুৰৰ গড় সাক্ষৰতা হাৰ ৮৯% — যি ৰাষ্ট্ৰীয় গড় ৬৫%তকৈ অধিক; পুৰুষ সাক্ষৰতা হাৰ ৯০% আৰু মহিলা সাক্ষৰতা হাৰ ৮৭%। ইয়াত ৬ বছৰৰ তলৰ শিশুজনসংখ্যা ১৩%।


উত্তৰ লখিমপুৰত কোৱা ভাষাসমূহ (২০১১)[5]

  অসমীয়া (৬৮.৫০%)
  বাংলা (১৬.৬২%)
  হিন্দী (১০.৬৭%)
  মিচিং (২.০০%)
  অন্যান্য (১.৭২%)

সৰ্বাধিক কোৱা ভাষা হৈছে অসমীয়া (৪০,৯৭২ জন), তাৰ পাছতে বাংলা (৯,৯৪২ জন), হিন্দী (৬,৩৮৩ জন) আৰু মিচিং (১,১৯৫ জন)।

প্ৰশাসন

[সম্পাদনা কৰক]

লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ২০২১ চনৰ পৰা শ্ৰী মানৱ ডেকা।[6][7]

উত্তৰ লখিমপুৰক অৰুণাচলৰ দুৱাৰ বুলি কোৱা হয়। ই বায়ু, ৰাজপথ আৰু ৰেলপথেৰে সু-সংযোগিত।

উত্তৰ লখিমপুৰ ৰাজপথেৰে ভালদৰে সংযোগিত। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ১৫ চহৰখনৰ জৰিয়তে গৈছে। অসম ৰাজ্যিক পৰিবহণ নিগমৰ লগতে ব্যক্তিগত বাহনৰ দ্বাৰা গুৱাহাটী আৰু অন্য দূৰৱৰ্তী স্থানলৈ এচি আৰু নন-এচি বাছ উপলব্ধ।

উত্তৰ লখিমপুৰ ৰে'ল ষ্টেচন নকাৰীত অৱস্থিত। ই ৰঙিয়া–মুৰ্কঙচেলেক শাখা আৰু ৰঙিয়া ৰে'ল বিভাগৰ অন্তৰ্গত। ইণ্টাৰচিটি এক্সপ্ৰেছ (মুৰ্কঙচেলেক–কমাখ্যা) ৰঙিয়া, ৰঙাপাৰা, বিশ্বনাথ চাৰিআলি আদিৰে গুৱাহাটীৰ সৈতে সংযোগ কৰে। আন এটা ইণ্টাৰচিটি এক্সপ্ৰেছ (নাহাৰলগুন–গুৱাহাটী) হৰমুটিৰ পৰা গুৱাহাটীলৈ চলাচল কৰে। হৰমুটি ৰে'লৱে ষ্টেচন উত্তৰ লখিমপুৰৰ পৰা প্ৰায় ৩০ কিমি দূৰত অৱস্থিত।

বায়ুপথ

[সম্পাদনা কৰক]

লীলাবাৰী বিমানবন্দৰ চহৰৰ পৰা প্ৰায় ৮ কিলোমিটাৰ (৫.০ মাইল) দূৰত অৱস্থিত। ইয়াৰ পৰা কলকাতা আৰু গুৱাহাটীলৈ এলাইয়েন্স এয়াৰৰ বিমান সপ্তাহৰ ৪ দিন পৰ্যন্ত চলাচল কৰে।

উত্তৰ লখিমপুৰৰ পৰা ব্ৰহ্মপুত্ৰ নদ পাৰ হৈ ডিব্ৰুগড়, শিৱসাগৰ আৰু যোৰহাট (মাজুলীৰ জৰিয়তে) জলপথেৰে ভ্ৰমণ কৰিব পাৰি। বগীবিল দলংৰ বাবে ডিব্ৰুগড়লৈ সৰল আৰু দ্ৰুত যাতায়াতৰ সুবিধা হৈছে।

মিডিয়া

[সম্পাদনা কৰক]

লখিমপুৰত আকাশবাণী লখিমপুৰ নামেৰে আকাশবাণীৰ এটা সম্প্ৰচাৰ কেন্দ্ৰ আছে। এই কেন্দ্ৰৰ পৰা এফ.এম. বেণ্ডত অনুষ্ঠান প্ৰচাৰ কৰা হয়।

মুদ্ৰিত সংবাদ মাধ্যম

[সম্পাদনা কৰক]

উত্তৰ লখিমপুৰৰ পৰা প্ৰকাশিত অসমীয়া ভাষাৰ কিতাপৰ ভিতৰত আছে অসমীয়া প্ৰতিদিন আৰু আমাৰ অসম

প্ৰসিদ্ধ ব্যক্তি

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. India Post. "Pincode search - North Lakhimpur" (en ভাষাত). Archived from the original on 2011-07-16. https://web.archive.org/web/20110716093124/http://www.indiapost.gov.in/pin/Pinsearch.aspx?Pin_On=North%20Lakhimpur আহৰণ কৰা হৈছে: 28-07-2008.
  2. Bharat Sanchar Nigam Ltd. "STD Codes for cities in Assam" (en ভাষাত). http://www.bsnl.co.in/searchcode.php?state=Assam&pgno=1 আহৰণ কৰা হৈছে: 28-07-2008.
  3. Falling Rain Genomics, Inc. "North Lakhimpur, India Page". Archived from the original on 2008-02-05. https://web.archive.org/web/20080205075035/http://www.fallingrain.com/world/IN/3/North_Lakhimpur.html আহৰণ কৰা হৈছে: 11-07-2008.
  4. "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. http://www.censusindia.net/results/town.php?stad=A&state5=999 আহৰণ কৰা হৈছে: 1 November 2008.
  5. "Population By Mother Tongue" (XLSX). https://censusindia.gov.in/2011census/C-16T/DDW-C16-TOWN-STMT-MDDS-1800.XLSX.
  6. "Lakhimpur LAC unit of Asom Chatra Parishad constituted at Gana Bhavan - Sentinelassam" (en ভাষাত). www.sentinelassam.com. 20 August 2020. https://www.sentinelassam.com/north-east-india-news/assam-news/lakhimpur-lac-unit-of-asom-chatra-parishad-constituted-at-gana-bhavan-496233.
  7. "Lakhimpur Assembly Election 2016 Latest News & Results" (en-EN ভাষাত). India.com. https://www.india.com/assembly-election-2016/assam/lakhimpur/.