বাৰ ভূঞা
বাৰ ভূঞা (বঙালী: বারো ভুঁইয়া) মধ্যযুগীয় অসম আৰু বংগৰ এচাম শাসনকৰ্তা আৰু জমিদাৰ আছিল। ভূঞাৰ অৰ্থ ভূঁই বা ভূমিৰ অধিকাৰী। তেওঁলোকে আনৰ পৰা প্ৰায় স্বাধীনতা বজাই ৰাখি নিজ মাজতে গোট কৰিছিল। এই ভূপতিসকল কোনো বিশেষ জনগোষ্ঠী, ধৰ্ম বা জাতিৰ নাছিল।[1]
বাহিৰা শক্তিয়ে আক্ৰমণ কৰিলে তেওঁলোকে সাধাৰণতে একেলগে তাৰ বিৰুদ্ধে যুঁজ কৰিছিল। শান্তিৰ সময়ত সকলোৱে নিজা নিজা সাৰ্বভৌমত্ব বজাই ৰাখিছিল। তাৰ মাজতে শক্তিশালী ৰজাৰ আৱিৰ্ভৱ হ'লে তেওঁলোকে আনুগত্য প্ৰকাশ কৰিছিল।[2] তেওঁলোকে চকলা নামৰ গাঁৱৰ সমষ্টিত শাসন কৰিছিল আৰু তেওঁলোকৰ সকলোতকৈ প্ৰতাপীজনে নিজকে ৰজা বুলিছিল।[3]
সিবিলাকৰ বাৰ জন বাৰ ঠাইত প্ৰখ্যাত হৈ উঠিছিল; সেই কাৰণে সিবিলাকক "বাৰভূঞা" বোলা যায়। বাৰঘৰ কায়স্থ ভূঞাত বাজেও দুঘৰ বামুণ ভূঞা আছিল।[4] আন বুৰঞ্জীবিদৰ মতে শাসনকৰ্তাৰ সংখ্যা বাৰজনতকৈ বেছি আহিল আৰু বাৰ শব্দই "বহুতো" বুজাইছিল।[5] গতিকে ভূঞা-ৰাজ বুলিলে নিজা নিজা শাসন বুজাইছিল, আৰু বাৰ ভূঞা বুলিলে তেওঁলোকৰ বিশেষ গোটক বুজাইছিল।[6] বংগত তেওঁলোকে ভাটিৰ অঞ্চলক বাৰটা প্ৰাশাসনিক গোট বা দ্বাদশ বাংলাত ভগাইছিল।[7] বৰ্তমানৰ অসম, উত্তৰ বংগ আৰু বাংলাদেশৰো সৰহভাগেৰে গঠিত কামৰূপ ৰাজ্যৰ ভাঙোনৰ সময়ছোৱাতে বাৰ ভূঞাৰ উৎপত্তি হৈছিল। শালস্তম্ভ বংশৰ নৱম শতিকাৰ ৰজা বলবৰ্মন (তৃতীয়)ৰ ৰাজত্বকালতে মাটি ভগাই লোৱাৰ কাৰ্য খুব দেখিবলৈ পোৱা হৈছিল।[8] মধ্য কামৰূপৰ পতন হোৱাৰ পাছত সৰু সৰু দলপতিৰ প্ৰথা অব্যাহত থাকে।
অসমত বাৰভূঞাসকলে ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণপাৰে কছাৰী ৰাজ্যৰ পশ্চিমফালে আৰু উত্তৰপাৰে চুতীয়া ৰাজ্যৰ পশ্চিমৰ অঞ্চল অধিকাৰ কৰিছিল। ইয়াত নগাঁও, দৰং আৰু শোণিতপুৰ অন্তৰ্ভুক্ত আছিল। বংগৰ আক্ৰমণকাৰীৰ বিৰুদ্ধে তেওঁলোকে অস্ত্ৰ ধৰিছিল আৰু ১৪৯৮ চনৰ পাছত আলাউদ্দিন হুছেইন শ্বাহৰ প্ৰশাসনৰ বাকী ৰোৱা অংশক পৰাস্ত কৰিছিল। তেওঁলোকে কোচ ৰাজ্যৰ উত্থানতো বাধা দিছিল যদিও ব্যৰ্থ হয়। তাৰ পাছত দক্ষিণপাৰে তেওঁলোকৰ অঞ্চল কচাৰী ৰাজ্য আৰু কমতা ৰজ্যৰ মাজৰ সংকুচিত হৈ পৰে। উত্তৰ পাৰতো আহোম ৰাজ্যৰ প্ৰভাৱ বাঢ়ি আহিবলৈ ধৰে। বংগত বৰিসালৰ চন্দ্ৰদ্বীপ ৰাজ্য বসু ৰাজ পৰিয়ালে শাসন কৰিছিল। ইয়াৰ শেষৰজন ৰজা ৰবীন্দ্ৰ নাৰায়ণ বসুৱে বংগৰ বিভাজনৰ সময়ত কলকাতালৈ পলাই যায়। তেওঁলোকৰ স্থান ইতিমধ্যেই জমিদাৰলৈ অৱনমিত হৈছিল।
টোকা[সম্পাদনা কৰক]
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- Guha, Amalendu (December 1983). "The Ahom Political System: An Enquiry into the State Formation Process in Medieval Assam (1228–1714)". Social Scientist খণ্ড 11 (12): 3–34. doi:10.2307/3516963.
- Lahiri, Nayanjot (June 1984). "The Pre-Ahom Roots of Medieval Assam". Social Scientist খণ্ড 12 (6): 60–69. doi:10.2307/3517004.
- Nath, D (1989), History of the Koch Kingdom: 1515–1615, প্ৰকাশক Delhi: Mittal Publications
- Gohain Barooah, P (1937), An Illustrated HISTORY OF ASSAM, প্ৰকাশক tezpur: Leela agency
- Neog, M (1992), "Origin of the Baro-Bhuyans", in Barpujari, H. K., The Comprehensive History of Assam, 2, প্ৰকাশক Guwahati: Assam Publication Board, pp. 62–66
- Neog, M (1980), Early History of the Vaisnava Faith and Movement in Assam, প্ৰকাশক Delhi: Motilal Banarasidass
|