ডবকা ৰাজ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডবকা ৰাজ্য
ৰাজধানীঅজ্ঞাত

ডবকা বৰ্তমান অসমৰ মধ্য অংশত অৱস্থিত প্ৰাচীন ভাৰতৰ এখন ৰাজ্য।[1] ডবকাৰ নাম ৪ৰ্থ শতিকাৰ সমুদ্ৰগুপ্তৰ দিনৰ এলাহাবাদ শিলালিপিত পোৱা যায় য'ত ইয়াক গুপ্ত সাম্ৰাজ্যৰ পাঁচখন সীমান্ত ৰাজ্যৰ এখন বুলি কোৱা হৈছে। লিউ শ্বং ৰাজবংশৰ শ্বুং-শ্বু ইতিহাসত ৰাজ্যখনৰ নাম কপিলী বুলি আছে (এতিয়াৰ এখন নদীৰ নাম)। কামৰূপী ভাষাত লিখা গছতল শিলালিপিতো ইয়াৰ উল্লেখ আছে।[2][ইয়াতকৈ ভাল উৎসৰ প্ৰয়োজন] এন কে ভট্টাচালিয়ে ডবকা ৰাজ্য এতিয়াৰ নগাঁও জিলা অঞ্চল বুলি ঠাৱৰ কৰিছে। কপিলী নদী-কলং নদীৰ উপত্যকাৰ লগত এই ৰাজ্য সংযুক্ত আছিল।[3][4]

ইতিহাস[সম্পাদনা কৰক]

সমুদ্ৰগুপ্তৰ এলাহাবাদ শিলালিপিত কামৰূপ ৰাজ্যৰ লগতে ৪ৰ্থ শতিকাৰ ডবকাৰো উল্লেখ সীমান্তৱৰ্তী ৰাজ্য হিচাপে কৰা হৈছে। কনকলাল বৰুৱাৰ (১৯৩৩) মতে ডবকা এখন খিলঞ্জীয়া অষ্ট্ৰিক-দ্ৰাবিড়ীয় ৰাজ্য আছিল যাক পাছলৈ ৬ষ্ঠ বা ৭ম শতিকাত কামৰূপে সামৰি লয়।[5][ইয়াতকৈ ভাল উৎসৰ প্ৰয়োজন] কিন্তু পাছৰ ইতিহাসবিদ বি এন পুৰী (১৯৬৮) আৰু পি চি চৌধুৰীৰ (১৯৫৯) মতে তাতকৈ আগতেই পঞ্চম শতিকাৰ আগভাগতে কল্যাণ বৰ্মাৰ ৰাজত্বকালত (৪২২-২২৬) ডবকা কামৰূপৰ অন্তৰ্ভুক্ত হৈছিল। (422-446).[6][7][8]

ইয়ৰ ৰাজধানী কপিলী নদীৰ ওচৰত আছিল। ৪২৮ খ্ৰীষ্টাব্দত ডবকা ৰজাই চীন দেশলৈ এজন দূত পঠিয়াইছিল চীনা উৎসই Yuegnai বা Yu Chai বুলি কয়।[9]

আৰু চাওক[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Suresh Kant Sharma, Usha Sharma (2005), Discovery of North-East India: Geography, History, Culture, ..., Davaka (Nowgong) and Kamarupa as separate and submissive friendly kingdoms
  2. Indian History Congress (2002), Proceedings - Indian History Congress - Volume 62, p. 136 identified with the Davaka region of Nagaon district of Assam, the location of which, can be confirmed by the Gachtal stone pillar inscription.6 The Allahabad stone pillar inscription of Samudragupta mentions Davaka along with Samatata
  3. (Mookerji 1973, পৃষ্ঠা 24)
  4. (Dutta 208:53)
  5. Kanak Lal Barua (1933), Early history of Kāmarupa], Page 47 "in the sixth or the seventh century this kingdom of Davaka was absorbed by Kamarupa."
  6. "As regards the eastern limits of the kingdom, Davaka was absorbed within Kamarupa under Kalyanavarman and the outlying regions were brought under subjugation by Mahendravarman." (Choudhury 1959, পৃষ্ঠা 47)
  7. "It is presumed that (Kalyana Varman) conquered Davaka, incorporating it within the kingdom of Kamarupa" (Puri 1968, পৃষ্ঠা 11)
  8. In the middle of the 6th century A.D. the Davaka kingdom had been annexed into the kingdom of Kamarupa and probably it was turned into a visaya (district) under the administration of Kamarupa making Davaka its headquarters
  9. Indian History Congress (2002), Proceedings - Indian History Congress - Volume 62, p.138 Davaka region into the Kamarupa kingdom. Besides these, the Chinese source clearly mentioned that the mission was sent by a king called Yueh-ai of the Kapili state whose capital city lies close to the Heng-ho or Ka- pi-li-ho river.

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

  • Choudhury, P. C. (1959). The History of Civilization of the People of Assam to the Twelfth Century AD. Department of History and Antiquarian Studies, Gauhati, Assam. 
  • Dutta, Anima (2008). Political geography of Pragjyotisa Kamarupa (Ph.D.). Gauhati University. http://shodhganga.inflibnet.ac.in/handle/10603/68309. 
  • Puri, Brij Nath (1968). Studies in Early History and Administration in Assam. Gauhati University. 
  • Mookerji, Radhakumud (1973). The Gupta Empire. Motilal Banarasidass. 
  • Sharma, M M (1990), "Language and Literature", in Barpujari, H K, The Comprehensive History of Assam, I, প্ৰকাশক Guwahati: Publication Board, Assam, pp. 263–264