কনকলাল বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কনকলাল বৰুৱা
জন্ম ১৬ ডিচেম্বৰ, ১৮৭২
মৃত্যু ১৮ জানুৱাৰী, ১৯৪০
পেচা গল্পকাৰ, নাট্যকাৰ, ঔপন্যাসিক, কবি, হাস্যৰসাত্মক লেখক, সমালোচক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

কনকলাল বৰুৱা সাহিত্যিক আৰু বুৰঞ্জীবিদ৷ ১৮৭২ চনৰ ১৬ ডিচেম্বৰত জন্ম৷ ১৯২৯ চনত বিধান সভালৈ নিৰ্বাচিত হৈ মন্ত্ৰীত্ব পদ লাভ কৰে৷ ব্ৰিটিছ চৰকাৰৰ ৰায়বাহাদুৰ উপাধি লাভ কৰিছিল৷ কিছুকাল জোনাকী আলোচনীৰ সম্পাদক আছিল৷ জাৰ্ণেল অব দা আছাম ৰিছাৰ্চ ছ'চাইটিৰ প্ৰকাশক আৰু সম্পাদক আছিল৷ ১৯২৪ চনত অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হয়[1]৷ প্ৰকাশিত গ্ৰন্থ: আৰ্লি হিষ্টৰী অব কামৰূপ৷ ১৯৪০ চনৰ ১৮ জানুৱাৰীত তেখেতৰ মৃত্যু হয়৷




তথ্য সংগ্ৰহ[সম্পাদনা কৰক]