সমললৈ যাওক

নিপ বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নিপ বৰুৱা
জন্ম ১৯২৫[1]
গুৱাহাটী, অসম
মৃত্যু ১৯৯২[1]
গুৱাহাটী, অসম
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
পেচা চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক

নিপ বৰুৱা (ইংৰাজী: Nip Barua) অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী জনপ্ৰিয় ব্যক্তি আছিল। অসমৰ চলচ্চিত্ৰসমূহৰ ব্যৱসায়িক দিশত উত্তৰণ যুগ তেওঁৰ পৰাই আৰম্ভ হয়। তেওঁ এগৰাকী চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক আছিল। তেওঁ মুঠ ১৫খন অসমীয়া চলচ্চিত্ৰ পৰিচালনা কৰিছিল। চলচ্চিত্ৰ কৰাৰ উপৰিও তেখেতে কিছু পৰিমাণে অভিনয় আৰু সংগীত, ফুটবল খেলাৰ প্ৰতিও তেওঁৰ আগ্ৰহ আছিল। কাৰ্টুনিষ্ট হিচাপেও তেখেতে দ্য আছাম ট্ৰিবিউন কাকতৰ বাবে বহু ছবি আঁকিছিল।[2]

জন্ম আৰু পৰিয়াল

[সম্পাদনা কৰক]

কামৰূপ জিলাৰ বিহদিয়া গাঁৱৰ চন্দ্ৰনাথ বৰুৱা গড়কাপ্তানি বিভাগৰ চাব ডিভিজনেল অফিচাৰ আছিল। তেখেতে একে জিলাৰ কৰৰা গাঁৱৰ জোনপ্ৰভাক বিয়া কৰাইছিল। চন্দ্ৰনাথ বৰুৱাৰ ঔৰষত আৰু জোনপ্ৰভাৰ গৰ্ভত নিপ বৰুৱাৰ জন্ম হৈছিল। বৰুৱা দম্পতীয়ে নজন পুত্ৰ সন্তান আৰু চাৰিজনী কন্যা সন্তানৰ জন্ম দিছিল। পুত্ৰ সন্তান কেইজন আছিল ক্ৰমে ব্ৰজেন বৰুৱা, দ্বিবন বৰুৱা, দ্বৈতেন বৰুৱা, দ্বিজেন বৰুৱা, নিপ বৰুৱা, গিৰিণ বৰুৱা, ৰমেন বৰুৱা, নিৰেণ বৰুৱা আৰু দ্বিপেন বৰুৱা। কন্যা সন্তানকেইজনীৰ নাম আছিল পদ্মাৱতী দাস বৰুৱা, প্ৰতিভা বৰুৱা দাস, ৰম্ভা বৰুৱা আৰু বিভা বৰুৱা নভীছ। এই আটাইকেইজন ভাই-ভনীয়ে পিছলৈ কম-বেছি পৰিমাণে অসমীয়া চলচ্চিত্ৰৰ সৈতে জড়িত হৈ পৰিছিল।[3][4]

পৰিচালিত চলচ্চিত্ৰ

[সম্পাদনা কৰক]

' নিপ বৰুৱাৰ কথাছবি 'স্মৃতিৰ পৰশ’ চলচ্চিত্ৰৰ দ্বাৰা পৰিচালক ৰূপে অসমীয়া চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। বৰুৱাই মুঠতে ১৫খন ছবি পৰিচালনা কৰিছিল।[5]

ছবিৰ নাম[2] বৰ্ষ টোকা
স্মৃতিৰ পৰশ১৯৫৬
মাক আৰু মৰম ১৯৫৭
ৰঙা পুলিচ১৯৫৮
ভক্ত প্ৰহ্লাদ১৯৫৯
আমাৰ ঘৰ১৯৬১
নৰকাসুৰ১৯৬২
বৰুৱাৰ সংসাৰ১৯৭০
সোণতৰা১৯৭৩
সোণমা১৯৭৮
১৯৮০
আজলী নবৌ১৯৮০
আই মোৰ জনমে জনমে ১৯৮০
ককাদেউতা নাতি আৰু হাতী১৯৮৪
শকুন্তলা আৰু শংকৰ জোচেফ আলি১৯৮৫
দাদু নাতি ও হাতী১৯৮৬বাংলা চলচ্চিত্ৰ
এণ্টনী মোৰ নাম১৯৮৬
ছবিৰ নাম পৰিচালক বৰ্ষ টোকা
সোণমানিপ বৰুৱা১৯৭৭[2]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 "Nip Barua (1925–1992)". ইণ্টাৰনেট মুভি ডাটাবেছ. http://www.imdb.com/name/nm0059399/ আহৰণ কৰা হৈছে: January 31, 2013.
  2. 1 2 3 "Nip Barua – Encyclopedia of Indian Cinema". Cinemaofindia.org. https://cinemaofindia.org/wiki/Nip%20Barua আহৰণ কৰা হৈছে: 2013-01-31.[সংযোগবিহীন উৎস]
  3. নিভা ৰাণী ৰায় (জুন ২০০৬). "ঐতিহ্যমণ্ডিত সেই ঘৰখন". অসমীয়া সা ৰে গা মা.
  4. ঈশান বৰুৱা (জুন ২০০৬). "লতাশিলৰ বৰুৱা পৰিয়াল". অসমীয়া সা ৰে গা মা.
  5. "Film Directors". এনাজৰী ডট কম. 2013-01-22. Archived from the original on 2015-09-12. https://web.archive.org/web/20150912143940/http://enajori.com/film-directors/ আহৰণ কৰা হৈছে: 2013-01-30.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]