এনাজৰী
Type of site |
দ্বিভাষীক অনলাইন আলোচনী। অসমীয়া আৰু ইংৰাজী |
---|---|
Available in | ২ |
Headquarters | অসম |
Created by | হিমজ্যোতি তালুকদাৰ। |
URL | Enajori.com |
Launched | ১৩ মাৰ্চ, ২০১০ |
এনাজৰী হৈছে এখন দ্বিভাষীক আৰু প্ৰথম অসমীয়া[2] অনলাইন আলোচনী।[3] ২০১০ চনৰ ১৩ মাৰ্চ তাৰিখে এই ৱেৱছাইট গুৱাহাটী প্ৰেছ ক্লাবত অসমৰ প্ৰসিদ্ধ সাহিত্যিক নিৰুপমা বৰগোহাঞিয়ে উন্মোচন কৰে। আলোচনীখনৰ মুখ্য সম্পাদক আৰু মুখ্য পৰিকল্পনাকাৰী হ’ল হিমজ্যোতি তালুকদাৰ। কেইবাজনো উপদেষ্টা সমন্বিতে সম্পাদক আৰু সদস্যৰে ইয়াৰ এখন সম্পাদনা সমিতি আছে। ইয়াৰ সম্পাদনা আদি বিভিন্ন কামত এদল অসমীয়া যুৱক-যুৱতী স্বেচ্ছাসেৱক হিচাপে জড়িত হৈ আছে। আলোচনীখনক ১৮৬০ চনৰ Societies Act XXI অনুসৰি ২০১০-২০১১-ৰ বাবে KAM(M)/240/A-24/472 নম্বৰত পঞ্জীয়ন কৰা হৈছে।
উদ্দেশ্য আৰু লক্ষ্য
[সম্পাদনা কৰক]ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে অসম সংক্ৰান্তিয় পৰ্যাপ্ত পৰিমাণৰ সমল লাভ কৰাৰ উপযুক্ত এক মাধ্যম হিচাপে গঢ়ি তোলাটো এই আলোচনীখনৰ অন্যতম উদ্দেশ্যে। অসমীয়া সাহিত্যৰাজী ইংৰাজীলৈ অনুবাদ কৰা, বিভিন্ন শিক্ষা-প্ৰতিষ্ঠানত ইউনিক’ড লিখন কৰ্মশালা আয়োজন কৰা আদিও আলোচনীখনৰ আন কিছুমান অন্যতম উদ্দেশ্যে।[4]
আলোচনীখনৰ বিভিন্ন সুবিধা
[সম্পাদনা কৰক]এনাজৰী এখন সতাঁৰ আলোচনী হোৱাৰ উপৰি ইয়াত অসমৰ বুৰঞ্জী, বোলছবি, পৰ্য্যটন, সংগীত, গ্ৰন্থ, সাহিত্যিক, অসমীয়া খাদ্যসম্ভাৰ, বনাঞ্চল, বন্যপ্ৰাণী আদি সম্পৰ্কীয় বহুখিনি তথ্যবস্তু সন্নিবিষ্ট হৈছে। পুৰণি অসমীয়া গীতৰ সংৰক্ষণ, ই-বুক সংগ্ৰহ, বহুতো পুৰণি আৰু বিশিষ্ট ব্যক্তিৰ আলোকচিত্ৰ সংগ্ৰহ, “বুঢ়ী আইৰ সাধু”ৰ বহুকেইটা সাধু, আৰু শিশু শিতানেৰেও ই সমৃদ্ধ। অসমীয়া চিৰসেউজ গীতসমূহ সংৰক্ষণৰ দিহা কৰাৰ উপৰি বহুতো কালজয়ী অসমীয়া কবিতাৰ ই এক বৃহৎ ভাণ্ডাৰ।[5]
বঁটা-সন্মান
[সম্পাদনা কৰক]২০১৩ চনৰ অক্টোবৰ মাহত শ্ৰী লংকাৰ কলম্বোত আয়োজিত ৱৰ্ল্ড ছামিট এৱাৰ্ড ২০১৩ অনুষ্ঠানত এনাজৰীয়ে ই কণ্টেণ্ট+ ক্ৰিয়েটিভিটী শাখাত বিজয়ীৰ বঁটা লাভ কৰে। [6]
এনাজৰীৰ অন্যান্য আঁচনি
[সম্পাদনা কৰক]- ড॰ ৰীতা চৌধুৰীৰ উপন্যাস পপীয়া তৰাৰ সাধু ইউনিক’ডত প্ৰকাশ Archived 2012-08-15 at the Wayback Machine
- আলোকচিত্ৰৰ সম্ভাৰ Archived 2012-09-03 at the Wayback Machine
- ই-বুক সংগ্ৰহ Archived 2012-12-22 at the Wayback Machine
- ইউ-টিউবত অসমীয়া যুগজয়ী গীতৰ সংগ্ৰহ
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Enajori.com Site Info". Archived from the original on July 4, 2019. https://web.archive.org/web/20190704172542/https://www.alexa.com/siteinfo/enajori.com। আহৰণ কৰা হৈছে: October 07, 2012.
- ↑ মাণিক ৰয় (১৪ মাৰ্চ, ২০১০). "ইণ্টাৰনেটত অসমীয়া আলোচনী". আমাৰ অসম.
- ↑ "প্ৰথম অসমীয়া অনলাইন আলোচনী ‘এনাজৰী ডট কম’ উন্মোচন". খবৰ. ১৪ মাৰ্চ, ২০১০.
- ↑ "About enajori.com". Archived from the original on 2012-08-15. https://web.archive.org/web/20120815094527/http://enajori.com/about-enajori/। আহৰণ কৰা হৈছে: 2012-10-07.
- ↑ "দ্বি-ভাষিক অনলাইন আলোচনী ‘এনাজৰী’ৰ এবছৰ". এদিনৰ সংবাদ. ১১ মাৰ্চ, ২০১১.
- ↑ "এনাজৰীলৈ ৱৰ্ল্ড ছামিট ২০১৩ ত বঁটা". http://www.wsis-award.org/winner/enajoricom-109620130906। আহৰণ কৰা হৈছে: নৱেম্বৰ 23, 2013.