সমললৈ যাওক

আজলী নবৌ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আজলী নবৌ
Ajali Nabou

ছবিখনৰ পোষ্টাৰ
পৰিচালক নিপ বৰুৱা
চিত্ৰনাট্য নিপ বৰুৱা আৰু মহেন্দ্ৰ বৰঠাকুৰ
প্ৰযোজক এন চি দত্ত
অভিনয়ত ইলা কাকতি (নাম ভূমিকা)
নিপন গোস্বামী
চিত্ৰগ্ৰহণকাৰী নলীন দুৱৰা
সম্পাদনা শিৱ ভট্টাচাৰ্য
সংগীত পৰিচালক ৰমেন বৰুৱা
মুক্তি
২২ ফেব্ৰুৱাৰী ১৯৮০
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

আজলী নবৌ (ইংৰাজী: Ajali Nabou) ১৯৮০ চনত মুক্তি পোৱা এন চি প্ৰডাকচনৰ বেনাৰত এন চি দত্ত প্ৰযোজিত আৰু নিপ বৰুৱা পৰিচালিত এখন ৰঙীন অসমীয়া পাৰিবাৰিক ড্ৰামাভিত্তিক কথাছবি। ছবিখনে সেইসময়ত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল। এইখন প্ৰথম অসমীয়া ইষ্টমেন কালাৰৰ ছবি।[1] বঙালী সাহিত্যিক প্ৰভাৱতী দেৱী সৰস্বতীৰ 'বিজিতা' নামৰ উপন্যাস এখনৰ আধাৰত বঙালী ভাষাত ১৯৫৪ চনত 'ভাঙাগড়া' নামৰ ছবি এখন মুক্তি পাইছিল। হিন্দী আৰু মালয়ালম ভাষাতো ক্ৰমে 'ভাভী' (১৯৫৭) আৰু 'কুল দেৱম' (১৯৫৬) নামেৰে ইয়াৰ ৰিমেক হৈছিল।[2] আজলী নবৌ 'ভাঙাগড়াৰ' অসমীয়া সংস্কৰণ।[1]

মহাজনৰ শোষণে জুৰুলা কৰা এজন খেতিয়কৰ চাৰিটা পুত্ৰ সন্তান- উদয়, অজয়, ৰমেন আৰু ভাইটি। উদয় কিশোৰ। বাকীকেইটা তেনেই সৰু। মাতৃহীন এই ল'ৰাকেইটাক পেহীয়েকে চোৱা-চিতা কৰে। বিভিন্ন ৰোগে জুৰুলা কৰা দেউতাকৰ হঠাৎ মৃত্যু হোৱাত চাৰিওটি ল'ৰা গাঁৱৰ মাটি-বাৰী মহাজনক সপি চহৰলৈ গুচি আহে। পেহীয়েকৰ হাতৰ খাৰুযোৰ বেচি উদয়ে সৰু ব্যৱসায় এটা আৰম্ভ কৰে। লাহে লাহে ব্যৱসায় বাঢ়ি আহে। উদয়ে বিয়া পাতে আজলীক। আজলী তেনেই সাদৰী মহিলা। মাতৃত্বৰ উমেৰে নিঃসন্তান আজলীয়ে বাকীকেইটা ল'ৰাক ডাঙৰ-দীঘল কৰিলে। অজয় উকীল হ'ল, ৰমেন ডাক্তৰ।[1]

সময়ত অজয় আৰু ৰমেনে বিয়া পাতিলে। এই দুগৰাকী বোৱাৰী ঘৰখনলৈ অহাৰ পাছত ঘৰখনত অশান্তি আৰম্ভ হ'ল।[1] দুয়োজনীয়ে ঘৰ এৰি গুচি গ'ল। হাঁহিৰে ভৰি থকা ভৰপূৰ ঘৰখন মৰিশালি সদৃশ হৈ পৰিল। এদিন উদয়ৰ মৃত্যু হ'ল। আজলীয়ে বিধবাৰ সাজ পিন্ধিলে। অৱশেষত দুয়োজনী বোৱাৰীৰে আত্মশুদ্ধি হ'ল। তেওঁলোক উভতি আহিল আজলীৰ ওচৰলৈ।

বোলছবিখনৰ সঙ্গীত পৰিচালনা কৰিছিল ৰমেন বৰুৱাই। ছবিখনত মুঠ ছটা গীত আছে। গীতসমূহ লিখিছিল কেশৱ মহন্তই। কণ্ঠ দিছিল দ্বীপেন বৰুৱা আৰু ৰুণজুন ফুকনে।[3]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকন্ঠশিল্পী দৈৰ্ঘ্য
1. "চকু মেলি নাচাবা, ৰ লাগি নাচাবা, চকু মুদি চোৱাচোন দেখা পাবা তাতেই"  কেশৱ মহন্তৰুণজুন ফুকন  
2. "এয়া যে দেখিছা চম্পা গোলাপ, ৰূপত ৰঙে চৰা ইমান প্ৰতাপ"  কেশৱ মহন্তদ্বীপেন বৰুৱা  
3. "কাক বুলিলোঁ কোনে নিজে গাত পাতি ল'লে চা, জালকে বুলিলে জকাই এতিয়া মজাটো পা"  কেশৱ মহন্তদ্বীপেন বৰুৱা, ৰুণজুন ফুকন  
4. "ঢৌ তুলি নাচিলে বুকু, দেখি কাৰ হৰিণী চকু"  কেশৱ মহন্তদ্বীপেন বৰুৱা, ৰুণজুন ফুকন  
5. "কপালত তুলি ল'লি আইৰ পাৱৰ ধূলি, অ' নিঠৰুৱা এই বাটে তই ওলালি ক'লৈ বুলি"  কেশৱ মহন্তদ্বীপেন বৰুৱা  
6. "আন্ধাৰ ৰাতি কোন বাৰু তই, অকলে ফুৰিছ যাবি ক'লৈ"  কেশৱ মহন্তদ্বীপেন বৰুৱা  

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 অৰুণলোচন দাস (২০১৩). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. শশী শিশু প্ৰকাশন, গুৱাহাটী. 
  2. "বিস্মৃত এক সৰস্বতী". আনন্দ বাজাৰ পত্ৰিকা. https://www.anandabazar.com/supplementary/patrika/prabhavathi-devi-saraswathi-a-forgotten-litterateur-of-bengali-literature-1.1032547। আহৰণ কৰা হৈছে: 7 April 2020. 
  3. বাবুল দাস (১৯৮৫). অসমীয়া বোলছবিৰ গীতৰ সংকলন. বাণী মন্দিৰ, ডিব্ৰুগড়.