সমললৈ যাওক

ইলা কাকতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইলা কাকতি

আজলী নবৌৰ পোষ্টাৰত ইলা কাকতি
জন্ম ২৩ মাৰ্চ ১৯৫৩
মৃত্যু ২০০৩
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৬৮-২০০১
দাম্পত্যসঙ্গী প্ৰশান্ত হাজৰিকা
সন্তান সংকল্পজিৎ হাজৰিকা

ইলা কাকতি (ইংৰাজী: Ila Kakati; ২৩ মাৰ্চ ১৯৫৩- ২০০৩) এগৰাকী অসমীয়া চলচ্চিত্ৰ আৰু ভ্ৰাম্যমান থিয়েটাৰৰ অভিনেত্ৰী আছিল৷ ভূপেন হাজৰিকা পৰিচালিত চিকমিক বিজুলীৰে চলচ্চিত্ৰ জগতত পদাৰ্পন কৰা কাকতিয়ে মুঠ ষোলখন ছবিত অভিনয় কৰিছিল৷ আজলী নবৌ আৰু বৃষ্টি তেওঁৰ উল্লেখযোগ্য ছবি। ইয়াৰোপৰি তেওঁ কহিনুৰ আৰু আৰাধনা থিয়েটাৰতো অভিনয় কৰিছিল৷ ভ্ৰাম্যমান থিয়েটাৰত অভিনয় কৰা তেৱেঁই প্ৰথম অসমীয়া চলচ্চিত্ৰৰ গ্লেমাৰ শিল্পী৷[1]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

ইলা কাকতি এগৰাকী দক্ষ নৃত্যশিল্পী আছিল। তেওঁৰ দেউতাক চাৰু কাকতি এজন মুক্তিযুঁজাৰ তথা সাংস্কৃতিক সংগঠনক আছিল। ইলা কাকতিৰ ককাক আৰু চাৰু কাকতিৰ দেউতাক ভোলা কাকতিও আছিল এজন সাংস্কৃতিক সংগঠক। ভোলা কাকতি বহুদিন ধৰি শতবৰ্ষ গৰকা মাজুলীৰ গড়মূৰৰ বংশীগোপাল নাট্যমন্দিৰৰ সভাপতি হৈ আছিল। ১৯৬০ৰ দশকত সত্ৰীয়া নৃত্যশিল্পী বাপুৰাম বৰবায়নৰ তত্বাৱধানত বংশীগোপাল নাট্য মন্দিৰত সত্ৰীয়া নৃত্য শিক্ষাৰ আৰম্ভণি কৰা হয়। কাকতি পিতা-পুত্ৰই মিলি ভাৰতৰ বিভিন্ন ঠাইলৈ সত্ৰীয়া নৃত্যৰ দল পঠোৱাত আগভাগ লৈছিল। তেওঁলোকে মাজুলীৰ ৰাস আৰু সত্ৰীয়া সংস্কৃতি উপভোগ কৰিবলৈ বহু কেইগৰাকী বিশিষ্ট ব্যক্তিকো মাজুলীলৈ আমন্ত্ৰণ কৰি নিছিল। ঘৰখনত থকা সাংস্কৃতিৰ আৱহাৱাৰ বাবে ইলায়ো কম বয়সতে সত্ৰীয়া নৃত্যত পাৰদৰ্শী হৈ উঠিছিল আৰু যাৰবাবে বাবে ভূপেন হাজৰিকাই নিজৰ ছবি চিকমিক বিজুলীৰ বাবে তেওঁক বাচনি কৰিছিল। অভিনয়ৰ ক্ষেত্ৰতো তেওঁ পাৰদৰ্শিতা অৰ্জন কৰিছিল। ১৯৬০ দশকত যোৰহাটত আলোড়নৰ সৃষ্টি কৰা মিলিত শিল্পী সমাজে আব্দুল মজিদৰ ৰচনা আৰু পৰিচালনাৰে মঞ্চস্থ কৰা সম্পূৰ্ণ মহাভাৰত নাটত ইলাই উৰ্বশীৰ চৰিত্ৰত অভিনয় কৰিছিল। শ্ৰীকৃষ্ণৰ চৰিত্ৰ কৰিছিল প্ৰশান্ত হাজৰিকাই। অসমীয়া চলচ্চিত্ৰ আৰু থিয়েটাৰৰ অভিনেতা এইজন প্ৰশান্ত হাজৰিকাৰ সৈতে ১৯৭৬ চনত তেওঁৰ বিয়া হয়। তেওঁলোকৰ পুত্ৰ সংকল্পজিৎ হাজৰিকা। ১৯৯৯ চনত তেওঁৰ স্বামীৰ মৃত্যু হয় আৰু ইয়াৰ চাৰি বছৰৰ পিছত ২০০৩ চনত মাত্ৰ ৫০ বছৰ বয়সত দুৰাৰোগ্য ৰোগত তেওঁৰো মৃত্যু হয়।[1]

কৰ্মজীৱন

[সম্পাদনা কৰক]

মুম্বাইৰ ৰাজশ্ৰী প্ৰডাকচনৰ সৈতে যৌথভাবে ভূপেন হাজৰিকাচিকমিক বিজুলী নামেৰে এখন চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰস্তুতি চলাইছিল। ছবিখনত তেওঁ এটা সত্ৰীয়া নৃত্যৰ দৃশ্য এটা অন্তৰ্ভূক্ত কৰাৰ মন মেলিলে আৰু তাৰবাবে শিল্পী বাচনি কৰিলে ইলা কাকতিক। ইলাৰ ককাক ভোলা কাকতিৰ ভূপেন হাজৰিকাৰ সৈতে এটা মধুৰ সম্পৰ্ক আছিল। সেইমতে ইলা সপৰিয়ালে কলকাতালৈ গৈ নৃত্যৰ দৃশ্যত অংশগ্ৰহণ কৰিলে। চিকমিক বিজুলীয়ে মুক্তি পায় ১৯৬৯ চনত। ১৯৭১ চনত মুক্তি পোৱা দ্বিবন বৰুৱা পৰিচালিত যোগ-বিয়োগত প্ৰথম তেওঁ নায়িকাৰ ভূমিকাত অভিনয় কৰে। যোগ-বিয়োগ ডক্তৰ বেজবৰুৱাৰ পিছতে সেই সময়ৰ ব্যৱয়াসিক সফল ছবি আছিল। ভাইটি, সোণতৰা, বনৰীয়া ফুল আদি ব্যৱসায় সফল ছবিত অভিনয় কৰা ইলাই দেউতি বৰুৱাই পৰিচালনা কৰা বৃষ্টিত এটা অগতানুগতিক চৰিত্ৰত অভিনয় কৰিছিল, যিয়ে চলচ্চিত্ৰ ৰসিকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। ১৯৮০ চনত মুক্তি পোৱা বঙালী ছবি ভাঙাগড়াৰ ৰিমেক আজলী নবৌ ইলাৰ জীৱনৰ মাইলৰ খুটি স্বৰূপ। অশোক বিষয়া পৰিচালিত আই লাভ ইউ (২০০১) তেওঁ অভিনয় কৰা শেষ ছবি।[1]

১৯৭৫ চনত জুনেজা নামৰ এজন প্ৰযোজকে অসমীয়া আৰু ওড়িয়া ভাষাত এখন চিনেমা নিৰ্মাণৰ প্ৰস্তুতি চলাইছিল। গিৰিশ চৌধুৰীয়ে পৰিচালনা কৰা অসমীয়া সংস্কৰণ সোণটিৰ মূল ভূমিকাত আছিল নিপন গোস্বামী আৰু ইলা কাকতি। এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত দীনেশ দাসে অভিনয় কৰাৰ উপৰিও এটা সৰু চৰি্ত্ৰত বলীউডৰ অভিনেতা অমিতাভ বচ্চনেও অভিনয় কৰিছিল। প্ৰায় আশী শতাংশ কাম সম্পূৰ্ণ হোৱা ছবিখন কিন্তু অৱশেষত মুক্তি নাপালে।[1]

১৯৭৬ চনত ৰতন লহকৰে কহিনুৰ থিয়েটাৰ খোলাৰ প্ৰস্তুতি চলায়। সেই বছৰতে ইলা আৰু প্ৰশান্ত হাজৰিকাৰ বিয়া হৈছিল। ৰতন লহকৰে দম্পত্তিহালক কহিনুৰলৈ আমন্ত্ৰণ জনালে। সেই সময়ত চলচ্চিত্ৰৰ নায়িকা ইলাৰ যথেষ্ঠ জনপ্ৰিয়তা। স্বাভাৱিকতে তেওঁৰ নামতে আয়োজক কমিটিবোৰে কহিনুৰক আগধন দিছিল। ভ্ৰাম্যমান থিয়েটাৰত চলচ্চিত্ৰৰ গ্লেমাৰাছ অভিনয় শিল্পীসকলৰ অভিনয় কৰা যি পৰম্পৰা চলি আছে, সেই পৰম্পৰাৰ আৰম্ভণি কৰিছিল ইলা কাকতিয়ে। ইয়াৰ পিছত তেওঁ আৰাধনা থিয়েটাৰত অভিনয় কৰিছিল। ১৯৮৬ চনত স্বামী প্ৰশান্ত হাজৰিকাই আৰম্ভ কৰা হেঙুল থিয়েটাৰৰ মৃত্যু পৰ্যন্ত তেওঁ দিশ-নিৰ্ণায়কৰ ভূমিকা পালন কৰি গ’ল।[1]

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]

তথ্য উংস

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 1.5 গৌৰৱ বৰঠাকুৰ (২৩ মাৰ্চ ২০২১). "অসমীয়া ছবিত সোণালী ৰহন সনা অভিনেত্ৰী ইলা কাকতি". অসমীয়া প্ৰতিদিন. 
  2. অৰুণলোচন দাস (২০১৩). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. শশী শিশু প্ৰকাশন, গুৱাহাটী.