কহিনুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
কহিনুৰ
Replica of the Koh-i-Noor (cropped).jpg
কহিনুৰৰ প্ৰতিলিপি
ওজন ১০৫.৬০২ কেৰেট (২১.১২০৪ গ্ৰাম)
ৰং finest white
মূল দেশ ভাৰত
খনি Nemalipuri, Nalgonda(Nilagiri), Andhra Pradesh State
গঢ়োঁতা (Cut by) Hortenso Borgia
বৰ্তমানৰ মালিক Part of the British Crown Jewels

কহিনুৰ এক বিখ্যাত, ঐতিহাসিক হীৰা। বৰ্তমান ২১.১২ গ্ৰাম (১০৫ কেৰেট) ওজনৰ এই হীৰাখণ্ডই এসময়ত বিশ্বৰ বৃহত্তম হীৰা হিচাপে স্বীকৃতি লাভ কৰিছিল। কহিনুৰক প্ৰথমে কʼত পোৱা গৈছিল,সেই সম্পৰ্কে বহু কাহিনী আৰু কিংবদন্তি থাকিলেও ঐতিহাসিক প্ৰমাণৰ মতে অন্ধ্ৰপ্ৰদেশৰ গোলকুণ্ডাত ইয়াৰ প্ৰথম উল্লেখ পোৱা যায়। তেতিয়া অৱশ্যে ইয়াৰ নাম কহিনুৰ নাছিল। দিল্লীত গিয়াছুদ্দিন টোগলক শ্বাহে ৰাজত্ব কৰাৰ সময়ত তেওঁৰ পুত্ৰ উলুঘ খানে দাক্ষিণাত্য অভিযান চলায় আৰু বহু মূল্যৱান মণি-মুকুতাৰ লগতে এই হীৰাখণ্ডও লুট কৰি লৈ যায়। তাৰ পাছৰ পৰা এই হীৰা দিল্লীৰ শাসকৰ সম্পত্তিত পৰিণত হয় আৰু ১৫২৬ চনত বাবৰে দিল্লীত মোগল সাম্ৰাজ্যৰ শাসন কেন্দ্ৰ প্ৰতিষ্ঠা কৰাৰ পাছত কহিনুৰ বাবৰৰ হাতলৈ আহে। বাবৰে ইয়াৰ মূল্য নিৰ্ধাৰণ কৰিছিল -সমগ্ৰ পৃথিৱীৰ মানুহক দুদিন খুৱাব পৰা পৰিমাণৰ ধন। মোগল সম্ৰাট ছাহজাহানে তেওঁৰ ময়ূৰ সিংহাসনত এই হীৰাখণ্ড লগাই লৈছিল। ১৭৩৯ চনত নাদিৰ শ্বাহে ভাৰত আক্ৰমণ কৰে আৰু বহু ধন-সম্পত্তিৰ লগতে কহিনুৰ হীৰাসহ ময়ূৰ সিংহাসনখনো পাৰস্যলৈ লৈ যায়। দৰাচলতে ১৭৩৯ চনৰ পৰাহে এই হীৰাৰ নাম কহিনুৰ বুলি জনাজাত হৈ আহিছে। ১৭৪৭ চনত নাদিৰ শ্বাহৰ মৃত্যুৰ পাছত কহিনুৰ হীৰা আফগানিস্তানৰ আহমেদ শ্বাহ আব্দালিৰ হাতলৈ আহে। ১৮৩০ চনত আফগানিস্তানৰ ভগনীয়া ৰজা শ্বাহ চুজাই পলাই আহিবৰ সময়ত এই হীৰাও লৈ আহে আৰু সহায়ৰ বিনিময়ত কহিনুৰ পঞ্জাবৰ ৰজা ৰঞ্জিত সিঙৰ হাতত অৰ্পণ কৰে। ১৮৪৯ চনত পঞ্জাব ইংৰাজৰ অধীনলৈ যায় আৰু এই হীৰাও ইংৰাজৰ দৃষ্টিলৈ আহে। ১৮৫১ চনত ৰঞ্জিত সিংহৰ উত্তৰাধিকাৰী দিলীপ সিঙে ব্ৰিটিছ ভাইচৰয় লৰ্ড ডেলহাউছিৰ প্ৰস্তাৱ মৰ্মে এই হীৰা আনুষ্ঠানিকভাৱে মহাৰাণী ভিক্টোৰিয়াৰ হাতত অৰ্পণ কৰে। ১৯৩৬ চনত এই হীৰাক ইংলেণ্ডৰ ৰাণীৰ মুকুটত সুশোভিত কৰা হয় আৰু ৰাণী এলিজাবেথে (পাছত ৰাণী মাতৃ নামেৰে পৰিচিত) সেই মুকুট পৰিধান কৰে। ২০০২ চনত,তেওঁৰ কফিনৰ ওপৰত এই হীৰাকো সংযুক্ত কৰা হয়। এতিয়া ই ʼটাৱাৰ অব লণ্ডনʼত সংৰক্ষিত অৱস্থাত আছে।[1]

তথ্যসংগ্ৰহ[সম্পাদনা কৰক]

  1. বিশ্ব ঐতিহ্য, শান্তনু কৌশিক বৰুৱা, পৃষ্ঠা নং ৪৯,৫০