শান্তনু কৌশিক বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শান্তনু কৌশিক বৰুৱা
জন্ম ১৮ জানুৱাৰী, ১৯৬৫ (৫৯ বছৰ)
যোৰহাট
পেচা লেখক, সাংবাদিক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰত
শিক্ষা কলা শাখাৰ স্নাতক
উল্লেখনীয় কৰ্মৰাজি সংক্ষিপ্ত অসমীয়া বিশ্বকোষ
বিজ্ঞানৰ কি কিয় কেনেকৈ কোন আৰু কেতিয়া
Assam Year Book
সংক্ষিপ্ত অসম বিশ্বকোষ
উল্লেখযোগ্য বঁটা অনিল কুমাৰ শৰ্মা সোঁৱৰণী বঁটা (২০০৪)
ডিব্ৰুগড় সাহিত্য সভাৰ সম্বৰ্ধনা (২০০৬)
দাম্পত্যসংগী প্ৰীতিমা কৌশিক বৰুৱা

শান্তনু কৌশিক বৰুৱা (ইংৰাজী: Santanu Kausik Baruah) অসমৰ এজন লেখক আৰু সাংবাদিক। ১৯৮৬ চনত "নতুন অসম বিলাসিনী" সংবাদ পত্ৰৰ সহ-সম্পাদক হিচাপে সাংবাদিক জীৱন আৰম্ভ কৰি তেওঁ বৰ্তমান "এদিনৰ সংবাদ" বাতৰিকাকতৰ মুখ্য কাৰ্যবাহী সম্পাদকৰূপে কৰ্মৰত। জনপ্ৰিয় শিশু আলোচনী "মৌচাক"ৰ লগতো তেওঁ প্ৰায় ছবছৰ জড়িত আছিল। অসমীয়া সাহিত্যৰ জগতলৈকো তেখেতে বহুকেইখন গ্ৰন্থ অৱদান দিছে। তাৰ ভিতৰত প্ৰথমখন পূৰ্ণাঙ্গ অসমীয়া সাধাৰণ বিশ্বকোষ দুটা খণ্ডৰ সংক্ষিপ্ত অসমীয়া বিশ্বকোষ[1], অসম অভিধান, নতুন জানানে, সহস্ৰাব্দৰ বিশ্ব, Assam Year Book আদি উল্লেখযোগ্য।

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

১৯৬৫ চনৰ ১৮ জানুৱাৰীত যোৰহাটত শান্তনু কৌশিক বৰুৱাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম (প্ৰয়াত) তৰুণ চন্দ্ৰ বৰুৱা আৰু মাতৃ বীণা বৰুৱা।[1] তৰুণ চন্দ্ৰ বৰুৱা আছিল যোৰহাটৰ স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ এজন অতিথি অধ্যাপক।

যোৰহাটতে পঢ়াশলীয়া শিক্ষা আৰম্ভ কৰা বৰুৱা ১৯৮০ চনত গোৱালপাৰাৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৯০ চনত তেখেতে জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা কলা শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৯৫ চনত তেওঁ প্ৰীতিমা কৌশিক বৰুৱাৰ লগত বিবাহপাশত আবদ্ধ হয়। সঞ্জীৱন নামৰ তেওঁলোকৰ এটি পুত্ৰ সন্তান আছে।

সাংবাদিক জীৱন[সম্পাদনা কৰক]

১৯৮৬ চনত শান্তনু কৌশিক বৰুৱাই সাংবাদিক জগদীশ ফুকনৰ ওচৰত শিক্ষানবীচ হিচাপে সাংবাদিকতাৰ আদিপাঠ আৰম্ভ কৰে।[1] ১৯৮৭ চনত তেওঁ সাপ্তাহিক কাকত "নতুন অসম বিলাসিনী"ৰ সহকাৰী সম্পাদক নিযুক্ত হয় আৰু পিছলৈ তাৰে কাৰ্যবাহী সম্পাদক হয়। ১৯৮৮ চনৰ পৰা ১৯৯৩ চনলৈ তেওঁ জনপ্ৰিয় অসমীয়া শিশু আলোচনী "মৌচাক" সহ-সম্পাদকৰূপে কাম কৰিছিল। তাৰ পিছত তেখেতে কিছুকাল ক্ৰমে "নতুন দৈনিক", অসমীয়া প্ৰতিদিন" আৰু "দৈনিক বাতৰি" কাকতৰ লগত জড়িত আছিল। ২০০৬ চনত তেখেতে "এদিনৰ সংবাদ" কাকতত যোগদান কৰে। বৰ্তমান তেখেতে সেই কাকতৰে মুখ্য কাৰ্যবাহী সম্পাদক আৰু তাৰ দেওবৰীয়া আলোচনী "দেওবাৰ"ৰ সম্পাদকৰূপে কাম কৰি আছে। তদুপৰি তেখেতে যোৰহাট, গুৱাহাটী, নলবাৰী আদি অসমৰ বিভিন্ন ঠাইত সাংবাদিকতাৰ কৰ্মশালাত অংশগ্ৰহণ কৰি আহিছে।

সাহিত্য কৰ্ম[সম্পাদনা কৰক]

পঢ়াশলীয়া দিনতে শান্তনু কৌশিক বৰুৱাই অসমবাণী, সাপ্তাহিক জনমভূমি আদিৰ পাতত নিজৰ সাহিত্যিক জীৱনৰ পাতনি মেলে। কলেজীয়া দিনত তেওঁ মহাবিদ্যালয় আলোচনী গোটৰ লগতো জড়িত আছিল। তেখেতে প্ৰথম ১৯৯৪ চনত সূৰ্য হাজৰিকা সম্পাদিত আধুনিক অসমীয়া বিশ্বকোষ গ্ৰন্থত কিছু অংশ লিখাৰ সুযোগ লাভ কৰে। তাৰ পিছত ১৯৯৮ চনত চন্দ্ৰপ্ৰসাদ শ‍ইকীয়া সম্পাদিত অসমীয়া বাতৰি কাকত-আলোচনীৰ ডেৰশ বছৰীয়া ইতিহাস (১৯৪৬-১৯৯৬) গ্ৰন্থত দুটা পাঠ লিখে। সূৰ্য হাজৰিকা সম্পাদিত নতুন দৈনিকৰ এটা দশকৰ নিৰ্বাচিত ৰচনা সংকলন গ্ৰন্থতো তেখেতে সম্পাদনাত সহায় কৰে। বৰুৱাৰ ১৯৯৫ চনত প্ৰকাশিত প্ৰথম সাহিত্য কৰ্ম আছিল "মেঘনাদ সাহা" নামৰ এখন ক্ষুদ্ৰ জীৱনী গ্ৰন্থ। ১৯৯৭ চনত তেখেতে নতুন জানানে কিতাপখন লিখি উলিয়ায়। ২০১৫ চনৰ ১৯ জানুৱাৰীত তেওঁৰ ৫০-তম গ্ৰন্থ "বিশ্ব পৰিক্ৰমা" উন্মোচিত হয়।[2] তেওঁৰ অন্যান্য সাহিত্য কৰ্মসমূহ হ'ল:

বিশ্বকোষ আৰু তথ্যকোষ

সাধাৰণ জ্ঞান আৰু কুইজ

  • নতুন জানানে (১৯৯৭)
  • পৃথিৱী পৰিক্ৰমা (২০০৪)
  • জ্যোতি কুইজ (২০০৯)

বিজ্ঞান

  • আমাৰ শৰীৰ এক আচৰিত যন্ত্ৰ (১৯৯৫)
  • বিজ্ঞানৰ কি কিয় কেনেকৈ কোন আৰু কেতিয়া (১৯৯৮)
  • ২৫১ কি কিয় কেনেকৈ (২০০৪)

ইয়েৰ বুক, ৰেকৰ্ড বুক

  • Assam Year Book (২০০০)
  • সাহিত্যৰ ইয়েৰ বুক (২০০৩)
  • অসমীয়া বুক অব্‌ ৰেকৰ্ডছ (২০০৬)

জীৱনী

  • মেঘনাদ সাহা (১৯৯৫)
  • বিশ্বৰ বৰেণ্য বিজ্ঞানী (১৯৯৭)

শিশু সাহিত্য

  • অকণিৰ বৰ্ণমালাৰ অ আ ক খ (১৯৯৮)
  • ৰং-বিৰঙৰ এমুঠি সাধু (সহযোগী: মৃদুস্মিতা ফুকন)
  • 50 favorite stories for you (সহযোগী: কৃষ্ণমণি ভাগৱতী)

সম্পাদিত গ্ৰন্থ

  • গাঁৱলৈ আহিলোঁ ঘূৰি (লেখক-জগদীশ ফুকন, ১৯৯৯)
  • বৰগীত (১৯৯৯)
  • আধুনিক অসমীয়া ৰচনা সমগ্ৰ (২০০৯)

অন্যান্য

  • লেখক-সাংবাদিকৰ গাইড (সহ লেখক- শাংকব কৌশিক বৰুৱা, ১৯৯৮)
  • কোনে কেনেকৈ ক'ত কেতিয়া কি আৱিষ্কাৰ কৰিছিল (২০০০)
  • বনলতা নলেজ বেংক - ছটা খণ্ডত (২০০৩)
  • জ্ঞানকোষ গ্ৰন্থমালা - পঁচিশটা খণ্ডত (২০০৫)
  • কিতাপ
  • সভ্যতা
  • ৰে'ল গাড়ী
  • সময়
  • নদ- নদী

ইয়াৰ উপৰি অসমৰ বিভিন্ন বাতৰি কাকত-আলোচনীত তেওঁৰ এহাজাৰতকৈও অধিক সংবাদ লেখা আৰু প্ৰবন্ধ প্ৰকাশ পাইছে। যোৰহাটৰ ঐক্যন বিনোদন কেন্দ্ৰই আয়োজন কৰা সদৌ অসম আলোক চিত্ৰ প্ৰদৰ্শনীৰ স্মৃতিগ্ৰন্থ "আলোছায়া", অসম নাট্য সমিতিৰ স্মৃতিগ্ৰন্থ "নাটকম" আদিৰো পূৰ্বৰ সংখ্যাৰ তেখেতে সম্পাদনা কৰিছিল। শান্তনু কৌশিক বৰুৱাৰ তথ্যসমৃদ্ধ গ্ৰন্থসমূহে ৰাইজৰ লগতে বুদ্ধিজীৱীসকলৰো সমাদৰ লাভ কৰিছে।[3][4]

অনুষ্ঠান[সম্পাদনা কৰক]

শান্তনু কৌশিক বৰুৱা অসমৰ বিভিন্ন সামাজিক-সাহিত্যিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতো জড়িত। তাৰে কেইটামান হ'ল:

  • ঐক্যন বিনোদন কেন্দ্ৰ- শিশুৰ বিকাশৰ বাবে কাম কৰা শৈক্ষিক-সামাজিক অনুষ্ঠানৰ প্ৰতিষ্ঠাপক সম্পাদক (১৯৮৯ লৈকে)
  • অসম নাট্য সমিতি
  • কামৰূপ ছিণ্ডিকেট- শৈক্ষিক প্ৰতিষ্ঠান
  • গুৱাহাটী প্ৰেছ ক্লাব
  • সহায়- শিক্ষাৰ্থী আৰু যুৱসমাজৰ শৈক্ষিক কেন্দ্ৰৰ অধ্যক্ষ

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  • আমাৰ শৰীৰৰ আচৰিত যন্ত্ৰ-পাতিবোৰৰ কথাৰ পাণ্ডুলিপিৰ বাবে অসম সাহিত্য সভাৰ 'অনিল কুমাৰ শৰ্মা সোঁৱৰণী বঁটা' (২০০৫)।[1]
  • ডিব্ৰুগড় সাহিত্য সভাৰ দ্বাৰা সম্বৰ্ধনা জ্ঞাপন (২০০৬)।
  • উত্তৰ-পূব শিশু গ্ৰন্থমেলা সমিতিৰ 'মাধৱ কন্দলি বঁটা' (২০১২)।[5]
  • মায়া মিডিয়া এৱাৰ্ডছ, সাহিত্য শিতান, 2 ছেপ্টেম্বৰ, ২০১৭

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 অভিজিত শৰ্মা বৰুৱা. "শান্তনু কৌশিকৰ তথ্য ভাণ্ডাৰ". বান্ধৱ. 
  2. "Santanu Kaushik Baruah’s 50th book released". The Assam Tribune. 20 January 2015. Archived from the original on 13 March 2016. https://web.archive.org/web/20160313113026/http://www.assamtribune.com/scripts/detailsnew.asp?id=jan2015/city055। আহৰণ কৰা হৈছে: 2 September 2019. 
  3. অনুৰাধা শৰ্মা পূজাৰী (১৯ ডিচেম্বৰ ২০০০). "ভাল কিতাপ". সাদিন. 
  4. ড: হীৰেন গোঁহাই (December 9, 2001). "অসমীয়া বিশ্বকোষ". দৈনিক জনমভূমি. 
  5. (৭ ডিচেম্বৰ, ২০১২). "শান্তনু কৌশিক বৰুৱালৈ মাধৱ কন্দলি বঁটা". দৈনিক বাতৰি, সপ্তম পৃষ্ঠা আজিৰ দৈনিক বাতৰি, সপ্তম পৃষ্ঠা. সংগ্ৰহ কৰা হৈছে: ৭ ডিচেম্বৰ, ২০১২.