আনন্দ চন্দ্ৰ আগৰৱালা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আনন্দ চন্দ্ৰ আগৰৱালা

আনন্দ চন্দ্ৰ আগৰৱালা
জন্ম ৫ ছেপ্টেম্বৰ, ১৯৭৪
বৰঙাবাৰী, তেজপুৰ, অসম
মৃত্যু ১৯৪০[1]
পেচা সহিত্যিক, শিক্ষাবিদ, আৰক্ষী অধীক্ষক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা  ভাৰত
নাগৰিকত্ব ভাৰত

আনন্দ চন্দ্ৰ আগৰৱালা (ইংৰাজী: Ananda Chandra Agarwala) (১৮৭৪-১৯৪০) এজন প্ৰসিদ্ধ কবি, অনুবাদক, প্ৰশাসক, ইতিহাসবিদ আৰু লিখক আছিল[2]জোনাকী যুগঅসমীয়া লেখকসকলৰ ভিতৰত এখেত অন্যতম। তেখেতক ‘ভাঙনি কোঁৱৰ’ আৰু বিহগী কবি নামেৰেও জনা যায়। আগৰৱালা দেৱে ১৯১৬ চনত ৰায়চাহাব উপাধি আৰু ১৯২১ চনত ৰায়বাহাদুৰ উপাধি লাভ কৰিছিল। তেওঁ তেজপুৰ পৌৰসভাৰ সভাপতিও আছিল। ছাত্ৰ অৱস্থাতে তেওঁ কেইজনমান বন্ধুৰ লগলাগি "ধৰ্ম সঙ্গীত" নামে পুথি ৰচনা কৰিছিল। ১৯০৬ চনত তেওঁ "পুলিচ মেনুৱেল" ৰচনা কৰিছিল[2]অসমীয়া সাহিত্যলৈ আগবঢ়োৱা বিশেষ অৱদানৰ কাৰণে তেখেতক ১৯৩৪ চনত মঙ্গলদৈত অনুষ্ঠিত অসম সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়। তেওঁ অসমীয়া ভাষা উন্নতি সাধনী সভাৰ এজন সক্ৰিয় সদস্য আছিল আৰু জোনাকী কাকতৰ নিয়মীয়া লিখক আছিল[3]


জন্ম আৰু শিক্ষা[সম্পাদনা কৰক]

১৮৭৪ চনত অসমশোণিতপুৰ জিলাৰ অন্তৰ্গত তেজপুৰৰ বৰঙাবাৰীত তেখেতৰ জন্ম হৈছিল[4]। পিতৃৰ নাম আছিল কাশীৰাম আগৰৱালা। বৰঙাবাৰী পাঠশালা আৰু তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্কুলীয়া শিক্ষা সাং কৰি তেখেতে কলিকতা মেট্ৰ’প’লিটান কলেজৰপৰা এফ এত উচ্চ শিক্ষা গ্ৰহণ কৰে। কলিকতাত থকা অৱস্থাত তেওঁ অসমীয়া ভাষা উন্নতি সাধনী সভাৰ এজন সক্ৰিয় সদস্য হয় আৰু জোনাকী কাকতত নিয়মীয়া লিখিবলৈ লয়। সাহিত্য চৰ্চাৰ কামত লাগি থাকি তেওঁৰ পঢ়া আধৰুৱা হয় আৰু বিশ্ববিদ্যালয়ৰ ডিগ্ৰী নোলোৱাকৈয়ে ঘৰলৈ উভতি আহে।

কৰ্মজীৱন[সম্পাদনা কৰক]

শিৱসাগৰৰ বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতাৰে চাকৰি জীৱনৰ পাতনি মেলি তেখেতে পিছলৈ ছাব-ইন্সপেক্টৰ, ইন্সপেক্টৰ, শিলচৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ, গুৱাহাটী আৰু ডিব্ৰুগড়ৰ সহ আৰক্ষী অধীক্ষক আদি পদত কাৰ্য্যনিৰ্বাহ কৰে । ১৯৩০ চনত আৰক্ষী অধীক্ষকৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰে। ইয়াৰ মাজতে তেখেতে জোনাকী আৰু বিজুলী আলোচনীৰ লগত জড়িত হৈ পৰে আৰু অসমীয়া সাহিত্য ক্ষেত্ৰত প্ৰভূত বৰঙণি যোগায়। ১৯৩৪ চনত অসম সাহিত্য সভাৰ মঙ্গলদৈ অধিবেশনত আগৰৱালাদেৱে সভাপতিত্ব কৰিছিল[5][6]

মৃত্যু[সম্পাদনা কৰক]

১৯৩৯ চনত তেজপুৰত আগৰৱালাদেৱৰ মৃত্যু হয়।

সাহিত্যকৰ্ম[সম্পাদনা কৰক]

তেখেতৰ প্ৰকাশিত পুথিসমূহ হৈছে-

  • An Account of Assam (বুৰঞ্জীমূলক গ্ৰন্থ) ।
  • Aspects of history and culture[7] আৰু
  • "গোৱালপাৰাৰ পুৰণি বিৱৰণ" আদি|

আনহাতে "কোমল পাঠ" (১৯১০) আৰু "আদি পাঠ" (১৯২০), তেখেতে ৰচনা কৰা দুখন পাঠ্যপুথি[2]

কবিতা সংকলন[সম্পাদনা কৰক]

  • জিলিঙনি [1],
  • পানেসৈ,
  • সুখৰ ঠাই,
  • দেৱকন্যা মানৱী বেশেৰে,
  • তই,
  • বলম,
  • আদি মৌলিক কবিতা,
  • জীৱন সঙ্গীত,
  • চহা আৰু পণ্ডিত,
  • যোগী,

অপ্ৰকাশিত সাহিত্য কৰ্মৰ ভিতৰত পদুমণি, জনক জীয়ৰী, অৰুন্ধতী আদি অন্যতম। বিদেশী কবিতা অনুবাদ কৰি জাতে-পাতে অসমীয়া কৰি তোলাত তেখেতৰ ব্যুৎপত্তিৰ বাবে তেখেতক ‘ভাঙনি কোঁৱৰ’ বুলি অভিহিত কৰা হয়[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 Sisir Kumar Das (1 January 1995). A History of Indian Literature 1911-1956: Struggle for Freedom: Triumph and Tragedy. Sahitya Akademi. পৃষ্ঠা. 549–. ISBN 978-81-7201-798-9. http://books.google.com/books?id=sqBjpV9OzcsC&pg=PA549। আহৰণ কৰা হৈছে: 18 February 2013. 
  2. 2.0 2.1 2.2 2.3 "Eminent Personalities of Assam". creative.sulekha.com. http://creative.sulekha.com/eminent-personalities-of-assam_467977_blog। আহৰণ কৰা হৈছে: February 18, 2013. 
  3. ত্ৰিদিপ গোস্বামী. পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ. অনন্ত হাজৰিকা, বনলতা প্ৰকাশণ. পৃষ্ঠা. ৫৪, ৫৫. 
  4. Swati Mitra (2011). Assam Travel Guide. Goodearth Publications. পৃষ্ঠা. 75–. ISBN 978-93-80262-04-8. http://books.google.com/books?id=lNggfFifHL8C&pg=PA75। আহৰণ কৰা হৈছে: 18 February 2013. 
  5. ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
  6. http://www.cic.nic.in/cicwebpages/Assam/gabharu/CULTURE.htm
  7. Ānandacandra Āgarawālā; Rabin Dev Choudhury (1991). Aspects of history and culture: Ananda Chandra Agarwala commemoration volume. Ramanand Vidya Bhawan. http://books.google.com/books?id=HTNuAAAAMAAJ। আহৰণ কৰা হৈছে: 18 February 2013. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]