সমললৈ যাওক

জোনাকী (আলোচনী)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জোনাকী
পূৰ্বৰ সম্পাদক
ষ্টাফ লিখক
প্ৰকাৰ সাহিত্য
প্ৰকাশনৰ হাৰ মাহেকীয়া
প্ৰকাশক চন্দ্ৰ কুমাৰ আগৰৱালা
প্ৰথম সংখ্যা ফেব্ৰুৱাৰী ৯, ১৮৮৯
শেষ সংখ্যা ১৯০৩
কোম্পানী অসমীয়া ভাষা উন্নতি সাধিনী সভা
দেশ  ভাৰত
ভিত্তি কলকাতা
ভাষা অসমীয়া

জোনাকী (ইংৰাজী: Jonaki) অসমীয়া আলোচনী সাহিত্যৰ পথপ্ৰদৰ্শক। ১৮৮৯ চনৰ ৯ ফেব্ৰুৱাৰীত পোনপ্ৰথমবাৰৰ বাবে এই আলোচনী চন্দ্ৰ কুমাৰ আগৰৱালাৰ সম্পাদনাত কলিকতাৰ পৰা প্ৰকাশ কৰা হয়।[1][2][3][4] 'জোনাকী'ৰ মাধ্যমেৰেই পোনপ্ৰথমবাৰৰ বাবে পশ্চিমীয়া সাহিত্যৰ আৰ্হিৰে অসমীয়া সাহিত্যৰ বিভিন্ন দিশ উন্মোচিত হৈ উঠে। জোনাকী আছিল ‘অসমীয়া ভাষা উন্নতি সাধনী সভা’ৰ মুখপত্ৰ। ইয়াৰ দ্বিতীয় সম্পাদক আছিল হেমচন্দ্ৰ গোস্বামী। পাছলৈ সত্যনাথ বৰা আৰু কনকলাল বৰুৱাৰ সম্পাদনাত গুৱাহাটীৰ পৰা জোনাকী প্ৰকাশ হয়। জোনাকীৰ পাততে চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম ৰোমাণ্টিক কবিতা ‘বন কুঁৱৰী’, হেমচন্দ্ৰ গোস্বামীৰ প্ৰথম অসমীয়া চনেটপ্ৰিয়তমাৰ চিঠি’ প্ৰকাশ হয়। লক্ষ্মীনাথ বেজবৰুৱাই 'লিতিকাই' প্ৰহসনৰ মাধ্যমেৰে প্ৰথম সাহিত্য সৃষ্টি কৰে আৰু ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’ শিতান আৰম্ভ কৰিছিল। অসমীয়া ভাষা-সাহিত্যৰ বিকাশত জোনাকীৰ অৰিহণা অনস্বীকাৰ্য। এই আলোচনীখন ১৮৮৯ চনৰ পৰা ১৯০৩ চনলৈকে চলি আছিল, এই সময়ছোৱাক অসমীয়া সাহিত্যৰ জোনাকী যুগ বুলি কোৱা হয়।[1][2]

১৮৮৮ চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন হোৱাৰ পিছত তেওঁলোকে এখন মাহেকীয়া অসমীয়া আলোচনী উলিয়াবলৈ মন মেলে। কিন্তু সভাৰ সকলো সদস্য ছাত্ৰ হোৱা বাবে আৰ্থিক সমস্যাই দেখা দিয়ে। তেতিয়া ধনী ব্যৱসায়ী পৰিয়ালৰ ল'ৰা চন্দ্ৰ কুমাৰ আগৰৱালা পইছা-পাতিৰে সহায় কৰিবলৈ আগবাঢ়ি আহে আৰু আলোচনীখনক "জোনাকী" নাম দিয়া হয়[5]। আগৰৱালা সংগঠনটোৰ সদস্য হোৱাৰ লগতে প্ৰেচিডেন্সী কলেজৰ এফ. এ. ছাত্ৰ আছিল। তেখেতে আলোচনীখনৰ ছপা আৰু সম্পাদনাৰ বাবে দুটা চৰ্ত আগবঢ়ায়:

  1. প্ৰতিজন সদস্যই "জোনাকী"ৰ দায়িত্ব ল'ব লাগিব;
  2. প্ৰতিজন সদস্যই "জোনাকী"ৰ বাবে একোটাকৈ লেখা দিব লাগিব।

এই দুটা চৰ্ত পূৰণ নকৰা সদস্যক ১৫ টকা জৰিমনা বিহা হ'ব। সভাই চৰ্ত দুটা মানি লোৱাত আলোচনীখনৰ প্ৰথম সংখ্যা প্ৰকাশ পায়। প্ৰকাশৰ প্ৰকৃত তাৰিখ গম পোৱা নাযায় কাৰণ আলোচনীখনত কেৱল অসমীয়া মাহ 'মাঘ' আৰু ১৮৮৯ চন বুলি উল্লেখ কৰা হৈছিল। কিন্তু তাৰিখটো ৯ ফেব্ৰুৱাৰী, ১৮৮৯ চন বুলি ভবা হয়। আলোচনীখন ১৮৯৮ চনলৈকে প্ৰকাশ হৈ থাকে।[3] তাৰপিছত ১৯০১ চনৰ পৰা [গুৱাহাটী]]ত আলোচনীখন প্ৰকাশ পায় আৰু 1903 চনলৈকে চলি থাকে।[3][6] গুৱাহাটী সংস্কৰণৰ সম্পাদক আছিল সত্যনাথ বৰা আৰু কনকলাল বৰুৱা

লক্ষ্য আৰু উদ্দেশ্য

[সম্পাদনা কৰক]

আলোচনীখনৰ এটা বিশেষত্ব আছিল যে ইয়াত কোনো সম্পাদকীয় প্ৰকাশ নহৈছিল। তাৰ সলনি ইয়াত "আত্মকথা" নামৰ এটা নিয়মীয়া ওলাইছিল য'ত আলোচনীখনৰ তথা সমাজখনৰ লক্ষ্য প্ৰকাশ কৰা হৈছিল।[3] আলোচনীখনৰ প্ৰথম সংখ্যাৰ সেই শিতানত প্ৰকাশ পোৱা লক্ষ্য আৰু উদ্দেশ্য এনেধৰণৰ আছিল:[3][আলোচনা পৃষ্ঠা চাওক]

Politics is outside our state of affairs. We should concentrate only on the welfare of the subjects of our servile nationhood. Our subject matters will be literature, science or society- we would strive to comprehend these topics and publish materials in them. We would give space to ‘criticism’ and ‘protests’. But no personal slander would be entertained. Special attention would be given to language. Our endeavour would be to get love and affection from all sections of the Assamese society... We have waged our war against darkness: Objective: development of the nation, and ‘Jonak (moonlight)’ …Works are going on everywhere at a crashing speed, will the Assamese sit down idle at this hour?[3][6]

"জোনাকী" যুগ

[সম্পাদনা কৰক]

"জোনাকী" আলোচনীয়ে অসমীয়া সাহিত্যত ৰোমাণ্টিকতাবাদৰ সূচনা কৰে। চন্দ্ৰকুমাৰ আগৰৱালাই লিখা প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা "বন কুঁৱৰী" আৰু হেমচন্দ্ৰ গোস্বামীৰ প্ৰথম অসমীয়া ছনেট "প্ৰিয়তমৰ চিঠি" জোনাকীতে প্ৰকাশ পাইছিল। হেমচন্দ্ৰ গোস্বামীৰ "কাকো আৰু হিয়া নিবিলাওঁ" এটা অন্য সোৱাদৰ কবিতা আছিল। লক্ষ্মীনাথ বেজবৰুৱাই লিখা "কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা" নামৰ এলানি খুহুতীয়া ৰচনাও নিয়মীয়াকৈ প্ৰকাশ পাইছিল। কমলাকান্ত ভট্টাচাৰ্য্যৰ "পাহৰণি" আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ "নিয়ৰ" আছিল প্ৰথম সংখ্যাত প্ৰকাশ পোৱা আন দুটা উল্লেখযোগ্য অসমীয়া কবিতা। এওঁলোকৰ সমূহীয়া প্ৰচেষ্টাত অসমীয়া সাহিত্যত "জোনাকী যুগ" বুলি এটা নতুন যুগৰ সৃষ্টি হয়। অৰুণোদইৰ লেখকসকলে প্ৰধানকৈ গদ্যৰ আশ্ৰয় লৈছিল, কিন্তু "জোনাকী"ৰ কবিসকল আৰু তেওঁলোকৰ সমসাময়িক কবিসকলৰ চেষ্টাত অসমীয়া সাহিত্যত কবিতাৰ গুৰুত্ব বাঢ়ি আহে।[4]

আলোচনীখনৰ লগত জড়িত লোক

[সম্পাদনা কৰক]

আলোচনীখনৰ লগত জড়িত উল্লেখযোগ্য ব্যক্তিসকল আছিল:[4]

১৮৮৯-১৮৯৮ চনৰ ভিতৰত "জোনাকী"ৰ প্ৰকাশ হোৱা সংখ্যা আছিল ৬৯ খন।[3][1]

  • প্ৰথম বছৰ: ১১টা সংখ্যা
  • দ্বিতীয় বছৰ: ১২টা সংখ্যা
  • তৃতীয় বছৰ: ১০টা সংখ্যা
  • চতুৰ্থ বছৰ: ১১টা সংখ্যা
  • পঞ্চম বছৰ: ৭টা সংখ্যা
  • ষষ্ঠ বছৰ: ১১টা সংখ্যা
  • সপ্তম বছৰ: ৬টা সংখ্যা
  • অষ্টম বছৰ: ১টা সংখ্যা

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 "First Assamese monthly magazine - Jonaki". assamspider.com. http://www.assamspider.com/resources/4080-First-Assamese-monthly-magazine-Jonaki.aspx। আহৰণ কৰা হৈছে: February 24, 2013. 
  2. 2.0 2.1 Amaresh Datta (1988). Encyclopaedia of Indian Literature: devraj to jyoti. Sahitya Akademi. পৃষ্ঠা. 1870–. ISBN 978-81-260-1194-0. http://books.google.com/books?id=zB4n3MVozbUC&pg=PA1870। আহৰণ কৰা হৈছে: 24 February 2013. 
  3. 3.0 3.1 3.2 3.3 3.4 3.5 3.6 Dutta, Uddipan. "The Growth of Print Nationalism and Assamese Identity in Two Early Assamese Magazines". Sarai. পৃষ্ঠাসমূহ: 6. http://www.sarai.net/fellowships/independent/archival-submissions/fellowships-04-05/uddipan-dutta-the-growth-of-print-nationalism-and-assamese-identity-in-two-early-assamese-magazines/page-6। আহৰণ কৰা হৈছে: 6 April 2010. 
  4. 4.0 4.1 4.2 Goswami, Geeta (Jan-Feb 2008). "Axamiyā Poetry: Inception to Romanticism". Muse India (17). Archived from the original on March 5, 2016. https://web.archive.org/web/20160305100241/http://www.museindia.com/viewarticle.asp?myr=2008&issid=17&id=912। আহৰণ কৰা হৈছে: February 24, 2013. 
  5. "The growth of print nationalism and assamese identity in two early assamese magazines". sarai.net. http://www.sarai.net/fellowships/independent/archival-submissions/fellowships-04-05/uddipan-dutta-the-growth-of-print-nationalism-and-assamese-identity-in-two-early-assamese-magazines/page-6। আহৰণ কৰা হৈছে: February 24, 2013. 
  6. 6.0 6.1 "Axomiā Bhāxā Unnati Xādhini Xabhār Karjya Biboroni". Jonaki খণ্ড 5 (7). 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]