জনসাধাৰণ
অৱয়ব
| প্ৰকাৰ | দৈনিক বাতৰিকাকত |
|---|---|
| ফৰমেট | ডাঙৰ পৃষ্ঠা |
| সম্পাদক | ডঃ শিৱনাথ বৰ্মন |
| প্ৰতিষ্ঠা | ২০০৩ |
| ভাষা | অসমীয়া |
| মুখ্য কাৰ্যালয় | গুৱাহাটী, অসম |
জনসাধাৰণ অসমৰ এখন দৈনিক অসমীয়া বাতৰি কাকত। গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পৰা সমসাময়িকভাৱে কাকতখন প্ৰকাশিত হয়। কাকতখন ২০০৩ চনত প্ৰথম প্ৰকাশ পায় ।[1] কাকতখনৰ প্ৰথম সম্পাদক আছিল মনোজ কুমাৰ গোস্বামী। ২০১১ চনৰ পৰা জনসাধাৰণ কাকতখনৰ মুখ্য সম্পাদক হৈ আছে পদাৰ্থ বিজ্ঞানৰ প্ৰাক্তন অধ্যাপক তথা সাহিত্যিক ড°শিৱনাথ বৰ্মন।[2] ড° বৰ্মনে আঠবছৰ সেৱা আগবঢ়োৱাৰ পিছত সেই দায়িত্বভাৰ ত্যাগ কৰে৷[3] কাকতখনৰ সৈতে প্ৰতি দেওবাৰে 'ইত্যাদি' নামৰ এখন পৰিপূৰিকা প্ৰকাশ হৈছিল। 'ইত্যাদি'ৰ মুখ্য সম্পাদক আছিল বেদব্ৰত বৰা। ২০১৮ চনত কাকতখনৰ প্ৰকাশ বন্ধ হয়।[4]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "About Janasadharan". Archived from the original on 5 November 2012. https://web.archive.org/web/20121105073848/http://janasadharan.in/beta/news/about। আহৰণ কৰা হৈছে: 8 November 2012.
- ↑ "Janasadharan Assamese Newspaper". Archived from the original on 7 January 2013. https://web.archive.org/web/20130107105101/http://www.assamjournal.com/2011/11/janasadharan-assamese-newspaper-online.html। আহৰণ কৰা হৈছে: 8 November 2012.
- ↑ পৰমানন্দ মজুমদাৰ (২০১৭). "শিৱনাথ বৰ্মন অভিনন্দন গ্ৰন্থ". বিপঞ্চিতা প্ৰকাশন.
- ↑ শান্তনু কৌশিক বৰুৱা (ডিচেম্বৰ, ২০২০). অসম ইয়েৰ বুক, ২০২১. জ্যোতি প্ৰকাশন. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮.
| |||||||||||