বাঁহী (আলোচনী)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
বাঁহী
বাঁহী
প্ৰথম সংখ্যা বাঁহীৰ বেটুপাত
সম্পাদক লক্ষ্মীনাথ বেজবৰুৱা
অমিয় কুমাৰ দাস
মাধৱ চন্দ্ৰ বেজবৰুৱা. ঊষা বেজবৰুৱা
প্ৰকাৰ সাহিত্য আলোচনী
প্ৰকাশনৰ হাৰ মাহেকীয়া
প্ৰতিষ্ঠাপক লক্ষ্মীনাথ বেজবৰুৱা
প্ৰথম সংখ্যা নৱেম্বৰ, ১৯০৯
দেশ ভাৰত
ভাষা অসমীয়া

বাঁহী (ইংৰাজী: Banhi) আছিল লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পাদনাত প্ৰকাশিত এখন অসমীয়া মাহেকীয়া আলোচনী। ১৯০৯ চনৰ নৱেম্বৰ মাহত প্ৰথম প্ৰকাশিত হোৱা এই আলোচনীখনে অসমীয়া ভাষা-সাহিত্যৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। বেজবৰুৱাৰ সম্পাদনাত প্ৰথমতে কলিকতাৰ পৰা প্ৰকাশ হোৱা আলোচনীখন পিছলৈ ডিব্ৰুগড় আৰু তাৰো পিছত গুৱাহাটীৰ পৰা পৰা প্ৰকাশিত হয়। বেজবৰুৱাৰ পিছত অমিয় কুমাৰ দাসে বাঁহীৰ সম্পাদনাৰ দায়িত্ব লয়। ১৯৩৮ চনত লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যুৰ পাছত ভতিজা মাধৱ চন্দ্ৰ বেজবৰুৱাই বাঁহীৰ সম্পাদনাৰ ভাৰ লয়।

চমু ইতিহাস[সম্পাদনা কৰক]

উনবিংশ শতিকাত কলিকতাত হোৱা নৱজাগৰণৰ পৰিপ্ৰেক্ষিতত সেই সময়ত কলিকতাত অধ্যয়ন কৰি থকা সমূহ অসমীয়া ছাত্ৰই ১৮৮৫ চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কৰে আৰু জোনাকী আলোচনীৰ প্ৰকাশ কৰে। জোনাকী আলোচনীয়ে অসমীয়া সাহিত্যত নৱন্যাস যুগৰ সূচনা কৰে। ১৯০৭ চনত পদ্মনাথ গোহাঞি বৰুৱাৰ সম্পাদনাত উষা নামৰ আলোচনীখন প্ৰকাশ হয়। প্ৰকাশৰ সময়ৰে পৰা লক্ষ্মীনাথ বেজবৰুৱাই উষাত কৃপাবৰ বৰুৱা ছদ্মনামত প্ৰবন্ধ ৰচনা কৰে। ১৮৩০ শকৰ ভাদ মাহৰ তৃতীয় ভাগ, তৃতীয় সংখ্যাত উষাত কৃপাবৰ বৰুৱাৰ প্ৰত্যাগমণ নামৰ প্ৰবন্ধৰ তলত প্ৰকাশ হোৱা এংলো ইণ্ডিয়ান নামৰ প্ৰবন্ধটিক লৈ বৃটিছ চৰকাৰে সম্পাদকক কৈফিয়ৎ তলব কৰে। তেতিয়া সম্পাদকে সেই প্ৰবন্ধটো উঠাই লয় আৰু কৃপাবৰ বৰুৱাৰ অমত প্ৰকাশ কৰি লিখে যে প্ৰবন্ধটি ভালকৈ পঢ়ি নোচোৱাকৈয়ে প্ৰকাশ কৰা হৈছিল। ‘ভ্ৰমবশতঃ’ ছপা হোৱা সেই প্ৰবন্ধৰ বাবে সম্পাদকে ঘোৰ অনুতাপ হোৱা বুলি কয়। এই ঘটনাৰ পিছত উষাৰ সৈতে বেজবৰুৱাৰ সম্পৰ্ক ছিন্ন হয়।[1] ১৯০৯ চনৰ আগষ্ট মাহত কলিকতাত অধ্যয়নৰত ছাত্ৰ আৰু কেইজনমান প্ৰৱাসী অসমীয়াই মীৰ্জাপুৰ ষ্ট্ৰীটৰ লায়েক জুবিলী ইনষ্টিটিউটৰ এটা কোঠাত ছাত্ৰসকলৰ মাজত পুনৰ যোগাযোগ স্থাপনৰ বাবে গোট খায়। এই সভাত তেওঁলোকে জোনাকী কাকতৰ পুনৰ প্ৰকাশ কৰিবলৈ ঠিক কৰে। কিছুদিন পিছত সভাত উপস্থিত থকাসকলে লক্ষ্মীনাথ বেজবৰুৱাক কথাখিনি কোৱাত তেওঁ কয় যে কলিকতাত প্ৰবন্ধ গোটাই সম্পাদনা কৰি যোৰহাটলৈ পঠিয়াই তাত ছপা কৰি পুনৰ কলিকতাত বিতৰণ কৰাটো দুৰূহ কথা হ’ব। তাতকৈ বেজবৰুৱাই নিজেই এক কাকত উলিয়াম বুলি তেওঁলোকৰ পৰা প্ৰবন্ধ বিচাৰে। সেইমতে তেওঁলোকে প্ৰবন্ধ লিখি বেজবৰুৱাৰ হাতত অৰ্পণ কৰে।[2] যতীন্দ্ৰনাথ দুৱৰাৰ সমৰ্থন পাই তেওঁ আলোচনীখনৰ নাম বাঁহী ৰাখে। লক্ষ্মীনাথ বেজবৰুৱাৰ হাওড়াৰ আৱাসৰ ওচৰতে ‘সলকিয়া প্ৰিণ্টিং ৱৰ্কছ’ নামৰ এক ছপাখানা আছিল। ১৮৩১ শকৰ আঘোন মাহ অৰ্থাৎ ১৯০৯ চনৰ নৱেম্বৰ মাহত লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পাদনাত বাঁহী আলোচনীৰ প্ৰথম বছৰৰ প্ৰথম সংখ্যা প্ৰকাশ হৈ ওলায়। প্ৰথম বছৰৰ প্ৰথম সংখ্যা বাঁহীৰ প্ৰথম পিঠিত এগৰাকী মহিলাই গছৰ তলত বাঁহী বজোৱা ছবি এখনৰ তলত লক্ষ্মীনাথ বেজবৰুৱাৰ বাঁহী কবিতাটি প্ৰকাশ কৰা হৈছিল। ৩২ পৃষ্ঠাৰ ডিমাই আকাৰৰ (১৪ চেঃমিঃ x ২২ চেঃমিঃ) এই আলোচনীৰ প্ৰকাশক আছিল হৰিনাথ বেজবৰুৱা, আসাম বেংগল ষ্টোৰ্চ, ২ নং লালবাজাৰ ষ্ট্ৰীট, কলিকতা। বাঁহীৰ মূল্য আছিল এটকা আঠ অনা।

পৰৱৰ্তী প্ৰকাশন[সম্পাদনা কৰক]

প্ৰথম অৱস্থাত বাঁহী আলোচনীখন ইংৰাজী মাহৰ শেষত ওলাইছিল। কিন্তু মাৰ্চ মাহৰ শেষত বেজবৰুৱাই অসমীয়া মাহৰ প্ৰথম ভাগত আলোচনীখন উলিয়াবলৈ মন কৰিলে আৰু এপ্ৰিল মাহৰ সংখ্যাটো বহাগ বিহুত প্ৰকাশ কৰে। তাৰ পিছৰ পৰা অসমীয়া মাহৰ প্ৰথম সপ্তাহত বাঁহী ওলাবলৈ লয়। ১৯১৭ চনলৈ লক্ষ্মীনাথ বেজবৰুৱাই কলিকতাৰ পৰা বাঁহীৰ প্ৰকাশনৰ কাম কৰিছিল। কিন্তু বাঁহীৰ নৱম বছৰত তেওঁ উৰিষ্যালৈ বদলি হ’বলগীয়া হয়। তেতিয়া চন্দ্ৰকুমাৰ আগৰৱালাই বাঁহী প্ৰকাশনৰ দ্বায়িত্ব লয়॥ দশম বছৰৰ পৰা লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পাদনাত ডিব্ৰুগড়ৰ পৰা অসমীয়া প্ৰেছত বাঁহীৰ মুদ্ৰণ আৰু প্ৰকাশন আৰম্ভ হয়। পিছলৈ চন্দ্ৰকুমাৰ আগৰৱালা আৰু অসমীয়া প্ৰেছ গুৱাহাটীলৈ স্থানান্তৰ হোৱাত বাঁহী গুৱাহাটীৰ পৰা প্ৰকাশিত হ’বলৈ লয়। সেই সময়ত কটনত কলেজৰ ছাত্ৰসকল, ডিম্বেশ্বৰ নেওগ, পদ্মধৰ চলিহা, অমিয় কুমাৰ দাস আদিও বাঁহীৰ লগত জড়িত হয়। বেজবৰুৱাৰ পিছত অমিয় কুমাৰ দাসৰ সম্পাদনাত বাঁহী প্ৰকাশ হ’বলৈ ধৰে। ১৯৩৮ চনত লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যুৰ পাছত সাময়িকভাৱে বাঁহীৰ প্ৰকাশ বন্ধ হৈ পৰে। সেই সময়ত বেজবৰুৱাৰ ভতিজা মাধৱ চন্দ্ৰ বেজবৰুৱাই ১৯৪০ চনৰ পৰা পুনৰ কলিকতাৰ পৰা ভিন্ন ৰূপত বাঁহী প্ৰকাশ কৰে। লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যুৰ পিছত বাঁহী প্ৰকাশ কৰিবলৈ মাধৱ বেজবৰুৱাক বিষ্ণু প্ৰসাদ ৰাভা আৰু মহেন্দ্ৰনাথ ফুকনে সহায় কৰিছিল। আলোচনীখনৰ বেটুপাত আৰু ভিতৰৰ ছবিসমূহ বিষ্ণু ৰাভাই অংকন কৰিছিল। প্ৰায় প্ৰতিটো সংখ্যাতে বেজবৰুৱাৰ লেখাৰ পুনৰ্মুদ্ৰণ হৈছিল। বেজবৰুৱাই কাহুদী আৰু খাৰলি শিতান আৰু সম্পাদকীয় সুকীয়াকৈ লিখিছিল। কিন্তু মাধৱ বেজবৰুৱাই কাহুদী আৰু খাৰলিতেই সম্পাদকীয় বক্তব্যও প্ৰকাশ কৰিবলৈ লয়। বোৱতী সুঁতি, দেশ-বিদেশৰ বাতৰি, পতিৱা বা নপতিৱা, বিজ্ঞানৰ লেবৰেটৰী, সাময়িক কিতাপ আদি শিতান বাঁহীত যোগ কৰা হৈছিল।[3]সম্পাদনাৰ দায়িত্বত থাকে মাধৱ চন্দ্ৰ বেজবৰুৱা আৰু তেওঁৰ পত্নী ঊষা বেজবৰুৱা। ১৯৪৬ চনত মাধৱ চন্দ্ৰ বেজবৰুৱাৰ মৃত্যু হোৱাত পত্নী ঊষা বেজবৰুৱা আৰু ককায়েক আনন্দ বেজবৰুৱাই কলিকতাৰ পৰা বাঁহী প্ৰেছ উঠাই আনি শিৱসাগৰ নগৰৰ মাজমজিয়াৰ এ টি ৰ’ডৰ বেজবৰুৱা চৌহদত স্থাপন কৰিলে। তেতিয়াৰ পৰা বাঁহী আলোচনী প্ৰকাশ বন্ধ হয়।[4]

অসমীয়া সাহিত্যলৈ অৱদান[সম্পাদনা কৰক]

আধুনিক অসমীয়া ভাষাৰ প্ৰতিষ্ঠাপনৰ বেলিকা এই আলোচনীৰে ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। শ্ৰীমন্ত শংকৰদেৱক নামঘৰৰ মণিকূটৰ বাহিৰতো অসমীয়াৰ হৃদয়ত স্থাপন কৰিলে ‘বাঁহী’ৰ যোগেদিয়েই। অসমীয়া সমাজৰ দোষ-দুৰ্বলতা, ভণ্ডামি-কপটতা আদি নিৰ্মূল কৰাৰ অভিযানো চালে ‘বাঁহী’য়েই।

প্ৰথম সংখ্যা বাঁহীত কেৱল বেজবৰুৱাৰ লিখনিয়েই প্ৰকাশ হৈছিল। এই সংখ্যাত জগৰা মণ্ডলৰ প্ৰেমাভিনয়, ৰেডিয়ম, আনন্দৰাম বৰুৱাৰ জীৱন চৰিত(কৃপাবৰ), অসমীয়া ভাষাৰ সম্পৰ্কে আষাৰচেৰেক কথা আৰু কৃপাবৰৰ কবিতা- দিনৰ সপোন, চন্দ্ৰ, কুলি, ধোঁৱা-খোৱা, ক’ল-বগা, আমাৰ জন্মভূমি আৰু ছয় ঋতুৰ ডাক প্ৰকাশিত হয়। ১৮৯৫ চনত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ বাৰটা অধিৱেশনত বেজবৰুৱাই অসমীয়া ভাষা সম্পৰ্কে দিয়া দীঘলীয়া ভাষণৰ কিয়দংশ বাঁহীৰ প্ৰথম বছৰৰ প্ৰথম আৰু দ্বিতীয় বছৰত অসমীয়া ভাষাৰ সম্পৰ্কে আষাৰচেৰেক কথা হিচাপে প্ৰকাশ হয়। বাঁহীৰ প্ৰথম সংখ্যাত জোনাকীৰ দৰে ‘আত্মকথা’ নথকা সন্দৰ্ভত বেজবৰুৱাৰ বন্ধু এজনে প্ৰশ্ন কৰাত দ্বিতীয় সংখ্যাৰ পৰা সম্পাদকৰ চ’ৰা শিতান আৰম্ভ হয়। প্ৰথম বছৰৰ সম্পাদকৰ চ’ৰাৰ বেছিভাগ কথাই স্বাস্থ্য বিষয়ক। ইয়াৰ ভিতৰত পানী লগা (তৃতীয় সংখ্যা), ফটিকা(পঞ্চম সংখ্যা), মেলেৰিয়া(সপ্তম সংখ্যা), দীৰ্ঘ জীৱন (অষ্টম সংখ্যা),প্লেগ (নৱম সংখ্যা)আদি উল্লেখযোগ্য। বাঁহীত প্ৰকাশিত আন কিছুমান উল্লেখযোগ্য প্ৰবন্ধ হ’ল কমলাকান্ত ভট্টাচাৰ্যগুটিদিয়েক চিন্তাৰ ঢৌ, বেজবৰুৱাৰ আসাম, ৰজনী কুমাৰ দাসৰ পুৰণি অসামত ভূমুকি, জ্ঞানানন্দ জগতীৰ মণিপুৰ যাত্ৰা আদি। জ্ঞানদাভিৰাম বৰুৱাবিলাতৰ চিঠি বাঁহীত কেইবাটাও সংখ্যাত প্ৰকাশিত হৈছিল। গুৰু চৰিত পুথিখনো দ্বিতীয় বছৰৰ পৰা ধাৰাবাহিক ভাবে বাঁহীত প্ৰকাশিত হৈছিল। ১৯১০ চনৰ মে মাহত সপ্তম সংখ্যাত ‘বাঁহী’ আলোচনী খনত ২১২ নং পৃষ্ঠাত ‘মোৰ দেশ’ নামৰ লক্ষ্মীনাথ বেজবৰুৱাৰ গীতটি কৃপাবৰ বৰুৱা নামত প্ৰকাশ হৈছিল। এই গীতটি পিছলৈ অসমৰ জাতীয় সংগীত হিচাপে নিৰ্বাচিত কৰা হয়। বাঁহীৰ লেখকসকলৰ ভিতৰত যতীন্দ্ৰনাথ দুৱৰা, লক্ষ্মীনাথ ফুকন, হেম বৰুৱা, দণ্ডিনাথ কলিতা, পাৰ্বতি প্ৰসাদ বৰুৱা, সূৰ্যকুমাৰ ভূঞা, কৃষ্ণকান্ত সন্দিকৈ, উপেন চন্দ্ৰ লেখাৰু, কালিৰাম মেধি, অতুলচন্দ্ৰ হাজৰিকা, বাণীকান্ত কাকতি, পদ্মধৰ চলিহা, তীৰ্থনাথ শৰ্মা, কমলাকান্ত ভট্টাচাৰ্য, চৈয়দ আব্দুল মালিক আদি উল্লেখযোগ্য আছিল। ইয়াৰে বাণীকান্ত কাকতিয়ে মহাপুৰুষ শংকৰদেৱৰ বৈষ্ণৱ আন্দোলনৰ কেন্দ্ৰীয় গুৰুত্বক মৰ্যাদা দিয়ো অসমীয়া সংস্কৃতিত আৰ্যভিন্ন উপাদানৰ স্বীকৃতিৰে কৰা বিশ্লেষণে অসমীয়া সমাজত প্ৰভাৱ পেলাইছিল। অসমীয়া ভাষাৰ প্ৰতিষ্ঠাৰ লগতে পশ্চিমীয়া আলোক্প্ৰাপ্তিৰ সহায়ত অসমীয়া সমাজক নতুনকৈ চাবলৈ চেষ্টা কৰাটো বাঁহী আলোচনীৰ বৈশিষ্ট্য আছিল।[5] জোনাকী আলোচনীৰ পিছত বাঁহীত অসমীয়া কবিতাৰ বিকাশৰ দ্বিতীয় পৰ্যায় আৰম্ভ হয়। যতীন্দ্ৰনাথ দুৱৰা, চন্দ্ৰ কুমাৰ আগৰৱালা, দণ্ডিনাথ কলিতা আদিৰ কবিতা বাঁহীত প্ৰকাশিত হৈছিল। জ্যোতিপ্ৰসাদ আগৰৱালা, দুৰ্গেশ্বৰ শৰ্মা, জ্ঞাননাথ বৰা, ৰঘুনাথ চৌধাৰী আদিক কবি হিচাপে গঢ়ি তোলাত বাঁহীৰ ভূমিকা অনস্বীকাৰ্য। গল্পৰ ক্ষেত্ৰত কৃষ্ণ ভূঞাৰ প্ৰগতি আৰু প্ৰকৃতি, হৰগোবিন্দ শৰ্মাকাৰ বাবে দিলো এনে আত্ম বলিদান, ৰূদ্ৰনাথ দেৱশৰ্মাৰ কবিৰাজ, লক্ষ্মীনাথ বেজবৰুৱাপাতমুগী, জ্যোতিপ্ৰসাদ আগৰৱালাৰূপহী আদি বাঁহীৰ পাতত প্ৰকাশ হয়। হাস্য বংগ সাহিত্যৰ ক্ষেত্ৰত বেজবৰুৱাৰ কৃপাবৰ বৰুৱাৰ নামত লিখা ৰচনাসমূহ উল্লেখনীয়। অনুবাদ সাহিত্যৰ ক্ষেত্ৰখনো বাঁহীৰ পাতত প্ৰকাশিত ৰচনাই ছুই যায়। ইংৰাজ কবি শ্বেলি, বাইৰণৰ বহু কবিতাৰ অসমীয়া অনুবাদ বাঁহীত প্ৰকাশিত হয়। দেৱেশ্বৰ চলিহাই কৰা শ্বেলিৰ টু দ্য স্কাইলাৰ্ক কবিতা, এল্ফন্স' দ'ডেৰ আধাৰত যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা কথা কবিতা মোৰ শেষ পথ, মোপাঁচাৰ গল্পৰ আধাৰত লীলা দেৱীয়ে ৰচনা কৰা সপোন নে আদি বাঁহীত প্ৰকাশিত অনুবাদ সাহিত্যৰ নিদৰ্শন।[6] অসমীয়া গ্ৰন্থ সমালোচনাৰ ক্ষেত্ৰতো বাঁহীয়ে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। তদুপৰি গাভৰুৰ মেল শিতানৰ যোগেদি নলিনীবালা দেৱী,ধৰ্মেশ্বৰী দেৱী বৰুৱানী,লীলা দেৱী,সুপ্ৰভা গোস্বামী, দ্ৰৌপদী দেৱী কটকী আদি লেখিকাই অসমীয়া সাহিত্যলৈ বৰঙনি যোগাইছিল।[3]

পুনৰ প্ৰকাশ[সম্পাদনা কৰক]

২০০১ চনত অসম সাহিত্য সভাযতীন্দ্ৰনাথ গোস্বামী আৰু বসন্তকুমাৰ গোস্বামীৰ সম্পাদনাত বাঁহীৰ সংখ্যাসমূহ একগোট কৰি প্ৰকাশ কৰে।[7]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. যতীন্দ্ৰনাথ গোস্বামী সংকলিত (২০০১). বসন্তকুমাৰ গোস্বামী. ed. বাঁহী (প্ৰথম আৰু দ্বিতীয় বছৰ). অসম সাহিত্য সভা. 
  2. লক্ষ্মীনাথ তামুলী সম্পাদিত (১৯৯৭). যতীন্দ্ৰ নাথ দুৱৰা ৰচনাৱলী. লয়াৰ্ছ বুক ষ্টল. 
  3. 3.0 3.1 যোগেন্দ্ৰ নাৰায়ণ ভূঞা (১৯৯৩). প্ৰফুল্লদত্ত গোস্বামী, হোমেন বৰগোহাঞি. ed. অসমীয়া সাহিত্যৰ বুৰঞ্জী, (ষষ্ঠ খণ্ড). আনন্দ ভাষা-কলা-সংস্কৃতি সংস্থা. পৃষ্ঠা. ৪২. 
  4. Janambhumi News Desk (October 16, 2016). "বাঁহী প্ৰেছত হাতুৰীৰ কোব". জনমভূমি. https://janambhumi.in/VFdwak0wMW5QVDA9/%E0%A6%AC%E0%A6%BE%E0%A6%81%E0%A6%B9%E0%A7%80-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A7%87%E0%A6%9B%E0%A6%A4-%E0%A6%B9%E0%A6%BE%E0%A6%A4%E0%A7%81%E0%A7%B0%E0%A7%80%E0%A7%B0-%E0%A6%95%E0%A7%8B%E0%A6%AC.html। আহৰণ কৰা হৈছে: 14 May 2020. 
  5. মুনীন বায়ন. অসমীয়া সাহিত্যৰ বুৰঞ্জী (আধুনিক যুগ্). দূৰ আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠান, গুৱাহাটী বিশ্ববিদ্যালয়. 
  6. Gita Hazarika (December 2019). "Contribution of Banhi Magazine To The Developement of Modern". INTERNATIONAL JOURNAL OF SCIENCE & TECHNOLOGY RESEARCH খণ্ড 8 (12). ISSN 2277-8616. 
  7. সতীশ চন্দ্ৰ দাস (২৬ মাৰ্চ, ২০১৩). "বেজবৰুৱাৰ বাঁহীৰ প্ৰাসংগিকতা". অসমীয়া খবৰ. 

লগত চাওক[সম্পাদনা কৰক]