চন্দ্ৰকুমাৰ আগৰৱালা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চন্দ্ৰকুমাৰ আগৰৱালা

চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰতিকৃতি
জন্ম ২৮ নৱেম্বৰ ১৮৬৭
তেজপুৰ, অসম, ভাৰত
মৃত্যু ২ মাৰ্চ, ১৯৩৮
পেচা সাহিত্যিক, কবি আৰু ব্যৱসায়ী

চন্দ্ৰকুমাৰ আগৰৱালা (১৮৬৭-১৯৩৮) এজন অসমীয়া কবি আৰু লেখক। অসমীয়া সাহিত্যত ৰোমাণ্টিকতাবাদৰ সূচনা কৰা লেখকসকলৰ তেখেত আছিল অন্যতম৷[1] জোনাকীৰ প্ৰথম সংখ্যাত প্ৰকাশ পোৱা 'বনকুৱঁৰী'য়েই আছিল প্ৰথম অসমীয়া ৰোমান্টিক কবিতা৷ আগৰৱালাক "প্ৰতিমাৰ খনিকৰ" বুলিও অভিহিত কৰা হয়।[2] তেখেত জোনাকী আলোচনীৰ প্ৰথমজন সম্পাদক আৰু সাহিত্য সংগঠন অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰতিষ্ঠাপক সদস্য আছিল।[3][4] আধুনিক অসমীয়া সাহিত্যলৈ আগবঢ়োৱা বৰঙণিৰ বাবে আগৰৱালাৰ লগত লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক একেলগে "অসমীয়া সাহিত্যৰ ত্ৰিমূৰ্তি" বুলি কোৱা হয়।[5]বনকুৱঁৰী, তেজীমলা, মাধুৰী, বিণবৰাগী, মহাত্মা আদি তেওঁৰ অনুপম কবিতা সমূহৰ অন্যতম কবিতা৷

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৮৬৭ চনৰ ২৮ নৱেম্বৰত শোণিতপুৰ জিলাগহপুৰকলংপুৰ মৌজাৰ ব্ৰহ্মজানত চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হয়। তেখেতৰ পিতৃ হৰিবিলাস আগৰৱালা আৰু মাতৃ মলমা৷ তেজপুৰতে শিক্ষাজীৱন আৰম্ভ কৰি চন্দ্ৰকুমাৰে কিছুদিন কলিকতাতৰ হিন্দু স্কুলতো পঢ়ে। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰা এন্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ তেখেতে প্ৰেচিডেন্সী কলেজৰ পৰা এফ এ উত্তীৰ্ণ হয়। তাৰপিছত স্নাতক শ্ৰেণীত নাম লগাই যদিও শিক্ষা সমাপ্ত নকৰিলে।

কৰ্মজীৱন[সম্পাদনা কৰক]

লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ লগ লাগি আগৰৱালা দেৱে কলিকতাত অসমীয়া ভাষা উন্নতি সাধিনী সভা প্ৰতিষ্ঠা কৰে আৰু লগতে জোনাকী নামৰ আলোচনী প্ৰকাশ কৰে। জোনাকী প্ৰথম দুটা সংখ্যাৰ সম্পাদনাও কৰিছিল আগৰৱালাদেৱে। তাৰ পাছত আগৰৱালা দেৱে ১৯১৮ চনত ডিব্ৰুগড়ৰ পৰা "অসমীয়া" নামেৰে এখন বাতৰি কাকত প্ৰকাশ কৰে। ১৯২৪ চনত গুৱাহাটিৰ খাৰঘুলিত "নিউ প্ৰেছ" স্থাপন কৰি তাৰ পৰা "সাদিনীয়া অসম" নিয়মীয়া ৰূপে প্ৰকাশ কৰি উলিয়ায়। পিছত এই কাকতখন তিনিদিনীয়াকৈয়ো প্ৰকাশ কৰা হৈছিল। [6]

ৰচনা[সম্পাদনা কৰক]

'প্ৰতিমা (১৯১৪), বীণবৰাগী (১৯২৩), চন্দ্ৰামৃত (১৯৬৭)৷

সম্পাদনা[সম্পাদনা কৰক]

জোনাকী৷ ইয়াৰ উপৰি অসমীয়া, তিনিদিনীয়া অসমীয়া, সাদিনীয়া অসমীয়া, বাঁহী আদি কাকতৰ প্ৰতিষ্ঠা তথা পৰিচালনাৰে সৈতে ওতঃপ্ৰোত ভাৱে জড়িত আছিল।

মৃত্যু[সম্পাদনা কৰক]

১৯৩৮ চনৰ ২ মাৰ্চত গুৱাহাটীৰ উজানবজাৰৰ নিজা ঘৰত চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যু হয়।[7]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Modern Indian Literature, an Anthology: Plays and prose - Google Books. Books.google.co.in. http://books.google.co.in/books?id=m1R2Pa3f7r0C&lpg=PA446&ots=uorg5T7xCM&dq=Chandra%20Kumar%20Agarwala&pg=PA446#v=onepage&q=Chandra%20Kumar%20Agarwala&f=false। আহৰণ কৰা হৈছে: 2013-05-17. 
  2. "Sobriquets". enajori.com. http://enajori.com/trivia-2/sobriquets/। আহৰণ কৰা হৈছে: 2013-05-18. 
  3. Bipuljyoti Saikia (1938-03-02). "Bipuljyoti Saikia's Homepage : Authors & Poets - Chandrakumar Agarwala". Bipuljyoti.in. http://www.bipuljyoti.in/authors/chandrakumar.html। আহৰণ কৰা হৈছে: 2013-05-17. 
  4. "The growth of print nationalism and assamese identity in two early assamese magazines". Sarai.net. http://www.sarai.net/fellowships/independent/archival-submissions/fellowships-04-05/uddipan-dutta-the-growth-of-print-nationalism-and-assamese-identity-in-two-early-assamese-magazines/page-6। আহৰণ কৰা হৈছে: 2013-05-17. 
  5. Hiranya Saikia. "Asom Sahiya Sabha, a contemporary analysis". Times of Assam. http://www.timesofassam.com/articles/asom-sahitya-sabha-a-contemporary-analysis/। আহৰণ কৰা হৈছে: 2013-05-17. 
  6. বৰেণ্য, নিয়মীয়া বাৰ্তা, ২১ চেপ্টেম্বৰ, ২০১২
  7. "Chandrakumar Agarwala, assamia poet, passed awa This Day In Indian History of Indian Death 2-March-1938". IndianAge.Com. 1938-03-02. http://www.indianage.com/eventdate.php/Death/2-March-1938। আহৰণ কৰা হৈছে: 2013-05-17. 


লগতে চাওক[সম্পাদনা কৰক]