সমললৈ যাওক

মহাত্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লালন

মহাত্মা (ইংৰাজী: ;Mahātmā (/məˈhɑːtmə, -ˈhæt-/) শব্দৰ অৰ্থ হৈছে "মহান আত্মা" (महात्मा mahātmā: महा mahā (মহান) + आत्मं বা आत्मन ātman [আত্মা])। আধুনিক ইংৰাজী শব্দ ‘চেইণ্ট’ ব্যৱহাৰিক অৰ্থত মহাত্মাৰ সমাৰ্থক আৰু ইয়াক "সদগুৰু" বুলি অনুবাদ কৰিব পাৰি।[1]

এই বিশেষণ সাধাৰণতে বাসবেশ্বৰ[2] (১১৩১-১১৬৭), মোহনদাস কৰমচান্দ গান্ধী (১৮৬৯-১৯৪৮), মুন্সিৰাম (পিছলৈ স্বামী শ্ৰদ্ধানন্দ) (১৮৫৬-১৯২৬), লালন শ্বাহ (১৭৭২-১৮৯০), আয়ঙ্কালী (১৮৬৩-১৯৪১) আৰু জ্যোতিৰাও ফুলে (১৮২৭-১৮৯০) আদিৰ দৰে বিশিষ্ট লোকৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয়। ইয়াক ঐতিহাসিকভাৱে জৈন পণ্ডিতসকলৰ এটা শ্ৰেণীৰ বাবেও ব্যৱহাৰ কৰা হৈছে।

থিঅ’চফি

[সম্পাদনা কৰক]

থিঅ'চফিকেল শিক্ষা অনুসৰি, মহাত্মাসকল বিকৃত সত্তা নহয়, তেওঁলোক ব্যক্তিৰ আধ্যাত্মিক বিকাশৰ তদাৰক কৰোঁতা আৰু সভ্যতাৰ বিকাশত জড়িত উচ্চ বিকশিত লোক। ব্লাভাটস্কি আধুনিক সময়ৰ প্ৰথম গৰাকী ব্যক্তি, যিয়ে বিশেষকৈ ‘কুট হুমি’, ‘মৰিয়া’ আদি দক্ষ গুৰুসকলৰ সৈতে সম্পৰ্ক দাবী কৰিছিল। ‘এলভিন বয়েড কুনে’ মহাত্মাসকলৰ বিষয়ে লিখিছিল।[3]

গান্ধীৰ ‘মহাত্মা’ উপাধি

[সম্পাদনা কৰক]
মোহনদাস কৰমচান্দ গান্ধী, যাক সাধাৰণতে মহাত্মা বুলি কোৱা হয়

কিছু লেখকৰ মতে, ৰবীন্দ্ৰনাথ ঠাকুৰে ১৯১৫ চনৰ ৬ মাৰ্চত গান্ধীৰ বাবে ‘মহাত্মা’ উপাধি ব্যৱহাৰ কৰিছিল।[4] কিছুৱে দাবী কৰে যে, ১৯১৫ চনৰ এপ্ৰিল মাহত গুৰুকুল কাংগাদিৰ বাসিন্দাসকলে তেওঁক মহাত্মা বুলি মাতিছিল,[5] আৰু তাৰ পৰিৱৰ্তে তেওঁ প্ৰতিষ্ঠাপক মুন্সিৰামক মহাত্মা বুলি অভিহিত কৰিছিল (যি পিছলৈ স্বামী শ্ৰদ্ধানন্দ ৰূপে পৰিচিত হৈছিল।) অৱশ্যে, ১৯১৫ চনৰ ২১ জানুৱাৰীত গুজৰাটৰ জেটপুৰত, গান্ধীক "মহাত্মা" উপাধিৰে সন্মানিত কৰা নৌতমলাল ভগৱানজী মেহতাৰ এখন নথি ভাৰতৰ নতুন দিল্লীৰ ৰাষ্ট্ৰীয় গান্ধী সংগ্ৰহালয়ত সংৰক্ষণ কৰা হৈছে।[6] এই দস্তাবেজখন হৈছে গান্ধীক প্ৰদান কৰা "মহাত্মা" উপাধিৰ আটাইতকৈ পুৰণি প্ৰমাণ পত্ৰ।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

লগতে চাওঁক

[সম্পাদনা কৰক]

চম্পাৰণ সত্যাগ্ৰহ