তেওঁ অসমীয়া লোক সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল তেখেতৰ পিতৃ তথা লোক সংগীতশিল্পী বিপিন পাটোৱাৰীৰ পৰা। ইয়াৰোপৰি তেওঁ লক্ষ্ণৌৰ ভাতখাণ্ডে সংগীত প্ৰতিষ্ঠানৰ পৰা ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ শিক্ষা লৈছিল। তেওঁ যথেষ্ট সংখ্যক লোক সংগীত চৰ্চা কৰিছে যদিও ভোজপুৰী সংগীত জগতত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছিল। তেওঁ ভোজপুৰী সংগীতৰ বিভিন্ন প্ৰকাৰ যেনে উৰ্বি, পাচ্ৰা, কাজ্ৰি, চোহাৰ, বিবাহ গীত, চাইতা নৌতাংকী আদিক ন-ৰূপ দি প্ৰদৰ্শিত কৰিছে।[2]