সমললৈ যাওক

মিঠু বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মিঠু বৰুৱা
ব্যক্তিগত তথ্যাৱলী
জন্ম নাম মিঠু বৰুৱা
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
জন্ম ১৯৭৪
গুৱাহাটী
ক্ৰীড়া
দেশ ভাৰত
ক্ৰীড়া সাঁতোৰ

মিঠু বৰুৱা অসমৰ এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰীয় সাঁতোৰবিদ। তিনিবছৰ বয়সতে দীঘলীপুখুৰীৰ দুয়োপাৰ সাতুৰিবলৈ সক্ষম হোৱা[1] মিঠু বৰুৱাই ৫০ মিটাৰ ফ্ৰিষ্টাইল শাখাত ৰাষ্ট্ৰীয় ৰেকৰ্ড গঢ়াৰ[2] লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ এছিয়ান চেম্পিয়নশ্বিপ আৰু ছাফ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ১৯৯৩ চনত হংকংত অনুষ্ঠিত সপ্তম এছিয়া পেচিফিক চেম্পিয়নশ্বিপত মিঠু বৰুৱাই ভাৰতৰ হৈ ২টা সোণৰ পদক, ২টা ৰূপৰ পদক আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।[3] ১৯৯৮ চনত মিঠু বৰুৱাই সাঁতোৰৰ কেৰিয়াৰৰ সামৰণি মাৰে। তেওঁ বৰ্তমান উত্তৰ-পূব সীমান্ত ৰেলৱেৰ এগৰাকী শীৰ্ষ বিষয়া।[3]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

মিঠু বৰুৱা সমসাময়িক ৰঞ্জী ট্ৰফী ক্ৰিকেট খেলুৱৈ পৰাগ দাসৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।[3] ২০০১ চনত তেওঁলোকৰ পুত্ৰ, ভাৰতীয় ক্ৰিকেট খেলুৱৈ ৰিয়ান পৰাগৰ জন্ম হয়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "মিঠু বৰুৱা". অলিম্পিয়া. Archived from the original on November 29, 2020. https://web.archive.org/web/20201129080754/http://olympiasports.in/%E0%A6%AE%E0%A6%BF%E0%A6%A0%E0%A7%81-%E0%A6%AC%E0%A7%B0%E0%A7%81%E0%A7%B1%E0%A6%BE/ আহৰণ কৰা হৈছে: April 15, 2020.
  2. Kishore, Shashank (August 3, 2017). "Playstation, books, music, and a whole lot of runs". ESPNCricInfo. https://www.espncricinfo.com/story/_/id/20237669/meet-riyan-parag আহৰণ কৰা হৈছে: April 15, 2020.
  3. 1 2 3 "Sportsperson: Mithu Baruah". Krirangan. Archived from the original on April 6, 2020. https://web.archive.org/web/20200406152747/http://www.krirangan.com/sports_person.html আহৰণ কৰা হৈছে: April 15, 2020.