হলিচৰণ নাৰ্জাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হলিচৰণ নাৰ্জাৰী
ব্যক্তিগত তথ্য
সম্পূৰ্ণ নামহলিচৰণ নাৰ্জাৰী
জন্ম১০ মে', ১৯৯৪ (২৯ বছৰ)
জন্মস্থানকোকৰাঝাৰ, অসম, ভাৰত
উচ্চতা১.৮৪ মিটাৰ (U=ft}})
খেলা স্থানফৰৱাৰ্ড
ক্লাবৰ তথ্য
বৰ্তমানৰ ক্লাববেংগালুৰু এফ চি
চিনিয়'ৰ কেৰিয়াৰ*
বৰ্ষদলঅংশগ্ৰহণ(গ'ল)
২০১০–২০১৩পাইলান এৰ'জ২৬(৬)
২০১৩ডেম্পো(১)
২০১৪গোৱা(০)
২০১৫নৰ্থ ইষ্ট ইউনাইটেড এফ চি২৮(০)
২০১৭ ডি এচ কে শ্বিৱাজীয়ানচ্ এফ চি (ঋণ)
২০১৮–২০২০কেৰালা ব্লাষ্টাৰ্ছ এফ চি২৬(২)
২০১৯চেন্নাইয়িন এফ চি (ঋণ)
২০২০–২০২৩হায়দৰাবাদ এফ চি৪৪(৭)
২০২৩–বৰ্তমানবেংগালুৰু এফ চি
ৰাষ্ট্ৰীয় দল
২০১১ভাৰত ১৯-অনূৰ্ধ্ব(০)
২০১২ভাৰত ২৩-অনূৰ্ধ্ব(১)
২০১৫–২০২১ভাৰত২৭(0)
* চিনিয়'ৰ ক্লাব অংশগ্ৰহণ আৰু গ'লৰ সংখ্যা কেৱল ঘৰুৱা লীগৰ বাবেহে।

হলিচৰণ নাৰ্জাৰী

হলিচৰণ নাৰ্জাৰী (ইংৰাজী: Halicharan Narzary; জন্ম: ১০ মে', ১৯৯৪) এজন অসমীয়া ফুটবল খেলুৱৈ। তেওঁ ভাৰতৰ ক্লাব ফুটবলৰ সৰ্বোচ্চ পেছাদাৰী প্ৰতিযোগিতা ইণ্ডিয়ান ছুপাৰ লীগবেংগালুৰু এফ চিৰ হৈ ফৰৱাৰ্ড স্থানত খেলে।

খেলুৱৈ জীৱন[সম্পাদনা কৰক]

যুৱ কেৰিয়াৰ[সম্পাদনা কৰক]

নাৰ্জাৰীয়ে প্ৰথমে অসমকোকৰাঝাৰৰ নিজৰ গাঁৱত ফুটবল খেলা আৰম্ভ কৰে। প্ৰথমে তেওঁ নিজৰ বিদ্যালয়ৰ হৈ খেলিবলৈ লয়। স্কুল লীগত ভাল প্ৰদৰ্শন আবঢ়োওৱাৰ পাছত তেওঁ সমীপৱৰ্তী ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (SAI)ৰ ছাত্ৰাবাসত নিজৰ দক্ষতা প্ৰদৰ্শনৰ সুযোগ পায়। তাৰ পাছতে তেওঁ মাহিলপুৰত অনুষ্ঠিত ১৬-অনূৰ্ধ্ব ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমৰ হৈ খেলাৰ সুযোগ পায়। এই প্ৰতিযোগিতাৰ প্ৰদৰ্শনৰ ওপৰত ভিতই কৰি তেওঁ ভাৰতীয় ১৬-অনূৰ্ধ্ব ফুটবল দলৰ শিবিৰলৈ আমন্ত্ৰিত হয় আৰু ইয়াৰপৰাই তেওঁ ভাৰতীয় ১৯-অনূৰ্ধ্ব ফুটবল দলত সুযোগ পায়।[1]

পাইলান এৰ'জ[সম্পাদনা কৰক]

হলিচৰণ নাৰ্জাৰীয়ে ২০১০-২০১১ আই-লীগ চিজনৰ আগতে পাইলান এৰ'জ (তেতিয়াৰ AIFF XI) দলত যোগদান কৰে।[2] ২০১১ চনৰ ১৫ মে'ত সেইবাৰৰ বিজয়ী খিতাপ অৰ্জন কৰা চালগাওকাৰ দলৰ বিৰুদ্ধে বিকল্প খেলুৱৈ হিচাপে তেওঁৰ পেছাদাৰী অভিষেক হয়। সেই খেলতে তেওঁ পেচাদাৰী স্তৰত জীৱনৰ প্ৰথম গ'ল দিয়ে।[2][3] খেলখনত চালগাওকাৰ ৩-১ গ'লত জয়ী হয়।[3] ২০১১-২০১২ চিজনত প্ৰশিক্ষক সুখবিন্দৰ সিং আৰু সুজিত চক্ৰৱৰ্তীয়ে নাৰ্জাৰীক বেছিকৈ খেলাৰ সুযোগ দিয়া নাছিল। সেই চিজনত তেওঁ মাত্ৰ সাতখন আই-লীগ খেলত ভাগ ল'বলৈ পাইছিল আৰু ভাৰতীয় ফেডাৰেচন কাপ ২০১১তো অংশগ্ৰহণ কৰিবলৈ পোৱা নাছিল। ২০১২-২০১৩ চিজনত পাইলান এৰ'জৰ প্ৰথমখন খেলত নাৰ্জাৰীয়ে দিল্লী ইউনাইটেড দলৰ বিৰুদ্ধে গ'ল দিয়ে আৰু ডুৰাণ্ড কাপৰ সেই খেলখন পাইলান এৰ'জে ২-২ গ'লত ড্ৰ ৰাখিবলৈ সক্ষম হয়।[4]

ডেম্পো[সম্পাদনা কৰক]

২০১৩ চনৰ ২৬ অক্টোবৰ তাৰিখে আন তিনিজন খেলুৱৈৰ সৈতে ঋণত(on loan) ডেম্পো দলৰ সৈতে চুক্তিবদ্ধ হয়।[5] ২০১৩ চনৰ ১ নৱেম্বৰ তাৰিখে আই-লীগমোহন বাগানৰ বিৰুদ্ধে ডুলেৰ ষ্টেডিয়ামত তেওঁ ডেম্পোৰ হৈ প্ৰথম খেলে। তেওঁ খেলৰ ৫৫ মিনিটত ছাবষ্টিটিউট খেলুৱৈ হিচাপে খেলপথাৰত প্ৰৱেশ কৰে আৰু খেলখন গ'লশূন্যভাৱে অমীমাংসিত হৈ ৰয়।[6]

ইণ্ডিয়ান ছুপাৰ লীগ[সম্পাদনা কৰক]

২০১৪ চনত প্ৰাৰম্ভিক বৰ্ষৰ ইণ্ডিয়ান ছুপাৰ লীগত তেওঁ গোৱা দলৰ হৈ অংশ লয়। ১৫ অক্টোবৰ তাৰিখে নিজৰ দলৰ হৈ প্ৰথমখন খেলত চেন্নাইয়িন এফ চি দলৰ বিৰুদ্ধে উন্নত খেল প্ৰদৰ্শন কৰি শ্ৰেষ্ঠ উদীয়মান ফুটবলাৰৰ সন্মান অৰ্জন কৰে। ২০১৫ চনত তেওঁ নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ সৈতে চুক্তিবদ্ধ হয়। ২০১৮ চনৰ পৰা ২০২০ চনলৈ তেখেতে কেৰালা ব্লাষ্টাৰ্ছৰ হৈ, ২০১৯ চনত চেন্নাইয়িন এফ চিৰ হৈ আৰু ২০২০ চনৰ পৰা ২০২৩ চনলৈ হায়দৰাবাদ এফ চিৰ হৈ খেলিছিল। ২০২৩ বৰ্ষত তেওঁ অন্যতম আগশাৰীৰ ক্লাব বেংগালুৰু এফ চিৰ হৈ চুক্তিবদ্ধ হয়।

আন্তঃৰাষ্ট্ৰীয়[সম্পাদনা কৰক]

আন্তঃৰাষ্ট্ৰীয় খেলত তেওঁ আত্মপ্ৰকাশ কৰে ২০১১ চনৰ ৩১ অক্টোবৰ তাৰিখে ভাৰতীয় অনূৰ্ধ্ব-১৯ দলৰ হৈ ১৯-অনূৰ্ধ্ব টুৰ্কমেনিস্তান ফুটবল দলৰ বিৰুদ্ধে। খেলখনত ভাৰত ৩-১ গ'লৰ ব্যৱধানত জয়ী হয়।[7] ভাৰতীয় অনূৰ্ধ্ব-২৩ দলৰ হৈ তেওঁ আত্মপ্ৰকাশ কৰে ২০১২ চনৰ ২৫ জুন তাৰিখে ইৰাক অনূৰ্ধ্ব-২৩ দলৰ বিৰুদ্ধে। খেলৰ ৩৯ মিনিটত এওঁ খেলপথাৰত প্ৰৱেশ কৰে আৰু ভাৰত ১-২ গ'লৰ ব্যৱধানত পৰাস্ত হয়।[8] তেওঁ ভাৰতীয় ছিনিয়ৰ দলৰ হৈ ২৭ খন মেচত প্ৰতিনিধিত্ব কৰিছে।

কেৰিয়াৰ পৰিসংখ্যা[সম্পাদনা কৰক]

ক্লাব[সম্পাদনা কৰক]

পৰিসংখ্যাসমূহ ১১ মে' ২০১৩ লৈকে

ক্লাব চিজন লীগ ফেডাৰেচন কাপ ডুৰাণ্ড কাপ এ এফ চি সকলো
ভাগ গ'ল ভাগ গ'ল ভাগ গ'ল ভাগ গ'ল ভাগ গ'ল
পাইলান এৰ'জ ২০১০-১১
২০১১-২০১২
২০১২-২০১৩ ২৫ ২৯
কেৰিয়াৰ মুঠ ৩৩ ৩৭

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "I-League Scouting Report – Holicharan Narzary". Goal.com. http://www.goal.com/en-india/news/1064/i-league/2012/11/08/3509523/i-league-scouting-report-holicharan-narzary-the-latest-north। আহৰণ কৰা হৈছে: 25 November 2013. 
  2. 2.0 2.1 Deb, Debapriya. "Pailan Arrows: Team Analysis and Season Preview 2011/12". The Hard Tackle. Archived from the original on 4 January 2012. https://web.archive.org/web/20120104063028/http://www.thehardtackle.com/2011/pailan-arrows-team-analysis-and-season-preview-201112/। আহৰণ কৰা হৈছে: 1 September 2012. 
  3. 3.0 3.1 "Indian Arrows go down to Salgaocar". Indian Sports News. Archived from the original on 19 August 2014. https://web.archive.org/web/20140819082448/http://www.indiansportsnews.com/football-news/28-football/3148-indian-arrows-go-down-to-salgaocar.html। আহৰণ কৰা হৈছে: 1 September 2012. 
  4. "Andrew is Sesa Goa’s hero". The Hindu. http://www.thehindu.com/sport/football/article3821593.ece। আহৰণ কৰা হৈছে: 1 September 2012. 
  5. "Arrows players for Dempo". The Times of India. Archived from the original on 2013-12-02. https://web.archive.org/web/20131202223832/http://articles.timesofindia.indiatimes.com/2013-10-26/goa/43414473_1_arrows-players-pailan-arrows-other-i-league-clubs। আহৰণ কৰা হৈছে: 24 November 2013. 
  6. Noronha, Anselm. "Dempo SC 0–0 Mohun Bagan: The Goans were held to a disappointing draw". Goal.com. http://www.goal.com/en-sg/match/122642/dempo-sc-vs-mohun-bagan-ac/report। আহৰণ কৰা হৈছে: 2 November 2013. 
  7. "India U19 3–1 Turkmenistan U19". The Asian Football Confederation. http://www.the-afc.com/en/component/joomleague/?view=report&compID=421&matchId=4040। আহৰণ কৰা হৈছে: 25 December 2012. 
  8. "Iraq U22 2–1 India U22". The Asian Football Confederation. http://www.the-afc.com/en/u22ac-schedule-results?fixtureid=6331&stageid=242&tMode=C&view=ajax&show=matchsummary। আহৰণ কৰা হৈছে: 25 December 2012.