নৰ্থ ইষ্ট ইউনাইটেড এফ চি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নৰ্থ ইষ্ট ইউনাইটেড এফ চি
সম্পূৰ্ণ নাম নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব
উপনাম দা হাইলেণ্ডাৰ্ছ
(The Highlanders)
প্ৰতিষ্ঠা ১৩ এপ্ৰিল ২০১৪
খেলপথাৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম (সৰুসজাই ষ্টেডিয়াম), গুৱাহাটী
(আসন: ২৩,০০০)
গৰাকী জন আব্ৰাহম
মুখ্য প্ৰশিক্ষক জুৱান পেড্ৰ' বেনালী
লীগ ইণ্ডিয়ান ছুপাৰ লীগ
২০২২-২৩ ১১
ৱেবছাইট Club home page
ঘৰুৱা খেলসমূহত
পোচাকৰ ৰং
বাহিৰা খেলসমূহত
পোচাকৰ ৰং
তৃতীয় পক্ষৰ খেলসমূহত
পোচাকৰ ৰং

নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব (ইংৰাজী: NorthEast United Football Club) হ'ল ইণ্ডিয়ান ছুপাৰ লীগত অংশগ্ৰহণ কৰা অসমগুৱাহাটীফুটবল ফ্ৰেঞ্চাইজি। এই দলে ইণ্ডিয়ান ছুপাৰ লীগৰ ২০১৪ চনৰ প্ৰাৰম্ভিক বৰ্ষৰপৰা নিজৰ আনুষ্ঠানিক খেল আৰম্ভ কৰে।[1] এই দলটোৰ স্বত্বাধিকাৰী বলিউডৰ অভিনেতা জন আব্ৰাহম।[1]

ইতিহাস[সম্পাদনা কৰক]

২০১৪ চনৰ প্ৰথমভাগত ভাৰতৰ ৰাষ্ট্ৰীয় ফুটবল সংস্থা সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন (ইংৰাজী: All India Football Federation) আৰু IMG-Reliance কোম্পানীয়ে প্ৰস্তাৱিত ইণ্ডিয়ান ছুপাৰ লীগৰ ৮ টা দলৰ কাৰণে ৯ খন নিৰ্বাচিত নগৰৰপৰা ফুটবল ফ্ৰেঞ্চাইজিৰ মালিকীস্বত্বৰ বাবে আবেদন আহ্বান কৰে।[2] ২০১৪ চনৰ ১৩ এপ্ৰিল তাৰিখে বলিউড অভিনেতা জন আব্ৰাহম আৰু শ্বিলং লাজং ফুটবল ক্লাবে গুৱাহাটী ফ্ৰেঞ্চাইজিৰ মালিকীস্বত্ব লাভ কৰে।[1]

২০১৪ চনৰ ১৩ অক্টোবৰ তাৰিখে গুৱাহাটীইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত নিজৰ প্ৰথমখন খেলত নৰ্থ ইষ্ট ইউনাইটেডে স্পেইনছাৰ্জিঅ' ক'কেৰ একমাত্ৰ গ'লৰ সহায়ত কেৰালা ব্লাষ্টাৰ্ছক ১-০ গ'লত পৰাজিত কৰে।[3]

প্ৰতীক[সম্পাদনা কৰক]

নৰ্থ ইষ্ট ইউনাইটেডৰ প্ৰতীকটোৰ ওপৰভাগত ৮টা তৰা আছে আৰু এই ৮ টা তৰাই এই ক্লাবটোৱে প্ৰতিনিধিত্ব কৰা উত্তৰ-পূব ভাৰতৰ ৮ খন ৰাজ্য বুজাইছে। প্ৰতীকটোত ৰঙা, ক'লা আৰু বগা ৰং ব্যৱহাৰ কৰা হৈছে। মূল প্ৰতীকটো আৰু তৰাকেইটাৰ মাজত ক্লাবটোৰ নাম লিখা হৈছে।

মালিকীস্বত্ব[সম্পাদনা কৰক]

নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ মালিকীস্বত্ব যুটীয়াভাৱে জন আব্ৰাহম, শ্বিলং লাজং এফ চি আৰু উদ্যোগী সঞ্জীৱ নাৰায়ণৰ হাতত আছিল। জন আব্ৰাহম এজন ভাৰতীয় বলিউড অভিনেতা, চলচ্চিত্ৰ প্ৰযোজক আৰু প্ৰাক্তন মডেল।[4] শ্বিলং লাজং ফুটবল ক্লাব হ'ল মেঘালয়শ্বিলংস্থিত ভাৰতীয় আই-লীগ ক্লাব। পিছলৈ শ্বিলং লাজং আৰু সঞ্জীৱ নাৰায়ণ অংশীদাৰিত্বৰ পৰা আতঁৰি যায়।

আনুষ্ঠানিক সংগীত (anthem)[সম্পাদনা কৰক]

২০১৪ চনৰ ১ অক্টোবৰ তাৰিখে নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ আনুষ্ঠানিক সংগীত “We are the 8” ইউটিউবত উন্মোচন কৰা হয়। সংগীতটোত উত্তৰ পূব ভাৰতৰ বহুকেইজন গায়ক-গায়িকাই কণ্ঠ দিয়ে। সংগীত পৰিচালনা আৰু প্ৰযোজনা কৰে অংগৰাগ মহন্তই, গীতৰ কথা নিমা নামচুৰ। সংগীতটোত অংশগ্ৰহণ কৰা শিল্পীসকল হ’ল Lou Majaw, Guru Rewben Mashangva, জুবিন গাৰ্গ, তিপৃতি, Rudy Wallang, Alobo Naga, Tetseo Sisters, বুমেৰাং, গিৰীশ এণ্ড দা ক্ৰনিক্‌লছ, বি কে, দা ভিনাইল ৰেকৰ্ড্‌ছ, জয় বৰুৱা, কল্যাণ বৰুৱা আৰু জিণ্টি দত্ত

খেলুৱৈ[সম্পাদনা কৰক]

২০১৪ চনৰ ১৬ জুলাইত ইণ্ডিয়ান ছুপাৰ লীগৰ কাৰণে নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ marquee খেলুৱৈ হিচাপে স্পেইনৰ বিশ্বকাপজয়ী ফুটবল দলৰ খেলুৱৈ জোৱান কেপডেভিলাৰ নাম ঘোষণা কৰা হয়।[5]

খেলুৱৈ আৰু ষ্টাফ[সম্পাদনা কৰক]

বৰ্তমান দল[সম্পাদনা কৰক]

16 November 2021 অনুসৰি[6]

Note: Flags indicate national team as has been defined under FIFA eligibility rules. Players may hold more than one non-FIFA nationality.

নং. স্থান খেলুৱৈ
1 ভাৰত গ’লকীপাৰ শুভাশীষ ৰয় চৌধুৰী (অধিনায়ক)
2 অষ্ট্ৰেলিয়া ডিফেণ্ডাৰ পেট্ৰিক ফ্ল'টমেন
3 ভাৰত ডিফেণ্ডাৰ তণ্ডনবা সিং
4 ভাৰত ডিফেণ্ডাৰ প্ৰভাত লাক্ৰা
5 ভাৰত ডিফেণ্ডাৰ গুৰ্জিন্দৰ কুমাৰ
6 মৌৰিতানিয়া মিড ফিল্ডাৰ খাছা কামাৰা (3rd captain)
7 ভাৰত মিড ফিল্ডাৰ ৰ'ছাৰজেলা
8 ভাৰত মিড ফিল্ডাৰ ইমৰান খান
10 উৰুগুৱে মিড ফিল্ডাৰ ফেডেৰিক' গেল্লেগ' (vice-captain)
12 ভাৰত মিড ফিল্ডাৰ প্ৰজ্ঞান মেধি
13 ভাৰত মিড ফিল্ডাৰ ইমানুৱেল লালচানচুৱাহা
14 স্পেইন মিড ফিল্ডাৰ হাৰনান চান্টানা (4th captain)
15 ভাৰত ফৰৱাৰ্ড ভি.পি. চুহেইৰ
16 ভাৰত ডিফেণ্ডাৰ মহম্মদ ইৰশ্বাদ
17 ভাৰত ফৰৱাৰ্ড লালদানমাইয়া ৰল্টে
নং স্থান খেলুৱৈ
19 মাৰ্টিনিক ফৰৱাৰ্ড মাথিয়াছ কুৰেউৰ
21 ভাৰত ফৰৱাৰ্ড মনবীৰ সিং
22 ভাৰত ফৰৱাৰ্ড গানী নিগম
23 ভাৰত ডিফেণ্ডাৰ জেষ্টিন জৰ্জ
24 ভাৰত ডিফেণ্ডাৰ জ' জ'হাৰলিয়ানা
25 ভাৰত ডিফেণ্ডাৰ নবীন ৰাভা
26 জামাইকা ফৰৱাৰ্ড ডেশ্ব'ৰ্ণ ব্ৰাউন
27 ভাৰত ফৰৱাৰ্ড লালখাৱপুইমাৱ'ইয়া
29 ভাৰত মিড ফিল্ডাৰ শ্বেহনাজ সিং
32 ভাৰত গ’লকীপাৰ মিৰশ্বাদ মিচু
33 ভাৰত গ’লকীপাৰ সঞ্জীৱন ঘোষ
43 ভাৰত মিড ফিল্ডাৰ প্ৰজ্ঞান গগৈ
44 ভাৰত গ’লকীপাৰ নিখিল ডেকা
49 ভাৰত ফৰৱাৰ্ড ৱিলিয়াম লালনুনফেলা
66 ভাৰত ডিফেণ্ডাৰ মশূৰ শ্বেৰীফ

বৰ্তমানৰ কাৰিকৰী ষ্টাফ[সম্পাদনা কৰক]

পদবী নাম
প্ৰশিক্ষক খালী
সহকাৰী প্ৰশিক্ষক ভাৰত ফ্লইড পিণ্টো
গ'লকীপিং প্ৰশিক্ষক ভাৰত দীপাংকৰ চৌধুৰী

কীট নিৰ্মাণকৰ্তা আৰু ছাৰ্ট স্প'নছৰ[সম্পাদনা কৰক]

সময়সীমা কীট নিৰ্মাণকৰ্তা ছাৰ্ট স্প'নছৰ
২০১৪ আদিদাচ এইছটিচি
২০২১– ছিক্সফাইভছিক্স অমৃত চিমেণ্ট

তথ্যসংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 Basu, Saumyajit. "Stars embrace football through Indian Super League". Times of India. http://timesofindia.indiatimes.com/sports/football/indian-super-league/top-stories/Stars-embrace-soccer-through-Indian-Super-League/articleshow/33712666.cms#write। আহৰণ কৰা হৈছে: 22 April 2014. 
  2. "Indian Super League sees interest from 30 franchise bidders". Business Standard. http://www.business-standard.com/article/companies/indian-super-league-sees-interest-from-30-franchise-bidders-114032300585_1.html। আহৰণ কৰা হৈছে: 22 April 2014. 
  3. Abhishek Nandwani (১৪ অক্টোবৰ ২০১৪). "ISL 2014: Koke's goal gives NorthEast United FC 1-0 win over Kerala Blasters". IBN Live. Archived from the original on 2015-01-03. https://web.archive.org/web/20150103153458/http://ibnlive.in.com/news/isl-2014-kokes-goal-gives-northeast-united-fc-10-win-over-kerala-blasters/505912-5-21.html। আহৰণ কৰা হৈছে: ১৫ অক্টোবৰ ২০১৪. 
  4. "John Abraham enters Bollywood with Jism". Times of India. 10 January 2003. http://timesofindia.indiatimes.com/bangalore-times/John-Abraham-enters-Bollywood-with-Jism/articleshow/33923090.cms। আহৰণ কৰা হৈছে: 3 September 2010. 
  5. http://www.theguardian.com/football/2014/jul/16/joan-capdevila-indian-super-league
  6. "Players" (en ভাষাত). Indian Super League. https://www.indiansuperleague.com/clubs/504-northeast-united-fc-profile/squad। আহৰণ কৰা হৈছে: 2020-01-20.