বাপচন্দ্ৰ মহন্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বাপচন্দ্ৰ মহন্ত
জন্ম শিৱসাগৰ, গোহাঁই গাঁও অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
বিষয় সমালোচনা সাহিত্য, সংস্কৃত সাহিত্য

বাপচন্দ্ৰ মহন্ত (জন্ম:১৯২৮-২০১৫ ) একাধাৰে সমালোচক, শংকৰী সাহিত্যৰ গৱেষক, ব্যাকৰণবিদ আদি। শংকৰদেৱক বিশ্ব সাহিত্যত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বাপচন্দ্ৰ মহন্তৰ নাম উল্লেখযোগ্য। তেখেতে অসমীয়া ভাষাৰ লগতে হিন্দী ভাষাতো সাহিত্য চৰ্চা কৰিছিল।

পৰিচয়[সম্পাদনা কৰক]

বাপচন্দ্ৰ মহন্তৰ জন্ম হৈছিল শিৱসাগৰ জিলাৰ গোহাঁই গাঁৱত। তেখেতে শিক্ষকতা কৰাৰ লগতে অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ প্ৰচাৰক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।[1] পঞ্চদশ-ষোড়শ শতিকাৰ অসমৰ শ্ৰীমন্ত শঙ্কৰদেৱ-মাধৱদেৱৰ ভক্তি-আন্দোলনৰ তাত্ত্বিক আৰু ঐতিহাসিক পটভূমিৰ আলোচনাৰ ক্ষেত্ৰত বাপচন্দ্ৰ মহন্তৰ দীৰ্ঘদিনীয়া অধ্যৱসায়ে নতুন তথ্য কিছুমানতো পোহৰ পেলাইছে। এই ক্ষেত্ৰত তেওঁৰ নামঘোষা তত্ত্বদৰ্শন (১৯৭৮) আৰু সম্পাদিত বৰগীত (১৯৯২) উল্লেখযোগ্য কৃতি বুলি পৰিগণিত হৈছে।[2] মহন্তই বৈষ্ণৱ-সাহিত্যৰ। নানা দিশ আৰু অসমীয়া ব্ৰজাৱলী ভাষাৰ ঐতিহাসিক বিশ্লেষণো আগবঢ়াইছে। ১৯৮৫ চনত তেওঁ যোৰহাট চৰকাৰী উচ্চতৰ বহুমুখী বিদ্যালয়ৰপৰা অৱসৰ গ্ৰহণ কৰে।[3]

সাহিত্যৰাজি[সম্পাদনা কৰক]

অসমীয়া ভাষাত[সম্পাদনা কৰক]

  1. নামঘোষা তত্ত্বদৰ্শন (১৯৭৮)
  2. ঐতিহাসিক পটভূমিত মহাপুৰুষ শঙ্কৰদেৱ (১৯৮৭)
  3. অসমীয়া ব্যাকৰণৰ ৰূপৰেখা (১৯৮৮
  4. যুগান্তৰত শংকৰদেৱ (১৯৯১)
  5. পটভূমি সহিত শঙ্কৰদেৱৰ দৰ্শন (১৯৯৪)
  6. মহাপণ্ডিত ৰাহুল সাংকৃত্যায়ন (১৯৭৮)
  7. অসমীয়া জাতি, ভাষা আৰু সাহিত্যৰ জন্ম কথা (১৯৯৪)
  8. মহাপুৰুষীয়া পৰম্পৰাত সত্ৰ আৰু সংগীত (২০০৩)
  9. শংকৰদেৱৰ ব্যক্তিত্ব আৰু সত্ৰ ব্যৱস্থা (২০০৫)
  10. প্ৰাচীনতম সৃষ্টি দৰ্শনঃ চতুৰ্ব্যূহ সিদ্ধান্ত (২০০৫)

হিন্দী ভাষাত[সম্পাদনা কৰক]

  1. সামাজিক পটভূমি সহিত অসম কে বৰগীত (১৯৮৮)
  2. অসম মেঁ ভাগৱত ধৰ্ম ঔৰ শঙ্কৰদেৱ কা দৰ্শন (১৯৯৯)
  3. অসমৰ সাংস্কৃতিক যুগনিৰ্মাতা শংকৰদেৱকে উত্তৰাধীকাৰী মাধৱদেৱ (২০০০)

সম্পাদনা[সম্পাদনা কৰক]

  1. বৰগীত (১৯৯২)

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. মোৰে অসমৰপৰা মোৰে ভাৰতলৈ, সম্পাদক-কেশদা মহন্ত, অমিয়া প্ৰিণ্ট ক্ৰাফট্, পৃষ্ঠা-১২
  2. কথা বৰেণ্য, সম্পাদক-শোণিত বিজয় দাস আৰু মুনীন গায়ন, কথা প্ৰকাশন, পৃষ্ঠা-২৭১
  3. কথা বৰেণ্য, সম্পাদক-শোণিত বিজয় দাস আৰু মুনীন গায়ন, কথা প্ৰকাশন, পৃষ্ঠা-২৭১

লগতে চাওক[সম্পাদনা কৰক]

  1. কেশদা মহন্ত