ৱিকিপিডিয়া:সহায়িকা/উদ্ধৃতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভূমিকা   সম্পাদনা   আংগিক   ৱিকিপিডিয়া লিংক   উদ্ধৃতি   আলোচনা পৃষ্ঠা   স্মৰ্তব্য   পঞ্জীয়ন   উপসংহাৰ    

ৱিকিপিডিয়াৰ পঞ্চস্তম্ভত লিখা আছে যে, "প্ৰসংগৰ উল্লেখ নথকা লেখা আঁতৰাই দিয়া হ’ব পাৰে, সেইকাৰণে অনুগ্ৰহ কৰি প্ৰসংগ বা তথ্যৰ উৎস উল্লেখ কৰক"। পাঠক আৰু আন সম্পাদকসকলৰ সুবিধাৰ বাবে ইন্‌লাইন উদ্ধৃতি থাকিব লাগে। মন কৰক যাতে আপুনি ব্যৱহাৰ কৰা তথ্যৰ উৎস বিশ্বাসযোগ্য আৰু কৰ্তৃত্বশীল হয়।

পাদটীকা

ইন্‌লাইন উদ্ধৃতি সৃষ্টি কৰা আটাইতকৈ সহজ উপায় হ'ল পাদটীকা দিয়া। আপুনি ৱিকি চিহ্নৰ ব্যৱহাৰেৰে তথ্যউৎস দুয়োফালে ref টেগ্‌ দি পাদটীকা সৃষ্টি কৰিব পাৰে:

<ref>আপোনাৰ তথ্যৰ উৎস</ref>

যদি আপুনি প্ৰবন্ধটোত প্ৰথম পাদটীকা ব্যৱহাৰ কৰে, তেন্তে সেয়া ৱিকিপিডিয়া ছফ্টৱেৰে দৃশ্যমান কৰিবলৈ নিৰ্দিষ্ট পাঠ থাকিব লাগিব:

{{Reflist}} বা <references/>

এই পাঠখিনি ==তথ্য সংগ্ৰহ== অনুচ্ছেদৰ শিৰোনামৰ ঠিক তলতে থাকিব লাগে। এই অনুচ্ছেদটো নাথাকিলে যোগ দিয়ক (শিৰোনাম আৰু "Reflist" বা "references" পাঠৰ সৈতে)। ইয়াক প্ৰবন্ধটোৰ তলফালে, "বাহ্যিক সংযোগ"ৰ ঠিক ওপৰত ৰাখক (যদি সেইটো থাকে)।

আপোনাৰ সম্পাদনা সাঁচি ৰখাৰ পিছত ৰেফ্‌ টেগ্‌টোৱে উৎসৰ উদ্ধৃতিটো এটা পাদটীকা ৰেফাৰেন্সলৈ সলনি কৰিব (এইটোৰ দৰে[1])। উদ্ধৃতিৰ পাঠখিনি প্ৰবন্ধটোৰ তলত তথ্য সংগ্ৰহ অনুচ্ছেদত দেখা যাব।

ৰেফ্‌ টেগৰ ভিতৰত দিয়া আপোনাৰ উৎসটো যদি এটা বাহিৰা ৱেবছাইট, তেন্তে তাৰ ঠিকনাটো (URL) "এটা" আয়তাকাৰ বন্ধনীৰ মাজত লিখক, লগত অলপ পাঠ লিখক। তেতিয়া সেইটো এটা সংযোগ হিচাপে দেখা যাব। যেনে:

<ref>[http://www.thehindu.com/article_name.htmlদ্য হিন্দু বাতৰি কাকতত প্ৰকাশিত প্ৰবন্ধ]</ref>

বাধ্যতামূলক নহয় যদিও পাদটীকাত ইয়াতকৈ অধিক তথ্য থকাটো বাঞ্চনীয়। উদাহৰণস্বৰূপে তলৰ পাদটীকাটো চাওক:

<ref>লেখকৰ নাম, [http://www.thehindu/article_name.html "প্ৰকাশিত প্ৰবন্ধৰ শিৰোনাম"], ''দ্য হিন্দু''', তাৰিখ</ref>

ভঙা সংযোগ পৰিহাৰ কৰিবলৈ মুক্ত URL ব্যৱহাৰ নকৰাই ভাল।

বাহিৰা ৱেবছাইটৰ পৰা সংগ্ৰহ কৰা তথ্য প্ৰসংগ সূত্ৰ হিচাপে বেছিকৈ ব্যৱহাৰ কৰা হয় যদিও তেনে হ'বই লাগিব বুলি কথা নাই। গ্ৰন্থ, জাৰ্ণাল, আলোচনী, বাতৰিকাকতৰ প্ৰবন্ধ, তথ্যচিত্ৰ আদিৰ পৰাও তথ্য সংগ্ৰহ কৰি ৰেফ্‌ টেগৰ মাজত লিখি থ'লেই হ'ল।

আপুনি দৃশ্যগত সহায় ভাল পায় যদি তলৰ নিৰ্দেশাৱলী চাব পাৰে (সোঁফালৰ বিস্তাৰ কৰক বুটামটোত ক্লিক কৰক)।

অনুগ্ৰহ কৰি পাদটীকা লিখাৰ অধিক তথ্যৰ বাবে ৱিকিপিডিয়া:উৎসৰ উল্লেখ চাওক। তথ্যসূত্ৰ (পাদটীকা)ৰ সজ্জা ঠিক কৰিবলৈ কিছুমান সাঁচো আছে; অধিক তথ্যৰ বাবে Wikipedia:Citation templates চাওক।

সম্পাদনা ইণ্টাৰফে'চত থকা তথ্যসূত্ৰ সঁজুলিটো ব্যৱহাৰ কৰাৰ বিষয়ে জানিবলৈ এই ভিডিঅ'টো চাব পাৰে।

বাহ্যিক সংযোগ অনুচ্ছেদ

বহু ৱিকিপিডিয়া প্ৰবন্ধত বাহ্যিক সংযোগ বুলি এটা অনুচ্ছেদ থাকে। ইয়াৰ কাম হ'ল প্ৰবন্ধটোৰ বিষয়ে গুৰুত্বপূৰ্ণ আৰু বিশ্বাসযোগ্য তথ্য থকা ৱেবছাইতলৈ সংযোগ স্থাপন কৰা। নিৰ্দিষ্ট কেইটামান বহিঃ সংযোগহে এই অনুচ্ছেদৰ উপযোগী: অধিক তথ্যৰ বাবে ৱিকিপিডিয়া:বাহ্যিক সংযোগৰ নিৰ্দেশাৱলী চাওক। "বাহ্যিক সংযোগ" অনুচ্ছেদত বহুসংখ্যক সংযোগ থকা মানে আপুনি এজন অনভিজ্ঞ সম্পাদক; আপুনি নতুন লিংক যোগ কৰাৰ আগতে প্ৰবন্ধটোৰ আলোচনা পৃষ্ঠাত তাৰ উল্লেখ কৰাই শ্ৰেয়।

নতুন বাহ্যিক সংযোগ এটা যোগ দিবলৈ অকলশৰীয়া বন্ধনীৰ সংহতিৰ মাজত সম্পূৰ্ণ URL-টো টাইপ কৰক, তাৰপিছত খালী ঠাই এৰি দেখা যাবলগীয়া কথাখিনি লিখক। যেনে:

[http://www.example.com/ Official website]

এইখিনি কথা ৱেবছাইটোলৈ সংযোগৰ সৈতে এনেদৰে দেখা যাব:

Official website


পৰীক্ষাগাৰত সম্পাদনা কৰি চাওক
এই সহায়িকাৰ পৰৱৰ্তী অংশ: আলোচনা পৃষ্ঠা