সমললৈ যাওক

আলি হাইদৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আলি হাইদৰ
জন্ম ১৯৫১ চন।
কে বি ৰোড লখিমপুৰ
মৃত্যু ২০১০চন
পেচা নাট্যকাৰ
লেখক আৰু
নাট সংগঠক

আলি হাইদৰ (ইংৰাজী: Ali Haidar) এজন অসমীয়া নাট্যকাৰ আৰু নাট পৰিচালক। আলি হাইদৰে ১৯৫১ চনত লখিমপুৰত জন্ম লাভ কৰে। ১৯৬৩ চনত ১৩ বছৰ বয়সত তেখেতে উপলদ্ধি নামৰে এখন একাঙ্কিকা নাট ৰচনা কৰি নাট্য জগতত প্ৰৱেশ কৰে। তাৰ পৰৱৰ্তী চাৰিটা দশকত প্ৰায় ষাঠিখন নাটক ৰচনা কৰে। পেচাত তেওঁ আছিল অসম চৰকাৰগড়কাপ্তানী বিভাগৰ কাৰ্য্যালয় সহায়ক।[1]

তেখেতে লখিমপুৰনৱাৰুণ নামৰ নাট্য সংগঠনৰ জন্ম দিয়ে।এই সংঘৰ বাবে আলি হাইদৰে নাটক লিখবলৈ লয়। ১৯৮৩ চনত নৱাৰুণক সম্প্ৰসাৰণ ঘটাই নাট্য বিকাশ কেন্দ্ৰ, চমুকৈ নাবিকৰ জন্ম দিয়ে। ১৯৮৭ চনত তেখেতে নাবিক ত্যাগ কৰি নট সৈনিক নামৰ নাট্য সংগঠন গঢ়ি তোলে। মৃত্যুলৈকে তেওঁ এই অনুষ্ঠানৰ লগত জড়িত আছিল। তেখেতে জীৱন কালত নাট সম্পৰ্কে বহুতো পৰীক্ষা নিৰীক্ষা চলাইছিল। তেওঁৰ অহৈতুকী স্বদেশ প্ৰীতি নাটকত মুকাভিনয়ৰ সাৰ্থক পৰীক্ষা চলাইছিল।[2]

আলি হাইদৰৰ প্ৰধান নাট সমূহ

[সম্পাদনা কৰক]
ক্ৰমনাটবৰ্ষ
জন্ম ক্ৰন্দন১৯৬২
উপলব্ধি১৯৬২
নিৰাশা১৯৬৩
সঁচাৰ কাঠি১৯৬৪
এজন ৰজা আছিল১৯৬৪
জুই১৯৬৪
অহৈতুকী স্বদেশ প্ৰীতি১৯৭২
এটা চোলাৰ কাহিনী১৯৭৫
অপৰাজয়১৯৭৭
১০অজন্তা-ইলোৰা১৯৭৭
১১কুন্দলি১৯৭৭
১২উত্তপ্ত১৯৭৭
১৩এলান্ধু পাহাৰ১৯৭৭[3]
১৪নৈশ যুদ্ধ১৯৯৯
১৫নঙলা মুখৰ অনুভৱ২০০২
১৬একাংগীগ্ৰস্ত ক্লান্তি২০০৩[1]

অন্যান্য নাট সমূহ

[সম্পাদনা কৰক]
  • এখন নিলাজ মানুহৰ দেশ
  • কাৰ্টুজ নাই, পুৱাৰ হাঁহি
  • ৰঙা পাহাৰ (শিশু নাট)
  • একুৰি পাঁচ
  • টেকেলি
  • বিমূৰ্ত সন্ধান
  • গৌতম
  • ৰুস্তম আৰু.....
  • নয়নৰ মণি
  • নেপথ্য
  • মায়া-মমতা[3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 অৰবিন্দ ৰাজখোৱা (২০১২). প্ৰকাশ. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ৮৫.
  2. সত্য প্ৰসাদ বৰুৱা (১৯৮৩ চন, তৃতীয় প্ৰকাশ). নাটক আৰু অভিনয় প্ৰসংগ (অসমীয়া নাট্য সাহিত্যৰ ধাৰা). প্ৰকাশক গুৱাহাটি: গ্ৰন্থপীঠ,. পৃষ্ঠা. ২০২.
  3. 1 2 পংকজ জ্যোতি ভুঞাৰ (ডিচেম্বৰ ২০১২). "অসমীয়া একাংক নাটক". প্ৰকাশ খণ্ড তৃতীয় পৰ্ব (অষ্টম সংখ্যা): ৫৩.