আলি হাইদৰ
আলি হাইদৰ | |
---|---|
জন্ম | ১৯৫১ চন। কে বি ৰোড লখিমপুৰ |
মৃত্যু | ২০১০চন |
পেচা | নাট্যকাৰ লেখক আৰু নাট সংগঠক |
আলি হাইদৰ (ইংৰাজী: Ali Haidar) এজন অসমীয়া নাট্যকাৰ আৰু নাট পৰিচালক। আলি হাইদৰে ১৯৫১ চনত লখিমপুৰত জন্ম লাভ কৰে। ১৯৬৩ চনত ১৩ বছৰ বয়সত তেখেতে উপলদ্ধি নামৰে এখন একাঙ্কিকা নাট ৰচনা কৰি নাট্য জগতত প্ৰৱেশ কৰে। তাৰ পৰৱৰ্তী চাৰিটা দশকত প্ৰায় ষাঠিখন নাটক ৰচনা কৰে। পেচাত তেখেত আছিল অসম চৰকাৰৰ গড়কাপ্তানী বিভাগৰ কাৰ্য্যালয় সহায়ক।[1]
তেখেতে লখিমপুৰত নৱাৰুণ নামৰ নাট্য সংগঠনৰ জন্ম দিয়ে।এই সংঘৰ বাবে আলি হাইদৰে নাটক লিখবলৈ লয়। ১৯৮৩ চনত নৱাৰুণক সম্প্ৰসাৰণ ঘটাই নাট্য বিকাশ কেন্দ্ৰ, চমুকৈ নাবিকৰ জন্ম দিয়ে। ১৯৮৭ চনত তেখেতে নাবিক ত্যাগ কৰি নট সৈনিক নামৰ নাট্য সংগঠন গঢ়ি তোলে। মৃত্যুলৈকে তেখেত এই অনুস্থানৰ লগত জড়িত আছিল। তেখেতে জীৱন কালত নাট সম্পৰ্কে বহুতো পৰীক্ষা নিৰীক্ষা চলাইছিল। তেখেতৰ অহৈতুকী স্বদেশ প্ৰীতি নাটকত মুকাভিনয়ৰ সাৰ্থক পৰীক্ষা চলাইছিল।[2]
আলি হাইদৰৰ প্ৰধান নাট সমূহ[সম্পাদনা কৰক]
|
অন্যান্য নাট সমূহ[সম্পাদনা কৰক]
|
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ 1.0 1.1 অৰবিন্দ ৰাজখোৱা (২০১২). প্ৰকাশ. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ৮৫. উদ্ধৃতি ত্ৰুটি: Invalid
<ref>
tag; name "আলি হাইদৰৰ নাটক" defined multiple times with different content - ↑ সত্য প্ৰসাদ বৰুৱা (১৯৮৩ চন, তৃতীয় প্ৰকাশ). নাটক আৰু অভিনয় প্ৰসংগ. প্ৰকাশক গুৱাহাটি: গ্ৰন্থপীঠ,. পৃষ্ঠা. ২০২.
- ↑ 3.0 3.1 পংকজ জ্যোতি ভুঞাৰ (ডিচেম্বৰ ২০১২). "অসমীয়া একাংক নাটক". প্ৰকাশ খণ্ড তৃতীয় পৰ্ব (অষ্টম সংখ্যা): ৫৩.