ইভা আচাও

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইভা আচাও

ইভা আচাও
জন্ম ইভা আচাও
১০ এপ্ৰিল, ১৯৪০
শিৱসাগৰ, অসম
মৃত্যু ১৪ জুন, ১৯৮৮ (বয়স ৪৮)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা চলচ্চিত্ৰ আৰু ভ্ৰাম্যমাণ থিয়েটাৰ আৰু অনাতাঁৰত অভিনয়
সক্ৰিয় হৈ থকা সময় ১৯৫৫-৭৫
উল্লেখযোগ্য কৰ্ম
দাম্পত্যসঙ্গী এফ আৰ ৰাফেল
আত্মীয়-স্বজন ডানকান আচাও (জ্যেষ্ঠ ভাতৃ)
ৰেবেকা আচাও (জ্যেষ্ঠা ভগ্নী)

ইভা আচাও এগৰাকী অসমীয়া অভিনেত্ৰী। তেখেতে পঞ্চাশ-ষাঠিৰ দশকত কেইবাখনো অসমীয়া ছবিত অভিনয় কৰিছিল।

জন্ম আৰু কৈশোৰ[সম্পাদনা কৰক]

১৯৪০ চনৰ ১০ এপ্ৰিলত শিৱসাগৰ জিলাত এটা সংস্কৃতিৱান পৰিয়ালত ইভা আচাওৰ জন্ম হৈছিল।[1] তেখেতে ১৯৫৮ চনত শিৱসাগৰ মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়।

অভিনয়[সম্পাদনা কৰক]

১৯৫৫ চনৰ ২ ডিচেম্বৰত মুক্তি পোৱা পিয়লি ফুকন বোলছবিৰ জৰিয়তে ইভা আচাওৱে অভিনয় জগতত প্ৰৱেশ কৰে। তেখেতৰ অভিনয় প্ৰতিভাই ভূপেন হাজৰিকাৰ দৰে কেইবাগৰাকী চিত্ৰনিৰ্মাতাক আকৰ্ষণ কৰে। আৰু ভূপেন হাজৰিকাই ইভা আচাওক এৰা বাটৰ সুৰ ছবিখনৰ বাবে চুক্তিবদ্ধ কৰে। সেই ছবিখন ১৯৫৬ চনত মুক্তি লাভ কৰে। ১৯৫৮ চনত "ভক্ত প্ৰহ্লাদ", ১৯৫৯ চনত "কেঁচাসোণ" আৰু "পুঁৱতি নিশাৰ সপোন" নামৰ ছবি কেইখনে মুক্তি লাভ কৰে। ১৯৫৭ চনতো তেখেতৰ দুখন ছবি ওলাইছিল।

১৯৫৮ চনত ফিল্মফেয়াৰ আলোচনীয়ে অনুষ্ঠিত কৰা সৰ্বভাৰতীয় 'প্ৰতিভা-সন্ধানী প্ৰতিযোগিতা'ত মহিলা শাখাত ইভা আচাওৱে শ্ৰেষ্ঠ প্ৰতিযোগীৰ বঁটা লাভ কৰে। ইয়াৰ পিছত ইভা আচাওৰ জনপ্ৰিয়তা বৃদ্ধি পায় আৰু বলীউদৰ প্ৰখ্যাত ছবি নিৰ্মাতা বিমল ৰয়ৰ পৰা তেওঁৰ আগন্তুক ছবি 'সুজাতা'ত অভিনয়ৰ বাবে প্ৰস্তাৱ লাভ কৰে যদিও ৰক্ষণশীল পৰিয়ালৰ পৰা অহা বাবে ইভা আচাওৱে সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে। ইয়াৰ উপৰিও ইভা আচাওৱে বঙালী চলচ্চিত্ৰ বাঘিণী, পাগলাবাবু আৰু তৃষ্ণাত অভিনয়ৰ বাবে প্ৰস্তাৱ লাভ কৰে যদিও সেই একে কাৰণতেই তেনে প্ৰস্তাৱসমূহ প্ৰত্যাখ্যান কৰে। ১৯৬০ চনত তেওঁ উৰ্দু চিনেমা "দূৰ হেই সুখ কি গাওঁ"-ত অভিনয় কৰাৰ সুযোগ পায়। এইবাৰো তেওঁক পিতৃয়ে বাধা প্ৰদান কৰিছিল যদিও শেহত মান্তি হয়। ১৯৬১ চনত ইভা আচাওৰ অভিনীত লাচিত বৰফুকন আৰু শকুন্তলা, ১৯৬২ চনত নৰকাসুৰ, ১৯৬৩ চনত মাটিৰ স্বৰ্গ আৰু ১৯৬৪ চনত মণিৰাম দেৱান মুক্তি পায়। ১৯৬৫ চনত মুক্তি লাভ কৰা ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত প্ৰতিধ্বনি চলচ্চিত্ৰখনত কৰা অভিনয় তেওঁৰ জীৱনৰ মাইলৰ খুঁটি বুলি কোৱা হয়।

১৯৬৬ চনৰ পৰা ১৯৭২ চনলৈ তেওঁ দাম্পত্য জীৱনৰ বাবে চিনেমা জগতৰ পৰা আঁতৰি আছিল। ১৯৭২ চনত পুনৰ 'ভাইটি' চিনেমাৰ দ্বাৰা ছবিজগতত আত্মপ্ৰকাশ কৰে। ভাইটি চিনেমাখন আছিল প্ৰথম অসমীয়া পূৰ্ণ-দৈৰ্ঘ্যৰ ৰঙীণ ছবি। ইয়াৰ পিছত ইভাই 'মমতা', 'পৰিণাম' আৰু 'সন্তান' ছবিত অভিনয় কৰে।[2]

১৯৮২-৮৩ বৰ্ষত আচাৱে অনিৰ্বান থিয়েটাৰতো অভিনয় কৰিছিল।[2]

চলচ্চিত্ৰপঞ্জী[সম্পাদনা কৰক]

মুক্তিলাভ[3] চলচ্চিত্ৰ ভূমিকা টোকা
১৯৫৫, ২ ডিচেম্বৰ পিয়লি ফুকন এজনী গাঁৱলীয়া ছোৱালী, নাচনী
১৯৫৬ এৰা বাটৰ সুৰ
১৯৫৮ ভক্ত প্ৰহ্লাদ
১৯৫৯ পুৱতি নিশাৰ সপোন
১৯৫৯, ২৯ মে’ কেঁচা সোণ
১৯৬১, ২৯ চেপ্তেম্বৰ লাচিত বৰফুকন বগী তৰা
১৯৬১ শকুন্তলা শকুন্তলা
১৯৬২ নৰকাসুৰ নৰকৰ পত্নী মায়া
১৯৬৩ মাটিৰ স্বৰ্গ
১৯৬৪ মণিৰাম দেৱান ললিতা
১৯৬৫, ২২ জানুৱাৰী প্ৰতিধ্বনি
১৯৭২ ভাইটি
১৯৭৩ মমতা
১৯৭৪ পৰিণাম
১৯৭৫ সন্তান

দাম্পত্য জীৱন[সম্পাদনা কৰক]

১৯৬৬ চনত মঞ্চাভিনেতা এফ আৰ ৰাফেলৰ সৈতে ইভা আচাও বিবাহপাশত আৱদ্ধ হয়। বিবাহৰ পিছত তেওঁ নিজৰ নামটো ৰাণী ৰহিমলৈ সলনি কৰে যদিও তেওঁ নিজকে ইভা আচাও ৰহিম বুলিহে চিনাকি দি ভাল পাইছিল। বিয়াৰ পিছত তেওঁ কিছু বছৰৰ বাবে চিনেমা জগতৰ পৰা আঁতৰি আকাশবাণী ডিব্ৰুগঁড় কেন্দ্ৰত যোগদান কৰিছিল।[2]

মৃত্যু[সম্পাদনা কৰক]

১৯৮৮ চনৰ ১৪ জুনত ইভা আচাওৱে জীৱন নাটৰ সামৰণি মাৰে।[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]