টাবু টাইড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
টাবু ৰাম টাইড
জন্ম ১ আগষ্ট, ১৯৪২
ঘূণাসুতি আয়েঙ্গিয়া, লখিমপুৰ, অসম, ভাৰত
মৃত্যু ১৭ আগষ্ট, ২০১৯ (৭৭ বছৰ)
গুৱাহাটী, অসম
পেচা ভাষাতত্ত্ববিদ, শিক্ষাবিদ, সম্পাদক, লেখক
ৰাষ্ট্ৰীয়তা ভাৰতীয় ভাৰত
ধৰণ ভাষাতত্ত্ববিদ
উল্লেখনীয় কৰ্মৰাজি -Mising Gompir Kumsung (A Granary of Mising Words)
-A Dictionary of the Mising Language (1995)

টাবু ৰাম টাইড (ইংৰাজী: Tabu Ram Taid) (১ আগষ্ট ১৯৪২ - ১৭ আগষ্ট ২০১৯) এগৰাকী ভাষাতত্ববিদ, লেখক, শিক্ষাবিদ আৰু শিক্ষা প্ৰশাসক। মিচিং ভাষাৰ সংৰক্ষণ আৰু উন্নয়নৰ প্ৰতি এখেতে উল্লেখযোগ্য বৰঙনি আগবঢ়াই থৈছে। মিচিং লোক নৃত্য, গীত বাদ্য আদি ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ বাবেও এখেতে চেষ্টা কৰিছিল। মিচিং ভাষাৰ প্ৰতি এখেতৰ বৰঙনিক সন্মান জনাই 'মিচিং আগম কেবাঙে' এখেতক 'আগম মিগাং' বুলি বিভূষিত কৰিছে।[1]

চমু জীৱনী[সম্পাদনা কৰক]

১ আগষ্ট, ১৯৪২ৰ দিনা ভাৰতঅসম ৰাজ্যৰ লখিমপুৰ জিলামিচিং সম্প্ৰদায়ৰ এখন সৰু গাঁও ঘূণাসুতি আয়েঙ্গিয়াত টাবু ৰাম টাইডৰ জন্ম হয়। তেখেতৰ পিতৃ স্বৰ্গীয় উবাং টাইড। ঘূণাসুতি সেই সময়ত যাতায়তৰ ভাল সুবিধাৰ পৰা বঞ্চিত এখন ভিতৰুৱা গাঁও আছিল।

টাবু টাইডৰ পিতৃ ঊবাং টাইড আছিল এজন ক্ষুদ্ৰ খেতিয়ক। পাঁচজন পুত্ৰ আৰু দুজনী জীয়ৰী সহ এটা নজনীয়া পৰিয়ালক তেওঁ পোহপাল দিবলগীয়া হৈছিল। জ্ঞানাৰ্জনৰ প্ৰতি প্ৰবল আগ্ৰহ থকা এই সহজ-সৰল জনজাতীয় খেতিয়কজনে ডাঙৰ সন্তানটোৰ বাদে আটাইকেইটা সন্তানকে পঢ়াশালিলৈ পঠিয়াইছিল। ইয়াৰে দুজনে হাইস্কুলত পঢ়িবলৈ উত্তৰ লক্ষীমপুৰ নগৰলৈকেয়ো গৈছিল। এই দুজনৰ ভিতৰত টাবু টাইডো আছিল। টাবু টাইড সপ্তম শ্ৰেণীত থাকোঁতেই তেখেতৰ পিতৃৰ মৃত্যু হৈছিল। '৫০ ৰ ভূমিকম্পৰ পাছত সঘনাই হোৱা বানপানী আৰু গৰাখহনীয়াই ঘূণাসুতিৰ অন্যান্য মানুহৰ দৰে তেখেতসকলৰ ঘৰখনৰো চূড়ান্ত আৰ্থিক বিপৰ্যয় ঘটাইছিল।

টাবু টাইডে 'তামনচুক প্ৰাথমিক বিদ্যালয়'ত প্ৰাথমিক শিক্ষা লোৱাৰ পাছত ১৯৫১-৫৭ চনলৈ 'উত্তৰ লখিমপুৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়'ত শিক্ষাগ্ৰহণ কৰে।[2] হাইস্কুলৰ শিক্ষা সাং কৰি টাবু টাইড উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যায়। আৰ্থিক সমৰ্থনৰ বাবে তেখেতে কলকাতাৰ উপকণ্ঠীয় অঞ্চল নৰেন্দ্ৰপুৰত অৱস্থিত ৰামকৃষ্ণ মিচন আশ্ৰমৰ ওচৰ চাপিছিল। ছাত্ৰবৃত্তিৰ বাবদ পাবলগীয়া ধন সমৰ্পন কৰাৰ চৰ্তত ৰামকৃষ্ণ মিচনে তেখেতক সহায়ৰ হাত আগবঢ়ায়। ১৯৬৩ চনত তেখেতে কলকাতা বিদ্যালয়ৰ অধীনস্থ ৰামকৃষ্ণ মিচন মহাবিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত সন্মান সহ স্নাতক ডিগ্ৰী লাভ কৰে। তাৰপাছত এবছৰতকৈয়ো অধিকঁকাল শিক্ষকতা কৰি টকা-পইচা গোটাই ১৯৬৪ চনত দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ হিন্দু মহাবিদ্যালয়ত নাম ভৰ্তি কৰে। ১৯৬৬ চনত তেখেতে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

স্নাতকোত্তৰ ডিগ্ৰী লৈ ১৯৬৭ চনত টাবু টাইডে গুৱাহাটীকটন মহাবিদ্যালয়ত প্ৰবক্তাৰ চাকৰিত সোমায়।[3] কটন মহাবিদ্যালয়ত চাকৰি কৰি থকা অৱস্থাতে তেখেতে বিদেশত শিক্ষা গ্ৰহণৰ বাবে এটা জলপানী লাভ কৰে। ইয়াৰে সুবিধা লৈ তেখেতে বৃটেইনৰ 'ইউনিভাৰচিটি অৱ ৰিডিঙ'ৰ (১৯৭৩-৭৪) পৰা প্ৰায়োগিক ভাষাতত্ত্বত পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা লয়। তদুপৰি তেখেতে ব্ৰিটিছ কাউঞ্চিল ফেলোশ্বিপ কাৰ্যসূচীৰ অধীনত ১৯৮২ চনত 'ইউনিভাৰচিটি অৱ লণ্ডন ইন্সিটিউট অৱ এডুকেচন'ৰ পৰা দূৰৱৰ্তী শিক্ষা (distance education) বিষয়ক এক চাৰ্টিফিকেট পাঠ্যক্ৰম গ্ৰহণ কৰে।

১৯৭০ চনত টাবু টাইড কেন্দ্ৰীয় লোকসেৱা আয়োগৰ (UPSC) দ্বাৰা অনুষ্ঠিত সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাভাৰতীয় প্ৰশাসনীয় সেৱা আৰু ভাৰতীয় বৈদেশিক সেৱাৰ বাবে বাছনিভূক্ত হয়। এনে পৰ্যায়ৰ সেৱাৰ বাবে বাছনিভূক্ত হোৱা তেখেতেই আছিল অসমৰ প্ৰথম জনজাতীয় যুৱক। কিন্তু স্বাস্থ্য পৰীক্ষাত উত্তীৰ্ণ হব নোৱাৰি তেখেতে সেই পদবী নাপালে।

কটন মহাবিদ্যালয়খনত চৈধ্য বছৰ (১৯৬৭-৮১) সেৱা আগবঢ়োৱাৰ অন্তত শিক্ষা বিভাগৰ উপ-সঞ্চালকৰ (Public Instruction) দায়িত্ব গ্ৰহণ কৰে। পৰৱৰ্তী কালত তেখেতে অসম চৰকাৰৰ শিক্ষা বিভাগৰ বিভিন্ন ওপৰখাপৰ পদবীত, যেনে SCERTৰ সঞ্চালক, অসম মাধ্যমিক শিক্ষা পৰিষদৰ সঞ্চালক, উচ্চশিক্ষা বিভাগৰ সঞ্চালক, অসম মাধ্যমিক শিক্ষা পৰিষদৰ চেয়াৰমেন, ষ্টেট চিলেকচন বোৰ্ড (হায়াৰ এডুকেচন)ৰ চেয়াৰমেন আদি পদবীত কাৰ্যনিৰ্বাহ কৰে। তেখেতক অসম চৰকাৰৰ অধীনস্থ আনন্দৰাম বৰুৱা ভাষা,কলা, সংস্কৃতি প্ৰতিষ্ঠানৰ প্ৰথমগৰাকী সঞ্চালক হিচাপে নিয়োগ কৰা হয়। খিলঞ্জীয়া ভাষা, কলা, সংস্কৃতি সম্পৰ্কীয় গৱেষণা আৰু প্ৰকাশনৰ উদ্দেশ্যে স্থাপিত এই প্ৰতিষ্ঠানটিৰ দায়িত্ব তেখেতে দক্ষতাৰে বহন কৰে। তেখেতে ২০০০ চনত চাকৰিৰ পৰা অবসৰ গ্ৰহণ কৰে যদিও ২০০৪ চনৰ ফেব্ৰুৱাৰীলৈ ষ্টেট চিলেকচন বোৰ্ড (হায়াৰ এডুকেচন)ৰ চেয়াৰমেনৰ দায়িত্বত থাকে।

টাবু ৰাম টাইড গুৱাহাটী বিশ্ববিদ্যালয়'ৰ শিক্ষায়তনিক পৰিষদৰ সদস্য।[4]

২০১৯ চনৰ ১৭ আগষ্ট তাৰিখে গুৱাহাটীৰ এপ'ল' হস্পিটেলত ৭৭ বছৰ বয়সত টাবু টাইডৰ মৃত্যু হয়।

অৱদান[সম্পাদনা কৰক]

টাবু ৰাম টাইড আৰু নহেন্দ্ৰ পাদুনৰ নেতৃত্বত ১৯৬৮ চনত 'গুৱাহাটী মিচিং কেবাং' নামৰ এটা অনুষ্ঠানৰ জন্ম দিয়ে।[5] এই অনুষ্ঠানেই মিচিং ভাষা লিখাৰ বাবে বিজ্ঞানসন্মত লিপি ব্যৱহাৰ কৰাত আগভাগ লয়। মিচিং ভাষাৰ সংৰক্ষণ আৰু উন্নয়নৰ উদ্দেশ্যে ১৯৭২ চনত মিচিং আগম কেবাং (মিচিং সাহিত্য সভা) নামৰ এটা অনুষ্ঠানৰ জন্ম দিয়া হয়। 'মিচিং আগম কেবাঙ'ৰ প্ৰতিষ্ঠাপক সভাপতি আছিল টাবু ৰাম টাইড। ১৯৮০ চনলৈ তেখেত এই অনুষ্ঠানৰ সভাপতি হৈ থাকে। মিচিং আগম কেবাঙৰ চেষ্টাৰ বলতে প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাৰ পাঠ্যক্ৰম আৰম্ভ হয়। টাবু ৰাম টাইডে মিচিং ভাষাৰ বিষয়ে বহুকেইখন গৱেষণা পত্ৰ লিখি উলিওৱাৰ উপৰিও মিচিং ভাষাৰ অভিধান আৰু ব্যাকৰণ প্ৰণয়ন কৰে। তেখেতে বহুতো মিচিং সাধু সম্পাদনা কৰি উলিয়ায়। মিচিং ভাষা সম্পৰ্কীয় তেখেতৰ কৰ্মৰাজি মিচিং তথা বৃহত্তৰ অসমীয়া সমাজলৈ এক মূল্যবান অবদান। ইংৰাজী, অসমীয়া আৰু মিচিং ভাষাত লিখা তেখেতৰ অসংখ্য প্ৰবন্ধ কাকতে-পত্ৰে সিঁচৰতি হৈ আছে। তেখেতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে 'ইংৰাজী ভাষা শিক্ষা'ৰ এলানি অনাতাঁৰ পাঠ্যক্ৰম প্ৰস্তুত কৰে। তদুপৰি ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ বাবে তেখেতে 'মিচিং ভাষা শিক্ষা'ৰ এটা পাঠ্যক্ৰমো প্ৰস্তুত কৰি দিছিল।

প্ৰকাশিত গ্ৰন্থ[সম্পাদনা কৰক]

  • একুকি নিৱন্ধ (পশ্চিমীয়া চিত্ৰকলা বিষয়ক গ্ৰন্থ)
  • Glimpses (ইংৰাজী প্ৰবন্ধৰ সংকলন)
  • Mising Gompir Kumsung ('মিচিং শব্দৰ ভঁৰাল' মিচিং অভিধান)
  • Banikanta Kakati, the man and his works (ৰঞ্জিত দেৱ গোস্বামীৰ সৈতে যুটীয়া ভাৱে সম্পাদিত)[6]
  • Folksongs of the Misings (তৰুণ চন্দ্ৰ পামেগামৰ সৈতে যুটীয়া ভাৱে, সম্পাদনাঃ বীৰেন্দ্ৰনাথ দত্ত)[7]

সন্মান[সম্পাদনা কৰক]

  • 'আগম মিগাং' উপাধি লাভ (২০০৭); 'মিচিঙ আগম কৗবাঙ'-ৰ পৰা দিয়া সন্মানজনক উপাধি[2]
  • অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ।
  • বাসুদেৱ জালান বঁটা[8]
  • ২০১১ চনৰ অসম চৰকাৰৰ চ্যুকাফা বঁটা।[9]
  • 'অৱনৰি দগনৗ' (সোৱণশিৰিৰ মণি) উপাধি প্ৰদান (২০১২); সোৱণশিৰি-ঘুণাসুঁতিপৰীয়া ৰাইজে দিয়া উপাধি[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

আৰু চাওক[সম্পাদনা কৰক]