অপূৰ্ব শৰ্মা
Jump to navigation
Jump to search
অপূৰ্ব শৰ্মা | |
---|---|
![]() | |
জন্ম | ১৯৪৩ চন অসম |
পেছা | সাহিত্যিক, সাংবাদিক, চলচ্চিত্ৰ সমালোচক, গল্পকাৰ |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
উল্লেখনীয় কৰ্মৰাজি | বাঘে টাপুৰ ৰাতি, অসমীয়া চলচ্চিত্ৰৰ ছাঁ-পোহৰ |
উল্লেখযোগ্য বঁটা | সাহিত্য অকাডেমি বঁটা (২০০০)[1] |
অপূৰ্ব শৰ্মা (ইংৰাজী: Apurba Sharma) হ’ল সৌৰভ কুমাৰ চলিহাই প্ৰৱৰ্তন কৰা অসমীয়া গল্প-সাহিত্যৰ আধুনিকতাবাদী ধাৰাটোৰ অন্যতম গল্পকাৰ।[2] শৰ্মা ২০০০ চনত তেওঁৰ গল্প সংকলন 'বাঘে টাপুৰ ৰাতি'ৰ বাবে অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা আৰু ২০১৫ চনত অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত হৈছে। তেখেত এগৰাকী বিশিষ্ট চলচ্চিত্ৰ-সমালোচকো। তেখেতৰ অসমীয়া চলচ্চিত্ৰৰ ছাঁ-পোহৰ নামৰ গ্ৰন্থখনে ২০০২ চনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰতিযোগিতাত চলচ্চিত্ৰ বিষয়ক শ্ৰেষ্ঠ গ্ৰন্থৰ স্বৰ্ণকমল সন্মান লাভ কৰিছিল।[3][4]
কৰ্মজীৱন[সম্পাদনা কৰক]
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিৰ স্নাতকোত্তৰ ডিগ্ৰী লৈ সাংবাদিক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। পাছত নগাঁও ছোৱালী মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰি সেই মহাবিদ্যালয়ৰে অধ্যক্ষ হয়।
সাহিত্যিক অৱদান[সম্পাদনা কৰক]
- বন্ধুৰ পথৰ কেইজনমান ডেকা মানুহ (১৯৭৭)
- শুভবাৰ্তা (১৯৮৫)
- বাঘে টাপুৰ ৰাতি আৰু অন্যান্য কাহিনী (১৯৯৬)
- অসমীয়া চলচ্চিত্ৰৰ ছাঁ-পোহৰ (২০০১)
- Jyotiprasad as a Film Maker (২০০৫)[5]
উল্লেখযোগ্য বঁটা[সম্পাদনা কৰক]
- সাহিত্য অকাডেমি বঁটা (২০০০, 'বাঘে টাপুৰ ৰাতি' গল্প-সংকলনৰ বাবে)
- চলচ্চিত্ৰ বিষয়ক শ্ৰেষ্ঠ গ্ৰন্থৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (২০০২, অসমীয়া চলচ্চিত্ৰৰ ছাঁ-পোহৰৰ বাবে)
- অসম উপত্যকা সাহিত্য বঁটা (২০১৫)
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২.
- ↑ বিশ্বকোষ, অসম সাহিত্য সভা, চতুৰ্থ খণ্ড, ১ম প্ৰকাশ, ২০০৩
- ↑ শান্তনু কৌশিক বৰুৱা. "প্ৰসিদ্ধ ব্যক্তি আৰু পৰিচয়". অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৮৫৩.
- ↑ "AXOMIYA CHALACCHITRAR SAN-POHAR". https://www.scientiabooks.in/product/axomiya-chalacchitrar-san-pohar/। আহৰণ কৰা হৈছে: 20 October 2020.
- ↑ Gauhati Cine Club
|
|