সমললৈ যাওক

অৰূপা পটংগীয়া কলিতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অৰূপা পটংগীয়া কলিতা
জন্ম ১৯৫৬
গোলাঘাট, অসম
পেচা লেখিকা
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
মাতৃশিক্ষায়তন দেৱৰাজ ৰয় মহাবিদ্যালয়
গৌহাটী বিশ্ববিদ্যালয়
বিষয় উপন্যাস, গল্প
উল্লেখনীয় কৰ্মৰাজি মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা
উল্লেখযোগ্য বঁটা সাহিত্য অকাডেমি বঁটা
ভাৰতীয় ভাষা পৰিষদ বঁটা
সহযোগী ৰাজেন কলিতা

অৰূপা পটংগীয়া কলিতা (ইংৰাজী: Arupa Patangia Kalita) অসমৰ এগৰাকী প্ৰসিদ্ধ ঔপন্যাসিক তথা গল্পকাৰ।[1][2] তেওঁৰ গ্ৰন্থসমূহৰ ভিতৰত মৃগনাভি, অয়নান্ত, জছনাৰ ঝিটাছ আদি উল্লেখযোগ্য। তেওঁৰ সাহিত্যিক অৱদানৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ বঁটা, প্ৰবীণা শইকীয়া বঁটা আদিৰে সন্মানিত কৰা হৈছে। তেখেতে “মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা” নামৰ অসমীয়া চুটি গল্প সংকলনৰ বাবে ২০১৪ চনত সন্মানীয় সাহিত্য অকাডেমি বঁটা লাভ কৰে। তেখেতে টংলা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক আছিল৷

তেখেতে গোলাঘাট মিছন গাৰ্লছ্ স্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়৷ হায়াৰছেকেণ্ডৰী আৰু স্নাতক ডিগ্ৰী লাভ কৰে ডি.আৰ কলেজৰ পৰা৷ তেখেতে ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পাৰ্ল এছ বাক (Pearl S. Buck) ৰ নাৰী চৰিত্ৰসমূহৰ ওপৰত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে।[3] তেখেত দৰং জিলাটংলা মহাবিদ্যালয়ৰ ইংৰাজী বিষয়ৰ প্ৰবক্তা ৰূপে কৰ্মনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰিছে।[2]

সাহিত্যিক অৱদান

[সম্পাদনা কৰক]

অৰূপা পটংগীয়া কলিতাই ভালেসংখ্যক উপন্যাস তথা চুটিগল্প ৰচনা কৰিছে। ইয়াৰ ভিতৰত উল্লেখযোগ্যসমূহ হ'ল-[2][4]-

উপন্যাস
চুটিগল্প সংকলন
  • মৰুযাত্ৰা আৰু অন্যান্য, লয়াৰ্ছ বুক ষ্টল (১৯৯২)
  • মৰুভূমিত মেনকা আৰু অন্যান্য, সৃষ্টিলেখা প্ৰকাশন (১৯৯৫)
  • দেও পাহাৰৰ ভগ্নস্তুপত, সাহিত্য প্ৰকাশ (১৯৯৯)
  • পাছ চোতালৰ কথকতা, জ্যোতি প্ৰকাশন (২০০০)
  • মিলেনিয়ামৰ সপোন, জ্যোতি প্ৰকাশন (২০০২)
  • আলেকজান বানুৰ জান, লয়াৰ্ছ বুক ষ্টল (২০০৩) [6]
  • কুৰোশ্বোৱাৰ সপোন, মোৰ সপোন সিহঁতৰ সপোন, বনলতা (২০০৭)
  • পাহাৰ, নদী, সাগৰ আৰু মানুহ, বনলতা (২০১০) (ভ্ৰমণ কাহিনী)
  • সোণালী ঈগলে কণী পাৰিলে, বেলিয়ে উমনি দিলে, চন্দ্ৰ প্ৰকাশ (২০১০)
  • মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা, চন্দ্ৰ প্ৰকাশ (২০১২)[7]
  • পানী গাভিনী আছিল আৰু অন্যান্য, জ্যোতি প্ৰকাশন (২০১৯) [5]
  • মানুহজনী ফেঁচা হ’ল, জ্যোতি প্ৰকাশন (২০২৪)
অনূদিত উপন্যাস
  • Dawn: A Novel, জুবান, অয়নান্তৰ ইংৰাজীলৈ অনূদিত ৰূপ, অনুবাদক- ৰঞ্জিতা বিশ্বাস
  • দ্য ষ্টৰী অফ ফেলানী, জুবান, দীপিকা ফুকনৰ দ্বাৰা ইংৰাজীলৈ অনূদিত। ক্ৰছৱৰ্ড বুক এৱাৰ্ডত মনোনীত[8]
  • ৰিটেন ইন টীয়েৰ্ছ, হাৰ্পাৰ পাৰ্নিয়েল, অনুবাদক-ৰঞ্জিতা বিশ্বাস
  • এক নয়ে চুবাহ, যাত্ৰা বুকচ্, (হিন্দী ভাষালৈ অনুবাদ) অনুবাদক- চুচিতা মিট্টাল
  • দ্য মাস্ক এণ্ড দ্য আডাৰ ষ্টৰী, নিয়য়োগী বুকচ্
  • ফেলানী, বিকি পাব্লিচাৰ্চ্, ২০১৯ (বাাংলা ভাষালৈ অনুবাদ) অনুবাদক- সুশান্ত কৰ
  • The Lonliness of Hira Baruah, পান মাচমিলন, ২০২০ (ইংৰাজী ভাষালৈ অনুবাদ), অনুবাদক- ৰঞ্জিতা বিশ্বাস
  • তনয়া, পেংগুইন ৰেনডম হাউচ, ২০২২, অনুবাদক-মিনাক্ষী বৰকটকী
  • Aa ma Sobnai Fwtharo Jwsa Mainao, (বড়ো ভাষালৈ অনুবাদ), অনুবাদক-ৰীতা বড়ো
  • The Invitation -অৰুণাভ ভূঞাৰ দ্বাৰা ইংৰাজীলৈ অনূদিত।

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
  • শৈলেশ চন্দ্ৰ দাসগুপ্ত সাহিত্য সেতু বঁটা (১৯৯৩) [9]
  • ভাৰতীয় ভাষা পৰিষদৰ বঁটা (১৯৯৫)
  • কথা বঁটা (১৯৯৮) ‘দৈৱকীৰ দান’ গল্পৰ বাবে
  • Aka Abong Koyakjon Sahitya Sanskriti Sanmman (২০০৯)
  • লেখিকা সমাৰোহ সাহিত্য বঁটা (২০১০)
  • প্ৰবীণা শইকীয়া বঁটা (২০১২)[10]
  • দ্য ইকনমিষ্ট ক্ৰছ ৱৰ্ড বুক এৱাৰ্ড ফ’ৰ ট্ৰেন্সলেশ্যন (২০১১)
  • সাহিত্য অকাডেমি বঁটা (২০১৪)
  • Distinguised Women Award (২০১৫) প্ৰাগ চেনেলৰ দ্বাৰা প্ৰদান কৰা হৈছে৷
  • অসম উপত্যকা সাহিত্য বঁটা (২০১৭)[11]
  • শ্ৰীময়ী অসমী বঁটা (২০১৭)
  • গোলাঘাট জাতীয় বিদ্যালয় বঁটা (২০১৯)
  • ত্ৰৈলোক্যনাথ গোস্বামী মেমৰিয়েল এৱাৰ্ড ‘কথা সাহিত্য বঁটা’ (২০১৯)
  • পৰীমল চন্দ্ৰ ব্ৰহ্ম লিটাৰেৰী এৱাৰ্ড (২০২৩)

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Arupa Patangia Kalita". Samanvayindianlanguagesfestival.org. Archived from the original on 2013-08-08. https://web.archive.org/web/20130808103246/http://samanvayindianlanguagesfestival.org/2011/arupa-patangia-kalita/ আহৰণ কৰা হৈছে: 2013-06-14.
  2. 1 2 3 "Women's Writing". Womenswriting.com. Archived from the original on 2013-06-16. https://archive.today/20130616054223/http://www.womenswriting.com/WomensWriting/AuthorProfileDetail.asp?AuthorID=181 আহৰণ কৰা হৈছে: 2013-06-14.
  3. "Arupa Patangia Kalita". Samanvayindianlanguagesfestival.org. Archived from the original on 2013-08-08. https://web.archive.org/web/20130808103246/http://samanvayindianlanguagesfestival.org/2011/arupa-patangia-kalita/ আহৰণ কৰা হৈছে: 2013-06-14.
  4. Friday, Jun 14, 2013 (2013-04-06). "Arupa Patangia Kalita gets Prabina Saikia award News - By assamonline.in". News.assamonline.in. Archived from the original on 2019-12-08. https://web.archive.org/web/20191208114430/https://news.assamonline.in/arupa-patangia-kalita-gets-prabina-saikia-award-17675 আহৰণ কৰা হৈছে: 2013-06-14.
  5. 1 2 কলিতা, অৰূপা পটংগীয়া (২০২১). জছনাৰ ঝিটাছ. প্ৰকাশক গুৱাহাটী: চন্দ্ৰ প্ৰকাশ. পৃষ্ঠা. বেটুপাত. ISBN ৯৭৮৮১২৪৪০৬৭১৭.
  6. The Telegraph - Calcutta : Guwahati. Telegraphindia.com. 2006-01-14. http://www.telegraphindia.com/1060114/asp/guwahati/story_5715390.asp আহৰণ কৰা হৈছে: 2013-06-14.
  7. The Times of India. Timesofindia.indiatimes.com. 2014-12-20. http://timesofindia.indiatimes.com/city/guwahati/Assam-and-Bodo-writers-to-get-the-award/articleshow/45578962.cms আহৰণ কৰা হৈছে: 2015-01-06.
  8. "Felanee by Arupa Kalita Patangia Translated by Deepika PhukanKanvas Journal". Kanvasjournal.com. Archived from the original on 2013-06-15. https://archive.is/20130615234147/http://www.kanvasjournal.com/felanee-by-arupa-kalita-patangia-translated-by-deepika-phukan/ আহৰণ কৰা হৈছে: 2013-06-14.
  9. "Arupa Patangia Kalita". Samanvayindianlanguagesfestival.org. Archived from the original on 2013-08-08. https://web.archive.org/web/20130808103246/http://samanvayindianlanguagesfestival.org/2011/arupa-patangia-kalita/ আহৰণ কৰা হৈছে: 2013-06-14.
  10. TI Trade (2013-04-06). The Assam Tribune Online. Assamtribune.com. Archived from the original on 2016-03-03. https://web.archive.org/web/20160303222954/http://www.assamtribune.com/scripts/detailsnew.asp?id=apr0613%2Fcity05 আহৰণ কৰা হৈছে: 2013-06-14.
  11. Khan, Shajid (1 January 2017). "Assam Valley Literary Award for Dr.Arupa Patangia Kalita". Assam Times. Archived from the original on 23 March 2017. https://web.archive.org/web/20170323053602/https://www.assamtimes.org/node/18216 আহৰণ কৰা হৈছে: 24 August 2017.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]