অৰূপা পটংগীয়া কলিতা
অৰূপা পটংগীয়া কলিতা | |
---|---|
জন্ম | ১৯৫৬ গোলাঘাট, অসম |
পেচা | লেখিকা |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
মাতৃশিক্ষায়তন | দেৱৰাজ ৰয় মহাবিদ্যালয় গৌহাটী বিশ্ববিদ্যালয় |
উল্লেখনীয় কৰ্মৰাজি | মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা |
উল্লেখযোগ্য বঁটা | সাহিত্য অকাডেমি বঁটা ভাৰতীয় ভাষা পৰিষদ বঁটা |
অৰূপা পটংগীয়া কলিতা (ইংৰাজী: Arupa Patangia Kalita) অসমৰ এগৰাকী প্ৰসিদ্ধ ঔপন্যাসিক তথা গল্পকাৰ।[1][2] তেওঁৰ গ্ৰন্থসমূহৰ ভিতৰত মৃগনাভি, অয়নান্ত, আদি উল্লেখযোগ্য। তেওঁৰ সাহিত্যিক অৱদানৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ বঁটা, প্ৰবীণা শইকীয়া বঁটা আদিৰে সন্মানিত কৰা হৈছে। তেখেতে “মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা” নামৰ অসমীয়া চুটি গল্প সংকলনৰ বাবে ২০১৪ চনত সন্মানীয় সাহিত্য অকাডেমি বঁটা লাভ কৰে।
জীৱন[সম্পাদনা কৰক]
অৰূপা পটংগীয়া কলিতাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পাৰ্ল এছ বাক (Pearl S. Buck) ৰ নাৰী চৰিত্ৰসমূহৰ ওপৰত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে।[3] বৰ্তমান তেওঁ দৰং জিলাৰ টংলা মহাবিদ্যালয়ৰ ইংৰাজী বিষয়ৰ প্ৰবক্তা ৰূপে কৰ্মনিৰ্বাহ কৰি আছে।[2]
সাহিত্যিক অৱদান[সম্পাদনা কৰক]
অৰূপা পটংগীয়া কলিতাই ভালেসংখ্যক উপন্যাস তথা চুটিগল্প ৰচনা কৰিছে। ইয়াৰ ভিতৰত উল্লেখযোগ্যসমূহ হ'ল-[2][4]-
- উপন্যাস
- মৃগনাভি (১৯৮৭),
- মেপল হাবিৰ ৰং (১৯৮৯)
- অয়নান্ত (১৯৯৪)
- মৰুভূমিত মেনকা আৰু অন্যান্য (১৯৯৫)
- মৃগনাভি (পৰিৱৰ্ধিত সংস্কৰণ) (১৯৯৫)
- কাইঁটত কেতেকী (১৯৯৯)
- অৰুণিমাৰ স্বদেশ (২০০০)[5]
- ফেলানী (২০০৭)
- ৰঙামাটিৰ পাহাৰটো (২০১০)
- টোকোৰা বাহৰ সোণৰ বেজী (২০১৪)
- তানিয়া (২০১৮) (শিশু উপন্যাস)
- জলতৰঙ্গৰ সুৰ (২০১৮)
- জছনাৰ ঝিটাছ (২০২১)
- চুটিগল্প সংকলন
- মৰুযাত্ৰা আৰু অন্যান্য (১৯৯২)
- দেও পাহাৰৰ ভগ্নস্তুপত (১৯৯৯)
- পাছ চোতালৰ কথকতা (২০০০)
- মিলেনিয়ামৰ সপোন (২০০২)
- আলেকজান বানুৰ জান (২০০৫) [6]
- কুৰোশ্বোৱাৰ সপোন, মোৰ সপোন সিহঁতৰ সপোন (২০০৭)
- পাহাৰ, নদী, সাগৰ আৰু মানুহ (২০১০)
- সোণালী ঈগলে কণী পাৰিলে, বেলিয়ে উমনি দিলে (২০১০)
- মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা (২০১২)[7]
- পানী গাভিনী আছিল আৰু অন্যান্য (২০১৯) [5]
- অনূদিত উপন্যাস
- Dawn: A Novel, অয়নান্তৰ ইংৰাজীলৈ অনূদিত ৰূপ, অনুবাদক- ৰঞ্জিতা বিশ্বাস
- ফেলানী, দীপিকা ফুকনৰ দ্বাৰা ইংৰাজীলৈ অনূদিত। ক্ৰছৱৰ্ড বুক এৱাৰ্ডত মনোনীত[8]
- The Invitation -অৰুণাভ ভূঞাৰ দ্বাৰা ইংৰাজীলৈ অনূদিত।
বঁটা আৰু সন্মান[9][সম্পাদনা কৰক]
- সাহিত্য অকাডেমি বঁটা (২০১৪)
- ভাৰতীয় ভাষা পৰিষদৰ বঁটা
- কথা বঁটা
- প্ৰবীণা শইকীয়া বঁটা[10]
- অসম উপত্যকা সাহিত্য বঁটা (২০১৬)[11]
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ "Arupa Patangia Kalita". Samanvayindianlanguagesfestival.org. http://samanvayindianlanguagesfestival.org/2011/arupa-patangia-kalita/। আহৰণ কৰা হৈছে: 2013-06-14.
- ↑ 2.0 2.1 2.2 "Women's Writing". Womenswriting.com. http://www.womenswriting.com/WomensWriting/AuthorProfileDetail.asp?AuthorID=181। আহৰণ কৰা হৈছে: 2013-06-14.
- ↑ "Arupa Patangia Kalita". Samanvayindianlanguagesfestival.org. http://samanvayindianlanguagesfestival.org/2011/arupa-patangia-kalita/। আহৰণ কৰা হৈছে: 2013-06-14.
- ↑ Friday, Jun 14, 2013 (2013-04-06). "Arupa Patangia Kalita gets Prabina Saikia award News - By assamonline.in". News.assamonline.in. http://news.assamonline.in/Arupa-Patangia-Kalita-gets-Prabina-Saikia-award-17675। আহৰণ কৰা হৈছে: 2013-06-14.
- ↑ 5.0 5.1 কলিতা, অৰূপা পটংগীয়া (২০২১). জছনাৰ ঝিটাছ. প্ৰকাশক গুৱাহাটী: চন্দ্ৰ প্ৰকাশ. পৃষ্ঠা. বেটুপাত. ISBN ৯৭৮৮১২৪৪০৬৭১৭.
- ↑ The Telegraph - Calcutta : Guwahati. Telegraphindia.com. 2006-01-14. http://www.telegraphindia.com/1060114/asp/guwahati/story_5715390.asp। আহৰণ কৰা হৈছে: 2013-06-14.
- ↑ The Times of India. Timesofindia.indiatimes.com. 2014-12-20. http://timesofindia.indiatimes.com/city/guwahati/Assam-and-Bodo-writers-to-get-the-award/articleshow/45578962.cms। আহৰণ কৰা হৈছে: 2015-01-06.
- ↑ "Felanee by Arupa Kalita Patangia Translated by Deepika PhukanKanvas Journal". Kanvasjournal.com. http://www.kanvasjournal.com/felanee-by-arupa-kalita-patangia-translated-by-deepika-phukan/। আহৰণ কৰা হৈছে: 2013-06-14.
- ↑ "Arupa Patangia Kalita". Samanvayindianlanguagesfestival.org. http://samanvayindianlanguagesfestival.org/2011/arupa-patangia-kalita/। আহৰণ কৰা হৈছে: 2013-06-14.
- ↑ TI Trade (2013-04-06). The Assam Tribune Online. Assamtribune.com. http://www.assamtribune.com/scripts/detailsnew.asp?id=apr0613/city05। আহৰণ কৰা হৈছে: 2013-06-14.
- ↑ Khan, Shajid (1 January 2017). "Assam Valley Literary Award for Dr.Arupa Patangia Kalita". Assam Times. https://www.assamtimes.org/node/18216। আহৰণ কৰা হৈছে: 24 August 2017.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
- অসমীয়া ৱিকিউদ্ধৃতিত অৰূপা পটংগীয়া কলিতাৰ উক্তি
- Works by or about অৰূপা পটংগীয়া কলিতা in libraries (WorldCat catalog)
- The daughter, the wife and the mother, a short story by the author at bipuljyoti.in.
- a Review of novel Dawn by Arupa Kalita Patangia at scribblesofsoul.com.
- a Review of novel Felanee at womensweb.in.
|