সমীৰ তাঁতী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সমীৰ তাঁতী
জন্ম ৬ ফেব্ৰুৱাৰী, ১৯৫৫
বিহৰা চাহ বাগিছা, গোলাঘাট জিলা
পেচা লেখক, সমাজকৰ্মী
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজি যুদ্ধভূমিৰ কবিতা
কদম ফুলাৰ ৰাতি
উল্লেখযোগ্য বঁটা অসম উপত্যকা সাহিত্য বঁটা (২০১২)
ছগনলাল জৈন সাহিত্য বঁটা
দাম্পত্যসংগী লিলিবন কলিতা

সমীৰ তাঁতী (ইংৰাজী: Sameer Tanti) অসমৰ এজন কবি, কথাশিল্পী, চিত্ৰকৰ তথা সমাজকৰ্মী।[1] গোলাঘাটৰ বিহৰা চাহ বাগিছাত জন্মলাভ কৰা সমীৰ তাঁতীয়ে "যুদ্ধভূমিৰ কবিতা", "কদম ফুলাৰ ৰাতি", "শোকাকুল উপত্যকা" আদি কবিতা গ্ৰন্থৰে অসমীয়া সাহিত্য জগতত চিনাকি লাভ কৰে। তেখেতে ২০১২ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে।[2]

জন্ম আৰু শিক্ষা[সম্পাদনা কৰক]

সমীৰ তাঁতীয়ে ১৯৫৫ চনৰ ৬ ফেব্ৰুৱাৰীত গোলাঘাট জিলাৰ বিহৰা চাহ বাগিছাত জন্মগ্ৰহণ কৰে। তেখতৰ পিতৃ আছিল চাহ শ্ৰমিক কৰ্ণ তাঁতী আৰু মাতৃ নোৱাগ'ৰ তাঁতী।[3] কৰ্ণ তাঁতী ১৯৩৭ চনতে উৰিষ্যাৰ কালাহান্দিৰ পৰা অসমলৈ আহিছিল।

সমীৰ তাঁতীয়ে এজন উৰিয়া শিক্ষকৰ ওচৰত শিক্ষাজীৱনৰ পাতনি মেলে। এবছৰমান পিছত তেখেতে বিহৰাৰ এখন হিন্দী মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰে। দুবছৰমান সেইখন বিদ্যালয়ত পঢ়াৰ পিছত তেখেতে অসমীয়া মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰে আৰু ১৯৭৪ চনত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়।[4] ১৯৮৩ চনত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ উপাধি লাভ কৰে।[1]

১৯৮০ চনত তেখেত লিলিবন কলিতাৰ লগত বিবাশপাশত আবদ্ধ হয়।[4]

কৰ্মজীৱন[সম্পাদনা কৰক]

সমীৰ তাঁতীয়ে হোমেন বৰগোহাঞিৰ দ্বাৰা সম্পাদিত "সাদিনীয়া নাগৰিক" কাককত উপ-সম্পাদক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে।[5] তাৰ পিছত তেখেতে "দ্য ছেণ্টিনেল" কাকতত আৰ্হিকাকত চাওঁতা হিচাপে কাম কৰে। ইয়াৰ পিছত তেখেতে তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত অনুবাদক, শৰাইঘাট মহাবিদ্যালয়ৰ প্ৰবক্তা, খানাপাৰাৰ গণেশ মন্দিৰ বিদ্যালয়ত শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি বৰ্তমান অসম চৰকাৰৰ জ্যেষ্ঠ পৰ্যটন অনুসন্ধান বিষয়াৰূপে কাম কৰি আছে।[1]

সাহিত্যিক অৱদান[সম্পাদনা কৰক]

১৯৭৯ চনত 'নাগৰিক' কাকতত সমীৰ তাঁতীৰ প্ৰথমটো কবিতা প্ৰকাশ পায়। বৰ্তমানলৈকে সমীৰ তাঁতীৰ বাৰখন কবিতাপুথি, সমালোচনা আৰু গদ্য সাহিত্যৰ চাৰিখন সংকলন, আফ্ৰিকীয় কবিতা আৰু জাপানী প্ৰেমৰ কবিতাৰ দুখন অনুদিত গ্ৰন্থ প্ৰকাশ পোৱাৰ লগতে তেখেতৰ সম্পাদনাৰে দুখন গল্প সংকলন প্ৰকাশ পাইছে। যুদ্ধভূমিৰ কবিতা (১৯৮৫), শোকাকুল উপত্যকা (১৯৯৩), সময় শব্দ সপোন (১৯৯৬), কদম ফুলাৰ ৰাতি (২০০১) আদি তেখেতৰ প্ৰকাশিত উল্লেখযোগ্য কবিতা সংকলন।[3][6]

সমীৰ তাঁতীয়ে ভূপালত ১৯৮৭ চনত অনুষ্ঠিত ভাৰতীয় কবিতাৰ প্ৰথম ত্ৰিবাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰে। তাৰপিছত ১৯৮৮ চনত ভূপালত অনুষ্ঠিত ভাৰতীয় যুৱ লেখক সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে সেই বছৰেই এছিয়া কাব্য মহোৎসৱত যুৱ পৰ্যবেক্ষকৰ দায়িত্ব পালন কৰে।[5] ২০০৭ চনত তেখেতে নতুন দিল্লীত অনুষ্ঠিত 'ছাৰ্ক' লেখকৰ সন্মিলন আৰু ২০০৮ চনত কলকাতাত অনুষ্ঠিত বিশ্ব কাব্য মহোৎসৱত অংশগ্ৰহণ কৰে। মুম্বাই, নতুন দিল্লী, কলকাতা, পাটনা, ভুৱনেশ্বৰ, কোনাৰ্ক আদি ঠাইত সাহিত্য অকাডেমিয়ে আযোজন কৰা বিভিন্ন সন্মিলনত তেখেত স্বৰচিত কবিতা পাঠৰ বাবে আমন্ত্ৰিত হৈ আহিছে।[5]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

২০১২ চনৰ নৱেম্বৰত সমীৰ তাঁতীক ছগনলাল জৈন সাহিত্য বঁটাৰে সন্মানিত কৰা হৈছিল। ৱিলিয়ামছন মেগৰ শৈক্ষিক ন্যাসে প্ৰদান কৰা ২০১২ বৰ্ষৰ অসম উপত্যকা সাহিত্য বঁটাৰ বাবেও তেখেতক নিৰ্বাচন কৰা হৈছে।[1] এই বঁটাৰ ঘোষণা হোৱাৰ পিছত তেখেতে ব্যক্ত কৰে যে "এয়া চাহ বাগিছা, অসমৰ সাধাৰণ শ্ৰমিক কৃষকৰ প্ৰতি যঁচা এক সন্মান।"[3] শেহতীয়াকৈ তেখেতক পশ্চিম বংগ চৰকাৰৰ বাংলা একাডেমীয়েও সম্বৰ্ধনা জ্ঞাপন কৰে।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 (জানুৱাৰী ১৩, ২০১৩). "কবি সমীৰ তাঁতীলৈ অসম উপত্যকা বঁটা". অসম আমাৰ অসম. সংগ্ৰহ কৰা হৈছে: জানুৱাৰী ১৫, ২০১৩.
  2. "Assam Valley Award to Sameer Tanti". The Assam Tribune. January 13, 2013. http://www.assamtribune.com/scripts/detailsnew.asp?id=jan1313/at092। আহৰণ কৰা হৈছে: January 16, 2013. [সংযোগবিহীন উৎস]
  3. 3.0 3.1 3.2 (১৩ জানুৱাৰী, ২০১৩). "'কদম ফুলাৰ ৰাতি'ৰ কবি সমীৰ তাঁতীলৈ অসম উপত্যকা সাহিত্য বঁটা". বাৰ্তা নিয়মীয়া বাৰ্তা. সংগ্ৰহ কৰা হৈছে: ১৬ জানুৱাৰী, ২০১৩.
  4. 4.0 4.1 Maitreyee Boruah (May 21, 2004). "Verse in proletariat heart". The Telegraph. http://www.telegraphindia.com/1040521/asp/northeast/story_3240024.asp। আহৰণ কৰা হৈছে: January 16, 2013. 
  5. 5.0 5.1 5.2 (১৩ জানুৱাৰী, ২০১৩). "সমীৰ তাঁতীলৈ ২০১২ বৰ্ষৰ অসম উপত্যকা সাহিত্য বঁটা". জনমভূমি দৈনিক জনমভূমি. সংগ্ৰহ কৰা হৈছে: ১৬ জানুৱাৰী, ২০১২.
  6. "Assamese poet Sameer Tanti awarded Assam Valley Literary Award". Business Standard. January 12, 2013. http://www.business-standard.com/generalnews/news/assamese-poet-sameer-tanti-awarded-assam-valley-literary-award/108609/। আহৰণ কৰা হৈছে: January 16, 2013.