জয়ন্তী চুতীয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জয়ন্তী চুতীয়া

জন্ম ১ আগষ্ট, ১৯৪৮
জামগুৰি, শিৱসাগৰ জিলা
জাতীয়তা ভাৰতীয়
ক্ষেত্ৰ পদাৰ্থ বিজ্ঞান (প্লাজমা পদাৰ্থ বিজ্ঞান)
কৰ্মস্থান Institute of Advanced Study in Science and Technology (IASST)
উল্লেখনীয় বঁটা কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা
মহিলা পদাৰ্থ বিজ্ঞানী বঁটা

জয়ন্তী চুতীয়া (ইংৰাজী: Joyanti Chutia) এগৰাকী অসমীয়া বিজ্ঞানী আৰু জনপ্ৰিয় বিজ্ঞানৰ লেখিকা। ১৯৪৮ চনৰ ১ আগষ্টত শিৱসাগৰ জিলাত জামগুৰিত তেওঁৰ জন্ম হয়। তেওঁৰ মাতৃৰ নাম কুঞ্জলতা আৰু পিতৃ সোণাৰাম চুতীয়া। ১৯৬৭ চনত জয়ন্তী চুতীয়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত বি.এছ.চি আৰু ১৯৬৯ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা এম.এছ.চি. পাছ কৰে। ১৯৮১ চনত সেই বিশ্ববিদ্যালয়ৰ পৰাই Solid state Physics বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰে। ১৯৮১ৰ পৰা ১৯৮৩লৈ CSIR-ৰ Post Doctorate Fellow ৰূপে কাৰ্য্যনিৰ্বাহ কৰে। ১৯৮৫ৰ পৰা ১৯৮৬লৈ Institute of Advanced Studies in Science and Technology-ৰ সহকাৰী অধ্যাপকৰূপে নিযুক্তি লাভ। ১৯৮৮ চনত তেওঁ Institute of space and Astronautical science, জাপানত গৱেষণাৰ কামত নিযুক্ত হয়।[1] তাৰ পিছত এবছৰ জাৰ্মানী বিশ্ববিদ্যালয়ত Visiting বিজ্ঞানী ৰূপে কাৰ্য্যনিৰ্বাহ কৰে। বৰ্ত্তমান তেওঁ গুৱাহাটীৰ Institute of Advanced Studies in Science and Technology-ৰ অধ্যাপক আৰু বিভাগীয় মুৰব্বী তথা ৰিচাৰ্চ গাইড। তেখেতে দেশ-বিদেশৰ বহুতো চেমিনাৰ, কনফাৰেন্স, চামাৰ স্কুলত অংশগ্ৰহণ কৰিছে। ১৯৭৬ চনত কলিকতাত International Seminar on Solid state physicsৰে এই ভ্ৰমণ পৰিক্ৰমা অৰম্ভ কৰে। তাৰ পিছৰপৰাই পদাৰ্থবিজ্ঞানৰ বিভিন্ন বিষয়বস্তুৰ ওপৰত আহমেদাবাদ, ইন্দোৰ, জাপানৰ হিৰোশ্বিমা বিশ্ববিদ্যালয়, কলিকতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়, নতুন দিল্লীৰ জৱাহাৰলাল নেহৰু বিশ্ববিদ্যালয়, আমেৰিকাৰ উইলিয়ামচবাৰ্গ,বোম্বে বিশ্ববিদ্যালয়, জাৰ্মানী, এলাহবাদ বিশ্ববিদ্যালয়, কুঁৱালালামপুৰৰ মালয় বিশ্ববিদ্যালয়, বেংককৰ চোলালাংকাৰ্ণ বিশ্ববিদ্যালয়, বাংগালোৰ, লণ্ডন, ইটালী আদি ঠাইত বিভিন্ন চেমিনাৰ, ৱৰ্কশ্বপত অংশগ্ৰহণ কৰি পদাৰ্থ বিজ্ঞানৰ বিভিন্ন বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। ২০০৫ চনত তেওঁ IASST সঞ্চালকৰূপে নিযুক্ত হয়।[1] জয়ন্তী চুতীয়াই বিজ্ঞানলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা, সাধনী শৌৰ্য বঁটা, বাসন্তী বৰদলৈ বঁটা, মহিলা পদাৰ্থ বিজ্ঞানী বঁটা, ঘনশ্যাম গোস্বামী বঁটা আদিৰে বিভূষিত হৈছে। বিজ্ঞানীৰ জীৱনী, ভ্ৰমণ কাহিনী, উপন্যাস আদি বিষয়ৰ ওপৰত তেখেতে ২১খন গ্ৰন্থও ৰচনা কৰিছে। Indian Academy of Sciences-এ ১০০ গৰাকী ভাৰতীয় মহিলা বিজ্ঞানীৰ বিষয়ে প্ৰকাশ কৰা "Lilavati’s Daughters: The Woman Scientists of India" গ্ৰন্থত ড॰ জয়ন্তী চুতীয়াইও স্থান লাভ কৰিছে।[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 "My experience with research". Indian Academy of Science. 2007. http://www.ias.ac.in/womeninscience/LD_essays/91-93.pdf। আহৰণ কৰা হৈছে: 2 জানুৱাৰী 2014. 
  2. Tapati Baruah Kashyap. "Science weds art". Harmonyindia.org. Archived from the original on 2016-03-04. https://web.archive.org/web/20160304091633/http://www.harmonyindia.org/hportal/VirtualPageView.jsp?page_id=16607। আহৰণ কৰা হৈছে: 2 জানুৱাৰী 2014.