পিলিক চৌধুৰী
পিলিক চৌধুৰী | |
---|---|
জন্ম | ১৯২৯ উজান-বজাৰ, গুৱাহাটী,কামৰূপ, অসম |
পেচা | ক্ৰীড়াবিদ, |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰত |
নাগৰিকত্ব | ভাৰতীয় |
শিক্ষা | আই এছ চি |
পিলিক চৌধুৰী (ইংৰাজী: Pilik Choudhury) অসমৰ ক্ৰীড়াৰ ক্ষেত্ৰখনক উজ্জ্বলাই তোলা ব্যক্তিসকলৰ ভিতৰত নিঃসন্দেহে উল্লেখযোগ্য ব্যক্তি আছিল। ফুটবল, ক্ৰিকেট আৰু অন্যান্য ক্ৰীড়াক্ষেত্ৰত নৈপুণ্যতাৰ পৰিচয় দিয়া পিলিক চৌধুৰী অসমৰ সেইসময়ৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ বুলি কোৱা হয়। চল্লিছৰ দশকৰ পৰাই অসমৰ খেল জগতৰ এক চিৰ পৰিচিত নাম পিলিক চৌধুৰী। পিলিক চৌধুৰীৰ প্ৰকৃত্ব নাম নলিনীধৰ চৌধুৰী। চৌধুৰী ফুটবল আৰু ক্ৰিকেটত সমানেই পাৰদৰ্শী খেলুৱৈ আছিল। কোনো বিদেশী দলৰ বিৰুদ্ধে ক্ৰিকেট খেলা প্ৰথম অসমীয়াজনেই আছিল পিলিক চৌধুৰী॥[1]
জন্ম আৰু শিক্ষা
[সম্পাদনা কৰক]পিলিক চৌধুৰীৰ ১৯২৯ চনত গুৱাহাটীত জন্ম হয়। তেওঁৰ প্ৰকৃত্ব নাম নলিনীধৰ চৌধুৰী আছিল। তেওঁৰ পিতাকৰ নাম শশধৰ চৌধুৰী আৰু মাতৃৰ নাম চন্দ্ৰবালা। তেওঁলোকৰ বাসস্থান আছিল গুৱাহাটীৰ উজান-বজাৰৰ ফটিকচন্দ্ৰ পথত, লতাশিল খেলপথাৰৰ কাষত। চন্দ্ৰবালা চৌধুৰী আছিল খ্যাতনামা সাহিত্যিক তথা প্ৰশাসক ভোলানাথ দাসৰ প্ৰথমা কন্যা। পিতৃ শশধৰ চৌধুৰী পেছাত এজন পেস্কাৰ আৰু তেওঁ সু-সাহিত্যিক, প্ৰত্নতত্ত্বৰ গৱেষক সোনাৰাম চৌধুৰীৰ পুত্ৰ আছিল। উপযুক্ত সময়ত দেউতাকে পিলিক চৌধুৰীক প্ৰাথমিক বিদ্যালয়ত নাম ভৰ্তি কৰাই দিছিল যদিও পঢ়া শুনাতকৈ খেলাধূলাৰ প্ৰতিহে তেওঁৰ আগ্ৰহ আছিল বেছি। প্ৰাথমিক আৰু হাইস্কুলীয়া শিক্ষা শেষ কৰি তেওঁ কটন মহাবিদ্যালয়ত নাম ভৰ্তি কৰে, সেই সময়ত তেওঁৰ ফুটবলৰ পাৰদৰ্শিতা দেখি দৰ্শক চমকি উঠিছিল। ইতিমধ্যে লতাশিল ইউনিয়ন ক্লাবৰ সভ্য হিচাপে আৰু কটন কলেজিয়েট স্কুলৰ হৈ খেল খেলাৰ সময়তে তেওঁৰ সু-নাম সমগ্ৰ গুৱাহাটীতে বিয়পি পৰিছিল। তাৰ পাছত কটন মহাবিদ্যালয়ত পঢ়ি থাকোঁতে চৌধুৰীয়ে গুৱাহাটীৰ বিখ্যাত মহাৰাণা ক্লাবৰ হৈ খেলিবলৈ লৈছিল। লগে লগে তেওঁৰ নাম অসমৰ সৰ্বত্ৰতে বিয়পি পৰিল, সমান্তৰাল ভাবে ভৰতীয় ফুটবলৰ মক্কা হিচাপে পৰিগণিত কলিকতাৰ দৰ্শক ক্ৰীড়াবিদ সকলেও পিলিকৰ দুৰন্ত প্ৰতিভা দেখি অভিভূত হৈ পৰিছিল। কলিকতাৰ বিখ্যাত ক্লাবে তেওঁলোকৰ দলৰ হৈ খেলিবলৈ পিলিক চৌধুৰীৰৰ লগত চুক্তি কৰিব বিচাৰিছিল কিন্তু তেওঁ সেই লোভনীয় আহ্বান নেওচি মহাৰাণা ক্লাবতে থাকিল। কটন মহাবিদ্যালয়ৰ পৰা সুখ্যতিৰে আই এছ চি পাছ কৰিছিল আৰু তাৰ পাছত তেওঁ পঢ়িবলৈ ইচ্ছা নকৰি সিমান শিক্ষা সমাপ্ত কৰিছিল।[1]
খেলুৱৈ আৰু কৰ্মজীৱন
[সম্পাদনা কৰক]শিক্ষা সমাপ্ত কৰি চৌধুৰীয়ে উত্তৰ-পূব সীমান্ত ৰেলৰ চাকৰিত যোগদান কৰিছিল। তাৰ পাছৰে পৰা বেছি ভাগ সময়তে উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ দলৰ হৈ খেলিবলৈ ধৰিলে। সেই সময়ছোৱাত চৌধুৰীৰ খেল উপভোগ কৰি বিশিষ্ট সাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়াই 'নলিনী চৌধুৰী ফুটবল খেল' নাম দি ৰামধেনু আলোচনীত প্ৰবন্ধও লিখিছিল। ১৯৪৯ চনৰ পৰা ১৯৬০ চনলৈকে চৌধুৰী মাথোঁ অসমৰে নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰে সৰ্বশ্ৰেষ্ঠ ক্ৰীড়াবিদ আছিল। অসম ৰাজ্যিক ফুটবল দলৰ অধিনায়ক হিচাপে পিলিক চৌধুৰীয়ে ভাৰতৰ বিভিন্ন ঠাইত অসমৰ নাম উজ্জবল কৰিছিল। ফটবলৰ সমানেই তেওঁ ক্ৰিকেটতো পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছিল। অসম ক্ৰিকেট দলৰ তেওঁ আছিল অপিনেং বলাৰ। ওখ-পাখ বলাৰ পিলিক চৌধুৰীৰ মাৰাত্মক আউট চুইং আৰু তীব্ৰ বেগৰ অফকাটাৰ বল বিপক্ষৰ খেলুৱৈয়ে তৰ্কিবই নোৱাৰিছিল। ভাৰতৰ বিভিন্ন প্ৰদেশসমূহৰ মাজত হোৱা ক্ৰিকেটৰ ৰঞ্জিট্ৰফী প্ৰতিযোগিতাত অসমে প্ৰথম যোগদান কৰিছিল ১৯৪৮ চনত। ৰঞ্জিট্ৰফীতো পিলিক চৌধুৰীয়েই আগৰণুৱা আছিল আৰু যুক্ত প্ৰদেশৰ বিৰুদ্ধে মাৰাত্মক বলিং কৰি অতি কম ৰাণ দি দুটা মূল্যবান উইকেট লাভ কৰিছিল॥[1]
১৯৪৯-৫০ চনত যোৰহাটত অনুষ্ঠিত হোৱা এখন প্ৰতিযোগিতাত অসম দলৰ বিৰুদ্ধে খেলিছিল হোলকাৰ দলে। প্ৰাক্তন ভাৰতৰ খেলুৱৈ আৰু ভাৰতৰ প্ৰথম অধিনায়ক চি কে নাইডুৰ অধিনায়কত্বত অহা এই দলটোৰ বিৰুদ্ধে চৌধুৰীয়ে দুৰ্দান্ত বলিং প্ৰদৰ্শন কৰিছিল। এই খেলখনত তেওঁ মাথোঁ ৩৯ ৰাণ দি সেই সময়ৰ দুৰ্ধৰ্ষ বেটছমেন চি কে নাইডু, ভাৰতীয় দলৰ অ’পেনাৰ মুস্তাক আলি আৰু জে এন্ ভায়াক আউট কৰিছিল[2], যাৰ বাবে চৌধুৰীৰ নাম আনকি সমগ্ৰ দেশৰে ক্ৰিকেট সংগঠকসকলৰো মুখে মুখে প্ৰচাৰিত হৈছিল। তাৰ পাছতেই ভাৰতীয় মূল দলৰ নিৰ্বাচক মণ্ডলীয়ে পিলিক চৌধুৰীক ভাৰতীয় মূল দলত স্থান দিব পাৰে নেকি, তাৰে গুণা-গঁথা কৰি তেওঁক কলিকতালৈ মাতি নি নেট অনুশীলনৰ সুযোগ দিয়ে। সেই সুযোগ পূৰ্ণোদ্যমে গ্ৰহণ কৰি পিলিক চৌধুৰীয়ে তেওঁৰ অপূৰ্ব ক্ৰীড়াশৈলী প্ৰদৰ্শন কৰে। কলিকতাত অনুষ্ঠিত হোৱা সেই নেট অনুশীলনৰ দায়িত্বত আছিল ভাৰতৰ প্ৰাক্তন অধিনায়ক লালা অমৰনাথ। নেটত চৌধুৰীৰ তীব্ৰ আউট চুইং আৰু অফকাটাৰ দেখি সেই সময়ত উপস্থিত থকা সকলোৱে ভাবিছিল যে তেওঁ ভাৰতীয় মূল দলটোত স্থান নোপোৱাৰ কোনো কাৰণ নাই পিলিক ওৰফে নলিনীধৰ চৌধুৰীয়ে। কিন্তু গডফাদাৰ নথকাৰ বাবে অসমৰ এই পিলিক চৌধুৰীয়ে ভাৰতীয় টেষ্ট দলৰ সদস্য হোৱাৰ সুবিধা লাভ কৰিব নোৱাৰিলে বৰং পিলিক চৌধুৰীতকৈ কম গতিৰ বলাৰ বংগৰ এন চৌধুৰীৰ নামহে ভাৰতীয় টেষ্ট ক্ৰিকেট দলত অন্তৰ্ভুক্ত হল। দুৰ্দান্ত প্ৰতিভা থকা অসমীয়া খেলুৱৈসকলক প্ৰাপ্য সুযোগৰ পৰা বঞ্চিত কৰাৰ হৈছিল। তাৰ আগতে ১৯৪৮-৪৯ চনত ভাৰত ভ্ৰমণলৈ অহা ৱেষ্ট ইণ্ডিজ দলৰ বিৰুদ্ধে এলাহাবাদত অনুষ্ঠিত হোৱা আঞ্চলিক খেলত পূৰ্বাঞ্চল দলৰ দ্বাদশ খেলুৱৈ ৰূপেহে পিলিক চৌধুৰীক অন্তৰ্ভুক্ত কৰা হৈছিল। তেৱেঁই আছিল কোনো বিদেশী দলৰ বিৰুদ্ধে ক্ৰিকেট খেলাৰ সৌভাগ্য ঘটা প্ৰথম অসমীয়া খেলুৱৈ।[1]
এজন প্ৰতিভাৱান খেলুৱৈ হিচাপে পিলিক চৌধুৰীৰ জন্ম হৈছিল, তদুপৰি ফুটবল আৰু ক্ৰিকেটত সমানেই পাৰদৰ্শী খেলুৱৈ হিচাপে সমগ্ৰ ভাৰতবৰ্ষতেই অনুসন্ধান কৰিলেও কলিকতাৰ চুনী গোস্বামীৰ বাহিৰে পিলিক চৌধুৰীৰ সমান অন্য কোনো প্ৰতিভাবান নোৱাব। বিষ্ণু ৰাভাও ফুটবল আৰু ক্ৰিকেট খেলত সমানেই পাৰদৰ্শী আছিল যদিও পিলিক চৌধুৰীৰ দৰে সম্পূৰ্ণ খেলুৱৈ মানসিকতাৰ ব্যক্তি তেওঁ নাছিল। খেলুৱৈৰ প্ৰতিভা জন্মগত ভাবে আহৰণ কৰা পিলিক চৌধুৰীৰ খেল চাই আপ্লুত হোৱা ক্ৰীড়া সংগঠক, সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাই শলাগ লৈছিল। জাত প্লেয়াৰ পিলিক চৌধুৰীয়ে লেফট ইন ছাইডত খেলিছিল। তেওঁৰ বাওঁভৰিত আছিল কোবাল শ্বট লোৱাৰ অপূৰ্ব দক্ষতা। আছিল বল নিয়ন্ত্ৰণৰ অসাধাৰণ ক্ষমতা, মনোমোহো দ্ৰিবলিং কৰি থ্ৰু পাছ দিয়াৰ ক্ষমতাৰেই তেওঁ ৰণ জিকিছিল। নিজে গল দি হিৰ হোৱাৰ মানসিকতা পিলিক চৌধুৰীৰৰ নাছিল। তেওঁ টিম স্পিৰিটহে বিশ্বাসী আছিল। মুখত এমোকোৰা হাঁহি লৈ পিলিক চৌধুৰী যেতিয়া খেলপথাৰত সোমায়, তেতিয়াই দৰ্শকসকল খেল চাবলৈ মতলীয়া হৈ পৰিছিল। খেল নহয় যেন তেওঁলোকে চাৰ্কাছহে চাবলৈ আহিছে, যত চৌধুৰী দেখুৱাব অপূৰ্ব ক্ৰীড়াশৈলী।[1]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 হেমন্ত কুমাৰ ভঁড়ালী. এহেজাৰ বছৰৰ এশগৰাকী অসমীয়া. অনন্ত হাজৰিকা, বনলতা প্ৰকাশণ. পৃষ্ঠা. ৪৯১,৪৯২,৪৯৩,৪৯৪,৪৯৫.
- ↑ "Assam v Holkar, Ranji Trophy, 1949/50, 6,7 December 1949, Jorhat, Assam, India". cricinfo. http://static.espncricinfo.com/db/ARCHIVE/1940S/1949-50/IND_LOCAL/RANJI/ASSAM_HOLKAR_RJI_06-07DEC1949.html.