মোমাই তামুলী
মোমাই তামুলী (ইংৰাজী: Mumai Tamuli Borbarua) আহোমৰ স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজচ'ৰাৰ এগৰাকী বিষয়া আছিল[1]। তেওঁ খুব তলখাপৰ পৰা আহি এসময়ত ডাঙৰ বিষয়বাব পাইছিল। তেওঁ হৈছিলগৈ ৰাজ্যৰ সৰ্বপ্ৰধান কাৰ্য্যপালক আৰু বিচাৰক। গুণী আৰু দক্ষ বিষয়া হিচাপে অসম বুৰঞ্জীত চিহ্নিত কৰা হৈছে। তেওঁ আহোমৰ শাসন ব্যৱস্থা আৰু সাধাৰণ সমাজজীৱনলৈ ভালেখিনি পৰিবৰ্তন আনিছিল। বুৰঞ্জীখ্যাত লাচিত বৰফুকন, লালুকসোলা বৰফুকন আৰু পাখৰী গাভৰু মোমাই তামুলীৰ সন্তান আছিল।
আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই বৰবৰুৱা হিচাবে মোমাই তামুলীক নিযুক্তি দিছিল। তাৰ আগলৈকে বৰবৰুৱা পদবীটো নাছিল। সেয়েহে মোমাই তামুলীক প্ৰথম বৰবৰুৱা বুলি কয়। এওঁ নামনি অসমৰ ৰাজ্যপাল সদৃশ আছিল।
প্ৰথম অৱস্থাত, তেওঁ ভাগিনীয়েকৰ তলত চাৰি টকা ৰূপৰ কাৰণে চাকৰ হিচাপে কাম কৰিছিল। তেওঁক ভাগিনীয়েকে মোমাই বুলি মতা কাৰণে, ওচৰ চুবুৰীয়া সকলোৱে মোমাই বুলিয়ে মাতিছিল। তেওঁৰ প্ৰকৃত নাম শুকুতি আছিল। পাছলৈ মোমাই তামুলী বুলিহে জনাজাত হ’ল।
এদিনাখন স্বৰ্গদেউ প্ৰতাপ সিংহ বাটেদি গৈ থাকোঁতে বাৰীত কাম কৰি থকা লোক এজনক দেখা পালে। ৰজাই বাৰীখন দেখি সুখী হ’ল আৰু মানুহজনক মাতি আনি প্ৰথমতে তিপমীয়া ৰাজখোৱা হিচাপে নিযুক্তি দিলে। তাৰ পিছত বৰ তামুলী পদলৈ উন্নীত কৰা হ’ল। বৰ তামুলী হ’ল ৰজাৰ বাগিছাৰ মূল বিষয়া তাৰ পিছত তেওঁ নিজৰ দক্ষতাৰ বাবে দোপতদোপে ওপৰলৈ উঠি বৰবৰুৱা হ’ল।
১৬৩৯ চনত আহোম আৰু মোগলৰ মাজত হোৱা বুজা-বুজি চুক্তি মতে বৰনদী দুয়ো সাম্ৰাজ্যৰ সীমা ঠিক কৰা হৈছিল। মোগলৰ হৈ আলাহ-ইয়াৰ-খাঁ আৰু আহোমৰ হৈ মোমাই তামুলীয়ে চুক্তিত আগভাগ লৈছিল।
মোমাই তামুলীৰ প্ৰশাসনিক আৰু সামাজিক সংস্কাৰ[সম্পাদনা কৰক]
বৰা, শইকীয়া, হাজৰিকা, ৰাজখোৱা, ফুকন আদি বিষয়বাববোৰ প্ৰতাপসিংহৰ দিনত মোমাই তামুলী ডাঙৰীয়াই সৃষ্টি কৰিছিল। পাইক প্ৰথাও মোমাই তামুলীৰে সৃষ্টি। প্ৰত্যেক পৰিয়ালৰ পৰা এজন এজনকৈ ৰজাঘৰত খাটি দিব লগাটোৱেই পাইক প্ৰথা। যুদ্ধৰ সময়ত তেওঁলোক ৰণলৈ যাব লাগে। প্ৰত্যেকজনকে পাইক বুলি কোৱা হয়। ২০ পাইকৰ ভিতৰত এজন বৰা, এশজন পাইকৰ ভিতৰত এজন শইকীয়া, এহাজাৰ জনৰ পাইকৰ ওপৰত এজন হাজৰিকা বাব দি পাইকসকলৰ প্ৰশাসনৰ ব্যৱস্থা কৰা হৈছিল। গাঁও সমূহক চুবুৰিত ভাগ কৰা হৈছিল। প্ৰত্যেক গাঁৱৰ, প্ৰতিটো পৰিয়ালত সূতাকটা আৰু কাপোৰ বোৱা বাধ্যতামূলক কৰা হৈছিল[1]। এইদৰে গাঁৱৰ অৰ্থনীতি স্ব-নিৰ্ভৰশীল কৰি তোলা হৈছিল। সপ্তদশ শতিকাৰ (১৬০৮ চন) আগভাগৰ পৰা এনেবোৰ ব্যৱস্থা লোৱা হৈছিল। মোমাই তামুলীৰ কাৰ্য্যদক্ষতা, আৰু সততাৰ কাহিনী বুৰঞ্জীত উল্লেখ আছে। মোমাই তামুলী সম্পৰ্কে এজন মোগল অধিবক্তাই, ফৌজাদাৰৰ আগত এনেদৰে কৈছিল- "চাহেব, অসমৰ কথা কি কোৱা? ৰজা হ’ল সাক্ষাৎ মহাদেৱ, মোমাই তামুলী হ'ল মহাদেৱৰ প্ৰধান ভৃত্য নন্দী। অসমত এই দুজনা কাৰ্য্যপালক হৈ থকা পৰ্য্যন্ত তুমি সেই দেশলৈ টোঁৱাব নোৱাৰা। "
আৰু চাওক[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ 1.0 1.1 Parmita Borah. "Eminent Personalities of Assam". creative.sulekha.com. http://creative.sulekha.com/eminent-personalities-of-assam_467977_blog। আহৰণ কৰা হৈছে: February 18, 2013.