অসুৰৰ আলিৰ সন্ধি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

অসুৰৰ আলিৰ সন্ধি ১৬৩৯ চনৰ ফেব্ৰুৱাৰী মাহত মোগল সম্ৰাজ্যৰ ফৌজদাৰ আল্লাহ য়াৰ খান আৰু আহোম ৰাজ্যমোমাই তামুলী বৰবৰুৱাৰ মাজত স্বাক্ষৰিত হৈছিল। ১৬১৫ চনৰ পৰা কেইবাবাৰো মোগলে আহোমক আক্ৰমণ কৰি অসম নিজৰ অধীনলৈ আনিবলৈ কৰা বিফল চেষ্টাৰ পিছত ১৬৩৮ চনৰ নৱেম্বৰ মাহত দুইমুনিচিলা যুদ্ধত মোগল আহোমৰ হাতত বেয়াকৈ পৰাস্ত হোৱাৰ পিছত এই সন্ধি অস্তিত্বলৈ আহিছিল।[1] চামধৰা দুৰ্গত এই যুদ্ধ চলিছিল। এই যুদ্ধত আহোম দুৰ্গত অটল হৈ থাকে আৰু মোগল পিছুৱাই যায়। ইয়াৰ ফলত অসুৰৰ আলিৰ সন্ধি স্বাক্ষৰিত হয় আৰু মোগলে কামৰূপ লাভ কৰে।

পটভূমি[সম্পাদনা কৰক]

১৬০২ চনত ঢাকাৰ নবাবে পশ্চিম অসমৰ ধুবুৰীকোচ হাজোৰ ৰজা পৰীক্ষিত নাৰায়ণক আক্ৰমণ কৰি নিজৰ দখললৈ আনে আৰু অসম ৰাজ্যলৈকে মোগল সাম্ৰাজ্য বিস্তাৰ কৰিবলৈ মোগল সকলৰ আগ্ৰহ জন্মে। পৰীক্ষিতৰ ভাতৃ বালি নাৰায়ণক আহোমে সুৰক্ষা দিছিল। সেয়ে, ১৬১৫ চনত আহোম ৰজা প্ৰতাপ সিংহৰ ৰাজত্বকালত মোগলে অসম আক্ৰমণ কৰে। ১৬৩৯ চনত এই যুদ্ধৰ মীমাংসা ৰূপে আহোম-মোগলৰ মাজত অসুৰৰ আলিৰ সন্ধি হয়।

ফলাফল[সম্পাদনা কৰক]

এই সন্ধি অনুসৰি মোগল আৰু আহোমৰ সীমা স্থিৰ কৰা হৈছিল। সন্ধিমতে ব্ৰহ্মপুত্ৰ নদৰ উত্তৰপাৰ বা উত্তৰকুলে বৰনদী আৰু দক্ষিণপাৰ অৰ্থাৎ দক্ষিণকুলে অসুৰৰ আলি আহোম আৰু মোগলৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল। বৰ্তমান অসুৰৰ আলি গুৱাহাটীৰ ৰাজগড় পথ বুলি বিশ্বাস কৰা হয়।[2] ৬০ৰ দশকৰ লৈকে এই আলিৰ অৱস্থিতি আছিল। এই সন্ধি অনুসৰি আহোম স্বৰ্গদেউৱে গুৱাহাটীত মোগলৰ আধিপত্য মানি লৈছিল আৰু মোগল ফৌজদাৰে আহোম ৰাজ্যত কোনো বিধি-পথালি নিদিয়ে বুলি সন্মতি জনাইছিল। এই দুই অঞ্চলৰ মাজত বাণিজ্য-বেপাৰৰ বাবে আহোম ৰাজ্যৰ প্ৰতিনিধিদ্বয় কানু শৰ্মা আৰু সনাতন আৰু মোগল সাম্ৰাজ্যৰ প্ৰতিনিধি শেখ মেদাৰ উপস্থিতিত অনুমতি দিয়া হৈছিল।[3]

লগতে চাওক[সম্পাদনা কৰক]

নোট[সম্পাদনা কৰক]

  1. দুইমুনিচিলা ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে কলিয়াবৰৰ ঠিক ওপৰত অৱস্থিত। (Sarkar 1992, পৃষ্ঠা 164)
  2. (Patowary 2017)
  3. (Sarkar 1992, পৃষ্ঠা 164)

তথ্য উৎস[সম্পাদনা কৰক]