ঔপনিৱেশিক অসম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ঔপনিবেশিক অসমৰ পৰা পুনঃনিৰ্দেশিত)

১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধিৰ ফলত অসম ইংৰাজৰ হাতলৈ যায়। অসম অধিকাৰ কৰাৰ পাছত অসম উপত্যকা পোন প্ৰথমে বঙ্গৰ কমিচনাৰ ডেভিড স্কটৰ তলত ৰাখে। মানৰ হাতৰ পৰা অসম উদ্ধাৰ কৰি দেশত শান্তি স্থাপন কৰাৰ সময়ছোৱালৈকে সময়ছোৱালৈকে ডেভিড স্কটৰ হাততেই অসমৰ শাসনভাৰ আছিলে। ১৮২৭ আৰু ১৮২৮ চনত অসম উপত্যকাক দুটা ভাগত বিভক্ত কৰা হয়; উজনি আৰু নামনি। দুয়োটা ভাগতে দুজনকৈ এচিষ্টেণ্ট কমিচনাৰ ৰখাৰ ব্যৱস্থা কৰা হয়। ডেভিড স্কটৰ অসমত বন্দী-বেটা ৰখাৰ নিয়ম বন্ধ কৰা হয় আৰু মাটিৰ বন্দোৱস্ত কৰি তিনি ভাগত ভাগ কৰা হয়; ৰূপিত, বস্তি আৰু ফৰিঙ্গতি[1]

প্ৰথম অৱস্থাত অসমীয়া মানুহে ইংৰাজসকলক আদৰি লৈছিল যদিও পিছলৈ স্বাধীনচিতিয়া অসমীয়া মানুহে ইংৰাজৰ শাসনৰ প্ৰতি মোহভংগ হয় আৰু ইংৰাজী-বিৰোধী মনোভাবে গা কৰি উঠিছিল। এনে পৰিস্থিতিতে ১৮২৮ চনত আহোম আমোলা ধনঞ্জয় বৰগোহাঁই আৰু গমধৰ কোঁৱৰৰ নেতৃত্বত আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে বিদ্ৰোহ হয়। কিন্তু এই বিদ্ৰোহ সফল নহ'ল। ইয়াৰ পিছত কেইবাজনো আহোম ব্যক্তিয়ে ইংৰাজৰ বিৰুদ্ধে যোদ্ধ ঘোষণা কৰে। ফলত ইংৰাজে ১৮৩৩ চনৰ মাৰ্চ মাহৰ ২ তাৰিখে এখন চুক্তিযোগে পুৰন্দৰ সিংহশদিয়া আৰু মটক ৰাজ্যৰ বাহিৰে ধনশিৰী নদীৰ পূবে থকা সমস্ত উজনি খণ্ডৰ ৰজা পাতে। চুক্তিমতে পুৰন্দৰ সিংহ ইংৰাজৰ হাতৰ পুতলা হয়। কিন্তু ১৮৩৮ চনত ইংৰাজে পুৰন্দৰ সিংহক ৰাজ্যচ্যুত কৰি সমগ্ৰ অসমকেই তেওঁলোকৰ স্থায়ী দখললৈ আনিলে।

ইয়াৰ পিছত ১৮৫৭ চনত সমগ্ৰ ভাৰততে জ্বলি উঠা প্ৰথম স্বাধীনতা যুদ্ধৰ দাবানলে অসমকো স্পৰ্শ কৰে। অসমত ইংৰাজৰ কাৰ্যকলাপত বিতুষ্ট হৈ একাংশ প্ৰজাৰ নেতৃত্বত অসমতি চিপাহী বিদ্ৰোহ আৰম্ভ হয়। সেই সশস্ত্ৰ বিপ্লৱত মণিৰাম দেৱান, পিয়লি বৰুৱা আদিৰ ফাঁচি হয়। চিপাহী বিদ্ৰোহৰ পাছতে অসমৰ শাসনভাৰ এজন কমিছনাৰ হাতলৈ যায়। চিপাহী বিদ্ৰোহে অসমীয়া মানুহৰ মনত পুনৰ দেশৰ স্বাধীনতা সংগ্ৰামৰ প্ৰতি অনুপ্ৰাণিত কৰিলে। শেষত ১৯১৯-২০ চনত মহাত্মা গান্ধীৰ অসহযোগ আন্দোলনত অসমে যোগদান কৰিলে। ইয়াৰ পিছত ক্ৰমে ক্ৰমে ভাৰতৰ স্বাধীনতা আন্দোলনত অসমে যোগদান কৰি ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিলে আৰু ভাৰত স্বাধীন হোৱাৰ লগে লগে অসমৰ পৰাও ইংৰাজী শাসন অন্ত পৰে।

কমিচনাৰৰ তলত অসম[সম্পাদনা কৰক]

ডেভিড স্কটৰ পাছত কেইবাজনো কমিচনাৰে অসম শাসন কৰে[1]

মি: ৰবাৰ্টচন[সম্পাদনা কৰক]

ডেভিড স্কটৰ মৃত্যুৰ পাছত ১৮৩১ চনত মি: ৰবাৰ্টচন অসমৰ কমিচনাৰ হৈ আহে। মি: ৰবাৰ্টচনে নামনি অসমক ইংৰাজৰ পোনপতীয়া দখলত ৰাখি উজনি খণ্ড বছৰি ৫০০০০ টকাৰ কৰৰ বাবদ পুৰন্দৰ সিংহক দিয়ে।

জেনেৰেল জেন্কিঞ্চ[সম্পাদনা কৰক]

জেনেৰেল জেন্কিঞ্চ ১৮৩৪ চনত অসমৰ কমিচনাৰ হৈ আহে। এওঁৰ দিনতেই কাছাৰ আৰু জয়ন্তীয়া ইংৰাজৰ দখললৈ আহে। ১৮৩৮ ত উজনি অসমো পুৰন্দাৰ সিংহৰ হাতৰ পৰা ইংৰাজৰ পোনপটীয়া দখললৈ অনা হয়।

কৰ্ণেল হপ্পিঞ্চন[সম্পাদনা কৰক]

কৰ্ণেল হপ্পিঞ্চন ১৮৬১ চনত অসমৰ কমিচনাৰ হয়। ১৮৬৬ চনত এওঁৰ দিনতেই অসমত বিজুলী ডাকৰ প্ৰচলন আৰম্ভ হয়। এওঁৰ দিনতেই ১৮৭১ চনত অসমত বঙালী ভাষা উঠাই পুনৰ অসমীয়া ভাষা চলোৱাৰ নিয়ম আৰম্ভ হয়।

চীফ কমিচনাৰৰ তলত অসম[সম্পাদনা কৰক]

কৰ্ণেল হপ্পিঞ্চন ১৮৬৪ চনত অসমৰ পৰা বিদায় লয়। সেই সময়তে অসমক বঙ্গদেশৰ পৰা বেলেগ কৰা হয় আৰু চীফ কমিচনাৰ কৰ্ণেল কিটিংৰ তলত ৰখা হয়। এইজন চীফ কমিচনাৰ দিনতেই কাছাৰ আৰু চিলেট জিলা বঙ্গদেশৰ পৰা আনি অসমৰ লগত যোৰা দিয়া হয়[1]

মি: জে ডব্লিউ কুইণ্টন[সম্পাদনা কৰক]

মি: জে ডব্লিউ কুইণ্টন আছিল ষষ্ঠজন চীফ কমিচনাৰ। এওঁৰ সময়ছোৱাতেই নগা ৰাজ্য ইংৰাজৰ দখললৈ আহে। ১৮৯০ চনত হোৱা মণিপুৰৰ বিদ্ৰোহত এওঁৰ মৃত্যু হয়[1]

ডব্লিউ ই ওৱাৰ্ড[সম্পাদনা কৰক]

মি: জে ডব্লিউ কুইণ্টনৰ পাছত ১৮৯১ চনত ডব্লিউ ই ওৱাৰ্ড অসমৰ চীফ কমিচনাৰ হৈ আহে। এওঁৰ সময়তে মাটিৰ খাজানা বঢোৱা হয় যাৰ ফলত বহুতো আন্দোলন হৈছিলে। এওঁৰ দিনত বিভিন্ন ঠাইত বহুতো প্ৰজা বিদ্ৰোহে দেখা দিছিল।

চাৰ হেনৰি কটন[সম্পাদনা কৰক]

ডব্লিউ ই ওৱাৰ্ড পাছত ১৮৯৬ চনত অসমৰ চীফ কমিচনাৰ হয় চাৰ হেনৰি কটন। চাৰ হেনৰি কটনে কলেজ স্থাপন কৰিছিল লগতে ডিব্ৰুগড় মেডিকেল কলেজো[1]

লেফ্টেনাণ্ট গবৰ্ণৰৰ শাসন[সম্পাদনা কৰক]

চাৰ হেনৰি কটনৰ পাছত ১৯০২ চাৰ বেমফিল্ড ফুলাৰ অসমৰ চীফ কমিচনাৰ হয়। এওঁৰ দিনতে মাটিৰ কুৰিচনীয়া বন্দোৱস্তী হয়। ১৯০৫ চনত এওঁৰ দিনতেই বঙ্গদেশৰ পূবখণ্ড ফালি আনি অসমৰ লগলগাই পূৰ্ববঙ্গ আৰু আসাম নামেৰে নতুনকৈ প্ৰদেশ গঠন কৰে। চাৰ বেমফিল্ড ফুলাৰেই হ’ল এই নতুন প্ৰদেশৰ প্ৰথম লেফ্টেনাণ্ট গবৰ্ণৰ। চিলঙৰ পৰা ৰাজধানী ঢাকালৈ তুলি নিয়া হয় কিন্তু চিলং তেতিয়াও জহকালিৰ ৰাজধানী হৈ থাকিল। এই সময়ছোৱাতেই অসমীয়া ভাষা কলিকতা বিশ্ববিদ্যালয়ৰ বি এ মহলালৈকে চলোৱাৰ ব্যৱস্থা কৰা হয়[1]

চাৰ লেঞ্চলেট হেয়াৰ[সম্পাদনা কৰক]

চাৰ হেনৰি কটনৰ পাছত চাৰ লেঞ্চলেট হেয়াৰ পূৰ্ববঙ্গ আৰু আসাম লেফ্টেনাণ্ট গবৰ্ণৰ হয়। এওঁৰ সময়তেই আমিনগাঁও-কলিকতা ৰেলপথ তৈয়াৰ কৰা হয় আৰু ৰঙিয়া-টংলা ৰেলপথ খোলা হয়। এওঁৰ সময়তে আবৰবিলাকৰ লগত ব্ৰিটিছৰ যুদ্ধ হয় আৰু ফলস্বৰূপে উত্তৰ-পূব সীমান্ত ভূভাগ নামে ঠাইখণ্ড অসমৰ ভিতৰত সোমাই[1]

চাৰ চাৰ্লচ ষ্টুৱাট বেলী[সম্পাদনা কৰক]

এওঁৰ দিনত ১৯১১ চনত সম্ৰাট পঞ্চম জৰ্জ আৰু সম্ৰাজ্ঞী মেৰী ভাৰতলৈ আহি ১২ ডিচেম্বৰত দিল্লীত দৰবাৰ পাতিছিল। ১৯১২ চনৰ ১ এপ্ৰিলত সম্ৰাটৰ ঘোষণা মতে অসমক পূৰ্ববঙ্গৰ পৰা আতঁৰাই আনি সুকীয়া প্ৰদেশ কৰা হয়; অসমক এখন লেজিচ্‌লেটিভ কাউন্সিল বা ব্যৱস্থাপক সভাৰ আৰু এজন চীফ কমিচনাৰৰ অধীনত ৰখা হ'ল[1]

সকাউন্সিল চীফ কমিচনাৰৰ শাসন[সম্পাদনা কৰক]

চাৰ আৰ্চডেল আৰ্ল[সম্পাদনা কৰক]

১৯১২ চনৰ ১ এপ্ৰিলত চাৰ আৰ্চডেল আৰ্ল অসমৰ চীফ কমিচনাৰ হয়। এওঁক সহায় কৰিবলৈ ২৫জন সভ্যৰে গঠিত ব্যৱস্থাপক সভাৰ গঠন কৰা হয়। ইয়াৰে গভৰ্ণমেণ্ট মনোনীত সভ্য আছিল ১৪জন আৰু প্ৰজা নিৰ্বাচিত সভ্য আছিল ১১ জন। প্ৰজা নিৰ্বাচিত সভ্যৰ ভিতৰত আছিল মাণিকচন্দ্ৰ বৰুৱা, ঘনশ্যাম বৰুৱা, তৰুণৰাম ফুকন, আব্দুল মজিদ, চাৰ চাদুল্লা আদি। এই সময়ছোৱাত বহুতো প্ৰজাহিতকৰ কাম হৈছিল; বিনা মাছুলে প্ৰাথমিক বিদ্যালয়ত পঢ়াৰ ব্যৱস্থা, পুৰণি পুথি, বুৰঞ্জী, শিলালিপি, তামৰ ফলি আদি সংৰক্ষণ ব্যৱস্থা। এওঁৰ দিনতেই গুৱাহাটীত আৰ্ল ল' কলেজ স্থাপন কৰা হৈছিল আৰু চিলঙত বলিয়া জন্তুৱে কামোৰা ৰোগীৰ চিকিৎসালয়। এওঁৰ দিনতেই গাঁৱলীয়া পঞ্চায়তো স্থাপন কৰা হৈছিল[1]

চাৰ নিকোলাচ বিটচন বেল[সম্পাদনা কৰক]

চাৰ আৰ্চডেল আৰ্লৰ পাছত কৰ্ণেল পি আৰ গৰ্ডন ৩ মাহৰ কাৰণে অস্থায়ী চীফ কমিচনাৰ হয়। এওঁৰ যত্নতেই হেমকোষ ছপা হয়। ১৯১৭ চনৰ আগষ্টমাহত চাৰ নিকোলাচ বিটচন বেল অসমৰ স্থায়ী চীফ কমিচনাৰ হয়। এওঁৰ দিনত ভাৰত শাসন আইন গৃহীত হয় আৰু অসম গৱৰ্ণৰৰ শাসনাধীন হয়। ১৯২১ চনৰ ৩ মাৰ্চলৈকে চাৰ নিকোলাচ বিটচন বেল অসমৰ অস্থায়ী গৱৰ্ণৰৰ হয়। এওঁৰ তলত কাৰ্য্যকৰী সভা আৰু ব্যৱস্থাপক সভা নামেৰে দুখন সভা বহে[1]

গবৰ্ণৰৰ শাসন[সম্পাদনা কৰক]

চাৰ জন হেনৰি কাৰ[সম্পাদনা কৰক]

চাৰ লৰি হেমণ্ড[সম্পাদনা কৰক]

চাৰ মাইকেল কীন[সম্পাদনা কৰক]

চাৰ ৰবাৰ্ট নীল ৰীড[সম্পাদনা কৰক]

চাৰ এণ্ড্ৰু ক্ল’[সম্পাদনা কৰক]

চাৰ আকবৰ হাইদৰী[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.00 1.01 1.02 1.03 1.04 1.05 1.06 1.07 1.08 1.09 ভূপেন্দ্ৰ নাথ চৌধুৰী. সোণৰ অসম. খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক ষ্টল.