অসম আৰক্ষী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসম আৰক্ষী
Assam Police
প্ৰচলিত নাম অসম আৰক্ষী
মূলমন্ত্ৰ "জনহিত জনসেৱাৰ্থে"
অনুষ্ঠানৰ তথ্য
গঠন ১৮২৬
কৰ্মচাৰী ৬১,৩১০ জন
ন্যায়িক ব্যক্তিত্ব Governmental: Government agency
ক্ষেত্ৰাধিকাৰ সংৰচনা
Operations jurisdiction* ৰাজ্য of অসম, ভাৰত
Assam Police jurisdictional area
আকাৰ ৭৮৪৩৮ km2
সামান্য প্ৰকৃতি
Operational structure
পৰিচালনা অসম চৰকাৰ
মূল কাৰ্যালয় আৰক্ষী সঞ্চালক প্ৰধান কাৰ্য্যালয়, উলুবাৰী
Elected officer responsible ড° হিমন্ত বিশ্ব শৰ্মা
Agency executive ভাস্কৰজ্যোতি মহন্ত, আই পি এছ, সঞ্চালক প্ৰধান, সঞ্চালক
মূল অনুষ্ঠান অসম আৰক্ষী
আইন-শৃংখলাs অসম আৰক্ষী মুখ্য কাৰ্য্যালয়
ৱেবছাইট
www.assampolice.gov.in
পাদটীকা
* Divisional agency: Division of the country, over which the agency has usual operational jurisdiction.

অসম আৰক্ষী (ইংৰাজী: Assam Police) হৈছে অসম ৰাজ্যৰ আইন শৃংখলাৰক্ষী বাহিনী। ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ পিচতে ইংৰাজসকলে আইন শৃংখলা ৰক্ষাৰ্থে এই বাহিনী গঠন কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন] অসম আৰক্ষী ৰাজ্যৰ গৃহ বিভাগৰ অধীনষ্ঠ। "জনহিত জনসেৱাৰ্থে" বাণীৰে অসম আৰক্ষীয়ে অসম ৰাজ্যৰ আটাইকেইখন জিলাতে সেৱা আগবঢ়াই আহিছে। অসম আৰক্ষী বিভাগ এজন সঞ্চালক প্ৰধানৰ অধীনত চালিত হয়। অসমৰ ৰাজধানী গুৱাহাটীৰ উলুবাৰীত অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয় অৱস্থিত। অসম আৰক্ষীত বৰ্তমান অনুমোদিত পদ ৭৪,৭৮৮-ৰ বিপৰীতে ৬১,৩১০ জন বিষয়া- কৰ্মচাৰী কাৰ্যৰত হৈ আছে[1]

অসম আৰক্ষীৰ ইতিহাস[সম্পাদনা কৰক]

ব্ৰিটিছ অহাৰ আগলৈকে অসমত কোনো নিদিষ্ট আৰক্ষী প্ৰশাসন নাছিল।[2] তেতিয়া অসম আহোমৰ শাসনত আছিল আৰু তেওঁলোকে অসমৰ শান্তি-ৰক্ষা পৰিচালনা কৰিছিল। কিন্তু ব্ৰিটিছ অহাৰ পাছত ১৮২৬ চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল আৰু শাসনভাৰ সম্পূৰ্ণৰূপে ব্ৰিটিছৰ অধীনলৈ গৈছিল। ১৮৮২ চনত প্ৰথমবাৰৰ বাবে The Assam Frontier Police গঠন কৰা হৈছিল। এই বিভাগটোৰ ৪টা শাখা আছিল। লখিমপুৰ, কাছাৰ, গাৰো পাহাৰ আৰু নগা পাহাৰত ৪খন থানা গঠন কৰা হৈছিল আৰু শতিকাতোৰ শেষৰ ফালে ৯৪টা পুলিচ থানা গঠন কৰা হৈছিল। ১৯১৩ চনত এই বিভাগটোত এটা অপৰাধ নিৰাময় শাখা যোগ কৰা হৈছিল। ১৯৩৫ চনত The Assam Frontier Police ৰ মুখ্য কায্যালয় শ্বিলঙত স্থাপন কৰা হয় আৰু R.R.Cumingক প্ৰথম সঞ্চালক ৰূপে নিযুক্তি দিয়া হয়। ১৯৪৭ চনত ভাৰত স্বাধীন হয় আৰু The Assam Frontier Police ভাৰত চৰকাৰৰ অধীনলৈ আহে আৰু ইয়াৰ নাম অসম আৰক্ষীলৈ সলনি কৰা হয়।[2]

অসম আৰক্ষী গঠন(১৯৪৭ ৰ পিছত)[সম্পাদনা কৰক]

১৯২৯ ত চৈয়দ মহম্মদ ছাদুল্লাই অসম পুলিচৰ কমিটিখন গঠন কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন] কিন্তু ১৯৪৭ চনত দেশ স্বাধীন হোৱাৰ পাছত কমিটিখন কাৰ্যকৰী কৰা হয়। কিন্তু কেতবোৰ সিদ্ধান্ত পিছত অসম পুলিচতো ইয়াৰ প্ৰভাব পৰিছিল। অসমৰ ৰাইফলচ্‌ক অসম পুলিচৰ পৰা পৃথক কৰা হয়। স্বাধীনতাৰ সময়ত অসম পুলিচত ৮০০০ জন পুলিচ কৰ্মী আৰু ৩৩৫০ জন অফিচাৰ আছিল। বৰ্তমান প্ৰায় ৬১,৩১০ জন জন পুলিচ কৰ্মী অসম পুলিচত কাম কৰি আছে।[উদ্ধৃতিৰ প্ৰয়োজন] ১৯৫০-৫১ চনত ভাৰতীয় সেনা আৰু অসম ৰাইফলচ্‌ৰ সৈতে লগ লাগি অসমৰ ভিতৰুৱা অঞ্চলবোৰত কেতবোৰ উগ্ৰপন্থী বিৰোধী অভিযান চলাইছিল, ইয়াৰ লক্ষ্য আছিল ভিতৰুৱা অঞ্চলবোৰত অসম পুলিচৰ প্ৰভাৱ বৃদ্ধি কৰা।

অসম আৰক্ষী আধুনীকিকৰণ আৰু বৰ্তমান[সম্পাদনা কৰক]


শাসনৰ পৰিধি অঞ্চল আৰু কৰ্তব্য সমূহ[সম্পাদনা কৰক]

সংগাঁথনি[সম্পাদনা কৰক]

সাংগাঁথনিক সংৰচনা অনুক্ৰম

অসম আৰক্ষী, অসম চৰকাৰৰ গৃহ বিভাগৰ পোনপটীয়া নিয়ন্ত্ৰণত থকা আইন-শৃংখলা ৰক্ষী বিভাগ। অসম আৰক্ষী এজন সঞ্চালক প্ৰধানৰ অধীনত পৰিচালিত হয়। বৰ্তমান অসম আৰক্ষী সঞ্চালক প্ৰধানজন হৈছে ভাস্কৰজ্যোতি মহন্ত, ভাৰতীয় আৰক্ষী সেৱা।

আৰক্ষী প্ৰধানজন হৈছে বাহিনীৰ মূল ব্যক্তি। অসম আৰক্ষীৰ বিভিন্ন বিভাগসমূহৰ প্ৰত্যেকতো বিভাগ এজন অতিৰিক্ত সঞ্চালক প্ৰধানৰ অধীনত থাকে। মহাপৰিদৰ্শকজন অধীনস্থ বিভিন্ন বিভাগৰ মুৰব্বী লগতে এক বা ততোধিক আৰক্ষী ক্ষেত্ৰসীমাৰ মুৰব্বী। উপ- মহাপৰিদৰ্শক এক আৰক্ষী ক্ষেত্ৰসীমাৰ মুৰব্বী যিজনৰ অধীনত কেইবাখনো আৰক্ষী জিলা থাকে। আৰক্ষী অধীক্ষক হল জিলা আৰক্ষীৰ মুৰব্বী বা বেটেলিয়নৰ কামাণ্ডেণ্ট(মুখ্য সেনাপতি)।

আৰক্ষী অধীক্ষকক কাৰ্য্যত সহায় কৰিবলৈ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু উপ আৰক্ষী অধীক্ষক থাকে। আৰক্ষী জিলা কেইবাটাও মহকুমাত বিভক্ত হৈ থাকে। মহকুমাৰ মূল আৰক্ষী বিষয়া হ'ল মহকুমা আৰক্ষী বিষয়া (উপ আৰক্ষী অধীক্ষক)। 'সেইদৰে এটা মহকুমা কেইবাটাও আৰক্ষী চক্ৰত বিভক্ত। আৰক্ষী চক্ৰ ৰ মূল বিষয়া হ'ল চক্ৰ পৰিদৰ্শক ( পদমৰ্য্যদা: আৰক্ষী পৰিদৰ্শক)।

আৰক্ষী চক্ৰ ৰ অধীনত কেইবাখনো আৰক্ষী থানা আৰু আৰক্ষী চকী থাকে। সদৰ আৰক্ষী থানা আৰু ঘন জনবসতিপূৰ্ণ অঞ্চলৰ থানাসমূহ এজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ অধীন (পদমৰ্য্যদা : আৰক্ষী পৰিদৰ্শক) তথা গ্ৰাম্যঞ্চল বা কম ঘন জনবসতিপূৰ্ণ অঞ্চলৰ থানাসমূহ এজন উপ পৰিদৰ্শক পদবীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ অধীন। তেনেদৰে আৰক্ষী চকীসমূহ এজন উপ পৰিদৰ্শক পদবীৰ বা সহকাৰী উপ পৰিদৰ্শক পদবীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ অধীন। লগতে বেটেলিয়ান সমূহ, আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়, বেটেলয়ান প্ৰশিক্ষণ কেন্দ্ৰ, আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ সমূহ একোজন উপ- মহাপৰিদৰ্শকৰ অধীনত থাকে।

ভৌগোলিক খণ্ডিত শাসনৰ ক্ষেত্ৰসীমা অঞ্চল[সম্পাদনা কৰক]

অসম আৰক্ষীয়ে প্ৰশাসনিক তথা আইন- শৃংখলা কাৰ্য পৰিচালনাৰ বাবে সমগ্ৰ অসম ৰাজ্যক কিছুমান আৰক্ষী ক্ষেত্ৰসীমাত ভগাই লৈছে। প্ৰত্যেক ক্ষেত্ৰসীমা একোজন উপ- মহাপৰিদৰ্শক বা মহাপৰিদৰ্শকৰ অধীন।

ক্ৰমিক নং ক্ষেত্ৰসীমা অঞ্চল
মধ্য পশ্চিম অসম (মহাপৰিদৰ্শক) গুৱাহাটী মেট্ৰ', কামৰূপ গ্ৰাম্য, নলবাৰী জিলা
বড়ো স্বায়ত্ত্বশাসিত অঞ্চল (মহাপৰিদৰ্শক) কোকৰাঝাৰ জিলা, চিৰাং জিলা, ওদালগুৰি জিলা, বাক্সা জিলা
দক্ষিণ অসম (মহাপৰিদৰ্শক) কাছাৰ, হাইলাকান্দি জিলা, ডিমা হাছাও জিলা, কৰিমগঞ্জ জিলা
পূৱ অসম (উপ- মহাপৰিদৰ্শক) তিনিচুকীয়া জিলা, ডিব্ৰুগড় জিলা, যোৰহাট জিলা, শিৱসাগৰ জিলা
পশ্চিম অসম (উপ- মহাপৰিদৰ্শক) বঙাইগাঁও জিলা, বৰপেটা জিলা, ধুবুৰী জিলা, গোৱালপাৰা জিলা
মধ্য অসম (উপ- মহাপৰিদৰ্শক) গোলাঘাট জিলা, মৰিগাঁও জিলা, নগাঁও জিলা, ডিফু
উত্তৰ অসম (উপ- মহাপৰিদৰ্শক) ধেমাজী জিলা, লখিমপুৰ জিলা, শোণিতপুৰ জিলা, দৰং জিলা

পদবী ক্ৰমানুসাৰ[সম্পাদনা কৰক]

ৰাজপত্ৰিত
  • সঞ্চালক প্ৰধান (জেষ্ঠতাৰ ভিত্তিত)
  • অতিৰিক্ত সঞ্চালক প্ৰধান
  • মহাপৰিদৰ্শক
  • উপ- মহাপৰিদৰ্শক
  • জেষ্ঠ আৰক্ষী অধীক্ষক
  • আৰক্ষী অধীক্ষক
  • অতিৰিক্ত আৰক্ষী অধীক্ষক
  • উপ আৰক্ষী অধীক্ষক
অৰাজপত্ৰিত
  • পৰিদৰ্শক
  • উপ পৰিদৰ্শক
  • সহকাৰী উপ পৰিদৰ্শক
  • মুখ্য কনিষ্টবল
  • নায়ক কনিষ্টবল
  • কনিষ্টবল
অসম আৰক্ষী ৰাজপত্ৰিত বিষয়াৰ পদবী চিহ্ন
প্ৰতীক বা চিহ্ন AP-Senior_Superintendent_of_Police.png
পদবী সঞ্চালক প্ৰধান (জেষ্ঠতাৰ ভিত্তিত)
অথবা
Director General of Police
অতিৰিক্ত সঞ্চালক প্ৰধান
অথবা
Add. Director General of Police
মহাপৰিদৰ্শক
অথবা
Inspector General of Police
উপ- মহাপৰিদৰ্শক
অথবা
Deputy Inspector General of Police
জেষ্ঠ আৰক্ষী অধীক্ষক
অথবা
Senior Superintendent of Police
আৰক্ষী অধীক্ষক
অথবা
Superintendent of Police
অতিৰিক্ত আৰক্ষী অধীক্ষক
অথবা
Additional Superintendent of Police
উপ আৰক্ষী অধীক্ষক
অথবা
Deputy Superintendent of Police
সংক্ষেপতে DGP ADGP IGP DIG SSP SP Add. SP DSP
  • Note: Gazetted officers belonging to Assam Police Service(s) lie between ranks DSP and SSP.
    • To gain promotion to DIG rank and above, officers undergo training and hence are awarded IPS.


অসম আৰক্ষী অৰাজপত্ৰিত বিষয়াৰ পদবী চিহ্ন
প্ৰতীক বা চিহ্ন No Insignia¹
পদবী পৰিদৰ্শক উপ পৰিদৰ্শক সহকাৰী উপ পৰিদৰ্শক মুখ্য কনিষ্টবল নায়ক কনিষ্টবল
সংক্ষেপতে INSP/CI/SHO SI ASI HC NC UBC
  • ¹ Police Constable has no insignia except the khaki uniform.
  • Note: Colour pattern and size of chevron may vary according to the different rules of several distinct Indian State Police Services.

বিভিন্ন শাখাসমূহ[সম্পাদনা কৰক]

  • অপৰাধ অনুসন্ধানমূলক শাখা[3]
  • বিশেষ শাখা
  • জিলা আৰক্ষী
  • সীমান্ত আৰক্ষী
  • অসম আৰক্ষী অনাতাঁৰ সংস্থা
  • অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনী
  • অসম নদী আৰক্ষী
  • ৰাজ্যিক অগ্নি নিৰ্বাপন বিভাগ
  • ৰেলৱে আৰক্ষী
  • অৰ্থনৈতিক অপৰাধ অনুসন্ধান সংস্থা
  • ন্যায়ালয়িক বিজ্ঞান শাখা
  • গাঁৱৰক্ষী বাহিনী
  • আৰক্ষী বেটেলিয়ন বাহিনী

নিযুক্তি[সম্পাদনা কৰক]

অসম আৰক্ষীত উপ-আৰক্ষী অধীক্ষক(ৰাজপত্ৰিত বিষয়া), উপ- পৰিদৰ্শক বা সহকাৰী উপ -পৰিদৰ্শক আৰু কনিষ্টবল পৰ্য্যায়ত প্ৰাৰ্থী নিযুক্তি সম্পন্ন হয়।

  • উপ-আৰক্ষী অধীক্ষক(ৰাজপত্ৰিত বিষয়া) পৰ্য্যায়ৰ পদৰ বাবে প্ৰাৰ্থীগৰাকী অসম লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত কৰা অসম আৰক্ষী সেৱা পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে। এই পৰীক্ষা প্ৰাৰম্ভিক বাছনি, মূল পৰীক্ষা, বুদ্ধিমত্তা আৰু মৌখিক শাখাত খণ্ডিত। ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াও অসম-মেঘালয় কেডাৰত মোতায়ন হৈ উপ-আৰক্ষী অধীক্ষক পৰ্য্যায়ত অসম আৰক্ষীত যোগদান কৰে।
  • উপ- পৰিদৰ্শক বা সহকাৰী উপ -পৰিদৰ্শক পদৰ বাবে প্ৰাৰ্থীগৰাকী স্নাতক হোৱাৰ লগতে ৰাজ্যিক স্তৰৰ প্ৰতিযোগিতামূলক বাছনি পৰীক্ষা, শাৰীৰিক সক্ষমতা আৰু মৌখিক পৰীক্ষাত উত্তীৰ্ণ হব লাগে।
  • কনিষ্টবল পদৰ বাবে প্ৰাৰ্থীগৰাকী উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাৰ লগতে জিলা আৰক্ষী নিযুক্তি পৰিষদৰ দ্বাৰা অনুষ্ঠিত কৰা প্ৰতিযোগিতামূলক বাছনি পৰীক্ষা, শাৰীৰিক সক্ষমতা আৰু মৌখিক পৰীক্ষাত উত্তীৰ্ণ হব লাগে।

প্ৰশিক্ষণ[সম্পাদনা কৰক]

অসম আৰক্ষী অধীনত চাৰিখন প্ৰশিক্ষণ প্ৰতিষ্ঠান অসমৰ গোলাঘাট জিলাদেৰগাঁওত অৱস্থিত।[4] অসম আৰক্ষী তথা বেটেলিয়ানত নিযুক্তি পোৱা প্ৰাৰ্থীসকলক বছৰজোৰা বুনিয়াদি প্ৰশিক্ষণ দিয়া হয়। সেই প্ৰশিক্ষণ কেন্দ্ৰসমূহ হ'ল -

  • আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়
  • বেটেলিয়ান প্ৰশিক্ষণ কেন্দ্ৰ
  • সশস্ত্ৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ
  • আৰক্ষী নিযুক্তি প্ৰশিক্ষণ কেন্দ্ৰ

প্ৰশিক্ষণ কেন্দ্ৰসমূহত পোনপটীয়াকৈ নিযুক্ত হোৱা উপ-আৰক্ষী অধীক্ষক, উপ- পৰিদৰ্শক (অসশস্ত্ৰ বা সশস্ত্ৰ শাখা) বা সহকাৰী উপ -পৰিদৰ্শক (অসশস্ত্ৰ বা সশস্ত্ৰ শাখা) আৰু কনিষ্টবল (অসশস্ত্ৰ বা সশস্ত্ৰ শাখা) পৰ্য্যায়ত প্ৰাৰ্থীৰ প্ৰশিক্ষণ দিয়া হয়। ভাৰতীয় দণ্ডবিধি আইন, অস্ত্ৰ চালনা, শাৰীৰিক কছৰৎ, নিয়মানুৱৰ্তীতা, ন্যায়ালয়িক বিজ্ঞান,অপৰাধ ধাৰা, পুলিচ বিজ্ঞান, জনতাৰ নিৰাপত্তা, বোমা-বাৰুদ, মুক্ত হস্ত চালনা, কৌশলপূৰ্ণ অভিযান, অশ্ব চালন, যান- বাহন নিয়ন্ত্ৰণ,যান- বাহন মেৰামতি, মেপৰ জ্ঞান, লাঠি চালনা, মানৱ সম্পদ তথা জনসংযোগ ইত্যাদি প্ৰশিক্ষণ পদবী অনুসাৰী দিয়া হয়।[4] অৱশ্যে অসম-মেঘালয় কেডাৰত মোতায়ন হোৱা ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াসকল হায়দৰাবাদ স্থিত চৰ্দাৰ বল্লভভাই পেটেল নেশ্যনেল পুলিচ অকাডেমীত (SVPNPA) প্ৰশিক্ষণ গ্ৰহণ কৰে।

উপকৰণ[সম্পাদনা কৰক]

অস্ত্ৰ-শস্ত্ৰ[সম্পাদনা কৰক]

  • ৰাইফল .৩০৩,
  • ইনচাচ ৫.৫৬ মিমি এচল্ট ৰাইফল,
  • এ কে-৪৭,
  • এম পি - ৫,
  • এ কে এম ( এ কে-৪৭ ৰাইফলৰ ভাৰতীয় সংস্কৰন),
  • ৭.৬২ মিমি এফ এন -এচ এল আৰ,
  • কাৰ্বাইন,
  • লাইট মেচিন গান,
  • মৰ্টাৰ,
  • গ্ৰেনেড,
  • ৯ মিমি পিষ্টল,
  • গ্লোক পিষ্টল,
  • ৰিভলভাৰ ইত্যাদি

যান-বাহন[সম্পাদনা কৰক]

আৰক্ষী গৱেষণা আৰু উন্নয়ন বিভাগৰ[5] তথ্য অনুসৰি ১ জানুৱাৰী, ২০১২ চন লৈ অসম আৰক্ষীৰ সৰু- ডাঙৰ বাহন মুঠ সংখ্যা ৫২৭৯ খন।

  • টয়'টা ইন'ভা(উচ্চ পদবীৰ বিষয়াসকলৰ বাবে)
  • মহেন্দ্ৰ স্ক'ৰপিঅ' (উচ্চ পদবীৰ বিষয়াসকলৰ বাবে)
  • টাটা চাফাৰি (VIP সুৰক্ষা আৰু কনভয়)
  • HM এমবাচাদৰ (বৰ্তমানে লুপ্ত)
দৈনন্দিন কৰ্মত ব্যৱহাৰ হোৱা যান-বাহন
  • মহেন্দ্ৰ ব'লেৰো
  • মাৰুতি জিপচি
  • টাটা চুম'
  • টাটা ৪০৭, ট্ৰাক
  • বাছ
  • বাজাজ পালচাৰ. (Patrolling)
  • মাৰুতি ওমনি. (ট্ৰেফিক পুলিচৰ বাবে, গুৱাহাটী নগৰত)
  • মহেন্দ্ৰ জীপ (লুপ্ত)

==উগ্ৰপন্থী বিৰোধী অভিযান=১৯৯৬চনত গঠন হোৱা অসম আাৰক্ষীৰ বিশেষ কমাণ্ডো যাৰ নাম ব্লেক পেন্থাৰ নামেৰে পৰিচিত , সেই কমাণ্ডো বাহিনীটোৱে বিভিন্ন ঠাইত পাহাৰীয়া দূৰ্গম এলেকাত উগ্ৰপন্থী বিৰোধী অভিযান চলায় সফল বাহিনীৰূপে পৰিচয় দিছে। এই বাহিনীটোৰ মহিলা কমাণ্ডো বাহিনী এটা গঠন কৰা হৈছে যাৰ নাম বীৰাংগনা।

অসম আৰক্ষীৰ বিভিন্ন আচঁনি[সম্পাদনা কৰক]

প্ৰহৰী আঁচনি

প্ৰহৰী আঁচনি হল অসম আৰক্ষীৰ দ্বাৰা পৰিচালিত এক জনকল্যাণ মূলক আচঁনি। এই আচঁনিৰ সহায়ত অসম আৰক্ষীয়ে সমাজৰ বিনাশকাৰী আৰু হানিকাকাৰক শক্তিসমূহক ধ্বংস কৰি সামূহিক উন্নয়ন তথা বিকাশ সাধনৰ লক্ষ্য হাতত লৈছে। [6]

সহযোগ আঁচনি[7]
আশ্বাস আঁচনি

"আশ্বাস" আচঁনি, ইউনিচেফৰ সহযোগত অসম আৰক্ষীৰ দ্বাৰা পৰিচালিত। এই আচঁনিৰ উদেশ্য হল বিছ্ছিনতাবাদী আন্দোলন, ধৰ্মীয় সাম্প্ৰদায়িকতা, গোষ্ঠীগত সংঘৰ্ষ তথা হিংসাপীড়িত শিশুসকলৰ সহায়।[8]

এই আচঁনিৰ মুখ্য দিশসমূহ -

  • বুনিয়াদি স্তৰৰ অধ্যয়ন আৰু ভবিষ্যত কৰ্মসূচী ৰূপায়ণৰ পদ্ধতিনীতি।
  • জনকল্যাণমুখী মনোবৃত্তী গঠনৰ বাবে প্ৰশিক্ষণ।
  • গণসচেতনতা অভিযান।
  • পিতৃ-মাতৃহাৰা শিশুৰ শৈক্ষিক পুনৰসংস্থাপন অনুদান।

যোগাযোগ নম্বৰ[সম্পাদনা কৰক]

  • জৰুৰী-কালীন সেৱা - ১০০
  • নিয়ন্ত্ৰণ কক্ষ - সঞ্চালক নিয়ন্ত্ৰণ কক্ষ - ২৫২১২৪২, বিশেষ শাখা নিয়ন্ত্ৰণ কক্ষ - ২৩৮১৫১১/২৩৮০৬২০, গুৱাহাটী মহানগৰ নিয়ন্ত্ৰণ কক্ষ - ২৪৬৪৫৫৭/৮

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

২০১৩ চনত পোনপ্ৰথম বাৰৰ বাবে কীৰ্তিচক্ৰ বঁটা(দেশৰ দ্বিতীয় সৰ্ব্বোচ্চ সাহসীকতাৰ সন্মান) অসম আৰক্ষীৰ পৰিদৰ্শক লোহিত সোণোৱালে দেশৰ বাবে আত্ম বলিদান দি শান্তিৰ সময়ত দেখুওৱা চূড়ান্ত সাহসীকতাৰ কাৰণে মৰোনত্তৰ ভাৱে লাভ কৰে।[9] তেখেত উগ্ৰপন্থী বিৰুদ্ধে অভিযানৰ সময়ত অসমৰ তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলত কেইজনমান নিৰীহ জনতাক প্ৰাণ ৰক্ষা কৰিবলৈ যাঁওতে উগ্ৰপন্থীৰ গুলীত থকা সৰকা হৈ মৃত্যুবৰণ কৰিছিল।

ৰাষ্ট্ৰপতিৰ পুলিচ বঁটা[10][সম্পাদনা কৰক]

চন নাম বিভাগ
২০১৩ প্ৰানজিত বৰা উপ-পৰিদৰ্শক
২০১৩ প্ৰাণজিত লহকৰ উপ-পৰিদৰ্শক
২০১৩ অনুৰাগ আগৰৱালা আৰক্ষী অধীক্ষক
২০১৩ শুভাসিষ বৰুৱা আৰক্ষী অধীক্ষক
২০১৩ গ্ৰিষ্টন মাৰক আৰক্ষী অধীক্ষক
২০১২ সত্যজিত নাথ অতিৰিক্ত আৰক্ষী অধীক্ষক
২০১২ গকুল চেট্টী কনিষ্টবল
২০১২ কে, সুৰেন্দ্ৰ সিং কনিষ্টবল
২০১২ সন্ধম অজিত সিং কনিষ্টবল
২০১২ শেন্তি ৰেন্বা কনিষ্টবল
২০১২ মেৰী ৰঙ্গোল কনিষ্টবল
২০১১ অজিত প্ৰসাদ ৰাওট অসম পুলিচ

পুলিচ বঁটা(তীক্ষ্ণতাৰ বাবে)[সম্পাদনা কৰক]

নাম পদবী
মৃণাল শৰ্মা পৰিদৰ্শক
দিলীপ কুমাৰ বৰা উপ-পৰিদৰ্শক
কুশেস্বৰ শইকীয়া সহকাৰী উপ-পৰিদৰ্শক
নৰেশ অধিকাৰী "
ললিত চ্ন্দ্ৰ গগৈ হাবিলদাৰ
ৰবীন্দ্ৰ নাথ সিং যাদৱ "
ৰঞ্জন মেচ "
মনোৰঞ্জন কুৰ্মী "
অংগীওথাই হাৰংখল্ "
হীৰেন বৰুৱা নায়ক
অজিত কুমাৰ বৰা কনিষ্টবল
হৰেশ্বৰ বড়ো "

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. http://bprd.nic.in/showfile.asp?lid=1047
  2. 2.0 2.1 "History Of Assam Police". ASSAMPOLICE.GOV.IN. Archived from the original on 2014-01-31. https://web.archive.org/web/20140131172335/http://assampolice.gov.in/ap_history.php। আহৰণ কৰা হৈছে: 24 জানুৱাৰী 2014. 
  3. "আৰ্কাইভ কপি". Archived from the original on 2014-12-28. https://web.archive.org/web/20141228223609/http://www.assampolice.gov.in/departments/splbranch/splbranch.php। আহৰণ কৰা হৈছে: 2014-01-22. 
  4. 4.0 4.1 "Training Centres of Assam Police". ASSAMPOLICE.GOV.IN. Archived from the original on 2014-12-28. https://web.archive.org/web/20141228223725/http://www.assampolice.gov.in/departments/batalion/training.php। আহৰণ কৰা হৈছে: 24 জানুৱাৰী 2014. 
  5. http://bprd.nic.in
  6. "About Prahari Project". ASSAMPOLICE.GOV.IN. Archived from the original on 2015-05-14. https://web.archive.org/web/20150514062537/http://assampolice.gov.in/prahari/objec.htm। আহৰণ কৰা হৈছে: 24 জানুৱাৰী 2014. 
  7. "About Sahayog Project". ASSAMPOLICE.GOV.IN. Archived from the original on 2014-02-24. https://web.archive.org/web/20140224015731/http://www.assampolice.gov.in/sahayog.php। আহৰণ কৰা হৈছে: 24 জানুৱাৰী 2014. 
  8. "About Aashwas Project". ASSAMPOLICE.GOV.IN. Archived from the original on 2014-03-09. https://web.archive.org/web/20140309005000/http://www.assampolice.gov.in/aashwas/index.html। আহৰণ কৰা হৈছে: 24 জানুৱাৰী 2014. 
  9. "KIRTI CHAKRA TO LOHIT SONOWAL POSTHUMOUSLY FOR SUPERLATIVE EXEMPLARY OF VALOUR AND COURAGE". ASSAMPOLICE.GOV.IN,. Archived from the original on 2014-02-23. https://web.archive.org/web/20140223185441/http://assampolice.gov.in/news/press.php। আহৰণ কৰা হৈছে: 25 জানুৱাৰী 2014. 
  10. http://www.mha.nic.in/awards_medals

বাহ্যিক সংযোগ[সম্পাদনা কৰক]