গোৱালপাৰা জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গোৱালপাৰা জিলা
—  অসমৰ জিলা  —
অসমত গোৱালপাৰাৰ অৱস্থান
অসমত গোৱালপাৰাৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য অসম
প্ৰশাসনিক বিভাগ নামনি অসম
সদৰ গোৱালপাৰা
মহকুমা গোৱালপাৰা, লক্ষীপুৰ
চৰকাৰ
 - লোকসভা সমষ্টি ধুবুৰী, গুৱাহাটী
 - বিধানসভা সমষ্টি দুধনৈ (৩৬), পূব গোৱালপাৰা (৩৭), পশ্চিম গোৱালপাৰা (৩৮), জলেশ্বৰ (৩৯)
মাটিকালি
 - মুঠ ১,৮২৪ কি.মি. 
(৭০৪.৩ বৰ্গ মাইল)
জনসংখ্যা (২০১১)[1]
 - মুঠ ১০,০৮,১৮৩ জন
 - জনঘনত্ব ৫৫২.৭ প্ৰতি বৰ্গ কি.মি. 
(১,৪৩১.৬ প্ৰতি বৰ্গ মাইল)
জনসংখ্যাৰ তথ্য
 - সাক্ষৰতা হাৰ ৬৭.৩৭%
 - লিংগ অনুপাত ৯৬৪
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
যানবাহনৰ নম্বৰ AS 18
স্থানাঙ্ক 26°26′N 90°22′E / 26.433°N 90.367°E / 26.433; 90.367স্থানাংক: 26°26′N 90°22′E / 26.433°N 90.367°E / 26.433; 90.367
ৱেবছাইট আনুষ্ঠানিক ৱেবছাইট

গোৱালপাৰা জিলা ভাৰতঅসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। ১৯৮৩ চনত পুৰণি গোৱালপাৰা জিলাখনক ৩খন জিলাত বিভক্ত কৰা হয়- গোৱালপাৰা, ধুবুৰী আৰু কোকৰাঝাৰ জিলা। নতুনকৈ গঠিত গোৱালপাৰাৰ সদৰ স্থাপন কৰা হয় গোৱালপাৰা নগৰত। আৰম্ভণিতে জিলাখনৰ মহকুমা আছিল দুটা- গোৱালপাৰা আৰু উত্তৰ শালমাৰা মহকুমা। ১৯৮৯ চনত বঙাইগাঁও জিলা গঠন হোৱাত উত্তৰ শালমাৰা মহকুমা বঙাইগাঁও জিলাত অন্তৰ্ভুক্ত কৰা হয়। বৰ্তমান জিলাখনৰ মহকুমা দুটা- গোৱালপাৰা আৰু লক্ষীপুৰ।[2][3]

গোৱালপাৰা নামৰ উৎপত্তি[সম্পাদনা কৰক]

প্ৰাচীন কামৰূপ ৰাজ্য চাৰিটা ভাগত বিভক্ত আছিল:

  • পশ্চিমৰ কৰতোৱা নদী (বৰ্তমান বাংলাদেশত)-ৰ পৰা পূবে সোণকোষ নদীলৈকে ৰত্নপীঠ
  • সোণকোষৰ পৰা ৰূপহী নদলৈকে কামপীঠ
  • ৰূপহীৰ পৰা ভৰলী নদীলৈকে স্বৰ্ণপীঠ
  • ভৰলীৰ পৰা দিকৰাইলৈ সৌমৰপীঠ

প্ৰাচীন কালত অবিভক্ত গোৱালপাৰা জিলা ৰত্নপীঠৰ অন্তৰ্গত আছিল আৰু ইয়াৰ পৰিসৰ বৃহৎ আছিল। বাংলাদেশ আৰু পশ্চিমবংগৰ বহুখিনি অঞ্চল সামৰি বৰ্তমানৰ ৰংপুৰ, কোচবিহাৰ, জলপাইগুৰিকে ধৰি এক বৃহৎ অঞ্চল গোৱালপাৰা জিলাৰ অন্তৰ্গত আছিল। সেই প্ৰাচীন কালত ব্ৰহ্মপাল (আঃ ৯৯০-১০১০) কামৰূপৰ ৰজা হয় আৰু পাল বংশৰ পাতনি মেলে। অৱশ্যে ব্ৰহ্মপালৰ আগতে বহুতো বংশৰ বহুত ৰজাই এই অঞ্চলবোৰ বা কামৰূপত ৰাজত্ব কৰিছিল। ব্ৰহ্মপালৰ পিছত ক্ৰমে ৰত্নপাল (আঃ ১০১০-১০৪০), ইন্দ্ৰপাল (১০৪০-১০৬৫), গোপাল (১০৬৫-১০৮০), হৰ্ষপাল (১০৮০-১০৯৫) আৰু ধৰ্মপাল (১০৯৫-১১২০) কামৰূপৰ ৰজা হয়। ৰত্নপালৰ সময়ত ৰাজ্যৰ পশ্চিম অংশত "গাল্লিটিপ্পক" বিষয়ত মহামাণ্ডলিক আছিল ঈশ্বৰঘোষ আৰু ঈশ্বৰঘোষৰ তাম্ৰলিপিত গাল্লিটিপ্পক বিষয়ৰ উল্লেখ আছে। ধৰ্মপালে ৰজা হৈ ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ পৰা কামৰূপ নগৰলৈ তুলি নিয়ে আৰু তেতিয়াৰ কামৰূপ নগৰ হয়তো বৰ্তমানৰ উত্তৰ গুৱাহাটী। ধৰ্মপালে কামৰূপ নগৰ ৰাজধানীৰ পৰা শাসন কৰিছিল আৰু তেতিয়াৰ পৰাই সেই ঈশ্বৰঘোষৰ তাম্ৰলিপিত থকা গাল্লিটিপ্পকেই গৈ পিছলৈ গোৱালপাৰা হয়।[4]

ইতিহাস[সম্পাদনা কৰক]

চীনা পৰিব্ৰাজক হিউৱেনচাঙৰ টোকাৰ আঁত ধৰি চাৰ এডোৱাৰ্ড গেইটে মন্তব্য কৰিছে যে কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজধানী গোৱালপাৰা জিলাত নতুবা কোচবিহাৰত আছিল। ১৭৭৫ চনত গোৱালপাৰা জিলা ব্ৰিটিছসকলৰ অধীনলৈ আহে। ব্ৰিটিছসকলৰ হাতলৈ অহাৰ আগলৈকে গোৱালপাৰা কোচ ৰাজ্যৰ অন্তৰ্গত আছিল। ১৮২৬ চনত ইয়াণ্ডাবু সন্ধি যোগে ব্ৰিটিছে অসম দখল কৰে। ১৮২৬ চনত গোৱালপাৰা জিলাক ব্ৰিটিছ অসমৰ সৈতে সংযুক্ত কৰা হয় আৰু জিলাখনৰ সদৰ কাৰ্যালয় ধুবুৰীত স্থাপন কৰা হয়।

১৯৮৩ চনত পুৰণি গোৱালপাৰা জিলাখনৰ ৩টা মহকুমা- গোৱালপাৰা, ধুবুৰী আৰু কোকৰাঝাৰক জিলা পৰ্যায়লৈ উন্নিত কৰা হয়। নতুনকৈ গঠিত গোৱালপাৰা জিলাৰ সদৰ স্থাপন কৰা হয় গোৱালপাৰা নগৰত। জিলাখনক ২টা মহকুমাত বিভক্ত কৰা হয়- গোৱালপাৰা মহকুমা আৰু উত্তৰ শালমাৰা মহকুমা।[5] ১৯৮৯ চনত কোকৰাঝাৰ আৰু গোৱালপাৰা জিলাৰ বিভাজন ঘটাই বঙাইগাঁও জিলা গঠন কৰা হয়। ফলস্বৰূপে উত্তৰ শালমাৰা মহকুমা বঙাইগাঁও জিলাত অন্তৰ্ভুক্ত হয়।[5] বৰ্তমান জিলাখনৰ মহকুমা দুটা- গোৱালপাৰা আৰু দুধনৈ।[3]

ভৌগোলিক বিৱৰণ[সম্পাদনা কৰক]

গোৱালপাৰা জিলাৰ চাহ বাগিছা

গোৱালপাৰা জিলাৰ অৱস্থান ২৫.৫৩-২৬.৩০ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৯০.০৭-৯১.০৫ ডিগ্ৰী পূব দ্ৰাঘিমাংশত মাজত। গোৱালপাৰা জিলাৰ উত্তৰে বঙাইগাঁও জিলা, উত্তৰ-পূব দিশত বৰপেটা জিলা, পূবে কামৰূপ জিলা, দক্ষিণে মেঘালয়ৰ উত্তৰ গাৰো পাৰ্বত্য জিলা আৰু পশ্চিম গাৰো পাৰ্বত্য জিলা, পশ্চিমে ধুবুৰী জিলা আৰু দক্ষিণ-পশ্চিমে দক্ষিণ শালমাৰা-মানকাচৰ জিলা। জিলাখনৰ মাটিকালি ১,৮২৪ বৰ্গ কিলোমিটাৰ।[1] বেছি অংশ সমভূমি যদিও কিছু চাপৰ হাবিময় পাহাৰ অঞ্চলো জিলাখনত আছে। জিলাখনৰ পাহাৰবোৰ হ'ল: পঞ্চৰত্ন, শ্ৰীসূৰ্য, টুক্ৰেশ্বৰী, নলঙা আৰু পাগলাৰটেক। এই পাহাৰবোৰৰ উচ্চতা সমুদ্ৰ পৃষ্ঠৰ পৰা ১০০ ৰ পৰা ৫০০ মিটাৰৰ ভিতৰত।

গোৱালপাৰা জিলাৰ উত্তৰ দিশেৰে বৈ গৈছে ব্ৰহ্মপুত্ৰ নদী। এই নদীখনে জিলাখনত বহুতো বাসপোযোগী চৰ-চাপৰিৰ সৃষ্টি কৰিছে। জিলাখনৰ আনকেইখন নদী হ'ল- দুধনৈ, কৃষ্ণাই, জিঞ্জিৰাম আৰু জিনাৰী। দুধনৈ আৰু কৃষ্ণাই মাটিয়া অঞ্চলত একেলগ হৈ মৰনৈ নাম লৈ ব্ৰহ্মপুত্ৰত পৰিছে। জিলাখনৰ বিলসমূহ হ'ল: কুমৰি বিল, ধামাৰ বিল, উৰপদ বিল।

জুলাই-আগষ্ট মাহত জিলাখনৰ তাপমাত্ৰা সৰ্বোচ্চ ৩৩° চেলচিয়াচলৈকে উঠে আৰু জানুৱাৰী মাহত নিম্নতম ৭° চেলচিয়াচলৈ নামে। দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত জিলাখনত ধাৰাষাৰ বৰষুণ হয়। ২০০২ চনত জিলাখনৰ বৃষ্টিপাতৰ পৰিমাণ আছিল ২,৪২৪ মিলিমিটাৰ।

অৰ্থনীতি[সম্পাদনা কৰক]

২০০৬ চনত ভাৰত চৰকাৰে ভাৰতৰ অতি পিছপৰা ২৫০খন জিলাৰ ভিতৰত গোৱালপাৰাকো অন্তৰ্ভুক্ত কৰিছে। গোৱালপাৰা জিলা 'পিছপৰা অঞ্চল অনুদান পূঁজি' (Backward Regions Grant Fund Programme) লাভ কৰা অসমৰ ১১খন জিলাৰ অন্যতম।[6]

ৰাজনৈতিক আৰু প্ৰশাসনিক গাঁথনি[সম্পাদনা কৰক]

অসম বিধানসভাৰ চাৰিটা সমষ্টি গোৱালপাৰা জিলাৰ অন্তৰ্গত। সেইকেইটা সমষ্টি হৈছে: ৩৬ নং দুধনৈ সমষ্টি, ৩৭ নং পূব গোৱালপাৰা সমষ্টি, ৩৮ নং পশ্চিম গোৱালপাৰা সমষ্টি আৰু ৩৯ নং জলেশ্বৰ সমষ্টি।[7] দুধনৈ অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত সমষ্টি।[7] দুধনৈ সমষ্টি গুৱাহাটী লোকসভা আৰু আন ৩টা ধুবৰী লোকসভা সমষ্টিৰ অন্তৰ্গত।[8]

জিলাহনৰ ৫টা ৰাজহ চক্ৰ হৈছে: লক্ষীপুৰ, বালিজানা, মাটিয়া, দুধনৈ আৰু ৰংজুলি। উন্নয়ন খণ্ড ৮টা হৈছে: মাটিয়া, লক্ষীপুৰ, জলেশ্বৰ, বালিজানা, কৃষ্ণাই, কোচধোৱা, ৰংজুলি আৰু খাৰমোজা। জিলাখনৰ গাঁও পঞ্চায়ত ৮১খন আৰু ৰাজহ গাঁও ৮৩৭ খন।[3] পৌৰ নগৰ ২খন হৈছে গোৱালপাৰা আৰু লক্ষীপুৰ।

সংস্কৃতি[সম্পাদনা কৰক]

জলেশ্বৰ পীৰ মাজাৰ
বলদমাৰি গীৰ্জা

এই জিলাৰ মানুহে অসমীয়া আৰু বঙালী সংস্কৃতিৰ মিশ্ৰণ। প্ৰায় ৫৭. ৫২% জনসংখ্যা মুছলিম, ৩৪.৫১% হিন্দু আৰু ৭. ৭২% খ্ৰিষ্টান আৰু ০. ৮% শিখ আৰু অন্যান্য[9]। বেছিভাগ মানুহ ময়মনসিংহী বঙালী (বাংলাদেশী উপভাষা) আৰু কিছুমান মানুহে গোৱালপৰীয়া উপভাষা (অসমীয়া ভাষা)ত কথা পাতে। যিসকলে গোৱালপৰীয়া উপভাষা (অসমীয়া) ত কথা পাতে সিহঁতে উজানী বা দেশী বুলি কোৱা হয় আৰু যিবিলাকে ময়মনসিংহী বঙালী ভাষা কয় সিহঁত জিলাখনত ভাটিয়া (ভটিয়া) বুলি কোৱা হয়। উজানী আৰু ভাটিয়া সংস্কৃতিসমূহৰ লগতে ভাষাৰ মাজত বহু পাৰ্থক্য দেখিবলৈ পোৱা যায়। ঘোটি তথা আদিবাসী জনগোষ্ঠী, যিসকল সংখ্যাত কম, সিহঁতেও জিলাটোৰ সংস্কৃতিত অবদান ৰাখিছে। জিলাখনত বসবাস কৰা কোচ জনগোষ্ঠীৰ লোক সকলোৰ সংস্কৃতিও বাৰে বৰণীয়া।

শিক্ষ্যা প্ৰতিষ্ঠানবোৰ[সম্পাদনা কৰক]

গোৱালপাৰা জিলাৰ উল্লেখযোগ্য শিক্ষা প্ৰতিষ্ঠানবোৰ হৈছে-

  • সৈনিক স্কুল, গোৱালপাৰা
  • লক্ষীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • পি আৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • দুধনৈ উচ্চ মাধ্যমিক বিদ্যালয়
  • আদৰ্শ বিদ্যালয়, ভাটীপাৰা
  • গোৱালপাৰা ইংৰাজী বিদ্যালয়
  • গোৱালপাৰা জাতীয় বিদ্যালয়
  • জৱাহৰ নবোদয় বিদ্যালয়
  • জুনিয়েৰ টেকনিকেল বিদ্যালয়
  • কেন্দ্ৰীয় বিদ্যালয়
  • ৰাখালডুবি হাই মাদ্ৰাছা
  • গোৱালপাৰা হিন্দী হাইস্কুল
মহাবিদ্যালয়
  • গোৱালপাৰা মহাবিদ্যালয়, গোৱালপাৰা
  • চৰকাৰী বি. টি. মহাবিদ্যালয়
  • লক্ষীপুৰ মহাবিদ্যালয়
  • দুধনৈ মহাবিদ্যালয়
  • গোৱালপাৰা আইন মহাবিদ্যালয়
কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান
  • গোৱালপৰা পলিটেকনিক
  • এছিয়ান মিছন প্ৰতিষ্ঠান

জন-গাঁথনি[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি গোৱালপাৰা জিলাৰ জনসংখ্যা ১০,০৮,১৮৩ জন।[1] জনসংখ্যাৰ দিশৰ পৰা জিলাখনে ভাৰতৰ ৬৪০খন জিলাৰ ভিতৰত ৪৪৩ নং স্থান লাভ কৰিছে।[10] ২০০১-২০১১ দশকটোত জনসংখ্যা বৃদ্ধিৰ হাৰ ২২.৬৪%। ১০০০জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৬৪ গৰাকী। সাক্ষৰতাৰ হাৰ ৬৭.৩৭%। জিলাখনত বাস কৰা প্ৰধান সম্প্ৰদায়বোৰ হ'ল: ৰাভা, গাৰো, হাজং, কলিতা, কোঁচ ৰাজবংশী, দেশী মুছলমান‚ অবিভাষী মুছলমান‚ বড়ো ইত্যাদি।[11][3]

উল্লেখযোগ্য পৰ্যটন কেন্দ্ৰ[সম্পাদনা কৰক]

Nisangram village, goalpara assam
শ্ৰীসূৰ্য পাহাৰৰ মন্দিৰ
পূৰাতাত্বিক আৰু ঐতিহাসিক অঞ্চল
প্ৰাকৃতিক সৌন্দৰ্য আৰু দুঃসাহসিক ক্ৰীড়া
  • কুমৰি বিল
  • ঢামাৰ বিল
  • উৰপদ বিল
  • ৰাক্ষসীনী পাহাৰ
  • হুলুকান্দা পাহাৰ
  • দুধখোৱা পাহাৰ
ধৰ্মীয় স্থান
  • পাগলাটেক মন্দিৰ
  • বুঢ়াবুঢ়ী থান
  • দ'দান থান
  • নৰসিংহ মন্দিৰ
  • জয়ভূম কামাখ্যা মন্দিৰ
  • নন্দেশ্বৰ দেৱালয়
  • শংকৰ মঠ
  • চৈতন্য গৌড়ীয় মঠ
  • গোৱালপাৰা নগৰৰ পীৰ মাজাৰ
  • জলেশ্বৰৰ পীৰ মাজাৰ

উল্লেখযোগ্য ব্যক্তি[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 census2011.co.in. "Goalpara District : Census 2011 data". http://www.census2011.co.in/census/district/151-goalpara.html। আহৰণ কৰা হৈছে: 28 December 2018. 
  2. https://en.m.wikipedia.org/wiki/List_of_subdivisions_of_Assam
  3. 3.0 3.1 3.2 3.3 "Official Website of Goalpara District". http://goalpara.gov.in/। আহৰণ কৰা হৈছে: 28 September 2017. 
  4. Kuldeep Nath. গোৱালপাৰা জিলাৰ ৰূপৰেখা. 
  5. 5.0 5.1 Law, Gwillim (2011-09-25). "Districts of India". Statoids. http://www.statoids.com/yin.html। আহৰণ কৰা হৈছে: 2011-10-11. 
  6. Ministry of Panchayati Raj (September 8, 2009). "A Note on the Backward Regions Grant Fund Programme". National Institute of Rural Development. Archived from the original on April 5, 2012. https://web.archive.org/web/20120405033402/http://www.nird.org.in/brgf/doc/brgf_BackgroundNote.pdf। আহৰণ কৰা হৈছে: September 27, 2011. 
  7. 7.0 7.1 "List of Assembly Constituencies showing their Revenue & Election District wise break - up". Chief Electoral Officer, Assam website. http://ceoassam.nic.in/Gen_Informations/2.1%20-%20DEOs%20wise%20ACs%20breakup.pdf। আহৰণ কৰা হৈছে: 26 September 2011. 
  8. "List of Assembly Constituencies showing their Parliamentary Constituencies wise break - up". Chief Electoral Officer, Assam website. http://ceoassam.nic.in/Gen_Informations/2.2%20-%20PC-wise%20LAC%20breakup.pdf। আহৰণ কৰা হৈছে: 26 September 2011. 
  9. https://www.census2011.co.in/data/religion/district/151-goalpara.html
  10. "Census2011". www.census2011.co.in. https://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 29 Nov 2020. 
  11. "District Census Report 2011". http://www.censusindia.gov.in/2011census/dchb/1803_PART_B_DCHB_GOALPARA.pdf। আহৰণ কৰা হৈছে: 28 September 2017. 
  12. Speaking Tree Spiritual Masters, archived from the original on 2020-08-01, https://web.archive.org/web/20200801224851/http://www.sreecgmath.org/, আহৰণ কৰা হৈছে: 2020-04-29 
  13. "Goalpara boy hits the big time". The Times of India. 23 March 2012. Archived from the original on 2013-01-03. https://archive.today/20130103100519/http://articles.timesofindia.indiatimes.com/2012-03-23/guwahati/31229682_1_adil-hussain-ang-lee-bollywood. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]