সমললৈ যাওক

আশ্ৰাফুল হক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আশ্ৰাফুল হক
জন্ম ৩ নৱেম্বৰ, ১৯৬৯
গোৱালপাৰা জিলা, অসম, ভাৰত
মৃত্যু ১৭ ফেব্ৰুৱাৰী, ২০১৫
মুম্বাই, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অভিনেতা
দাম্পত্যসঙ্গী ছফিনা হক

আশ্ৰাফুল হক (ইংৰাজী: Ashraful Haque, জন্ম: ৩ নৱেম্বৰ ১৯৬৯, মৃত্যু: ১৭ ফেব্ৰুৱাৰী, ২০১৫) অসমগোৱালপাৰা জিলাত জন্মলাভ কৰা এজন ভাৰতীয় অভিনেতা।[1] ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক হকে ৩০ খনতকৈয়ো অধিক চলচ্চিত্ৰ, ৩০ৰো অধিক নাটকৰ উপৰি বহুকেইখন টিভি ধাৰাবাহিক আৰু বিজ্ঞাপনতো অভিনয় কৰে।[2][3]

জন্ম আৰু শিক্ষা

[সম্পাদনা কৰক]

আশ্ৰাফুল হকৰ জন্ম হয় ১৯৬৯ চনৰ ৩ নৱেম্বৰ তাৰিখে অসমগোৱালপাৰা জিলাত। হকে ১৯৮৭ চনত গোৱালপাৰাৰ বলদমাৰী হাইস্কুলৰপৰা স্কুলীয়া শিক্ষা সাং কৰে আৰু ১৯৯২ চনত গোৱালপাৰা মহাবিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।[4] পাছলৈ তেওঁ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত ভৰ্তি হয় আৰু ১৯৯৭ চনত তাৰপৰা অভিনয়ত specialization সহ dramatics বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।[5][3]

অভিনয় জীৱন

[সম্পাদনা কৰক]

১৯৮৪ চনত অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতে তেওঁ অসমৰ গোঁসাইগাঁওত নাটকত অভিনয়ৰ পাতনি মেলে। ১৯৮৬ চনৰপৰা তেওঁ গোৱালপাৰাত থাকিবলৈ লয় আৰু নাটকৰ অভিনয় চলাই যায়। গোৱালপাৰা মহাবিদ্যালয়ত পঢ়ি থকা কালতো তেওঁ বহুকেইখন নাটকত অভিনয় কৰে। ১৯৯৭ চনত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰপৰা ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ মুম্বাইত অভিনয়ৰ কেৰিয়াৰ আৰম্ভ কৰে।[6] অভিনয় জীৱনত তেওঁ বহুকেইখন হিন্দী চলচ্চিত্ৰ, ৩০ৰো অধিক নাটকৰ উপৰি বহুকেইখন টিভি ধাৰাবাহিক আৰু বিজ্ঞাপনতো অভিনয় কৰে।[7][4]

অভিনীত চলচ্চিত্ৰ

[সম্পাদনা কৰক]
চলচ্চিত্ৰৰ নামচৰিত্ৰপৰিচালকমুক্তিৰ বৰ্ষভাষা
চব গোলমাল হেপংকজ পৰাশৰ
দিল ক্যা কৰেপ্ৰকাশ ঝা১৯৯৯হিন্দী
শূলই নিৱাস১৯৯৯হিন্দী
মেলাধৰ্মেশ দৰ্শন২০০০হিন্দী
জাংগলৰাম গোপাল বাৰ্মা২০০০হিন্দী
লাভ কে লিয়ে কুচ ভি কৰেগাই নিৱাস২০০১হিন্দী
লাল ছালামগংগাবিহাৰী ব'ৰাতে২০০২হিন্দী
ক্ৰান্তিনৰেশ মলহোট্ৰা২০০২হিন্দী
কম্পেনীকৃষ্ণণৰাম গোপাল বাৰ্মা২০০২হিন্দী
কেলকাতা মেইলসুধিৰ মিশ্ৰ২০০৩হিন্দী
য়ুৱামণি ৰত্নম২০০৪হিন্দী
দীৱাৰনাৰুমিলন লুথৰিয়া২০০৪হিন্দী
ব্লেক ফ্ৰাইডে'বশ্বিৰ খানঅনুৰাগ কাশ্যপ২০০৪হিন্দী
দ্য হোৱাইট লেণ্ডজয়ন্ত গিলাটৰ২০০৫হিন্দী
ৰিস্কবিশ্ৰাম ছাৱন্ত২০০৭হিন্দী
খান্না এণ্ড আয়াৰহেমন্ত হেগড়ে২০০৭হিন্দী
দ্য ষ্ট'নমেন মাৰ্ডাৰ্ছঘন্‌ছুমণিষ গুপ্তা২০০৯হিন্দী
দোকানদাৰ (চুটি ছবি)প্ৰকাশঅমৃতপাল বিন্দ্ৰা২০১০হিন্দী
ৰাৱণমণি ৰত্নম২০১০হিন্দী
আক্ৰোশপ্ৰিয়দৰ্শন২০১০হিন্দী
নক আউটজাংকীমণি শংকৰ২০১০হিন্দী
মুম্বাই কাটিং২০১০হিন্দী
ৰেড এলাৰ্টঅনন্ত নাৰায়ণ মহাদেৱন২০১০হিন্দী
দেল্হি বেলীটিটোঅভিনয় দেও২০১১হিন্দী
মুম্বাই মস্ত কলন্দৰছাহেনশ্বাহমুছাৱিৰ জলিল, অমন মিহানি২০১১হিন্দী
সতৰংগী পেৰাচুটছমদবিনীত খেত্ৰপাল২০১১হিন্দী
চিট্টাগংৰহিমBedabrata Pain২০১২হিন্দী, বাংলা, ইংৰাজী
পান সিং তোমাৰটিগমাংশু ঢুলিয়া২০১২হিন্দী
তালাছৰীমা কাগতি২০১২হিন্দী
ফুকৰে'ছাকিয়ামৃগদীপ সিং লাম্বা২০১৩হিন্দী
দ্য লষ্ট বেহৰূপিয়া (চুটি ছবি)মাংগাৰুশ্ৰীৰাম ডেল্টন, ৰূপেশ সাহায়২০১৩হিন্দী

ব'ন মেৰ' কেন্সাৰ ৰোগত আক্ৰান্ত হৈ ২০১৫ চনৰ ১৭ ফেব্ৰুৱাৰী তাৰিখে মুম্বাইৰ সুনীতা হস্পিতেলত হকে শেষ নিশ্বাস ত্যাগ কৰে।[8][9]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Ashraful Haque passes away". times of india. http://timesofindia.indiatimes.com/tv/news/hindi/Ashraful-Haque-passes-away/photostory/46275179.cms আহৰণ কৰা হৈছে: 18 মাৰ্চ 2015.
  2. ৰাজদ্বীপ (১৫ ফেব্ৰুৱাৰী ২০১৫). "৩০ খনতকৈ অধিক হিন্দী ছবিত আভিনয় কৰা অসমৰ আশ্ৰাফুলে মৃত্যুৰে যুঁজিছে মুম্বাইৰ নাৰ্ছিং হোমত". অসমীয়া খবৰ.
  3. 1 2 "Ashrafu Haque - an actor with a multitude of talents". North East India. Archived from the original on 2015-02-20. https://web.archive.org/web/20150220155402/http://www.india-north-east.com/2015/02/ashraful-haque.html আহৰণ কৰা হৈছে: ১৭ ফেব্ৰুৱাৰী ২০১৫.
  4. 1 2 "Ashraful Haque". Yatedo. http://www.yatedo.com/p/Ashraful+Haque/normal/8eaa2004d9b3b9b17cac30df319431fc আহৰণ কৰা হৈছে: ১৭ ফেব্ৰুৱাৰী ২০১৫.[সংযোগবিহীন উৎস]
  5. "Fukrey Actor Ashraful Haque Passes Away". India Today. 17 February 2015. http://indiatoday.intoday.in/story/ashraful-haque-bone-marrow-cancer-sunita-hospital-fukrey-behrupiya-bollywood/1/419462.html আহৰণ কৰা হৈছে: 18 মাৰ্চ 2015.
  6. Sonal Gera (February 18, 2015). "Actor Ashraful Haque passes away at 45". indianexpress. http://indianexpress.com/article/entertainment/bollywood/fukrey-actor-ashraf-ul-haq-passes-away-at-45/ আহৰণ কৰা হৈছে: 18 মাৰ্চ 2015.
  7. Ankita Mehta (February 17, 2015). "'Delhi Belly' Actor Ashraful Haque Passes Away; Anurag Kashyap, Pulkit Samrat and Other Celebs Condole his Death". International Business Times, India Edition. http://www.ibtimes.co.in/delhi-belly-actor-ashraful-haque-passes-away-twitteratti-mourn-actors-death-623786 আহৰণ কৰা হৈছে: 18 মাৰ্চ 2015.
  8. "Actor Ashraful Haque passes away in Mumbai". ABP Live. ১৭ ফেব্ৰুৱাৰী ২০১৫. http://www.abplive.in/movies/2015/02/17/article504819.ece/Actor-Ashraful-Haque-passes-away-in-Mumbai আহৰণ কৰা হৈছে: ১৭ ফেব্ৰুৱাৰী ২০১৫.
  9. "Fukrey Actor Ashraful Haque Passes Away, Anurag Kashyap To Take Care Of His Son". BusinessofCinema News Network. February 18, 2015. http://businessofcinema.com/bollywood_news/fukrey-actor-ashraful-haque-passes-away-anurag-kashyap-take-care-son/193917 আহৰণ কৰা হৈছে: 18 মাৰ্চ 2015.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]